আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত জাতীয় দলক প্ৰতিনিধিত্ব কৰাযোৰহাটৰ ভাৰ্গৱী হাজৰিকাৰ তিনিটাকৈ স্বৰ্ণ পদক জয়

জিতুল কুমাৰ গগৈ, যোৰহাটঃ সদ্য সমাপ্ত সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনৰ দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেল ২০২৪ প্ৰতিযোগিতাৰ সাতোঁৰ ক্ৰীড়াত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰা অসম তথা যোৰহাটৰ সাতোঁৰ খেলুৱৈ ভাৰ্গৱী হাজৰিকাই তিনিটাকৈ স্বৰ্ণ পদক জয়েৰে যোৰহাটৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

মালয়েছিয়া আৰু চিংগাপুৰ এই দুইস্থানত যোৱা ২২ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনৰ আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাখনৰ সাতোঁৰ ক্ৰীড়াত জাতীয় দলক প্ৰতিনিধিত্ব কৰা যোৰহাটৰ সাতোঁৰ খেলুৱৈ ভাৰ্গৱী হাজৰিকাই ২৫ৰ পৰা ২৯ বছৰ বয়সৰ শাখাত ১০০ আৰু ২০০ মিটাৰ বাটাৰ ফ্লাই, ১০০ মিটাৰ বেষ্ট ষ্ট্ৰোক এই তিনিটা ইভেন্টত খেলি তিনিওটাতে একোটাকৈ সৰ্বমুঠ ৩টা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত শ্ৰীলংকা, পাকিস্থান, মালয়েছিয়া, আফগানিস্তান, ডুবাইকে আদিকৰি দহখনকৈ দেশৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰা এই আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাখনত পদক অৰ্জন কৰা ভাৰ্গৱী হাজৰিকাই যোৰহাট ছুইমিং ছ’চাইটিৰ জলক্ৰীড়া প্ৰকল্পতে সাতোঁৰৰ আদি পাঠ গ্ৰহণ কৰিছিল। যোৰহাটৰ মালৌ আলিৰ নিবাসী পিতৃ গকুল হাজৰিকা আৰু মাতৃ ভাৰতী হাজৰিকাৰ কন্যা তথা বন্ধন বেংকৰ সহ পৰিচালক ভাৰ্গৱী হাজৰিকাৰ এই সফলতাত যোৰহাটৰ ক্ৰীড়াপ্ৰেমী ৰাইজে খেলুৱৈ গৰাকীক লৈ গৌৰৱ অনুভৱ কৰাৰ লগতে তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

  • Related Posts

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস