সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ভিন্ন বিষয়ৰ ওপৰত আলোকপাতেৰে ড° জয়ন্ত দাসৰ নিয়মীয়া শিতান
অকণ দাইটিৰ অভাৱৰ সংসাৰ, কিছু বৰ মানুহৰ ভাষণ, ইত্যাদি
— ড০ জয়ন্ত দাস
উচ্চ শিক্ষাৰ এনে কিছুমান অনুচ্চ মন-নৈতিকতাৰ মানুহ আৰু দিশ পাইছোঁ যাৰ বা য’ত কথা আৰু কামৰ মাজত সামান্যতমো মিল নাই৷ সভাই-সমিতিয়ে যি উচ্চ-বাচ্য কৰি ভাষণ দিয়ে, কামৰ বেলিকা কিন্তু এশৰ এভাগো নাই৷ এনেবোৰ মানুহৰ দুটামান বস্তু কিন্তু সাধাৰণতেই দেখিব—হাওঁফাওঁ ফুলাই ডাঙৰ ডাঙৰকৈ দিয়া ভাষণ, উপদেশ আৰু আৰু সভাবোৰত দেখুৱা নৈতিকতাৰ আদর্শ৷ বাস্তৱ জীৱনত দেখিব তাৰে এটাও নিজৰ জীৱনত প্ৰয়োগ নকৰে৷ বহুতৰ আকৌ দেখিব যে পদবীটো লওঁতেই ইতিমধ্যেই ক’ৰবাত কিছু কিছু ক্ষমতাসীন মানুহ আৰু দল-শক্তিৰ ওচৰত মূৰ দোঁৱাইহে অধিষ্ঠিত হৈছিল৷ সেই যে আৰম্ভণিতেই আপোচ কৰে, তাৰ প্ৰভাৱ আজীৱন থাকি যায়৷
শ্বেইক্সপীয়েৰৰ বিশ্ববন্দিত নাট্যকর্ম মেকবেথৰ এটা উক্তিৰ যথার্থতা অন্য বহুতৰ দৰে আমিও সদায় অনুভৱ কৰোঁ৷ “…security is mortal’s chiefest enemy”৷ কিছুমান মানুহে শাসনত থাকোঁতে নিজকে জীৱনকৈও ডাঙৰ, সদায় একেদৰেই চলি যাব বুলি ভাৱি বুকুত গুজি ৰখা আত্মভৰিতা আৰু আত্ম-সন্তুষ্টি বা নিজৰ চকী ৰক্ষাৰ বাবে সকলো শক্তি-অপশক্তিৰ স’তে আপোচ কৰিবলৈ গৈ কৰা নিজৰ আৰু সমাজৰ কল্যাণৰ প্ৰতি কৰা ক্ষতি অপূৰণীয় আৰু অক্ষমনীয়৷ এনেকুৱা মানুহে সভা-সমিতিত ভাষণ দিওঁতেও পিছে হাত চাপৰিৰ বাবে সদা-আগ্ৰহী এজাক অনুগত আৰু স্তাৱক সদায় সাজু৷ তেনেকুৱা মানুহক সভাত প্ৰশংসা কৰাৰ নাটকখন মন্থস্থ কৰাৰ বাবেও একধৰণৰ ভাৰাতীয়া, হিতাধিকাৰী স্তাৱকক সাজু কৰি ৰখা হয়৷ অৱশ্যেই এনে কৰোঁতে গণতান্ত্ৰিক প্ৰক্ৰিয়া এটাৰ শতচিন্ন পোছাক এটা পিন্ধাই দিয়া হয়৷ এনেবোৰ গণতন্ত্ৰৰ পোছাকধাৰী ফ্ৰাংকেনষ্টাইনেই গণতন্ত্ৰৰ আত্মাক হত্যা কৰি আহিছে৷ এওঁলোকৰ বহুতেই গমেই নাপায় যে তেওঁলোকে যেনেকুৱাই পোছাক নিপিন্ধক কিয়, ভিতৰৰ কদর্য, কুৎসিৎ, ভয়ানক অথচ প্ৰকৃত ৰূপটো বহুতেই চিনি পায়৷ নিজে জীৱনত এটাও প্ৰয়োগ নকৰা বৰ বৰ ভাষণ দিয়াৰ পিছতো৷
আমাৰ শৈশৱৰ গাঁৱৰ চৰিত্ৰ এটালৈ এইবোৰ কথাতে খুব মনত পৰে৷ অকণ দাইটি নামৰ সমাজত সৰবৰহী, সকলো সভা-সমিতিৰ অপৰিহার্য অংগ, সকলো কথাতে নীতি-উপদেশ দিয়া অকণ দাইটিয়ে ঘৰৰ কাষৰ ৰঙিলী জেঠাইৰ ঘৰত চাহপাত খুজিবলৈ গৈছিল৷ দাইটি যে কপর্দক-শূন্য, নিজৰ ঘৰত একোৱেই যে নাথাকে সেয়া প্ৰায় সকলোৱে জানে৷ এদিন দাইটি ৰঙিলী জেঠাইৰ ঘৰত চাহপাত খুজিবলৈ গৈছিল৷ দুৱাৰত টোকৰ দি, হাতেৰে পর্দাখন আধা তুলি ধৰি ভিতৰলৈ ভুমুকিয়াই জেঠাইক মাতিলে৷ জেঠায়ে পিছ চোতালৰ দমকলৰ পাৰত বাচন ধুই আছিল৷ দাইটিৰ মাত শুনি বাচন তাতে এৰি, তিতা হাত চাদৰৰ এচুকেৰে মচি মচি মাত দিলে-বোলো কোননো?
দাইটিয়ে বোলে, নবৌ মই অকণ৷
জেঠাইয়ে বোলে, অ’ অকণ, তইহে৷ চকীখন ফু এটা মাৰি বাহিৰতে বহ নে ভিতৰতে বহ বহচোন৷ মই গৈছোঁ বাৰু৷
চাদৰেৰে হাত মচি মচি জেঠাই পিছফালৰ পৰা আহিল৷ সুধিলে, ক’চোন অকণ, কি মন কৰিনো আহিলি?
দাইটিয়ে বোলে, এহ, নক’বি আৰু নবৌ৷ আলহী আহি ওলাল নহয়৷ তহঁতৰ ঘৰত চাহ-পাত দুটামান হ’ব নেকি? আলহীক গুৰ অকনেৰে হ’লেও চাহ এবাটিকে দিওঁ৷
জেঠায়ে বোলে, ই ই ই, অকণ, বৰ বেয়া দিনত আহিলি নহয়৷ বাৰীৰ বাঁহ কাটোতে বাঁহ লাগি ককায়েৰৰ চকুতো বেয়া হোৱাৰে পৰা হাট-খোলা ক’লৈকো নোযোৱা হ’ল৷ এমাহেই হ’ল৷ চাহ-পাত নাই নহয় অকণ৷ আমি গাখীৰ পানীকে খাই আছোঁ অতদিন৷
দাইটিৰ খঙেই উঠিল৷ বোলে নবৌ, এইবোৰহে বেয়া কথা৷ তহঁত ঘৰ-সংসাৰী মানুহ৷ আলহী দুলহী আহি থাকে৷ ঘৰত গাখীৰ, চেনী, চাহপাত দুটামান ৰাখিব লাগে৷ মই মানুহক এইবোৰ কথাকে সদায় কওঁ৷ ক’ত আৰু তহঁতে মোৰ কথা শুনিবি৷
চাওক৷ শুনক৷ নিজৰ ঘৰত একোকে নথকা, আলহীক চাহ দিবলৈ চাহপাত দুটা নথকা, কপর্দক-শূন্য অকণ দাইটিয়ে গাঁৱৰ বেলেগক সংসাৰ-ধর্মৰ শিক্ষা দি ফুৰে৷ নিজৰ ঘৰত যি বস্তু নাই, সেয়া বেলেগৰ ঘৰত থকাটো আশা কৰে৷ মেল-মিটিঙত ভাষণ দিয়া বহুত মানুহৰ দাইটিৰ স’তে এক সমানতা আছে৷ আনহে নালাগে উচ্চ শিক্ষা লোৱা, উচ্চ পদবীত অধিষ্ঠিত হৈ মন-চিন্তাৰে আক্ষৰিক অর্থতে ‘অনুচ্চ’ বহু মানুহৰো ভাষণ এনেকুৱাই৷ বহু ৰাজনৈতিক নেতাৰ ভাষণৰ ফুলজাৰিৰ গুণ বা দোষৰ সংক্ৰমণ এনে শিক্ষিত অশিক্ষিত মানুহৰ ব্যক্তিত্ব অথবা ব্যক্তিত্বহীনতাত অসহ্যকৰভাৱে বিদ্যমান৷