শৰীৰ ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব

শৰীৰ ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব

— ডা: বিকাশ ৰাই দাস, হৃদ শল্য বিশেষজ্ঞ

জিকালি প্ৰায়ভাগ মানুহে কোনো নহয় কোনো ৰোগত আক্ৰান্ত।কিছুমান যদি শাৰীৰিক সমস্যাত আক্ৰান্ত,আন কিছুমান লোক আকৌ মানসিক ৰোগৰ চিকাৰ হৈছে। সকলো মানুহে আধুনিক জীৱন শৈলীৰ চিকাৰ হৈছে । কেৱল খাই বৈ থকাটোৱে জীৱন নহয়।দৈনন্দিন জীৱনত এটা সুস্থ শৰীৰৰো প্ৰয়োজন ।কাৰণ শৰীৰ সুস্থ হৈ নাথাকিলে মনটো ভালে নাথাকে। এই সকলোবোৰৰ বাবে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয়টো হৈছে সুষম আহাৰ। সুস্থ জীৱন-যাপনৰ বাবে খাদ্যৰ প্ৰয়োজন অতিকৈ গুৰুত্বপূৰ্ণ বিষয় । শৰীৰৰ ভালে ৰাখিবলৈ অৰ্থাৎ সুস্বাস্থ্যৰ বাবে কেনেধৰণ খাদ্য গ্ৰহণ কৰিব লাগে সেই বিষয়ে সকলোৱে গুৰুত্ব প্ৰদান কৰে উচিত। কিয়নো আমি সকলোৱে যদি সদায় খাদ্য তালিকাত উপযুক্ত খাদ্য সম্ভাৰ অন্তৰ্ভুক্ত কৰো তেতিয়া বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ’ম।

আজিকালি হৃদৰোগ, ষ্ট্ৰোক, বৃক্ক ৰোগ ডায়েবেটিছ আদি ৰোগ বেছিকৈ হোৱা দেখা যায়। এইবোৰৰ ক্ষেত্ৰত আন কাৰকৰ লগতে খাদ্যও সমানেই দায়ী। কাৰণ আমি সদায় যিবোৰ খাদ্য কম পৰিমানে খাব লাগে সেয়া বেছিকৈ গ্ৰহণ কৰি আছো। আমাৰ বাৰীৰ পিছফালে থকা শাক- পাচলি আৰু ফল – মূল নাখাই বহিঃ ৰাজ্য আদিৰ পৰা আমদানি কৰা খাদ্যবোৰ খোৱাতহে গুৰুত্ব আৰোপ কৰি আছো।এই মানসিকতা পৰিহাৰ কৰি থলুৱা খাদ্য গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। কোনে কি খাইছে সেইটো গুৰুতত্বপূৰ্ন বিষয় যদিও সেই খাদ্যই শৰীৰৰ কিমান উপকাৰ কৰিছে সেইটোহে বিচাৰ্য বিষয়।

আমি খোৱা প্ৰায়ভাগ খাদ্যৰ ওপৰতে বহুটো ৰোগৰ কাৰণ নিৰ্ভৰ কৰে। সেয়েহে কিছুমান খাদ্য আমি পৰিহাৰ কৰি চলিব লাগে বা কমাই খোৱা উচিত। আমি কি খাদ্য গ্ৰহণ কৰিছো সেইটো অতি গুৰুত্বপূৰ্ণ বিষয়। আমি গ্ৰহণ কৰা খাদ্যৰ ওপৰতে শৰীৰৰ পাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি আমাৰ যিবোৰ খনিজ দ্ৰব্য বা ভিটামিন, শৰীৰৰ বাবে প্ৰয়োজন সেইবোৰ খাদ্যৰ ওপৰতে নিৰ্ভৰ কৰে। যেতিয়া আমি খাদ্য গ্ৰহণ কৰো তেতিয়া একে লগে আমি বহু খাদ্য গ্ৰহণ কৰিব নালাগে। খাদ্য সদায় কম পৰিমানে কেইবাবাৰো খাব লাগে। তেতিয়া শৰীৰত প্ৰয়োজনীয় উপাদান সময় মতে শৰীৰটোৱে লাভ কৰিব। সঘনাই কম পৰিমানে কেইবাবাৰো খাব লাগে। লগতে সতেজ পাচলি , ফল-মূল আদি বেছিকৈ খাব লাগে। পাচলি বুলি ক’লে যিবোৰ বতৰ পাচলি সেইবোৰ গ্ৰহণ কৰিব লাগে। কাৰণ সদায় বতৰৰ শাক – পাচলি আৰু ফল – মূল আদিত প্ৰচুৰ পৰিমাণে প্ৰয়োজনীয় উপাদান পোৱা যায়।

আনহাতে, বহুলোকক দেখা যায় ফল-মূল বুলিলে তেওঁলোকে যিবোৰ বাহিৰৰ পৰা আমদানি হোৱা ফল-মূল সাধাৰনতে যিবোৰ আমাৰ ইয়াত উৎপাদন নহয় সেইবোৰহে খোৱা দেখা যায়। আনকি সেইবোৰ কিনি আনি গৰ্ব অনুভৱ কৰাও দেখা যায়। দৰাচলতে তেনেকুৱা একো কথা নাই যে বেছি দামত কিনি আনিলে বেছিকৈ ভিটামিন, খনিজ দ্ৰব্য পোৱা যায়। আমাৰ ইয়াত থলুৱা যিবোৰ ফলমূল পোৱা যায় যেনে-আম, কঁঠাল, লেতেকু, পনিয়ল আদিও আমাৰ শৰীৰৰ বাবে উপকাৰী। এই সমূহ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন থকাৰ লগতে খনিজ দ্ৰব্য বহু পৰিমানে থাকে। লগতে শাক-পাচলি, ফলমূল আদিত পটাচিয়াম যথেষ্ঠ থাকে।

বহুত লোকক দেখা যায় যে তেওঁলোকে মাছ-মাংস আদিৰ দৰে প্ৰ’টিন যুক্ত খাদ্য দৈনিক গ্ৰহণ কৰে। দৰাচলতে এয়া উচিত নহয় । এনে প্ৰ’টিনযুক্ত খাদ্য এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খাব লাগে। যিমান পাৰে নিৰামিষ খাদ্য গ্ৰহণ কৰিব পাৰিলে ভাল। লগতে আমি সদায় নিমখ বা ছ’ডিয়ামযুক্ত খাদ্য সদায় কম পৰিমাণে খাব লাগে। নিমখ যদি বেছিকৈ গ্ৰহণ কৰা যায় তেতিয়া উচ্চ ৰক্তচাপত আক্রান্ত হোৱাৰ আশংকা থাকে।

চৰ্বিযুক্ত যি বোৰ আহাৰ যেনে- ঘি, মাখন আদি কমকৈ গ্ৰহণ কৰিব লাগে। এইসমূহত কোলেষ্টেৰলৰ মাত্ৰা বেছি থাকে। কোলেষ্টেৰলৰ আমাৰ শৰীৰত দুটাই উৎস- এটা হৈছে লিভাৰ আৰু আনটো খাদ্য। লিভাৰত কোলেষ্টেৰল উৎপন্ন হয় । খাদ্যৰ জৰিয়তেও আমি কোলেস্টেৰলৰ গ্ৰহণ কৰো। সেয়ে আমি তেল বা চৰ্বিযুক্ত আহাৰ কমাই গ্ৰহণ কৰিব লাগে। লগতে জাংক ফুড আদি কম পৰিমাণে গ্ৰহণ কৰিব লাগে। আজিকালি প্ৰায়ভাগ মানুহে ঘি, মাখনযুক্ত খাদ্য গ্ৰহণ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। এনে খাদ্য বেছিকৈ খোৱা মানেই শৰীৰত প্ৰচুৰ পৰিমাণে চৰ্বি মজুত হোৱা। বেছি চৰ্বি জমা হোৱাৰ ফলত বহুতো ৰোগে গা কৰি উঠিবলৈ এখণ উপযুক্ত ক্ষেত্ৰ লাভ কৰে। হৃদৰোগৰ পৰা আৰম্ভ কৰি আন বহুতো ৰোগে খোপনি পুতিবলৈ সুযোগ পায়

খাদ্যৰ সমান্তৰালভাৱে শাৰীৰিক পৰিশ্ৰম , ব্যায়াম আদি কৰিলেও আমাৰ শৰীৰটো সুস্থ হৈ থকাৰ লগতে হৃদৰোগৰ পৰা হাতসাৰি থাকিব পাৰিম। সুস্থ শৰীৰৰ বাবে নিতৌ কায়িক শ্ৰমৰ প্ৰয়োজন। কাৰণ আমি সদায় যিবোৰ খাদ্য গ্ৰহণ কৰিছো সেইবোৰৰ পৰা লাভ কৰা শক্তি বা কেলৰি ব্যয় সঠিক ভাৱে হ’ব লাগে। আজিকালি মানুহৰ কায়িক শ্ৰম নাই বুলিয়ে ক’ব পাৰি। সেইবাবেই বিভিন্ন ধৰণৰ ৰোগে গা কৰি উঠিছে। মনত ৰখা উচিত খাদ্য গ্ৰহণ আৰু কায়িক শ্ৰমৰ মাজত ভাৰসাম্য ৰক্ষা হ’লেহে সু – স্বাস্থৰ গৰাকী হোৱাটো সম্ভব। আজিকালি কায়িক শ্ৰম কৰিলে সামাজিক মৰ্যাদা হানি বা লাঘৱ হয় বুলি গণ্য কৰে।আনকি কিছুমান ল’ৰা – ছোৱালীয়ে পৰিশ্ৰম কৰিব খুজিলেও পিতৃ – মাত্ৰীয়ে কৰিবলৈ দিব নোখোজে। এয়া পিছে ভাল কথা নহয়। আমি দিনটোৰ ভিতৰত যিমান খাদ্য গ্ৰহণ কৰো সেই অনুপাতে শ্ৰম কৰিবই লাগিব। অন্যথা খাদ্য গ্ৰহণ আৰু কেলৰি ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা নহ’ব।

  • Related Posts

    ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে অনুষ্ঠিত সাপ্তাহিক পোষণ বজাৰত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ

    ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ চলিত পোষণ মাহৰ লগত সংগতি ৰাখি পুষ্টিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ উদ্যোগত বোকাখাতৰ সাপজুৰি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ…

    ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ যতন নল’লে হ’ব পাৰে বিপদ

    পঢ়ক প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ স্বাস্থ্য বিশেষ লেখা ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ যতন নল’লে হ’ব পাৰে বিপদ — ডা° ৰূপম দাস, ডায়েবেট’ল’জিষ্ট বিশ্বত প্রতি ৩০ ছেকেণ্ডত বিভিন্ন কাৰণত এজন লোকে এখন…

    অন্যান্য বাতৰি

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

    অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

    অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

    অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

    ১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ

    ১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ