চতুৰ্থ অসম ৰাজ্যিক চমু পাঠ্যক্ৰম সাঁতোৰ চেম্পিয়নশ্বিপ সামৰণি

চতুৰ্থ অসম ৰাজ্যিক চমু পাঠ্যক্ৰম সাঁতোৰ চেম্পিয়নশ্বিপ সামৰণি
পুৰুষৰ অ’পেনত যোৰহাটৰ দিশান্ত বুঢ়াগোহাইয়ে, মহিলাৰ অ’পেনত চৰাইদেওৰ দিশা গগৈ শ্ৰেষ্ঠ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট চুইমিং চছাইটিব জলক্রীড়া প্রকল্পত অসম সাঁতোৰ সংস্থাৰ সৌজন্যত আৰু যোৰহাট ছুইমিং ছ’চাইটিৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত চতুৰ্থ অসম ৰাজ্যিক চমু পাঠ্যক্ৰম সাঁতোৰ চেম্পিয়নশ্বিপ ২০২৪ প্রতিযোগিতাখনি ২০ অক্টোবৰ তাৰিখে সফলতাৰে সামৰণি পৰিছে। অসমৰ কেইবাখনো জিলা সাঁতোৰ সংস্থাৰ পৰা ১৮০ গৰাকী প্রতিযোগীয়ে অংশগ্রহন কৰা প্রতিযোগিতাখনিত মুঠ ১০৮ টা ইভেন্টত অনুস্থিত হয়। যোৰহাট জিলাৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামী আৰু সৰ্বভাৰতীয় সাঁতোৰ সংস্কাৰ উপ-সভাপতি তথা অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে আনুষ্ঠানিকভাবে উদ্বোধন কৰা প্রতিযোগিতাখনিত শ্রেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ক্ৰমানয়ে পুৰুষৰ অ’পেন শাখাত যোৰহাটৰ দিশান্ত বুঢ়াগোহাইয়ে, মহিলাৰ অ’পেন শাখাত চৰাইদেওৰ দিশা গগৈয়ে। ল’ৰাৰ প্ৰথম গ্ৰুপত যোৰহাটৰ অংশুমান দত্তই আৰু ছোৱালীৰ প্ৰথম গ্ৰুপত কামৰূপৰ দিব্যাশ্রী হাজৰিকাই। দ্বিতীয় গ্রুপত ল’ৰাৰ শাখাত যোৰহাটৰ জ্ঞানম হাজৰিকাই আৰু ছোৱালীৰ শাখাত যোৰহাটৰে অন্বেষা খনিকৰে। তৃতীয় গ্রুপত ল’ৰাৰ শাখাত শিৱসাগৰৰ অভিজ্ঞান মোহনে আৰু ছোৱালীৰ শাখাত যোৰহাটৰ অনুশ্রীয়া দাসে। চতুৰ্থ গ্রুপত ল’ৰাৰ শাখাত তিতাবৰৰ ঋতম ফুকনে আৰু ছোৱালীৰ শাখাত যুটীয়াভাৱে শোণিতপুৰৰ ভাগবী শর্মাই আৰু শিৱসাগৰৰ আৰ্ষিকা শইকীয়াই। পঞ্চম গ্রুপত ল’ৰাৰ শাখাত কামৰূপৰ ধনবিক জ্ঞান কাশ্যপে আৰু ছোৱালী শাখাত কামৰূপৰ মণীষা ডেকাই। প্রতিযোগিতাৰ সামৰণি পৰাৰ লগে লগে তথা অসম সাঁতোৰ সংস্থাৰ সহকাৰী সম্পাদক চন্দন ফুকনে আঁতধৰা বঁটা বিতৰণী অনুষ্ঠানত মূখ্য অতিথিৰূপে উপস্থিত থাকি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, সৰ্বভাৰতীয় সাঁতোৰ সংস্থাৰ উপ-সভাপতি তথা অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু কেইবাজনো কাৰ্যকৰী বিষয়ববীয়া তথা যোৰহাট ছুইমিং ছ’চাইটিৰ সম্পাদক দেব কুমাৰ হাজৰিকা, উপ-সভাপতি ড০ ৰাণা ভূঞা, প্ৰণৱ বৰঠাকুৰ, জিতেন্দ্র কুণ্ডলীয়া, আৰু ৰাজীৱ শমাই বিজয়ী প্ৰতিযোগী সকলক বঁটা সমূহ প্রদান কৰে। প্রতিযোগিতাখনিৰ সফল পৰিসমাপ্তিৰ বাবে সকলোলৈ যোৰহাট ছুইমিং ছ’চাইটিৰ হৈ সভাপতি আৰু সম্পাদকে ধন্যবাদ জ্ঞাপন কৰিছে।

  • Related Posts

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস