বোকাখাতত টেক্স কনচালটেন্সীৰ কাৰ্যালয় মুকলি কৰে গৌৰৱ গগৈয়ে

বোকাখাতত টেক্স কনচালটেন্সীৰ কাৰ্যালয় মুকলি কৰে গৌৰৱ গগৈয়ে

ৰাইজৰ খবৰ ডিজিটেল, ৬ জুন, বোকাখাতঃ বোকাখাতৰ চাৰি নং ৱাৰ্ডত সাংসদ গৌৰৱ গগৈয়ে মুকলি কৰে এটি কাৰ্যালয়৷ বহস্পতিবাৰে গগৈয়ে মুকলি কৰা এই Tax Consultancy কাৰ্যালয়টিৰ জৰিয়তে এতিয়াৰে পৰা অঞ্চলটোৰ বাসিন্দাসকলে নিজা taxৰ সম্বন্ধে অৱগত হ’ব পাৰিব৷

উল্লেখ্য, কৰ শব্দটোৰ স’তে আমি সকলোৱেই পৰিচিত৷ কৰ বুলিলে দুই-একে নুবুজিলেও টেক্স বুলি ক’লে আমাৰ কাৰো বুজিবলৈ অকণমানো অসুবিধা নহয়৷ আপুনি বাৰু জানেনে যে কৰৰো দুটা ভাগ থাকে৷ এটা হৈছে প্ৰত্যক্ষ কৰ অৰ্থাৎ Direct Tax আৰু আনটো পৰোক্ষ কৰ অৰ্থাৎ Indirect tax. আমি গম নোপোৱাকৈয়ে পৰোক্ষ কৰ বা Indirect taxবোৰ দিওঁ৷ বিস্কুট এপেকেট কিনিলে আমাৰ পৰা চৰকাৰে tax নলয়, কিন্তু, বিস্কুট ফেক্টৰীৰ পৰা লয় টেক্স৷ পাইকাৰী বেপাৰীৰ পৰা, খুচুৰা বেপাৰীৰ পৰা, গাড়ীত বস্তুবোৰ কঢ়িয়াই আনোতে পৰিবহণ টেক্স, গাড়ীত তেল ভৰাওতে তেলৰ টেক্স আদি বিভিন্ন tax লয়৷ যাৰ বাবেই দুটকীয়া বিস্কুটৰ দাম আঠৰ পৰা দহ টকা হয়গৈ৷ এই পৰোক্ষ কৰ বা indirect taxৰ বিপৰীতে বেছিকৈ উপাৰ্জন কৰা লোকে প্ৰত্যক্ষ কৰ বা direct tax চৰকাৰক দিয়াটো বাধ্যতামূলক৷ কিমান পৰিমাণৰ tax দিব লাগে বহুতেই নাজানে৷

Tax সম্বন্ধীয় এই বিষয়বোৰ যাতে সমাধান কৰিব পাৰি তাৰ বাবে বোকাখাতত বৃহস্পতিবাৰে আৰম্ভ কৰা হৈছে এটি কাৰ্যালয়৷ আনহাতে, এই কাৰ্যালয়টিয়েই মুকলি কৰে সাংসদ গৌৰৱ গগৈয়ে৷ যোৰহাটৰ পৰা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হোৱা গৌৰৱ গগৈৰ বোকাখাতত এয়াই প্ৰথমটো কাৰ্যসূচী৷ বোকাখাতৰ চাৰি নং ৱাৰ্ডত আৰম্ভ কৰা এই কাৰ্যালয়ৰ স্বত্বাধিকাৰ তথা Chartered Accountant আয়ুস নিমোদিয়াই অঞ্চলটোৰ ৰাইজৰ taxৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈকে এই কাৰ্যালয় মুকলি কৰা বুলি মন্তব্য কৰিছে৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা