ছাব-জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত অপ্ৰতিৰোধ্য অসম
চূড়ান্ত খেলত ১১-০ গ’লেৰে হাৰিয়ানাক পৰাস্ত
শ্ৰেষ্ঠ খেলুৱৈ অসমৰ তন্ময় বৰুৱা, শ্ৰেষ্ঠ গ’ল ৰক্ষক নাজুৰ বড়ো
জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসমে আৰম্ভণিৰে পৰা প্ৰতিটো বিপক্ষ দলকে ধৰাসায়ী কৰি অপ্ৰতিৰোধ্য বুলি প্ৰতিপন্ন কৰাৰ পাছত আজি চূড়ান্ত খেলত অভাৱনীয় ভাৱে গ’লৰ বন্যা বোৱাই বৃহৎ ব্যৱধানেৰে জয়ী হয় অসম। আজি অপ্ৰতিৰোধ্য অসমৰ সন্মুখত বিপক্ষ দল হাৰিয়ানাই খালে ঘোটাঘোটে পানী। যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়ণি বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলত অসমে দুৰ্দান্ত ভাৱে খেলি গ’লৰ বন্যা বোৱাই প্ৰতিযোগিতাখনত চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। দেশৰ ১৭খন ৰাজ্যৰ ফুটবল দলে যোগদান কৰা প্ৰতিযোগিতাখনৰ আটাইকেইখনতে বৃহৎ বৃহৎ ব্যৱধানত জয়ী হোৱা আয়োজক অসমে আজি চূড়ান্ত খেলত প্ৰতিযোগিতাখনৰ সবাতোকৈ বৃহৎ ১১-০ গ’লৰ ব্যৱধানত জয়লাভ কৰে।
১৯৭৯ৰ পৰা ১৯৮১ চনলৈকে একেৰাহে মুঠ তিনিবাৰকৈ এই ছাব-জুনিয়ৰ প্ৰতিযোগিতাখনত প্ৰথম চেম্পিয়ন অসমে আজি হাৰিয়ানা দলক আৰম্ভণিৰ পৰাই সম্পূৰ্ণৰূপে চাপত ৰাখি খেলৰ প্ৰথমাৰ্ধতে ৭টা আৰু দ্বিতীয়াৰ্ধত ৪টাকৈ গ’ল দিয়ে। অসম দলৰ হৈ টমাচ দৈমাৰীয়ে খেলৰ ৬, ১৯ (পেনাল্টি), ২১, ৫৪, ৫৯ আৰু ৭৮ মিনিটত মুঠ ছটাকৈ গ’ল দিয়াৰ উপৰিও দলটোৰ অধিনায়ক তন্ময় বৰুৱাই খেলৰ ১২ আৰু ২৫ মিনিটত, অৰূপ কৰ্মকাৰে খেলৰ ১৬ আৰু ৩১ মিনিটত দুটাকৈ গ’ল দিয়াৰ লগতে দলটোৰ অতিৰিক্ত খেলুৱৈ নিবিড় প্ৰতীম বৰগোঁহাইয়ে খেলৰ ৬২ মিনিটত এটা গ’ল দিয়ে। আজি খেলৰ অন্তত ঠাইতে অনুষ্ঠিত হয় বঁটা বিতৰণী অনুষ্ঠানত প্ৰতিযোগিতাখনৰ চেম্পিয়ন দল অসমক বঁটা প্ৰদান কৰে এ আই এফ এফৰ কোষাধ্যক্ষ কৃপা অজয় আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে। ৰাণাৰ আপ হাৰিয়ানা দলক বঁটা প্ৰদান কৰে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক চেমৰাং ব্ৰহ্ম আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে। উল্লেখ্য যে, প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে অসম দলৰ অধিনায়ক তন্ময় বৰুৱাই আৰু এই বঁটা প্ৰদান কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ বঁটা লাভ কৰে অসম দলৰ গ’ল ৰক্ষক নাজুৰ বড়োৱে আৰু এই বঁটা প্ৰদান কৰে ১৯৭৯ চনত এই ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসম দলে প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন কৰা অসম দলৰ অধিনায়ক লুহিত গগৈয়ে। ইফালে আজি প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হেৰল্ড চাংমা, প্ৰাক্তন খেলুৱৈ অশোকৰাম চিয়াৰী, বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্ত, তপন দত্ত, অজয় ভৰালী প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি।