সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা
ঘৰ আৰু ৰহিমাৰ কথাৰে
— ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জে ডি এছ জি মহাবিদ্যালয়
পৰহি হঠাৎ লগ পালোঁ ৰহিমা খাতুনক৷ বাছ আস্থানৰ ওচৰত৷ সূদীর্ঘ পোন্ধৰ বছৰৰ মূৰত৷
এসময়ত ৰহিমাহঁত আমি থকা ভাড়া-ঘৰৰ ওচৰতে আছিল৷ ৰহিমা পাঁচটা ল’ৰা-ছোৱালীৰ মাক৷ মৰিগাঁৱৰ ফালৰ ভিতৰুৱা অঞ্চলৰ পৰা অহা৷ এটা কোঠালীৰ টিন-পাতৰ বাৰ x পোন্ধৰ ফুটমানৰ ঘৰ৷ ওচৰতে আৰু দুটা পৰিয়াল-বিহাৰৰ৷ বস্তা, লোহা-লংকৰ, কার্টন আৰু ব্যৱহাৰ হোৱা বাতৰি কাগজ ইত্যাদিৰ বেপাৰ কৰে৷ প্ৰায় সদায় কাজিয়া৷ বিশেষকৈ কাহিলী পুৱাৰ সময়বোৰতে, যেতিয়া ওচৰৰ প্ৰায় সকলো মানুহ থাকে ধলপুৱাৰ সুখ-নিদ্ৰাত৷ বহুতৰ দৰে অতিষ্ঠ হৈ কাজিয়া ভাঙিবলৈয়ে দুবাৰ সিহঁতৰ ঘৰলৈ যাব লগা হৈছিল৷
দ্বিতীয়বাৰ যাওঁতে ৰহিমাই বর্ণনা কৰিছিল কাজিয়াৰ কাৰণ৷ মানুহটোৱে ইতিমধ্যে দুবাৰ বিয়া পাতিছে৷ এসপ্তাহৰ আগতে আৰু এজনী ছোৱালী আনিছে৷ নতুনজনীৰ বয়স ৰহিমাৰ ডাঙৰ জীয়েকতকৈ দুবছৰমান বেছি হ’ব৷ সেই সৰু ঘৰটোৰ ভিতৰত এখন মাত্ৰ বিছনা৷ বাকীবোৰ মাটিত শোৱে৷ এটা কোঠালীৰ সেইটো ঘৰৰ ভিতৰতে নতুন ঘৈণীৰ স’তে গিৰীয়েকে পাৰ কৰা অন্তৰঙ্গ সময়ৰ নীৰৱ, নিস্পৃহ, নির্বিকাৰ(?) সাক্ষী হৈ ৰয় নিজৰ গাভৰু পত্নী, নিজৰ কৈশোৰ-যৌৱনৰ দুৱাৰ-দলিত ভৰি দিয়া ল’ৰা-ছোৱালীকেইটা৷ সেইবোৰ কথা, ঘৰত খৰছ দিয়া-নিদিয়া আৰু ল’ৰা-ছোৱালীকেইটাক উপার্জনৰ বাবে ক’ৰবাত পঠিওৱাক লৈ শেষ দিনাৰ কাজিয়া৷ ইতিমধ্যে সিহঁতৰ কাজিয়াৰ বাবে টোপনি খতি হোৱা কেইবাজনো চুবুৰীয়া আহি সিহঁতৰ ঘৰ-মুখ পাইছিল৷ এজনে ভিতৰলৈ সোমাই গৈ গিৰিয়েক নিজামক দুচৰমান দিলেই, আমি বহুতে বাধা দিয়াৰ পিছতো৷ ৰহিমাই কান্দি কান্দি ঘৰৰ বিষয়ে দিয়া বর্ণনাৰ পিছত একো নোকোৱাকৈ তাৰ পৰা গুচি আহিলোঁ৷ মনৰ খং ইতিমধ্যে কর্পূৰৰ দৰে ক’ৰবাত উৰি গৈছিল৷ ভাৱিলোঁ, ৰাতিৰ পিছত ৰাতি নিজে ভালকৈ শুবলৈ নোপোৱা ৰহিমাৰ দৰে মানুহে বেলেগৰ টোপনিৰ কথা ভৱাৰ আহৰিয়েই বা ক’ত?
তাৰ দুদিন পিছতে ৰহিমাই নিজামক নতুন ঘৈণীৰে স’তে এৰি ক’ৰবালৈ গুচি গৈছিল৷
ইমান দিনৰ মূৰত হঠাতে লগ পাওঁতে ৰহিমাক মই চিনিয়েই পোৱা নাছিলোঁ৷ তায়ে মাতিলে৷ কুশল বার্তা বিনিময়ৰ পিছত এতিয়া ক’ত থাকে সুধিলোঁ৷
ডিমাপুৰত ডাঙৰ ছোৱালীৰ লগত থাকে হেনো৷ তাতে এখন হোটেলত কাম কৰে৷ নিজাম আৰু ঘৰৰ কথা শুনিবই নোখোজে৷ কিহৰ ঘৰ, কি কৰিব ঘৰত থাকি৷ ঘৰৰ ভিতৰৰ সেই বন্দীত্বতকৈ কোনো নির্দয় মালিকৰ হোটেলত কাম কৰাৰ বন্দীত্বই ভাল—তাইৰ কথাৰ সাৰ-মর্ম৷ ঘৰ-সংসাৰৰ বিষয়ে তাই যেন হাজাৰ যুগৰ স্তূপীকৃত অভিজ্ঞতাৰ ভাণ্ডাৰ—তাইৰ কথাত তেনেকুৱাই অনুভৱ হ’ল৷
ৰহিমা, ঘৰ আৰু আপোন-জনৰ স’তে এনে সম্বন্ধৰ কথাবোৰ মনৰ মাজেৰে জলছবিৰ দৰে পাৰ হৈ গ’ল৷ মনলৈ আহিল প্ৰিয় কবি এজনৰ ‘ঘৰ’-ক লৈ লিখা কবিতাৰ দুটিমান শাৰীঃ
“ঘৰৰ ভিতৰত মনৰ আন্ধাৰ পাত কৰিব পাৰে বাবেই ঘৰ বিচাৰে মানুহে
ঘৰৰ ভিতৰত ব্যৱচ্ছেদ কৰিব পাৰি নিজৰেই শ
চুমা খাব পাৰি কাৰোবাক, নগ্ন হৈ শুব পাৰি বিচনাত
স্বার্থপৰ হৈ চকুমুদি থাকিব পাৰি
ঘৰৰ ভালেখিনি আছে সুবিধাজনক সুবিধা
চকুপানী, বেজাৰ সকলোৰে বাবে ঘৰ নিৰাপদ
আনকি ঘৰৰ ভিতৰত মৰিলে শগুণেও চকু নিদিয়ে মানুহক
জন্মৰ বাবে, মৃত্যুৰ বাবে, সুখৰ বাবে, দুখৰ বাবে
গোপনতা আৰু উর্বৰতাৰ বাবে ঘৰ মানুহৰ লগৰীয়া
কিন্তু ঘৰকতো নোসোধে মানুহে মানুহক লৈ সিহঁত সুখী নে দুখী
যদিহে ঘৰে দেখে নিজৰ বুকুত নাৰীৰ বলাৎকাৰ
ক’লা ধন লুকুৱাই ৰখা, দেখে অশালীন চিনেমা
বাৰবণিতাৰ অবাধ অবৈধ প্ৰৱেশ, বোৱাৰীক জুই লগাই মৰা, পতি-পত্নীৰ দুর্বাদল কাজিয়া
ঘৰেতো খঙত মানুহক এৰি গুচি যাব নোৱাৰে
…”
(প্ৰণৱ কুমাৰ বর্মণ)