বোকাখাতত বাঘৰ আক্ৰমণত আহত এজন
বুবুল দত্ত, ৰাইজৰ খবৰ ডিজিটেলঃ বান বিভীষিকাৰ মাজতে বোকাখাতত এইবাৰ বাঘৰ আতংক। বোকাখাতৰ যোগনীয়াত বাঘৰ আক্ৰমণত আজি আহত হয় এজন লোক। আহত লোকজনৰ নাম কুশ বৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য, প্ৰৱল বানৰ পৰা পৰিত্ৰাণ পাবলৈ মথাউৰিত আশ্ৰয় লোৱা লোকসকলৰ ওচৰতে বাঘটো আশ্ৰয়লৈ আছে। ইয়াৰে এচুবা হাবিৰ মাজত চোপ লৈ আছিল বাঘটো।
ইফালে, বাঘটোৰ আক্ৰমণত কুশ বৰাৰ মূৰ আৰু দুয়োটা বাহুতে গুৰুতৰ আঘাতপ্ৰাপ্ত হৈছে। এখন হাত ভাগি যোৱা বুলিও জানিব পৰা গৈছে। ঘটনাৰ পিছতে তাৎক্ষণিক ভাৱে কুশ বৰাক স্থানীয় ৰাইজে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়।
আনহাতে, নিশা নামি অহাৰ লগে লগে অঞ্চলটোলৈ নামি আহিছে আতংক। বানৰ বাবে মথাউৰিত আশ্ৰয় লৈ আছে প্ৰায় শতাধিক পৰিয়াল। উক্ত এলেকাতে আছে বানাক্ৰান্তসকলৰ পাঁচ শতাধিক গৰু ছাগলী। ত্ৰিপালৰ চাল বেৰ দি কোনোমতে আশ্ৰয় লৈ থকা মানুহ খিনিয়ে অঞ্চলটোত সশস্ত্ৰ নিৰাপত্তাৰ দাবী কৰিছে।
ইপিনে, জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহে ব্যক্তি জনৰ সকলো উন্নত চিকিৎসা দিবলৈ চৰকাৰক দাবী জনাইছে। অন্যথা তীব্ৰ প্ৰতিবাদ কৰা হ’ব বুলি উল্লেখ কৰি ভূৱা প্ৰতিশ্ৰুতি নিদিবলৈ ও সতৰ্ক কৰি দিছে।