দ্যা গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ

দ্যা গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ

— সুব্ৰত পুৰকায়স্থ

আজিৰে পৰা পেৰিছত আৰম্ভ অলিম্পিক মহাৰণ। ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’ব লগীয়া বিশ্বৰ এই সৰ্বোচ্চ ক্ৰীড়া সমাৰোহৰ বাবে সকলোৱে আশাৰে বাট চাই আছে। অলিম্পিকত ভাৰতে এতিয়ালৈকে ৩৫ টা পদক লাভ কৰিছে। ইয়াৰে ১০ টা স্বৰ্ণ, ৯ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদক। অলিম্পিকত ভাৰতৰ পদক লাভৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল টকিঅ’ অলিম্পিকত। তাত ভাৰতে ৭ টা পদকেৰে তালিকাৰ ৪৮ স্থানত আছিল।

পেৰিছ অলিম্পিকত ভাৰতৰ ১১৭ গৰাকী খেলুৱৈয়ে ১৬ টা ইভেন্টত অংশগ্ৰহণ কৰিব। ইয়াৰে ৭০ গৰাকী পুৰুষ আৰু ৪৭ গৰাকী মহিলা। অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই ভাৰতীয় দলৰ অন্যতম সদস্য। মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানু উত্তৰ পূৰ্বাঞ্চলৰ আনগৰাকী ক্ৰীড়াবিদ। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা এই দুগৰাকী খেলুৱৈয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। অলিম্পিকৰ পদক বিজয়ী শ্বুটাৰ গগন নাৰঙ ভাৰতীয় দলৰ চীফ দ্য মিছন হিচাপে দলটোক নেতৃত্ব দিব। পেৰিছত ভাৰতীয় দলৰ পতাকা বহন কৰিব ছৰথ কমল আৰু পি ভি সিন্ধুয়ে।

১২৪ বছৰীয়া অলিম্পিকৰ গৌৰৱোজ্জল ইতিহাসত এতিয়ালৈকে পাঁচ গৰাকী অসমীয়া ক্ৰীড়াবিদে অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। তেখেতসকল হ’ল ডা: টালিমেৰণ আও, দীপাংকৰ ভট্টাচাৰ্য্য, শিৱ থাপা, জয়ন্ত তালুকদাৰ আৰু লাভলীনা বৰগোহাঁই। ইয়াৰে লাভলীনা বৰগোহাঁই হৈছে অলিম্পিকত পদক লাভ কৰা প্ৰথম আৰু একমাত্ৰ অসমীয়া।

লাভলীনা বৰগোহাঁইৰ বাহিৰেও আন চাৰি গৰাকী অসমীয়া পেৰিছ অলিম্পিকত বিভিন্ন ধৰণে অংশগ্ৰহণ কৰিব। প্ৰশিক্ষক প্ৰণামিকা বৰা, ফটোগ্ৰাফাৰ ঋতুৰাজ কোঁৱৰ, গীতিকা তালুকদাৰ আৰু ITBP ৰ কমাণ্ডাৰ মনজুৰ আহমেদ।

উল্লেখযোগ্য যে অলিম্পিকৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ষ্টেডিয়ামৰ বাহিৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। ৰিভাৰ পেৰেডেৰে এই অনুষ্ঠান অনুষ্ঠিত হ’ব। চেইন নদীত ৬ কিলোমিটাৰ জোৰা এই ৰিভাৰ পেৰেডৰ বাবে সকলো উৎসুক হৈ আছে। মুঠতে এক ব্যতিক্ৰমী আৰু সুন্দৰ ৰূপত অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক।

আমি আশা কৰিম ভাৰতীয় দলটোৱে নিজৰ সৰ্বোচ্চ উজাৰি দেশবাসীক গৌৰৱান্বিত কৰি তুলিব। প্ৰতি গৰাকী ভাৰতীয় খেলুৱৈৰ প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লাভলীনা বৰগোহাঁইৰ প্ৰতি আমাৰ সকলোৰে শুভকামনা সদায়ে আছে। আমি আশা কৰিম লাভলীনাই অসমৰ নাম, ভাৰতৰ নাম পেৰিছত উজলাই তুলিব।

Citius, Altius, Fortius – Communiter

Related Posts

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস