সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ভিন্ন বিষয়ৰ ওপৰত আলোকপাতেৰে ড° জয়ন্ত দাসৰ নিয়মীয়া শিতান

সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ভিন্ন বিষয়ৰ ওপৰত আলোকপাতেৰে ড° জয়ন্ত দাসৰ নিয়মীয়া শিতান



ইণ্টাৰনেশ্যনেল কল গার্ল, বানপানী, ছেমিনাৰ, ইত্যাদি

— ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক,

ইংৰাজী বিভাগ, জে ডি এচ জি মহাবিদ্যালয়

মি শিক্ষা খণ্ডত থকা মানুহবোৰে খুব ছেমিনাৰ আদি পাতি থাকোঁ৷ ইবোৰৰ বহুতৰে প্ৰচুৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা আছে৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জগতত ইবোৰৰ প্ৰয়োজনীয়তা আৰু অৱদান অসীম৷ কলা-সাহিত্য-সমাজ-বিজ্ঞান বিষয়ত আমাৰ ৰাজ্যত বিগত কিছুবছৰ ধৰি পতা বহুখিনি ছেমিনাৰ কিন্তু শেষ পর্যন্ত কেৱল নামত পতাৰ দৰে হয়গৈ৷ ছেমিনাৰবোৰ হ’ল এটা নির্দিষ্ট শৈক্ষিক পৰিৱেশত কোনো এটা বিষয়ৰ সুক্ষ্মাতিসুক্ষ্ম দিশবোৰ গৱেষক আদিৰ দ্বাৰা আলোচনা-পর্যালোচনা কৰাৰ এক উমৈহতীয়া মঞ্চ৷ ইবোৰত আলোচনা কৰিবলৈ যোৱাৰ আগতে প্ৰচুৰ সময় অধ্যয়ন, গৱেষণা ইত্যাদি কৰি বিষয়টিৰ ওপৰত ব্যুৎপত্তি আহৰণ কৰি লোৱাৰ প্ৰয়োজন৷ কিন্তু আজিকালি প্ৰায় ক্ষেত্ৰতে দেখা যায় ছেমিনাৰ এখনৰ বাবে মাত্ৰ এমাহ, এসপ্তাহ আনহে নালাগে কেতিয়াবা কিছুমান ‘গৱেষকে’ এদিন-দুদিনতে গৱেষণা পত্ৰ প্ৰস্তুত কৰি অন্য কিছুমান ‘ছিৰিয়াচ গৱেষকৰ’ ওচৰত পাঠো কৰি আহে৷ কোনো কোনো ক্ষেত্ৰত নোযোৱাকৈ, নিলিখাকৈও প্ৰমাণ-পত্ৰ বিতৰণ হৈ যায়, যদিও সেয়া সংখ্যাত কম৷ তাত পোৱা প্ৰমাণ-পত্ৰ ইত্যাদিৰে নিযুক্তি, পদোন্নতি, ইত্যাদিও হৈ যায়৷
এতিয়া ৰাজ্যখনৰ প্ৰলয়ংকৰী বানপানীৰ দিনত আৰু এটা দিশত হোৱা এনে ছেমিনাৰৰ কথা মনলৈ আহিছে৷ বানপানী আৰু খহনীয়া প্ৰতিৰোধক মূল লক্ষ্য হিচাপে লৈ প্ৰতিষ্ঠা হোৱা ব্ৰহ্মপুত্ৰ ব’র্ডখন ৪৫ বছৰীয়া হ’ল৷ সমস্যাবোৰ সমস্যাই হৈ থাকিল৷ কিন্তু এই বিষয়ক লৈয়ো বিগত চাৰি-পাঁচ দশক জুৰি এনে ছেমিনাৰ বা আলোচনা সত্ৰ চলি থাকিল৷ বিভিন্ন ঠাইত৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি, জীৱনত এবাৰো বানপানীৰ ভুক্তভোগী নোহোৱা গৱেষক বা বিশেষজ্ঞয়ো সমাধান-সূত্ৰ হয়তো আগবঢ়ালে৷ সেইবোৰ কৰি তেওঁলোকে নিজে যি পাব লাগে হয়তো সকলো আদায় কৰি ল’লে৷ ব’র্ডৰ বছেৰেকীয়া বাজেটো হয়তো বিগত ৪৫ বছৰত বহু বৃদ্ধি পালে৷ সমান্তৰালভাৱে বৃদ্ধি পালে ভুক্তভোগী ৰাইজৰ দুখ-যন্ত্ৰণা৷ মানুহৰ সামূহিক স্মৃতি ক্ষন্তেকীয়া৷ সেয়ে হয়তো পাঁচ কিলো চাউল, আধা-কিলো মচুৰ দাইল, অকণমান তেল-নিমখ, বছৰি ঘৰ ভঙা, খেতি-পশুধন-জীৱন হেৰুৱাৰ বাবদ চৰকাৰী কার্যালয়লৈ মাহ মাহ ধৰি তাঁত-বাতি কৰি পোৱা কেইহাজাৰমান টকাৰ ক্ষন্তেকীয়া ঝণ্ডু-বামত মানুহে এবছৰলৈ পাহৰি যায় বেদনাবোৰ৷ এবছৰৰ পিছত নৱীকৰণ হয় একেই যন্ত্ৰণা৷ চলি আছে৷ বানপানী বিষয়ক আলোচনাও৷ গৱেষক-বিশেষজ্ঞও গৈয়ে থাকে ‘গৱেষণা পত্ৰ’ পাঠ কৰিবলৈ৷
হোমেন বৰগোহাঞিদেৱৰ নে অন্য কাৰোবাৰ লেখাত ক’ৰবাত পঢ়িছিলোঁ, এবাৰ আইনষ্টাইনক হেনো কিবা এটা বিষয়ত বক্তৃতা দিবলৈ কোনোবাই আমন্ত্ৰণ জনাবলৈ আহিছিল৷ বিষয়টো আৰু হাতত থকা সময় জানিব পাৰি আইনষ্টাইনে হেনো বক্তৃতা দিবলৈ যাব নোৱাৰোঁ বুলি জনাই দিলে৷ কাৰণ সেই বিষয়ত পঢ়া-শুনা কৰি খৰচি মাৰি বিষয়টো বুজিবলৈ হেনো তেখেতক অন্তত; ছমাহ সময়ৰ দৰকাৰ হ’ব৷ আইনষ্টাইনৰ দৰে বৰেণ্য, তীক্ষ্ণধী ব্যক্তিক এখন সভাত দিব লগা এটা বিষয়ৰ বক্তৃতাৰ বাবে ছমাহ লাগে আৰু আমাৰ দৰে কিছুমানৰ সেয়া ছয়-ঘণ্টাতে হৈ যায়৷ খুব কম সময়ৰ জাননীত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত বক্তৃতা, ছেমিনাৰ পাঠ হৈ যায়৷ সেইবাবেই হেনো আজিও আমাৰ দৰে কিছুমান গৱেষক আৰু ইণ্টাৰনেশ্যনেল কল গার্লৰ মাজত সমানতা আছে৷ যেতিয়াই, য’তে নি আৰু, গৈ হাজিৰ৷ অসমান এটাই, কল গার্ল গৰাকীয়ে টকাৰ বিনিময়ত শৰীৰ বিক্ৰী কৰি আহে, আমাৰ দৰে কিছুমানে শৰীৰ, মন-আত্মা, বিবেক-সকলো বিক্ৰী কৰোঁ, কেৰিয়াৰৰ জখলাৰ মাত্ৰ এটা ঢাপ বগাবৰ বাবে৷ অথবা ‘বিশেষজ্ঞ-গৱেষক’ হোৱাৰ এটা মোহৰ লগাবৰ বাবে৷ কিছুমানৰ বাবে নিশ্চয় হয়৷ এনেবোৰ আলোচনা-চক্ৰৰ সুফল সাধাৰণ জনতাই বানপানীৰ সমস্যাটোৰ দৰে ৪৫ বছৰে নাপালে এনে গৱেষণাৰ স’তে জুৰি দিয়া ইণ্টাৰনেশ্যনেল কল-গার্লৰ ধাৰণাটো আৰু গভীৰলৈকে শিপোৱাত ক’ৰবাত সাৰ-পানী যোগোৱা হয়৷

  • Related Posts

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান

    অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান শ্ৰেষ্ঠা অভিনেত্ৰী —অজন্তা তালুকদাৰ। (অৰ্পণঃ পৰম্পৰা, ৰীতি, বান্ধোন, দায়বদ্ধতাৰ কটকটীয়া অন্তৰকৰ মাজত জীৱন পাৰ কৰি নিজৰ সপোন জলাঞ্জলি দিয়া এখিনি নিষ্পেষিতা, অসহায়…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস