কাজিৰঙাত হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ দুজন
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ বানে ধোৱা কাজিৰঙাত সম্প্ৰতি বন্যপ্ৰাণীৰ হাহাকাৰ অৱস্থা। ওখ ঠাইৰ সন্ধানত বিভিন্ন বন্যজন্তু জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা ওলাই আহি আশ্ৰয় লৈছে উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লগতে কাৰ্বি পাহাৰত আৰু ইয়াৰ নামনি অঞ্চলত। এই বন্যপ্ৰাণীসমূহ সুৰক্ষাৰ বাবে বিভিন্নজনে দিন-ৰাতি একাকাৰ কৰাৰ সময়তে আন একাংশ দুৰ্বৃত্তই নিৰীহ বন্যপ্ৰাণীক হত্যা কৰি উল্লাসত নিমত্ত হৈছে। আজি কাজিৰঙাৰ বাগৰিত এক তেনে ঘটনাই বনকৰ্মীৰ অভিযানত পোহৰলৈ আহে। বাগৰিত বনকৰ্মীয়ে হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ কৰে দুজনকৈ লোকক।
জানিব পৰা ম’তে, গোপন সূত্ৰৰ পম খেদি কাজিৰঙা বন কৰ্তৃপক্ষই আজি সন্ধ্যা গীতাঞ্জলি নামৰ AS 02AC 0219 নম্বৰৰ এখন ULTRA বাছত উঠি হৰিণাৰ মাংস নি থকা অৱস্থাত সুনীল তাঁতী আৰু অজয় মোদী নামৰ দুজন যুৱকক আটক কৰে। বনবিভাগে পৰৱৰ্তী সময়ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰে। আনহাতে, মাংসখিনি কঢ়িয়াই নিয়া গীতাঞ্জলি নামৰ বাছখনো জব্দ কৰে বনবিভাগে। মাংসখিনিৰ ওজন প্ৰায় ১৫ কেজি হ’ব জনাইছে বনবিভাগে। আনহাতে, প্ৰাথমিক তদন্তত মাংসখিনি সংগ্ৰহ কৰি খাবলৈ নিয়াৰ তথ্যহে লাভ কৰিছে বন বিভাগে।