ছিপাঝাৰৰ আন্তঃৰাষ্ট্ৰীয় ৰেটিং দবা প্ৰতিযোগিতা

কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহালৈ বেষ্ট আসাম প্লেয়াৰৰ খিতাপ

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ
ছিপাঝাৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ৰেটিং দবা প্ৰতিযোগিতাত কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক তথা ৰাইজৰ খবৰ ডিজিটেলৰ পৰিচালন সম্পাদক ধ্ৰুৱজ্যোতি সাহাই বেষ্ট আসাম প্লেয়াৰৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে৷ এই সন্মানত অল ইণ্ডিয়া চেছ্ ফেডাৰেচন চমুকৈ এ আই চি এফৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সদৌ অসম দবা সন্থাৰ তৰফৰ পৰা মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয়৷ উল্লেখ্য যোৱা ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰী পৰ্যন্ত মংগলদৈৰ ছিপাঝাৰত অনুষ্ঠিত হৈছিল প্ৰথম ছিপাঝাৰ আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা৷ ছিপাঝাৰ মহাবিদ্যালয়ৰ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰতিযোগিতাত ডেৰ শতাধিক দবাৰুৱে অংশগ্ৰহণ কৰিছিল৷ আৰম্ভণি অনুষ্ঠানত সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা, সম্পাদক ৰাজীৱ ধৰ, গুৱাহাটী জিলাৰ মুকুতা ডেকা, মুখ্য আৰবিটাৰ ৰবিকান্ত তিৱাৰীৰ লগতে অঞ্চলটোৰ বিশিষ্ট লোক, উদ্যোক্তাৰ লগতে দবাৰু আৰু অভিভাৱকসকল উপস্থিত আছিল৷ মুখ্য আৰবিটাৰ ৰবিকান্ত তিৱাৰীৰ লগতে সহকাৰী হিচাপে থকা আৰবিটাৰ হিচাপে থকা নীতেশ কুমাৰ পৰ্বত, জ্যেষ্ঠ ৰাষ্ট্ৰীয় আৰবিটাৰ হিচাপে নগালেণ্ডৰ বেকখু চহু (Soho), নামৰূপৰ দেবেন্দ্ৰ শৰ্মা, হোজাইৰ সঞ্জয় দাসৰ তত্ত্বাৱধানত সমগ্ৰ খেল পৰিচালনা কৰা হয়৷ আনহাতে, ৭ জানুৱাৰীত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত টুৰ্ণামেণ্টৰ মূল শাখাত বিজয়ী হোৱা শান্তু মণ্ডলে প্ৰথম পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে চনী কিশান আৰু তন্ময় ৰাজবংশীয়ে ক্ৰমাৎ দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে৷ আনহাতে, টুৰ্ণামেণ্টত বেষ্ট আসাম প্লেয়াৰৰ সন্মান লাভ কৰে আন্তঃৰাষ্ট্ৰীয় ৰেটেড দবাৰু ধ্ৰুৱজ্যোতি সাহাই৷ কাজিৰঙাৰ পৰা অসমীয়া প্ৰতিদিনত সাংবাদিক হিচাপে কৰ্মৰত তথা বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহাই ইতিমধ্যে জ্যেষ্ঠ ৰাষ্ট্ৰীয় আৰবিটাৰৰ সন্মান লাভ কৰিবলৈয়ো সক্ষম হৈছে৷

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ