সদৌ অসম কেৰাটে চেম্পিয়নশ্বিপত কাজিৰঙা মাৰ্শ্বিয়েল আৰ্ট একাডেমীৰ সাফল্য

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাৰ এক অন্যতম সমৰ কলাৰ প্ৰশিক্ষণ কেন্দ্ৰ কাজিৰঙা মাৰ্শ্বিয়েল আৰ্ট একাডেমীয়ে সদ্য সমাপ্ত সদৌ অসম কেৰাটে চেম্পিয়নশ্বিপত অঞ্চলটিলৈ আশানুৰূপ গৌৰৱ কঢ়িয়াই আনিছে৷ দেৰগাঁৱৰ খঙীয়াত সদ্য অনুষ্ঠিত এই চেম্পিয়নশ্বিপত একাডেমীৰ ১০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে দহটা সোণৰ পদকসহ মুঠ ১৫ টা পদক বুটলিবলৈ সক্ষম হৈছে৷

একাডেমীৰ তত্বাৱধায়ক তথা প্ৰশিক্ষক তনুজ প্ৰতীম বৰুৱাই জানিবলৈ দিয়া মতে, চেম্পিয়নশ্বিপৰ চাব-জুনিয়ৰ শাখাত কাজিৰঙা মাৰ্শ্বিয়েল আৰ্ট একাডেমীৰ প্ৰশিক্ষাৰ্থী অৰ্পিতা গগৈয়ে (ছোৱালীৰ ১০ বছৰ, ৩০ কেজি অনুৰ্ধ) কুমিটে আৰু কাটাত এটাকৈ সোণৰ পদক, পংখী বৰাই (ছোৱালীৰ ১১ বছৰ, ৩৫ কেজি উৰ্ধ) কুমিটে আৰু কাটাত এটাকৈ সোণৰ পদক, আদিত্য ঠাকুৰে (ল’ৰাৰ ৭ বছৰ, ২৫ কেজি উৰ্ধ) কুমিটেত সোণৰ পদক, অনুজ সন্দিকৈয়ে (ল’ৰাৰ ১১ বছৰ, ৩৫ কেজি উৰ্ধ) কুমিটেত এটা সোণৰ পদক, লাইছে ইবনে ৰহমানে (ল’ৰাৰ ১১ বছৰ, ৩০ কেজি উৰ্ধ) কুমিটেত সোণৰ পদক, হিমাংশু বৰাই (ল’ৰাৰ ১৩ বছৰ, ৪০ কেজি উৰ্ধ) কুমিটেত ৰূপৰ পদক, কেডেট শাখাত অৰূপ কাৰ্দঙে (ল’ৰাৰ ৪০ কেজি উৰ্ধ) কুমিটেত সোণৰ পদক আৰু কাটাত ৰূপৰ পদক, জুনিয়ৰ শাখাত বৃন্দামণি কাথাৰপীয়ে (ছোৱালীৰ ৪০ কেজি উৰ্ধ) কুমিটেত সোণ আৰু কাটাত ৰূপৰ পদক, প্ৰীতম পানিকাই (ল’ৰাৰ ৫০ কেজি উৰ্ধ) কুমিটেত ৰূপ আৰু কাটাত ব্ৰঞ্জৰ পদক, চিনিয়ৰ শাখাত বিশ্বজিত উৰাঙে (পুৰুষৰ ৫০ কেজি উৰ্ধ) কুমিটেত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য, বিগত ৩৪ বছৰে কাৰাটেৰ নীৰৱ সাধনা কৰি অহা প্ৰশিক্ষক ব্লেক বেল্ট পঞ্চম ডান তনুজ প্ৰতীম বৰুৱাই বিগত ডেৰ দশক ধৰি কাজিৰঙা মাৰ্শ্বিয়েল আৰ্ট একাডেমীৰ জৰিয়তে শতাধিক শিশু, যুৱক-যুৱতীক সমৰ কলাৰ প্ৰশিক্ষণ দি আহিছে৷

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ