সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা
ভায়েগ্ৰা, চাফ-চাফাই, অকণ দাইটি ইত্যাদি
— ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জে ডি এচ জি মহাবিদ্যালয়৷
চাফাই অভিযান এটা হাতত লৈছিলোঁ৷ টাউনৰ চাৰিআলিৰ চুকটোৰ পৰা টাউনৰ সবাতোকৈ পুৰণি প্ৰাথমিক বিদ্যালয়খনলৈকে তিনিশ মিটাৰমানৰ পথ৷ জাৱৰ-জোথৰ কিছুমান আনি য’ত-ত’ত পেলাইয়ো থৈছিলোঁ৷ ধুনীয়া কাপোৰ পিন্ধি সকলো সাজু৷ সাংবাদিক বন্ধু কেইজনমানকো মাতিলোঁ৷ পর্টেল চ্যেনেলৰো দুজনমান বন্ধু৷ কেমেৰা অন হ’লেই বৃহৎ বাঢ়নিডাল লৈ প’জ দিম আৰু৷ তেনেকুৱাতে আহিল নহয় অকণ দাইটি৷ এইজনা যে আজিকালি সকলোতে পিনপিনাই ফূৰে৷
“অ’ই অ’ই, ৰ’বিচোন, ৰ’বি৷ কি কৰিবলৈ লৈছ তহঁতে এইবোৰ?” মোক উদ্দেশ্য কৰিয়েই দাইটিৰ প্ৰশ্ন৷
মই বোলো দাইটি চাফাই আক’, চাফাই অভিযান৷ দেখিছেই নহয়, কিমান লেতেৰা হৈছে পথৰ দুয়ো-কাষ৷
দাইটিয়ে ধেক-ধেক কৈ হাঁহিবলৈ ধৰিলে৷ হাঁহি মানে, হাঁহি নৰয়েই আৰু৷ এক্কেবাৰে পেটত ধৰি মাটিত বাগৰি পৰাৰ অৱস্থা৷ সেই হাঁহিৰেই মোক ক’লে বোলে তহঁতক দেখি মোৰ ভায়েগ্ৰা আৰু মোৰ ঘৰৰ হাৱা-যোৱা টিউব-ৱেলটোলৈ মনত পৰিছে৷
মুৰটো খজুৱাই ভাৱিবলৈ ল’লোঁ আমাৰ চাফাই অভিযানৰ স’তে ভায়েগ্ৰা আৰু পানী নোৰোৱা টিউবৱেলটোৰ সম্বন্ধ কি৷ একো নুবুজি দাইটিকে সুধিলোঁ, বোলো দাইটি মানেনো কি?
দাইটিয়ে মোৰ প্ৰশ্নৰ উত্তৰ পোনপীয়াকৈ নিদি মোক আৰু এটা প্ৰশ্ন কৰিলে: তহঁতে চাগে’ স্বচ্ছ ভাৰত অভিযান টাইপৰ কিবা অভিযানৰ টকা দুটামান পাইছ বা পাবি, নতুবা চৰকাৰী কিবা অর্ডাৰ আহিছে এইবোৰ কৰিবলৈ, হয়নে?”
মই সেমেনা-সেমেনিকৈ ক’লোঁ বোলোঁ হয় দাইটি, কিন্তু আপুনি কেনেকৈ জানিলে?
দাইটিয়ে বোলে, ক্লা, জানোঁ, জানোঁ৷ তহঁতক আৰু নাজানিম নে? দূৰৰ ভাই, তহঁততো আৰু দাতা নহয়, বানপানীৰ সময়ত এক কিলো চাউলৰ পেকেট এটা ছটা মানুহে ধৰি ফটো দিয়া তহঁত বিজ্ঞাপন-দাতাহে৷ পিছে ভায়েগ্ৰা আৰু টিউবৱেলৰ লগত তহঁতৰ মিলৰ কথা কওঁ শুন৷ তই চাগে’ ভায়েগ্ৰা ব্যৱহাৰৰ কথা নিজে নাজান, তোৰ বয়স হোৱা নাই বাৰু৷ প্ৰৌঢ়ত্বৰ দুৱাৰ দলিত থিয় হৈ হেৰুওৱা যৌন-শক্তি ঘূৰাই আনিবলৈ কিছু বুঢ়া মানুহে ভায়েগ্ৰা খোৱা, হাৱা যোৱা টিউবৱেলটোত পানী ঢালি দৰকাৰৰ সময়ত পানী উলিওৱা আৰু অন্য সময়ত পৰিষ্কাৰ-পৰিচন্নতাৰ প্ৰতি বিৰাট উদাসীন তহঁতৰ দৰে দুই এটা মানুহৰ শুই থকা মন আৰু চৰিত্ৰক পাব লগা টকাৰে জগাই লৈ এনেকৈ চাফাই অভিযান কৰা একেই নহয়নে? মানে, শৰীৰৰ ৰসায়নে অনুমতি নিদিয়া এই বয়সৰ মানুহৰ যেনেকৈ ভায়েগ্ৰা জাতীয় পিল এটা নাখালে যৌন শক্তিৰ সঞ্চাৰ নহয়, পানী নাঢালিলে যেনেকৈ সেইবোৰ টিউবৱেলৰ পানী নোলায়, একেদৰে টকা দুটামান চৰকাৰৰ ঘৰৰ পৰা নাহিলে বা ক’ৰবাত বঁটা-বাহনৰ কিবা লোভ নাথাকিলে তহঁতৰ দৰে বহুতৰ মনতো চাফ-চাফাইৰ চিন্তাৰ উদ্ৰেক নহয়৷ পইচা থাকিলে কিন্তু বুঢ়া বয়সত ভায়েগ্ৰাই আনি দিয়া পৰিবর্তনৰ দৰে তহঁতৰো বিৰাট পৰিবর্তন আহি যায়৷ হয়নে বাৰু? তাতকৈও আমোদৰ কথাটো হ’ল লেতেৰা কৰা মানুহবোৰৰ ভিতৰতো তহঁতৰ দৰে কিছুমানেই থাকে৷ গুটকা, পানৰ পিক পেলোৱা তহঁতৰ লগতে ঘূৰি ফুৰা দুটামানক সদায় ইয়াতে দেখোঁ৷
মোক কথাকেইটা কৈ কৈ দাইটিয়ে আকৌ হাঁহিবলৈ ল’লে৷ মোৰ অলপো সহ্য নহ’ল৷ ভাল কাম এটাও এইসব নেতিবাচক মানুহৰ বাবে কৰিব নোৱাৰি৷খঙতে সকলোকে চিঞৰি ক’লোঁ বোলো, ৰাইজ ব’লক, ব’লক, ই্য়াত নহ’ব আৰু, সিটো মুৰৰ পৰা আৰম্ভ কৰিম৷ দাইটিলৈ চালোঁ৷ হাঁহিটো অলপো নকমিল; একদম মোৰ চকুত চকু থৈ হাঁহিছে৷ আকৌ এদিন দিনটোলৈ মনটো বেয়া কৰি পেলালে দাইটিয়ে৷