বিশেষ লেখা
বিশ্ব ব্যাঘ্ৰ দিৱসৰ তাৎপৰ্য আৰু আমাৰ কৰণীয়
— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী৷
বিশ্বৰ সকলোতে হয়তো এদিন বাঘ আছিল৷ আজি আৰু নাই!তথাপিও ২৯ জুলাই দিনটোত “বিশ্ব ব্যাঘ্ৰ দিৱস” পালন কৰি মানৱজাতিৰ মগজুত ঘৃণাৰ পৰিৱৰ্তে বাঘৰ প্ৰতি সংৰক্ষণ আৰু সচেতনতাৰ ভাৱ যাতে সৃষ্টি হয়,তাৰেই কাৰণ এই বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপন৷
এসময়ত অসমতো ইমুৰৰ পৰা সিমুৰলৈ সকলো ঠাইতে বাঘ আছিল। সকলো ধৰণৰ জংঘলত, য’ত চিকাৰ (তৃৰ্ণভোজী জন্ত) আৰু পানী আছিল, তাতে বাঘ পোৱা হৈছিল। অন্যতম বাসভুমি আছিল- নৈপৰীয়া জাৰণি, খেৰণি সমুহ। বৃটিছে চাহ খেতিৰ বাবে ব্যাপক হাৰত হোলা তথা ওখ ওখ তৃৰ্ণভূমি অঞ্চলবোৰ চাহখেতিৰ বাবে মুকলি কৰাৰ লগতে শস্য ৰক্ষাৰ নামত জনজাতিসকল আৰু জমিদাৰ শ্ৰেণী জাতীয় ব্যক্তিৰ মাজত ব্ৰিটিছ চৰকাৰে দিয়া খজা বন্দুকৰ অনুমতিয়ে বাঘৰ আহাৰ তৃণভোজী জন্তুৰ সংখ্যাৰ ওপৰত বাৰুকৈয়ে নেতিবাচক প্ৰভাৱ পেলালে। ৷১৯২১ চনৰ সৰ্বগ্ৰাসী, কুখ্যাত মহামাৰীৰ পিছত হঠাতে বাঢ়ি অহা বাঘৰ সংখ্যাৰ কাৰণে খাদ্য কম হবলৈ ধৰিলে। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত অসমলৈ ঘটা প্ৰবজনেও নৈপৰীয়া অঞ্চলবোৰ চৰণীয়া পথাৰলৈ পৰ্যবসিত কৰিলে৷ এইবোৰৰ মাজত
১৯৩১চনৰ পিছত,চাৰ চাদ্দুলাৰ “অধিক খাদ্য উৎপাদন” নীতিৰ অধীনত পূৰ্ববংগৰ পৰা হেজাৰ হেজাৰ মানুহ আনি ভূমি প্ৰদান কৰা হ’ল৷ ব্ৰহ্মপুত্ৰ নৈপৰীয়া তৃৰ্ণভূমি অঞ্চলবোৰ বিশেষকৈ হিমালয়ৰ পৰা প্ৰবজিত গোৰ্খা আৰু পূববংগৰ পমুৱা সকলে এই তৃৰ্ণভূমিবোৰ চৰণীয়া পথাৰ,ম’হৰ খূটি আৰু কৃষি পামলৈ পৰিৱৰ্তন কৰিলে৷ৰিজাৰ্ভ ফৰেষ্ট ডি-ৰিজাৰ্ভ কৰা হ’ল। কাজিৰঙাৰ দৰে আন নৈপৰীয়া অঞ্চল সমুহত ইয়াৰ প্ৰভাৱ পৰিল। সমগ্ৰ ইকৰাণি,খেৰণী, নল, খাগৰি কঁহুৱা থকা অঞ্চল মুকলি কৰি এই প্ৰৱজিত লোকসকল বহিল। এইবোৰেই আছিল, খটীয়া পহু, দলহৰিণ, গঁড় আদিৰ লগতে বাঘৰ মূখ্য আৱাসভূমি।
নৈপৰীয়া অঞ্চলৰ পৰা বিতাৰিত বাঘে লাহে লাহে খিলঞ্জীয়া মানুহ থকা অঞ্চললৈ আহিল। বাঁহনী, কুঁহিয়াৰ বাৰীত থাকি গ্ৰাম্য অৰণ্যত যি পাই খাই বাছি থাকিবলৈ যত্ন কৰিলে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ হোলা-পাহাৰ-জংঘলবোৰত বাঘে আশ্ৰয় লৈ নিজকে বৰ্তাই ৰাখিছিল৷মাজে মাজে চেগবুজি দুই এটা গৰু, ছাগলী, ম’হ ধৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে পৰ্যটন নগৰীয়ে এই হোলা-পাহাৰবোৰো সামৰি লোৱাত বাঘৰ সংখ্যা কমি আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে মাত্ৰ কেইখনমান সংৰক্ষিত এলেকাৰ বাহিৰে বাঘ প্ৰায় নোহোৱাই হ’ল।
পৃথিৱীত থকা বাঘৰ প্ৰজাতিবোৰঃ
ভূ-ভাগত থকা প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ আধাৰ বাঘ৷ সমগ্ৰ বিশ্বত আঠটা প্ৰজাতিৰ বাঘ এসময়ত পোৱা গৈছিল,যদিও ইয়াৰে তিনিটা প্ৰজাতিৰ বাঘ ইতিমধ্যে প্ৰকৃতিৰ বুকুৰ পৰা বিলুপ্তি ঘটিল৷ বিলুপ্তি ঘটা বাঘ প্ৰজাতি কেইটা হ’ল- বালিৰ বাঘ(১৯৪০ চনত বিলুপ্তি ঘটিল),কাস্পিয়ান বাঘ(১৯৭০) আৰু জাভাৰ বাঘ(১৯৮০)৷বৰ্তমান অস্তিত্বৰ সংকটত ভুগি পৃথিৱীত জীয়াই থকা বাঘ প্ৰজাতি কেইটা হ’ল – ৰয়েল বেংগল টাইগাৰ(ঢেকীয়াপতীয়া বাঘ),ইণ্ডোচাইনিজ বাঘ,ছাইবেৰিয়ান বাঘ,সুমাত্ৰীয় বাঘ আৰু দক্ষিণ চীনৰ বাঘ৷
আমাৰ দেশত কিমান বাঘ আছে?
১৯৬৪ চনত প্ৰকাশ পোৱা Wildlife of India নামৰ বিখ্যাত গ্ৰন্থখনৰ ৰচক তথা বিশিষ্ট প্ৰকৃতিবিদ ই পি জী ১৯২৭ চনত চাহবাগনৰ চাকৰিসূত্ৰে অসমলৈ আহিছিল আৰু অৱসৰৰ পিছত ভাৰততে থাকি বন্যপ্ৰাণী সম্পৰ্কে অধ্যয়নত মনোনিবেশ কৰিছিল৷ সেই ই পি জীয়ে কৈছিল – কুৰি শতিকাৰ আৰম্ভণিতে অৰ্থাৎ ১৯০০ চনৰ আগভাগত সমগ্ৰ দেশত ৪০,০০০ বাঘ আছিল৷ বাঘৰ আৱাসস্থলী ধ্বংস,বাঘ চিকাৰ,বনাঞ্চল ধ্বংস,বনাঞ্চলৰ মাজেৰে পকী ৰাস্তা আদি নিৰ্মাণৰ হেতু ১৯৭২ চনৰ পিয়লত আমাৰ দেশত মুঠ বাঘ পোৱা গ’ল কেৱল ১৮২৭টা! ২০২০ চনত ৰাষ্ট্ৰীয় উদ্যানৰ সূত্ৰই প্ৰকাশ কৰা মতে কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ সংখ্যা আছিল শতাধিক৷
সেইদিশৰ পৰা আৰণ্যক নামৰ এনজিঅৰ মতে কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ ঘনত্ব আটাইতকৈ বেছি,এই কথা হেনো বাঘ ট্ৰেপিং কেমেৰাৰ যোগেদি জানিব পৰা গৈছে৷
ঢেকীয়াপতীয়া নে ৰয়েল বেংগল টাইগাৰ?
ছাইবেৰীয়াত”টাইগা” নামৰ এডোখৰ ঠাইত ঢেকীয়াপতীয়া বাঘৰ আদিম স্হান আছিল বাবেই, ইংৰাজীত জন্তবিধৰ নাম টাইগাৰ হ’ল৷ বৃটিছসকলৰ ইষ্ট ইণ্ডিয়া কোম্পানী আহি কলিকতাত থান থিত লওঁতে সুন্দৰবন হাবিত এই ৰাজকীয় জন্তটোক দেখি তেওঁলোকে এই ঢেকীয়াপতীয়া বাঘটোক “বেংগল টাইগাৰ”নামেৰে নামাকৰণ কৰিলে৷পিচত সম্ৰাট পঞ্চম জৰ্জ কলিকতালৈ অহাত তেখেতৰ সন্মানাৰ্থে এক মৃগয়া অভিযান কৰা হয় আৰু সেই মৃগয়া অভিযানত সম্ৰাট জৰ্জে বেংগল টাইগাৰক চিকাৰ কৰি মাৰে, তেতিয়াৰ পৰাই ঢেকীয়াপতীয়া বাঘক “ৰয়েল বেংগল টাইগাৰ’ হিচাপে নামাকৰণ কৰা হয়৷
ঢেকীয়াপতীয়া বাঘৰ আচৰণঃ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা জৰীপ মতে ঢেকীয়াপতীয়া বাঘে তিনি বছৰত দুটাৰ পৰা পাঁচটা পোৱালি জগায়৷ অৱশ্যে সুবিধা পালেই মতা বাঘে এই পোৱালিবোৰ খাই ক্ষুধা নিবাৰণ কৰে৷ ই প্ৰকৃতিৰ নিয়ম৷ বাঘে বাঘক খাই,সাপে সাপক খাই নিজৰ সংখ্যা নিয়ন্ত্ৰণ কৰি আহিছে৷
মতা বাঘৰ এনে প্ৰবৃত্তিৰ বাবে বাঘিনীয়ে নিজৰ পোৱালিবোৰক লৈ চোং সলাই থাকিব লগা হয় অৰ্থাৎ পোৱালিবোৰক পলুৱাই পলুৱাই ডাঙৰ কৰিবলৈ কঠোৰ সংগ্ৰাম কৰিব লগা হয়৷ বাঘৰ পোৱালিবোৰ ডেৰ-দুবছৰ নৌহওঁতেই সিঁহতৰ গাত থকা দীঘল দীঘল পটিবোৰ স্পষ্টহৈ জিলিকিবলৈ আৰম্ভ কৰে৷ মাকে কেনেকৈ চিকাৰ কৰিব লাগে, পোৱালিবোৰক শিকাব লগা হয়৷ পোৱালিবোৰৰ বয়স তিনিবছৰ মান হ’লে, মতা পোৱালিবোৰে নিজৰ বাবে নতুন এলেকা এটা বাচি লয়, ইয়াকে চোং সলোৱা বুলিও কোৱা হয়৷
ঢেকীয়াপতীয়া বাঘ বনাম নাহৰফুটুকী বাঘঃ
নাহৰফুটুকী বাঘৰ প্ৰধান খাদ্যই হ’ল বান্দৰ। নাহৰফুটুকী বাঘ কমি অহাৰ বাবেও কিন্তু বান্দৰৰ সংখ্যা আৰু উপদ্ৰপ বৃদ্ধি আৰু অসহনীয় হৈ উঠেছে৷এই দুয়োটা বাঘৰে কেতবোৰ পৃথক স্বভাৱ আছে৷ঢেকীয়াপতীয়া বাঘৰ প্ৰজননৰ কাল শীত কালতহে হোৱাহে দেখা যায়। অৰণ্যৰ বাহিৰলৈ এই কালচোৱাতে কাৎচিতহে ওলাই যোৱা পৰিলক্ষিত হয়। কিন্ত নাহৰফুটুকীৰ প্ৰজননৰ বিশেষ নিদিষ্ট সময় নাথাকে৷ শীতকালত প্ৰজননৰ পিছত অক্টোবৰ মাহ সোমোৱাৰ পৰা জানুৱাৰী মাহলৈ বাঘে নিজৰ থকা ঠাইকণ (চোং) সলায়। কাৰণ উক্ত মাহৰ পৰাই নতুন ৪/৫ বছৰীয়া পোৱালী বোৰে চোং এৰি নতুনকৈ নিজাকৈ চোং বিচাৰি ল’বলৈ চেষ্টা কৰে৷প্ৰাপ্তবয়স্ক হোৱা এই পোৱালীবোৰে নিজৰ নিজৰ এলেকা চাই লবলৈ বিচাৰি ফুৰাত কেতিয়াবা হঠাৎ গাঁৱৰ সৰু সৰু হাবি বনত সোমাই পৰে। প্ৰজননৰ সময়ত মতা ঢেকীয়াপতীয়া বাঘবোৰৰ বহুগামীতা লক্ষ্য কৰিবলগীয়া৷ কেতিয়াও এগৰাকী বাঘিনীৰ সঙ্গী প্ৰিয় নহয়। সেয়েহে বাঘিনীৰ সৈতে মিলণত আতুৰ হ’বলৈও একাধিক মতা বাঘৰ উপস্থিত হ’লে ,মতা বাঘৰ পৰস্পৰ মাজত খণ্ড যুদ্ধ লাগে৷ বলৱান বাঘে মিলন কাৰ্যত লিপ্ত হয় আৰু পৰাজিত বা আঘাত প্ৰাপ্ত বাঘে সেই স্থান ত্যাগ কৰে।মিলণৰ বাবে বাঘিনীক মান্তি কৰাবলৈ কেতিয়াবা কামোৰা কামুৰি কৰিব লগা হয়। পোৱালি হোৱাৰ পিছত মাকে ২/৩ বছৰীয়া মতা পোৱালি কেইটাক মতা বাঘৰ পৰা বচাই ৰখাৰ স্বাৰ্থত অৰণ্যৰ পৰা কিছু আঁতৰলৈ গুচি যায়। সকলো বন্যজীৱৰ দৰে ঢেকীয়াপটীয়া বাঘ সচাৰচৰ মানুহৰ পৰা আঁতৰি থাকিব বিচাৰে । বনত খূৰা থকা জন্তুৰ অভাৱ হ’লেহে ঢেকীয়াপতীয়া বাঘে মাজে সময়ে অৰণ্যৰ দাঁতিকাষৰ গাঁৱৰ ভিতৰলৈ সোমাই গৈ গৰু,ছাগলী আদি জন্তুক বধ কৰে। চিকাৰ প্ৰিয় আৰু মাংসহাৰী প্ৰাণী হ’লেও,বাঘ উদাৰ প্ৰকৃতিৰ উচ্চমানৰ প্ৰাণী অৰ্থাৎ বাঘে ভোক লাগিলেহে চিকাৰ কৰে আৰু আহাৰ গ্ৰহণৰ পিছত ভোক নলগালৈকে অন্য কোনো জীৱ-জন্তুক অবাবতে ধৰিবলৈ খেদা-খেদি নকৰে।
বাঘৰ এলেকাঃ
একোটা বাঘৰ নিজৰ নিজৰ বিচৰণক্ষেত্ৰ থাকে । প্ৰতিটো বাঘক ১০ বৰ্গ কিলোমিটাৰ এলেকাৰ আৱশ্যক। সেই এলেকাৰ ভিতৰতে চলাফুৰা কৰা আৰু নিৰ্দিষ্ট ঠায়ে ঠায়ে প্ৰস্ৰাৱ কৰি কৰিহে এলেকা নিৰ্ধাৰণ কৰি লয় । প্ৰস্ৰাৱৰ লগত এবিধ পদাৰ্থ মিহলি হৈ থাকে আৰু এই গোন্ধ লৈ সিহঁতৰ এলেকাত যদি বেলেগ বাঘ বা বাঘিনী প্ৰৱেশ কৰে তেন্তে গম পায় আৰু বিচাৰি বিচাৰি যুঁজ কৰে বা হ’ব । অকল প্ৰজনন সময়তে যে যুঁজ লাগে এনে নহয়। এনে যুঁজতো কোনোৱা নহয় কোনোৱা এটাৰ মৃত্যু হ’বই হয়তো দুয়োটাৰে হ’ব পাৰে । বাঘে সাধাৰণতে একক ভাৱে চিকাৰ কৰে । অতি কম দুৰত্বৰ পৰা চোপলৈ চোঁচা মাৰি পিচ ফালৰ পৰা চিকাৰ ধৰি ডিঙিত কামুৰি শ্বাসৰুদ্ধ কৰি মাৰে । এসময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণৰ কাৰ্বিপাহাৰটোক বাদ দি পাহাৰটোৰ সমতলত থকা টিলা,সুৰংগ,হোলাবোৰ আছিল বাঘৰ আৱাসস্থলী৷ আজিকালি সহজেই পাহাৰ,হোলা ভাঙি হোটেল, অট্টালিকা,চাহ বাগান খোলাৰ ফলত, কাজিৰঙাত বাঘৰ আৱাসস্থলী আৰু বিচৰণভূমিৰ অভাৱ ঘটিছে৷ আনকি পূৰ্বে কাজিৰঙা বিলৰ ইকৰা-নলেৰে ভৰপূৰ দলনিখনত বাঘে আশ্ৰয় লাভ কৰিছিল৷ এতিয়া সেইবোৰত বাঘ বাদেই মেচেকা এটাও লুকাবলৈ উপযুক্ত নহয়৷
কাজিৰঙাৰ দৰে হাবিত বাঘবোৰ কিয় দৰকাৰঃ
কাজিৰঙাত পূৰ্বৰ তুলনাত তৃণভোজী জন্ত যেনে- ম’হ,দলহৰিণা,শৰপহু, খুটীয়া পহু,বনৰীয়া গাহৰি আদিৰ সংখ্যা বৃদ্ধি পোৱাটো আমাৰ বাবে ভাল খবৰ৷ কিন্ত এই তৃণভোজী জন্তবোৰৰ সংখ্যা প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ নহ’লে – কাজিৰঙাৰ ভিতৰত ঘাঁহ-বননি দ্ৰতগতিত প্ৰাকৃতিকভাৱেও নাইকীয়া হৈ খাদ্যৰ সংকট বিষয়টোক আৰু গভীৰ কৰি নুতুলিবনেবনে? যিবোৰক প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়,বাঘৰ দৰে শক্তিশালী প্ৰাণীয়ে৷ এখন অৰণ্যত মাংসভোজী প্ৰাণী আৰু তৃণভোজী প্ৰাণীৰ তালমিল থাকিলেহে, সেই অৰণ্যখন সকলো বন্যজন্তৰ বাবে উৎকৃষ্ট পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি হয়৷ সেয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতিতন্ত্ৰ অতি উৎকৃষ্ট আৰু চহকী৷সেয়ে এচিয়াৰ ভিতৰতে কাজিৰঙাত সৰ্বাধিক এচীয়াটিক বনৰীয়া ম’হৰ সংখ্যা সৰ্বাধিক, গঁড়,হাতীৰ সংখ্যা সৰ্বাধিক, দল হৰিণাৰ সংখ্যা সৰ্বাধিক৷
কাজিৰঙাত বাঘ-হৰিণাৰ লুকাভাকুঃ
১৯৬৬ চনৰ পৰা ১৯৮৪ চনলৈ কৰা পিয়লত দেখা গৈছিল – যেতিয়া হৰিণাৰ সংখ্যা বাঢ়ে,তেতিয়া বাঘৰো সংখ্যাও বাঢ়ে আৰু বাঘৰ সংখ্যা বাঢ়িলে পহু আদি আন জন্তৰ সংখ্যাও বঢ়া দেখা গৈছিল৷ উদাহৰণস্বৰূপে – ১৯৬৬ চনত পহু আছিল ১৬৪৪ টা ,তেতিয়া বাঘৰ সংখ্যা আছিল কেৱল ২০ টা; কিন্ত ১৯৭২ চনত যেতিয়া পহুৰ সংখ্যা বাঢ়ি যেতিয়া ৫১৭২টা হ’ল, তেতিয়া বাঘৰ সংখ্যা হ’লগৈ- ৩০টা; ১৯৭৮ চনত পহু যেতিয়া ৭৭৬৭ টালৈ বাঢ়িল, বাঘৰ সংখ্যা বাঢ়ি ৪০ টা হ’লগৈ; ১৯৮৪ চনত পহুৰ সংখ্যা যেতিয়া ১০৯৮৬ টা হ’ল, বাঘৰ সংখ্যা বাঢ়ি ৫০ টা হ’লগৈ৷ একেদৰে ১৯৬৬ চনত গঁড়ৰ সংখ্যা আছিল ৩৬৬ টা আৰু ১৯৮৪ চনত হ’লগৈ ৯৪৬ টা৷ সেয়ে এখন অৰণ্যত পৰিস্থিতিতন্ত্ৰক সুস্হিৰ কৰি ৰখাত বাঘৰ গুৰুত্ব অপৰিসীম৷ এখন অৰণ্যৰ খাদ্য শৃংখলৰ ক্ষেত্ৰত সেয়ে বাঘক শীৰ্ষস্হান দিয়া হয়৷
কেমেৰা ট্ৰেপিংঃ
এখন হাবিত কিমানটা বাঘ আছে বৰ্তমান কেমেৰা ট্ৰেপিংৰ জৰিয়তে নিৰীক্ষণ কৰিব পাৰি৷ বাঘ চলাচল কৰা বাটৰ দুয়োফালে দুটা কেমেৰা এনেভাবে লগাই থোৱা হয় যাতে ইয়াৰ মাজেৰে বাঘ পাৰ হৈ গ’লে প্ৰায় একে সময়তে দেহৰ দুয়োফালৰ ছবি তুলিব পৰা যায় । বহু সংখ্যক কেমেৰাৰ জৰিয়তে পোৱা ফটোবোৰৰ পৰা একোটা বাঘক চিনাক্ত কৰি হাবিত থকা বাঘৰ সংখ্যাৰ বিষয়ে জানিব পাৰি । ফটো কেইখন চাই ,বাঘৰ শৰীৰত থকা পটিবোৰ নিৰীক্ষণ কৰিব পাৰিলেই বাঘৰ চিনাক্ত কৰিব পাৰি৷ কাৰণ বাঘৰ শৰীৰত থকা পটিবোৰ একে নহয়৷
বাঘ অৰণ্যৰ ৰক্ষাকৰ্তাঃ
বাঘ আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰাণী ।বনৰ ৰজা বুলি কোৱা হয়৷ মেকুৰীজাতীয় প্ৰাণীবোৰৰ ভিতৰত বাঘেই আকাৰত আটাইতকৈ ডাঙৰ । বৰ্তমান বনৰ ৰজা বাঘ কিন্তু সংকটৰ গৰাহত !জনসংখ্যা বিস্ফোৰণৰ সন্মুখত বনাঞ্চলৰ শ শ হেক্টৰ ভূমিৰ বননি ধ্বংস ঘটিছে । বিজ্ঞানৰ উন্নতিৰ লগে লগে যান-বাহন, কল-কাৰখানা আদিৰ বৃদ্ধিৰ ফলত বায়ুমণ্ডল বিষাক্ত কাৰ্বন গেছৰ পৰিমানো বৃদ্ধি পাবলৈ ধৰিছে৷ যিটো বৰ্তমানৰ দিন বিলাকত পৃথিবীৰ প্ৰাণীজগতৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । বাঘৰ সংখ্যা কমিলে অন্য নালাগে মাছ আদি জলজ জীৱৰ সংখ্যাও কমি আহে৷ কিন্ত কেনেকৈ? কথাষাৰৰ তাৎপৰ্য এয়ে যে প্ৰয়োজনতহে মাংসভোজী জন্তুবোৰে তৃণভোজী জন্তু বোৰক মাৰি খাই নিয়ন্ত্ৰণ কৰে । যাৰ ফলত পৃথিবী সেউজীয়া অংশ অৰ্থাৎ গছ লতিকাৰ সংখ্যা ঠিকে থাকে। বায়ুমণ্ডলত থকা জলীয় বাস্প গছৰ পাতে পৰ্যাপ্ত পৰিমাণে ধৰি ৰাখি বায়ুমণ্ডলত আদ্ৰতা বৃদ্ধি কৰে । যাৰ ফলত প্ৰচুৰ বৰষুণ হয় আৰু নৈ, বিল, জান–জুৰি আদিত পানীৰ সোঁত ববলৈ আৰম্ভ কৰে আৰু এই বোৱতী পানীতে মাছে কণী পৰাত মাছৰ সংখ্যা বাঢ়ে । এই মাছ মানুহৰ পৰা আদি কৰি কিছু মৎসভোজী পশু-পক্ষীৰো খাদ্য। মাছ ব্যৱসায় বানিজ্যৰো উৎস। বিভিন্ন ধৰণৰ মৎস্য জীৱি সকলৰ উপাৰ্জনৰ পথ।
গতিকে বাঘ নাথাকিলে না না পাৰিপাশ্বিক সমস্যাই ভয়াবহ ৰূপ ল’বলৈ সুযোগ নাপাবনে?
বাঘ আমাৰ কৃষ্টি সংস্কৃতিৰ লগতো ওতপ্ৰোতঃভাবে জড়িত । ই আমাৰ ধ্বজাবাহক৷ জনমানসত বাঘ এক বীৰত্বৰ প্ৰতীক । ভাৰতবৰ্ষৰ অৰণ্যক বিশ্বৰ বুকুত বাঘেই দিছে এক সুকীয়া পৰিচয় । কাজিৰঙাত গঁড়ৰ লগতে এপলক জীৱন্ত বাঘক স্বচক্ষে উপভোগ কৰাৰ প্ৰৱল হেঁপাহৰ বাবেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বছৰি আগমন হয় অনেক পৰ্যটকৰ । এই পৰ্যটনেই কাজিৰঙাৰ লগতে আমাৰ দেশৰ বহু লোকৰ জীৱিকাৰ প্ৰধান উৎস । বনত বাঘৰ বিলুপ্তি ঘটিলে,কেৱল পৰিস্থিতন্ত্ৰতেই নহয় আমাৰ অৰ্থনীতি তথা সংস্কৃতিতো বিৰূপ প্ৰভাৱ পেলাব । চোৰাং চিকাৰ, বিষদি বাঘ হত্যা কৰা সকলৰ বিৰুদ্ধে আমি সকলোয়ে সজাগ হওঁ আহক।
কাজিৰঙাত বাঘ সংৰক্ষণত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰি, বাঘে ৰাষ্ট্ৰীয় উদ্যানৰ পশুধন হত্যা কৰিলে, সেই পশুধনৰ বিপৰীতে দিয়া ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাটো দৰকাৰ৷ চাৰি/পাঁচ হাজাৰ টকা গৰু বা ম’হৰ বাবে উপযুক্ত ক্ষতিপূৰণ নহয়৷ লগতে এটা কথা আমি মনত ৰাখিব লাগিব – কাজিৰঙাত বাঘ মেলি দিয়া হোৱা নাই, বৰঞ্চ জনতা তথা সদৌটিৰে সংৰক্ষণৰ চেষ্টাতহে বাঘ সংৰক্ষণ সফল হৈছে৷কাৰণ প্ৰকৃতিক বা কাজিৰঙাক সৃষ্টি কৰাৰ ক্ষমতা কোনো মনুষ্যৰে নাই! প্ৰকৃতি অন্যন্য৷ সকলোৱে মিলিজুলি প্ৰকৃতিক আপদাল কৰাটো দৰকাৰ৷
আহক আমি SAVE KAZIRANGA SAVE TIGER নামৰ শ্লোগান বিধৰ অৰ্থক উপলব্ধি কৰোঁ৷
জনাঞ্চলত বাঘ ওলাইছেঃ
বাঘক নৰখাদক বুলি ক’ব নোৱাৰি৷ মানুহ বাঘৰ পছন্দৰ চিকাৰ নহয়৷ বাঘে দুঠেঙীয়াৰ পৰা সদাই লুকাই থাকিব বিচাৰে৷ বাঘে এবাৰ মানুহৰ তেজ আৰু মাংস খাবলৈ পালে ,সি অন্য মাংস নাখাই অথবা নৰখাদক হৈ পৰা কথাটো মিছা – এই কথা জিম কৰবেটে – তেখেতৰ গোটেই জীৱন জুৰা অভিজ্ঞতাৰ পৰা কৈছিল আৰু মাই ইণ্ডিয়া গ্ৰন্থত উল্লেখ কৰিছিল৷ মানুহক চিকাৰ কৰি ভাল পোৱা হ’লে কাজিৰঙা বা সুন্দৰবনত বনকৰ্মী সকলে অৰণ্যত টহল দিব নোৱাৰিলেহেতেন অথবা এই ৰাষ্ট্ৰীয় উদ্যান দুখনৰ দাঁতিকাষৰীয়া গাঁৱৰ মানুহে গৰু-ছাগলী পুহিব নোৱাৰিলেহেতেন বা গাঁৱত মানুহ থাকিব নোৱাৰিলেহেতেন৷
বাঘ এটা সাধাৰণতে জনাঞ্চলবোৰলৈ আহে কিছুমান বিশেষ অসুবিধাত পৰি। যেনে —
১/ বাঘৰ আৱাসস্হলী যেনে পাহাৰ-হোলা আদি ধ্বংস হোৱাৰ বাবে বাঘ মানুহৰ মুখামুখি হয়৷ অথচ বাঘে আটাইতকৈ ভয় কৰে দুঠেঙীয়া প্ৰাণীকে৷
২/বাঘ যেতিয়া বুঢ়া হয়৷ বনত হৰিণ জাতীয় প্ৰাণী ধৰিব খাব নোৱাৰা হয়, তেতিয়া সি সুবিধা পালে পোহনীয়া গৰু-ছাগলী চিকাৰ কৰাৰ সম্ভাৱনা থাকে৷
৩/ বাঘ এটা আঘাতপ্ৰাপ্ত হ’লে,সি অৰণ্যত টিকি থাকিব নোৱাৰি জনাঞ্চলৰ কাষলৈ আহিব পাৰে৷
৪/ কেতিয়াবা মতা বাঘৰ পৰা পোৱালি বচাবলৈও সি চোঙ সলাই ফুৰিব লগা হয়৷
বাতৰি কাকত মেলি আমি পাওঁ যে বাঘ কিছুমান জনাঞ্চললৈ ওলাই আহিছে৷আমাৰ দেশৰ বাঘৰ আক্ৰমণত আহত-নিহত হোৱা পৰিয়ালবৰ্গক সান্তনা দিয়াৰ ভাষা নাই৷
তথাপিও কওঁ – বাঘৰ মূল চিকাৰ মানুহ নহয়৷ মূল খাদ্য তেজো নহয়৷ বনৰীয়া ম’হ এটা বাঘে চিকাৰ কৰিব লগা হ’লে – ম’হৰ ডিঙিটো লক্ষ্য কৰি লয়৷ বাঘৰ মূল আহাৰ মাংস৷ সেইয়া লাগিলে দুদিন পুৰণি জন্তৰ মাংসই নহওক কিয়৷
বাঘে যাকে য’তে পাই আক্ৰমণ নকৰে এই বাবেই যে সি মানুহক মূল চিকাৰ বুলি নাভাৱে৷ আৰু বাঘ সাপ আদি বন্যপ্ৰাণীবোৰে এবাৰ আহাৰ খালে কেইবাদিনলৈও নাখায়৷ বিশেষকৈ বাঘে খাদ্য গছত উঠাই বা লুকুৱাই সাঁচি ৰাখি খায়৷
মানুহৰ দৰে বাঘ লুভীয়া নহয়৷ বাঘে মানুহৰ দৰে পাহাৰ, অৰণ্য,পথাৰ খাই শেষ নকৰে৷
বাঘ এটা অৰণ্য এৰি জনাঞ্চলবোৰলৈ সোমাই অহাটোৱেই বন-জংঘলৰ ধ্বংস হোৱাৰ কথা ইংগিত দিয়ে৷ বাঘটোৱে মানুহৰ ঘৰত সোমাই আক্ৰমণ নকৰে৷ বাঘটো হয়তো জনাঞ্চল লৈ আহি নিজে বিপদত পৰিছে৷ আৰু কৰ’বাত লুকাই আছে৷ সি অৰণ্যৰ দৰে বিচৰণ কৰি ফূৰা নাই৷ আহক সকলোৱে পুলিছ,বনবিভাগৰ সহায়ত জনাঞ্চললৈ অহা গৃহহীন বাঘক পুনৰ অৰণ্যলৈ ঘূৰাই পঠিয়াবলৈ চেষ্টা কৰোঁ৷ অসম চৰকাৰক অনুৰোধ জনাওঁ – এনে সময়ত অবাঞ্চিতভাৱে বাঘৰ দ্বাৰা আক্ৰান্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক৷ উৰা বাতৰি পৰিবেশন কৰি মানুহ ভয়-সংশয়ত থাকিব নিদিব৷ আপোনাৰ ঘৰলৈ বাঘ নাহে৷ বাঘটোৱে যেনে তেনে জনহীন ঠাইলৈ যাবলৈ চেষ্টা কৰিব৷ পোহনীয়া গৰু-ছাগলী কেইটা দুদিন ঘৰৰ কাষতে এৰাল দিয়ক৷ ৰাতি সোনকালে এই দুদিন ঘৰলৈ আহক৷ মানুহ আৰু বাঘ দুয়োবিধ প্ৰাণীয়েই কুশলে থাকক৷ এই ক্ষেত্ৰত বন বিভাগ আৰু প্ৰশাসনক সহযোগ কৰক৷