সাম্প্ৰতিকঃ প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা
টাটা নেন’ৰ ‘দুর্বলতা’, শিক্ষা-নীতি ইত্যাদি
— ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক,
ইংৰাজী বিভাগ, জে ডি এছ জি মহাবিদ্যালয়
সকলোৱে জানে যে টাটা গ্ৰুপৰ স্বপ্ন-দ্ৰষ্টা নেতা ৰতন টাটাই এই গাড়ীখনৰ পৰিকল্পনা কৰিছিল যাতে ভাৰতৰ নিম্ন-মধ্যবিত্ত আৰু অর্থনৈতিকভাৱে দুর্বল শ্ৰেণীটোৱে অসুৰক্ষিত দুচকীয়া বাহন চলোৱাৰ পৰিবর্তে এই ব্যয়-সাধ্য চাৰিচকীয়া বাহনখন ক্ৰয় কৰিব পাৰে য’ত এটি সৰু পৰিয়াল আৰামত ভ্ৰমণ কৰিব পাৰে৷ টাটা গ্ৰুপৰ এই উদ্দেশ্য নি:সন্দেহে মহান আছিল, য’ত দেশৰ লাখ লাখ নাগৰিকৰ ভৱিষ্যত, নিৰাপত্তা আৰু আৰামৰ কথা ভৱা হৈছিল৷ পিছে টাটাৰ এই গাড়ীখন বৰ বিশেষ নচলিল৷ আজিৰ তাৰিখত প্ৰায় অপ্ৰচলিত বুলিয়েই ক’ব পাৰি৷
জাতি হিচাপে মিম, পেৰ’ডী ইত্যাদি বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ সৃষ্টি কৰাত আমি চাগে’ বৰ দক্ষ৷ টাটাৰ নেন’ নামৰ উপৰিউক্ত সর্বজনৰ চিনাকি গাড়ীখনক লৈও বিভিন্ন কৌতুক-মস্কৰাৰ সৃষ্টি কৰা হৈছিল৷ নক’লেও হ’ব যে তাৰে কিছুমান কৌতুক আপাতত: পাতল আৰু নিম্ন ৰুচিবোধৰ৷ তৎসত্বেও দিব খোজা বার্তাত এই কৌতুকবোৰ সফল বুলিয়েই ক’ব পাৰি৷ তাৰে এটা এনেধৰণৰ আছিল৷ টাটা গ্ৰুপৰ কোনোবা এজন জ্যেষ্ঠ বিষয়াৰ হেনো অৱসৰৰ সময়ত নেন’ গাড়ীখনৰ দুটা ‘দূর্বলতা’ চকুত পৰিল৷ প্ৰথমটো আছিল এই যে এই গাড়ীখনত গর্ভাৱতী মহিলা সোমাব নোৱাৰে বা সোমাৱাৰ অভিজ্ঞতা কষ্টকৰ৷ দ্বিতীয়টো হ’ল, এই গাড়ীখনৰ ভিতৰত হেনো কোনো মহিলা গর্ভৱতী হ’ব নোৱাৰে৷ দ্বিতীয় ‘দূর্বলতা’টোৰ অর্ন্তনিহিত বার্তাটোৰ সুৰ-ইংগিত হয়তো বহুতে স্থুল বুলি ক’ব৷ যি নহ’লেও গাড়ীখন বজাৰত ইমান নচলাৰ এটা কাৰণ হিচাপে যে ইয়াৰ ভিতৰৰ স্থানক কিছু গাড়ী চালক/গৰাকীয়ে অন্য যি কামত ব্যৱহাৰ কৰে তাৰ বাবে সেয়া যে যথেষ্ট কম সেই বার্তা প্ৰেৰণ কৰাত কৌতুকটো সক্ষম বুলিয়েই ক’ব পাৰি৷
টাটা নেন’ৰ উপৰিউক্ত ‘দুর্বলতা’ আৰু শিক্ষালৈ অহা কিছু নতুন পলিচী বা ব্যৱস্থাৰ মাজতো হয়তো এক সমানতা আছে৷ টাটা নেন’ৰ দৰেই মহান উদ্দেশ্য লৈয়ে বহুত শিক্ষাৰ পলিচী যুগুত কৰা হয়৷ ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০-ৰো উদ্দেশ্য অনস্বীকার্যভাৱে মহান৷ কলেজসমূহৰ বাবেও তেনে উদ্দেশ্যই ৰখা হৈছিল৷ পিছে বর্তমান জোৰা-টোপোলা মাৰি কেনেবাকৈ ৰূপায়ণৰ অৱস্থা দেখিলে বহু ভাবুক লোকে পৰিবর্তনে আনিব পৰা পৰিবর্তনৰ ওপৰত এডাল বিশাল প্ৰশ্নবোধক চিন ব্যৱস্থাটোৰ ওপৰত তীর্যকভাৱে ওলমি থকা দেখিবলৈ পাব৷ মাত্ৰ সীমিত সংখ্যাৰ শিক্ষক, উপযুক্ত শ্ৰেণীকোঠাকে আৰম্ভ কৰি বিভিন্ন দিশৰ সীমিত সা-সুবিধাৰে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈকে আঢ়ৈ-তিনি হাজাৰ ছাত্ৰ-ছাত্ৰী থকা মহাবিদ্যালয়সমূহৰ বহুততে ৰূপায়ণ কৰা নতুন শিক্ষানীতিৰ মহান উদ্দেশ্যসমূহো ইয়াৰ ৰূপায়ণত এতিয়ালৈকে থকা দূর্বলতাসমূহৰ বাবেই যে অন্তত: ভৱিষ্যতৰ কিছু বছৰলৈকে সফল নহ’ব সেয়া প্ৰায় খাটাং৷ শিক্ষা নীতিৰ এই মহান উদ্দেশ্যসমূহৰ ৰূপায়ণৰ অৱস্থা এতিয়াৰ দৰে থাকিলে চৰকাৰী কার্যালয়ৰ তথ্য, বিজ্ঞাপন, ছেমিনাৰ, ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিষয়ৰ নাম আৰু নম্বৰ তালিকাতে সীমাৱদ্ধ থাকিব৷ এইবাৰৰ পৰা বিধিমতেই আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ বৃদ্ধি কৰি চল্লিশ কৰা হৈছে৷ না’ক, চৰকাৰ আৰু অন্যান্য মূল্যায়নকাৰী সংস্থাসমূহৰ পৰা ‘ভাল’ গ্ৰেড লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ ফলাফল ‘ভাল’ দেখুৱাব লাগিব৷ সেই বাবে বহু অনুষ্ঠানে ‘নিজৰ অনুষ্ঠানৰ বৃহত্তৰ স্বার্থত’ ছাত্ৰ-ছাত্ৰীয়ে ‘ভাল’ নম্বৰ পোৱাৰ এক ইক’-চিষ্টেম তৈয়াৰ কৰিবলৈ এক প্ৰকাৰ বাধ্য৷ তাৰ বাবে নকল কৰিবলৈ আওপকীয়াকৈ উৎসাহিত কৰা, চিচিটিভিৰ সংযোগ বিচিন্ন কৰি থোৱা, ছাত্ৰ-ছাত্ৰীৰ হিত আৰু শুভ-চিন্তক বচা বচা শিক্ষকক পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব দিয়া, বহু-বিকল্প-যুক্ত প্ৰশ্নসমূহৰ উত্তৰ পৰীক্ষা-গৃহত শিকাই থৈ অহা জাতীয় কামবোৰ হয়তো বহু শিক্ষানুষ্ঠানে কৰিয়েই থাকিব৷ ‘ভাল শিক্ষা ব্যৱস্থা’ৰ গৰিমাত তেতিয়ালৈকে আমি ‘উজ্জ্বল’ হৈয়ে থাকিম৷
উপৰিউক্ত টাটা নেন’ গাড়ীখনৰ স’তে সৃষ্টি কৰা কৌতুকটোৰ দৰে শিক্ষাৰ এই নতুন ব্যৱস্থাত সেয়ে দুটা বিশেষ দূর্বলতা থাকিব: নিজস্ব ধৰণে স্বাধীনভাৱে কাম কৰা মানুহ এই ব্যৱস্থাত সোমাব নোৱাৰে আৰু সোমালে এই ব্যৱস্থাই তেওঁক নতুন কিবা কৰাৰ নতুন আইডিয়া বা পৰিকল্পনাৰে মন-মগজু গর্ভাৱতী হ’বলৈ নিদিয়ে৷ এনেদৰেই কিছুমান পলিচী এদিন হয়তো অপাংক্তেয় হৈ পৰে৷ সমাজৰ মনস্তত্বৰ কোনোবা এচুকত অব্যৱহৃত, অপ্ৰচলিত, অনাদৃত হৈ পৰি ৰয়৷
অৱশ্যে তেতিয়ালৈকে আমি কিছু অংশীদাৰে চৰকাৰী সুৰ-তালৰ স’তে মিলাই, গা-মূৰ লৰাই নাচি থাকিব লাগিব৷ ব্যৱস্থাৰ গৰিমা গোৱা কোৰাচত অংশগ্ৰহণ কৰিব লাগিব৷ সেয়ে নাচি আছোঁ, গাই আছোঁ৷ ওঁঠত এটা অস্পষ্ট গানৰ ক’লিৰে– ‘নাচ মেৰী বুলবুল কী পেইচা মিলেগা, কহা কদৰদান হমে এইচা মিলেগা…’