ত্ৰিশ শতাংশ সংৰক্ষণৰে নাৰী সবলীকৰণ

ত্ৰিশ শতাংশ সংৰক্ষণৰে নাৰী সবলীকৰণত পদক্ষেপ গ্ৰহণেৰে গঢ়িছে অনুকৰণীয় আদৰ্শ

শিলঘাট মৰাপাট কলৰ ৩৩ কোটি ৩৬ লাখ ৩০ হাজাৰ টকাৰ অংশ ক্ৰয় ৰাজ্য চৰকাৰৰ

কিশোৰী কুমাৰ ডেকা, কলিয়াবৰ, ৰাইজৰ খবৰ ডিজিটেলঃ ৰাজ্যৰ সমবায় খণ্ডৰ উদ্যোগলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে শিলঘাট মৰাপাট কলে। কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলৰ ৩৩ কোটি ৩৬ লাখ ৩০ হাজাৰ টকাৰ শ্বেয়াৰ ক্ৰয় কৰিলে ৰাজ্য চৰকাৰে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে শ্বেয়াৰ কেপিটেল হিচাপে ক্ৰয় কৰিছে সমবায় খণ্ডৰ মৰাপাট কলটোৰ বৃহৎ অংশ। ৰাজ্য চৰকাৰৰ এই অংশৰে কলটোৰ উৎপাদন দুগুণ বৃদ্ধি কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে কল কৰ্তৃপক্ষই৷ কলিয়াাবৰৰ শিলঘাটত অৱস্থিত মৰাপাট কলটোৱে জাতীয় অৰ্থনীতি টনকিয়াল কৰাৰ সমান্তৰালকৈ নিয়োগৰ ক্ষেত্ৰতো গ্ৰহণ কৰিছে বিশেষ ভূমিকা। আধুনিকীকৰণৰ দিশে আগবঢ়া মৰাপাট কলটোত ইতিমধ্যে নতুনকৈ সংযোজিত হৈছে ছখনকৈ অত্যাধুনিক শাল। সম্প্ৰতি মৰাপাট কলটোৱে প্ৰতিদিনে ২৬ৰ পৰা ২৮ মেট্ৰিকটন মৰাপাটৰ সামগ্ৰী উৎপাদন কৰিবলৈ সক্ষম হৈছে। মৰাপাট কলটোত নতুনকৈ ৭২ খন শাল সংযোজন সম্পূৰ্ণ হ’লে কলটোৰ উৎপাদন বৰ্তমানৰ তুলনাত দুগুণলৈ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে কলটোৰ পৰিচালন সঞ্চালক গুণমনি গগৈয়ে। ইফালে, মৰাপাট কলটোৱে নাৰী সবলীসকলৰ ক্ষেত্ৰতো লৈছে বিশেষ পদক্ষেপ। সহস্ৰাধিক কৰ্মীৰ লগতে বৰ্তমান কলটোত ৩০ শতাংশ সংৰক্ষণ ব্যৱস্থাৰে নিয়োজিত হৈছে ৭০ গৰাকী মহিলা শ্ৰমিকো। অদূৰ ভবিষ্যতে দুই শতাধিক মহিলাক কলটোত শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ লক্ষ্যৰে পৰিকল্পনা হাতত লৈছে কল কৰ্তৃপক্ষই। মৰাপাট কলটোৰ উৎপাদনত জড়িত হ’বলৈ পাই সুখী বুলি মত প্ৰকাশ কৰিছে মহিলা শ্ৰমিকসকলে। উল্লেখ্য যে ৫৫ বছৰীয়া ইতিহাসত অসম সমবায় মৰাপাট কলটোত আৰম্ভ হৈছে মহিলা শ্ৰমিকৰ প্ৰয়োভৰ। এক কথাত ক’বলৈ গলে গাঁৱৰ মহিলা শ্ৰমিকে দেখুওৱা কৰ্ম সংস্কৃতিয়ে এতিয়া সকলোকে আকৃষ্ট কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ১৯৬৯ চনতে স্থাপিত হোৱা কলিয়াবৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলটোত ইমান দিনে পুৰুষেই শ্ৰমিক হিচাপে কাম কৰি আহিছিল। কিন্তু, বিগত বৰ্ষৰ পৰা আৰম্ভ হৈছে মহিলা শ্ৰমিকৰ প্ৰয়োভৰ। মহিলা সবলীকৰণৰ লক্ষৰে প্ৰায় এবছৰ পূৰ্বেই এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল। নিয়োগ লাভ কৰা মহিলাসকলে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি এতিয়া কলটোৰ উৎপাদনৰ কামত নিয়োজিত হৈছে৷ মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কলটোলৈ আহি ১০ কোটি টকাৰ ৰাজ সাহায্য দিয়াৰ সমান্তৰালকৈ এন চি ডি চিৰ পৰা অসম চৰকাৰৰ জৰিয়তে মুঠ প্ৰায় ৩৪ কোটি টকা সাহায্য লাভ কৰাৰ পাছত অত‍্যাধুনিক যন্ত্ৰৰে স্থাপিত হ’ল কলটোৰ দ্বিতীয়টো ইউনিট। এতিয়া এই নতুন ইউনিটটোতেই ৩০ শতাংশ মহিলা শ্ৰমিক নিয়োগ কৰা হৈছে। এনে প্ৰক্ৰিয়াই সুদীৰ্ঘ ৫৫ বছৰৰ ইতিহাসত উদ‍্যোগটোৱে এক নজিৰ সৃষ্টি কৰিলে বুলি ক’ব লাগিব। পুৰুষৰ সমানেই যে মহিলাই কাম কৰিব পাৰে সেইকথা পুনৰ বাৰ প্ৰমাণ কৰিলে এই সকল মহিলাই। পুৰুষৰ সমানেই দিনটোৰ ৮ ঘণ্টা শ্ৰম কৰি উপাৰ্জনৰে স্বাৱলম্বী হৈছে এই সকল মহিলা। কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ হাঁহিমুখে নিত্য নৈমিত্তিক ভাবে কাম কৰি গৈছে মহিলা সকলে৷ ৮ ঘণ্টাই নহয়, কেতিয়াবা ১২ ঘন্টাও কাম কৰে কোনো কোনো মহিলাই। উদ্যোগটোত নিয়োজিত মহিলা শ্ৰমিক সকলৰ এই অনুকৰণীয় আদৰ্শই সম্প্ৰতি অনুপ্ৰাণিত কৰিছে আন আন গৃহিণী সকলক।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস