সাম্প্ৰতিকঃ প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা
পৰৰ বোৱাৰীৰ লগত অবৈধ সম্পর্কৰ বিচাৰ, সাক্ষী হিচাপে অকন দাইটি, ইত্যাদি
— ড° জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জে ডি এছ জি মহাবিদ্যালয়৷
সোণেশ্বৰ মহাজনৰ ডাঙৰ পুতেকে ওচৰৰ বাগানত অস্থায়ীভাৱে কাম কৰা বোৱাৰী এজনীৰ লগত লেটি-পেটি কৰাৰ কথা বহুতৰ মুখে মুখে৷ প্ৰথমতে ইকাণ-সিকাণ৷ ফুচ-ফুচ কথা৷ তাৰ পিচত দুদিনমানতে বনজু্ইৰ দৰে গোটেই গাওঁ বিয়পি পৰিল৷ আচলতে অকণ দাইটিয়েই হেনো দেখিছিল দুজনৰ লীলাৰ এটা খণ্ড৷ এদিনৰ এটা পর্ব৷ এদিন সন্ধিয়া কাণি-মুনি পোহৰত দাইটি বাঁহৰ তলৰ সেই ৰাস্তাৰে এভাৰেদী ব্ৰেণ্ডৰ চাৰিটা বেটাৰীৰ টর্চটো জ্বলাই আহি থাকোঁতে হেনো ওপৰত তিৰপাল দিয়া, উৱঁলি যোৱা বাঁহৰ খুটাৰ দীপিকাহঁতৰ ঘৰটোৰ ভিতৰৰ পৰা ‘কিবা ৰহস্যজনক’ শব্দ ওলোৱা যেন পাই চুৰ কৰি মাছ খোৱা মেকুৰীৰ দৰে সন্তর্পণে, হায়েনাৰ দৰে ক্ষিপ্ৰতাৰে বেৰৰ ফুটাৰে জুমি চাই সোণেশ্বৰ মহাজনৰ ডাঙৰ পুতেক ভোগেশ্বৰক দীপিকাৰ স’তে মজিয়াত অন্তৰঙ্গ অৱস্থাত দেখিলে হেনো৷ দুটা কোঠাৰ ইটোত জ্বলো নজ্বলোকৈ জ্বলি থকা কেৰাচিনৰ টিপচাকিৰ পোহৰত মজিয়াত পাৰি থোৱা ঢাৰি এখনৰ ওপৰত এবছৰীয়া পুতেকটো শুই আছে৷ কাষতে জুহাল খন৷ গিৰীয়েক শিৱা আকণ্ঠ হাৰিয়া গলাধকৰণ কৰি দেৰিকৈ আহে৷ বাহিৰৰ পৰা বাঁহৰ এফলীয়া দুৱাৰখন সামান্য হেঁচা দিলেই খুলি যোৱাকৈ লাগি আছিল৷ ভোগেশ্বৰ-দীপিকাক তেনেকৈ দেখি অলপ সময় হেনো চাই ল’লে দাইটিয়ে৷ দৃষ্টি আৰু ‘অন্য’ সুখ লোৱাৰ পিছত হঠাতে হেনো দাইটিৰ বিবেক-দংশন হ’ল আৰু গল খেকাৰি এটা মাৰি দুটা উদং দেহাত পোহৰ পৰাকৈ টর্চ মাৰি দুটাকে ‘খুব বেয়া কাম হৈছে আৰু বংশ নাশ হ’ব, গাঁৱৰ নামত কালিমা সানিছ’ ইত্যাদি গালি পাৰিবলৈ আৰম্ভ কৰিলে৷ দীপিকাই পেটিকোটটো বুকুৰ ওপৰলৈকে উঠাই সিটো কোঠালৈ গুচি গ’ল আৰু অর্দ্ধ-উলংগ অৱস্থাৰে ভোগেশ্বৰে দাইটিৰ ভৰিত পৰিল৷ বোলে দাইটি, আপোনাক যি লাগে তাকে দিম, হায়ৈ-বিয়ৈ নকৰিব আৰু কথাটো ৰাজহুৱা নকৰিব৷ প্ৰথমতে দাইটিৰ লম্ফ-জম্ফ, উচ্চ-বাচ্য৷ ভোগেশ্বৰৰ চকুপানী-নাকৰপানী সমান৷ কিছুপৰৰ পিছত দুয়ো পক্ষৰ ‘কিবা বুজাবুজি’ হ’ল আৰু দাইটি গৈ ঘৰ পালে৷ ঘৰ পালে মানে ইতিমধ্যে অভ্যাসগতভাৱে ইঘৰ সিঘৰত সোমাইহে ঘৰ পালে৷ যাৰ যাৰ ঘৰলৈ গ’ল সকলোকে “অকল তোকহে কৈছোঁ দেই, কাকো নক’বি” বুলি পৰম গোপনীয় কথাষাৰ কৈ কৈ গ’ল৷ বিশেষকৈ অকণি পেহীৰ ঘৰত৷ অকণি পেহীক কোৱা মানেই গাঁওখনে জনা আৰু৷ গোটেই গাঁৱৰ কোন ছোৱালী-বোৱাৰী-ডেকা-বুঢ়াৰ ‘পৰকীতি’ লৰিছে, কোন ক’লৈ যায় সকলো অকণি পেহীৰ নখ-দর্পণত৷ অকণি পেহী অঞ্চলটোৰ এক ধৰণৰ চিচিটিভি৷
ভোগেশ্বৰ-দীপিকাই কোনেও নাজানে বুলি ভাৱি থাকিলেও বা ভোগেশ্বৰে গাঁৱৰ মানুহৰ মুখা-মুখি হওঁতে বুকু ডাঠ কৰি থকা যেন দেখালেও কিন্তু কথা ইতিমধ্যে তড়িৎ গতিত বিয়পি পৰিল৷ গাঁৱৰ মহেশ্বৰৰ পুতেকে এ চি এচ পালে, বিমলৰ ছোৱালীয়ে এম এ পৰীক্ষাত সোণৰ পদক পালে, এইবোৰ খবৰ বহুতে নাপালেও কিন্তু ভোগেশ্বৰ-দীপিকাৰ খবৰে ঠাণ্ডা বতৰ গৰম কৰি ৰাখিলে৷ ইকাণ-সিকাণ সহস্ৰকাণ হ’ল আৰু শেষত দুয়োজনৰে কাণ্ডক লৈ গাঁৱত ‘বিচাৰ’ কৰাৰো সিদ্ধান্ত হ’ল৷ গাঁৱৰ নামঘৰৰ আঁহতজোপাৰ তলতে বিচাৰৰ স্থান থিক কৰা হ’ল৷ সকলোৱে ভাৱিলে সাক্ষী অকণ দাইটিয়ে এইবাৰ কাকো নেৰিব৷ গাঁৱত চলি থকা ‘ব্যভিচাৰ’বোৰ শেষ কৰিবলৈ তেওঁ নিশ্চয় সাক্ষী-বাদী ভালদৰেই দিব৷
বিচাৰৰ দিনা গাঁৱৰ ল’ৰা-বুঢ়া, জীয়ৰী-বোৱাৰী-বুঢ়ী সকলো আহিল৷ সোণেশ্বৰ মহাজন আহি ইতিমধ্যেই গহীন মুখেৰে সভাৰ মধ্য-মণি হৈ বহি আছিল৷ সবাতোকৈ বয়োজ্যেষ্ঠ বেণু ককাক সভাপতি পাতি দিয়া হ’ল৷ সাক্ষী অকণ দাইটিক মতা হ’ল, স্ব-চক্ষে দেখা বুলি বহুতে কৈ ফুৰা কথাখিনি ক’বলৈ৷ এনেইতো বহুতেই কয় নিজ চকুৰে বহুবাৰ দেখা বুলি কিন্তু এনেকুৱা সভা হ’লে কোনো আগবাঢ়ি নাহে৷ মানুহবোৰৰ বুকুয়ে ধান বানিবলৈ আৰম্ভ কৰিছিল৷ দাইটিয়ে ক’বলৈ আৰম্ভ কৰিলে:
“ৰাইজ, মই সেই বাটে গৈছিলোঁ হয় আৰু ভোগেশ্বৰ-দীপিকাক দেখাও হয়৷ কিন্তু সেয়া কাণি-মুনি পোহৰৰ সময় আছিল৷ মই ভালকৈ নেদেখিলোঁ সিদিনা৷ কোনোবা অচিনাকি মতা মানুহ এটাই শিৱা ঘৰত নথকাৰ সুযোগত দীপিকাক গাত হাত দি কাপোৰ খোলাৰ চেষ্টা কৰোঁতে ভোগেশ্বৰে সেইফালেৰে আহি শব্দ শুনি তাইক ৰক্ষাহে কৰিছিল হেনো৷ সেইখিনি সময়তে সেই ঠাইত মই আহি পাইছিলোঁ৷ পিছত ভূ-লৈ গ’ম পালোঁ আচলতে ভোগেশ্বৰ নথকা হ’লে সিদিনা দীপিকাৰ সন্মান গ’লহেঁতেন৷ হয়তো তাই আপোনঘাটিয়েই হ’লহেঁতেন৷ ভোগেশ্বৰৰ গাত দোষ নাই দেই ৰাইজ৷ ইমান গহীন গম্ভীৰ ল’ৰাটো, আজিলৈকে বেয়া ধান্দাত দেখা নাই দেই তাক৷ দীপিকাৰ গাতো দোষ নাই৷ তাই এনে স্বভাৱৰ হোৱা হ’লে শিৱা যিটো মানুহ, আজিলৈকে তাইক মাৰিয়েই পেলালেহেঁতেন৷”
দাইটিয়ে প্ৰথমদিনা গৈ যাক যাক কথা কৈছিল সকলো দাইটিৰ ওলোটা খৰত হতবাক হ’ল৷ এটাই মুকলিকৈ সুধিয়েই পেলালে: “দাইটি আপুনিয়েইতো সিদিনা সকলো দেখা বুলি….”
মানুহজনে কথা কৈ শেষ হোৱাৰ আগতেই দাইটিয়ে হস্তক্ষেপ কৰিলে: “মই কেতিয়া ক’লোঁ এইবোৰ কথা? মই যে এইবোৰ কথা কৈছিলোঁ তাৰ কিবা প্ৰমাণ আছে? নে ইহঁতে যিবোৰ কাম কৰা বুলি তহঁতে কৈ আছ তাৰ কিবা প্ৰমাণ আছে? বিচাৰ কথাৰে নহয় বুজিছ, বিচাৰ প্ৰমাণেৰে হয়৷ আজে-বাজে কথা কৈ সময় নষ্ট নকৰিবি৷”
ভোগেশ্বৰ-দীপিকাক নির্দোষী ঘোষণা কৰি সেইবাৰলৈ বিচাৰ তাতেই শেষ হ’ল৷
বিচাৰৰ পিছদিনা দাইটিয়ে চেকেণ্ড-হেণ্ড স্কুটী চলাই থকা দেখা গ’ল৷ যোগেনে দাইটিক ঠাট্টাৰ সুৰত ক’লে: দাইটি, স্কুটীখন সাক্ষীৰ কথা-বতৰা সলনি কৰাৰ পুৰস্কাৰ যেন পাইছোঁ, হয়নে বাৰু?
দাইটিৰ উত্তৰ: সঁচাও নহয়, মিছাও নহয়৷ আজিকালি আৰু এইবোৰ কথাৰ কথানে? তইযে সর্বেশ্বৰৰ সৰু বোৱাৰীৰ লগত হিয়া-দিয়া নিয়া কৰি আছ, তাৰ বিচাৰ হৈছে জানো? তহঁতে ‘বেয়া’ বুলি কৈ থকা মাইকী মানুহমখাই মুখ খুলিলে তহঁতৰ দৰে ভোবোলা ছাগলী এটাও গাঁৱত থাকিব নোৱাৰিবি, বুজিছ? তাতে তহঁতে মোবাইলৰ ৰঙীণ পর্দাত সেইবোৰকে চাই চাই বহুতক মনেৰে ধর্ষণ কৰি থকা নাই জানো? আৰু যদি কালি মই বিচাৰত সব সঁচা কথাও ক’লোহেঁতেন, মিছাতে অকল দীপিকাকে আজীৱন দোষাৰোপ কৰা হ’লহেঁতেন আৰু মহাজনৰ পুতেক বুলি, ধনী বুলি ভোগেশ্বৰ সদায় ধোঁৱা-তুলসীৰ পাত হৈ থাকিলহেতেন৷ আৰু এই যে স্কুটীখন, এইখন মই কৰা সহায়ৰ মূল্যটো নহয়েই, দামো নহয়৷ মোৰ দৰে সমাজত ঘূৰি ফুৰি খবৰ লোৱা, খবৰ গোটোৱা, প্ৰতিবাদ কৰিবলৈ ‘সাহ’ কৰি দেখুওৱা মানুহৰ মূল্য আছে বুজিছ? আৰু এটা কথা কওঁ তোক, কাণে কাণে৷ কার্যত একো নকৰিলেও এইমাত্ৰ সর্বনাশ কৰি দিব নিচিনা লম্ফ-জম্ফ অলপ কৰিব লাগে মানুহে৷ যিমান ডাঙৰ লম্ফ-জম্ফ কৰিবি, সিমান উচ্চ দামত নীলাম হ’ব পাৰিবি৷ মানে সমাজৰ ঠিকাদাৰ সকলে তোক সিমান উচ্চ দামত কিনি ল’ব৷ মাজে মাজে ‘এই জুই জ্বলিছে, জ্বলিছে জ্বলিবই’ বা ‘তেজ দিম কিন্ত অমুক নিদিওঁ, তমুক নিদিওঁ’ জাতীয় দুই-এটা শ্লোগানো দিব লাগে উদ্দাত্ত কণ্ঠেৰে৷ এবাৰ পৰিচয় হৈ যোৱাৰ পিচত মাত মাতিলেও পইচা, মনে মনে থাকিলেও পইচা৷ মোৰনো কি? যি ধৰণে জন্ম হ’লোঁ, জীৱনে আনি আনি যি ধৰণে আজিৰ তাৰিখ পোৱালেহি, যি সমাজত আছোঁ, মই প্ৰতিবাদ কৰি শিলত মূৰটো মাৰি দিলেও সমাজৰ গতি-মতি সলনি নহয়৷ আমাৰো পেটৰ পোৱালি আছে, চলিব লাগে৷ অ’ ৰ’বি ৰ’বি৷ মই এই স্কুটীখন পোৱাই নহয়, আঁহতগুৰিৰ ওচৰত দুবিঘা মাটিও পাইছোঁ, খেতি-খোলা কৰি খাই থাকিবলৈ দিছে মহাজনে৷ এতিয়া থাকিল বিচাৰৰ কথা৷ ইহঁতৰ বিচাৰবোৰ ওপৰৱালাকে দিছোঁ৷ কথা সলাই মই কৰা কামত যদি পাপ হৈছে তাৰ বিচাৰো সেই ওপৰৱালাই কৰিব৷”
যোগেনে উত্তৰ দিয়াৰ আগতেই দাইটিয়ে স্কুটীৰে ধোঁৱা এমোকোৰা উলিয়াই গ’লগৈ৷ যোগেনে দাইটিয়ে ওপৰৱালালৈ ইঙ্গিত কৰি দেখুৱাই দিয়া আকাশলৈ চাই ৰৈ গ’ল তাতে৷