সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত বৰলুইত

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত বৰলুইত

— মৃদুস্মিতা শৰ্মা, ফোনঃ ৭০০২২৫২৭৯৬

ভূপেন হাজৰিকাৰ গীতত বৰ্ণাঢ্য ৰূপত নদীয়ে আত্মপ্ৰকাশ কৰিছে। কেতিয়াবা নদীক বিষয়বস্তু হিচাপে লৈ তেখেতে গীত ৰচিছে, কেতিয়াবা পটভূমি হিচাপে, কেতিয়াবা প্ৰতীক হিচাপে, কেতিয়াবা অলংকাৰ হিচাপে নদীক গীতত স্থান দিছে। নদী প্ৰধান দেশৰ নাগৰিক হিচাপে, নদীপ্ৰধান ৰাজ্য অসম তেখেতৰ মাতৃভূমি হোৱাৰ হেতু তেখেতৰ গীতত নদীয়ে প্ৰাধান্য পোৱাটো স্বাভাৱিক। ভাৰতীয় প্ৰেক্ষাপটত আত্মাৰে বৰ অসমক ভালপোৱা ভূপেন হাজৰিকাৰ গীতত নদীৰ ভূমিকা বিদ্যমান। অকল ভাৰতৰ নদীয়েই যে তেখেতৰৰ গীতত ঠাই পাইছে এনে নহয়, পৃথিৱীৰ য’লৈকে গৈছে তাৰে নদীৰ লগত তেখেতৰ আত্মীয়তা গঢ় লৈ উঠিছে আৰু ব্ৰহ্মপুত্ৰ নতুবা লুইতৰ স্মৃতিৰে সিক্ত হৈ তেখেতৰ গীতৰ মাজেদি আত্মপ্ৰকাশ কৰিছে। নদীৰ প্ৰতি থকা সহজাত আকৰ্ষণৰ কাৰণেই হয়তো পৃথিৱীৰ কেইবাখনো বৃহৎ নদীয়ে তেখেতৰ গীতৰ কথাত ঠাই পাইছে। তেখেতৰ বাবে নদী জীৱন-জীৱিকা, মিলনৰ সেতু, একতাৰ মূলমন্ত্ৰ, বিপ্লৱৰ সাক্ষী, সংগ্ৰামৰ প্ৰেৰণা, গ্ৰহণ আৰু বৰ্জনৰ আদৰ্শ আৰু সম্প্ৰীতিৰ এনাজৰী আছিল ।

অসম আৰু অসমীয়াৰ জন-জীৱন, সমাজ-সংস্কৃতি-ঐতিহ্যৰ এচোৱা সময় প্রতিনিধিত্ব কৰি অসমৰ জীয়া ছবি তুলি ধৰা অনন্য ব্যক্তিজনেই হ’ল জনতাৰ শিল্পী, সুধাকণ্ঠ, গণকণ্ঠ ভূপেন হাজৰিকা। সকলোৰে বাবে – ভূপেন দা। তেখেতৰ উদাত্ত কণ্ঠ, সুকোমল গীত, কথা সুকোমল অথচ তীক্ষ্ণ আৰু দৃঢ়।

অসমীয়া জাতি জন্মগতভাৱেই সম্পদশালী। অসমীয়া সংস্কৃতিৰ প্ৰাণ হৈছে নদী আৰু সেউজীয়া প্ৰকৃতি। বৰলুইত, লুইত, বুঢ়ালুইত অথবা ব্রহ্মপুত্র অসমীয়া জাতিৰ প্ৰাণ। অসমৰ সোঁ-মাজেৰে বৈ যোৱা লুইতেই গঢ়িছে পলসৰ কোষে কোষে বিচিত্ৰ সংস্কৃতিৰ বাৰে-ৰহণীয়া স্মাৰক। কবি, সাহিত্যিক, গীতিকাৰ, চিত্ৰকৰ কোনেও আজি লুইতক স্মৰণ নকৰাকৈ থাকিব নোৱাৰে।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত বৰলুইতৰ ভূমিকা অনস্বীকাৰ্য ৷
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ গীতৰ মাজেৰে প্ৰকাশ হয় অসমীয়া চহা জীৱনৰ গাঁথা, সামাজিক জীৱন, ৰাজনৈতিক, অর্থনৈতিক প্ৰেক্ষাপটৰ প্ৰকৃত ছবি ৷
হাজৰিকাদেৱৰ গীতৰ মাজেৰে গুঞ্জৰিত হয় অসমীয়াৰ সুগন্ধি-সুবাস। নদীমাতৃক দেশ অসমৰ ব্রহ্মপুত্র হৈছে প্রধান নদী। এই নদীৰ পাৰত গঢ়ি উঠা সভ্যতা-সংস্কৃতিক হাজৰিকাদেৱে তেখেতৰ গীতৰ মাজেৰে তুলি ধৰিছে।

ব্রহ্মপুত্র নদীক লৈ ৰচিত হাজাৰিকাদেৱৰ প্ৰতিটো গীতৰ মাজত ফুটি উঠিছে অসমীয়া জনজীৱনৰ ছবি, সমাজ জীৱনৰ ছবি।

অসমৰ মাজেদি বৈ যোৱা অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰই অসমৰ ভৌগলিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে। ব্ৰহ্মপুত্ৰক সাক্ষী কৰি ইয়াৰ দুয়োপাৰে গঢ়ি উঠিছে অসমৰ কৃষ্টি-সভ্যতা।

এই ব্রহ্মপুত্রক লৈয়ে কবিয়ে কবিতা লিখিছে, গীতিকাৰে গীত লিখিছে। ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰাই গঢ়ি উঠিছে এক বৃহৎ অসমীয়া সংস্কৃতি।

এই ব্রহ্মপুত্রক লৈ সুধাকণ্ঠ ভূপেন হাজৰিকাই কেইবাটাও গীত ৰচনা কৰিছে। তেখেতে গীতৰ মাজেৰে দাঙি ধৰিছে ব্ৰহ্মপুত্ৰৰ অস্তিত্ব অসমীয়া জনজীৱনৰ ওপৰত পৰা প্ৰভাৱ ৷
ব্ৰহ্মপুত্ৰক লৈ লিখা সুধাকণ্ঠৰ এটি বি খ্যাত কালজয়ী গীত হৈছে —

“মহাবাহু ব্ৰহ্মপুত্ৰ
মহামিলনৰ তীৰ্থ
ক’তযুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ ৷“

গীতটিৰ মাজেৰে তেখেতে ব্ৰহ্মপুত্ৰক মহামিলনৰ তীৰ্থ আখ্যা দিছে। কাৰণ এই ব্ৰহ্মপুত্ৰক সাক্ষী কৰি ইয়াৰ দুয়োপাৰে বহু যুগ ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিশ্ৰণেৰে গঢ়ি উঠিছে সভ্যতা। এনেদৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ়ি উঠিছে সমন্বয়।

“সুদূৰ কাণ্য কুব্জৰে পৰা
বাৰভূঞাঁ আহিছিলে,
সেই বংশতে শংকৰদেউ
ইয়াতে জনমিলে,
মৰুৰ দেশৰে আজান ফকিৰে
মধুৰ জিকিৰ ৰচিলে।”

এইকেইশাৰীৰ যোগেদি তেখেতে শংকৰ- আজানৰ কথাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে গঢ় লোৱা সম্প্ৰীতিৰ কথা বাখ্যা কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰতে শুনা যায় শংকৰদেৱৰ হৰিনাম আৰু ফকিৰৰ আজানৰ ধব্বনি।

“দূৰৰ লাচিতে
শৰাইঘাটতে শতৰু আগচিলে,
জাতি-ধর্ম-ভাষা সবাকে
স্বদেশ প্ৰেমেৰে বান্ধিলে।”

এই শাৰীকেইটাৰ যোগেদি হাজৰিকাদেৱে লাচিতৰ শৰাইঘাটৰ ৰণত ব্ৰহ্মপুত্ৰৰ অৰ্থাত বৰলুইতৰ গুৰুত্বৰ কথা কৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত লাচিতে শৰাইঘাটৰ ৰণ কৰি অসমীয়া জাতি- ধর্মক স্বদেশপ্রেমেৰে একত্ৰিত কৰিলে।

ব্ৰহ্মপুত্ৰৰ পাৰত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় গঢ়ি উঠাৰ পাছত বিশ্ববিদ্যালয়খনৰ গুণ-গৰিমা বৰ্ণনা কৰিবলৈ তেখেতে “জিলিকাব লুইতৰে পাৰ” গীতটো ৰচনা কৰিছিল। গীতটিৰ মাজেৰে তেখেতে প্ৰকাশ কৰিছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক, সাংস্কৃতিক, ক্রীড়া, ৰাজনৈতিক ইত্যাদি সকলো দিশৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰ উজ্জ্বলাই তুলিব।

আৰু এটি প্রখ্যাত গীত হৈছেঃ

“বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয়।”

— গীতটিত হাজৰিকাই ব্ৰহ্মপুত্ৰক লক্ষ্য হিচাপে লৈ সমাজখনৰ দুখ-দুৰ্গতি অন্যায়ৰ.
গীতৰ মাজেৰে প্ৰকট কৰাৰ মূলতে হ’ল যে নদী হৈছে প্রতিটো সভ্যতাৰে সাক্ষী আৰু যুগ যুগ ধৰি মানৱ সভ্যতাৰ উত্থান-পতন এই নদীবোৰে দেখি আহিছে। সময় সলনি হৈছে; কিন্তু সলনি হোৱা নাই ধাৱমান গতিৰে বৈ থকা নদীৰ পানী, সোঁত আৰু ইয়াৰ প্ৰবাহ।

ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজেৰে বৈ যোৱা বিশাল মহাবাহু ব্রহ্মপুত্র নদীখনেই অসমৰ সামাজিক, সাংস্কৃতিক জীৱনৰ মূল কেন্দ্ৰবিন্দু। এই অঞ্চলৰ আৰ্থ সামাজিক অৱস্থা, যাতায়াত, যোগাযোেগ ইত্যাদি প্রায় সকলো বিষয়তে ব্রহ্মপুত্ৰ নদীৰ ভূমিকা অপৰিসীম। কিন্তু হাজৰিকাই আক্ষেপ কৰিছে যে- বিস্তীৰ্ণ পাৰৰ অসংখ্য জনতাৰ হাহাকাৰ শুনিও নিশব্দে, নিৰলে বিনা প্রতিবাদে ব্রহ্মপুত্র নদী বৈ আছে।

সেয়েহে তেওঁ প্রশ্ন কৰিছে- নৈতিকতা নষ্ট গোৱা স্বত্বেও, মানৱতা ভ্ৰষ্ট হোৱা স্বত্বেও মহাবাহু ব্ৰহ্মপুত্ৰ নিৰলে কেনেকৈ ব’ব পাৰিছে?
মহাবাহু ব্ৰহ্মপুত্ৰ নিৰলে কেনেকৈ ব’ব পাৰিছে?

কাৰণ হাজৰিকাৰ মতে ব্ৰহ্মপুত্ৰক ব্ৰহ্মাৰ পুত্ৰ বুলি কোৱা হয়, সেই ব্ৰহ্মাৰ পুত্ৰ হৈ পৃথিৱীৰ অন্যায়-অবিচাৰ ব্ৰহ্মপুত্ৰই কিদৰে সহিব পাৰিছে?

নিজৰ অদম্য শক্তিৰে নদীখনে কিয় মানৱ সভ্যতাক ‘ভাল’ কৰি তুলিব পৰা নাই; সেই আক্ষেপ আৰু প্ৰতিবাদ হাজৰিকাৰ গীতটিত পোৱা যায়। ড° ভূপেন হাজৰিকাই শোষিত- বঞ্চিত জনসাধাৰণৰ নিপীড়ন-বঞ্চনাৰ ওৰ পেলাবলৈ এখন শোষণ-বঞ্চনাহীন সমাজৰ কামনা কৰিছে। ভূপেন হাজৰিকায়ো গীতটোত ব্ৰহ্মপুত্র নদীক কেৱল প্ৰতীক হিচাপে লৈ ৰাজনৈতিক শক্তি বা শাসকীয় পক্ষ আৰু জনতাক উদ্দেশ্যি ক্ষোভ আৰু প্ৰতিবাদ ব্যক্ত কৰিছে।
আন এটি গীত হৈছে-

“ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে
চন্দ্ৰৰ বুকুলৈ মানুহ যাব ওলালে।”

গীতটিৰ জড়িয়তে সুধাকণ্ঠই ব্ৰহ্মপুত্ৰৰ দুটি পাৰ যে এতিয়া পৃথক নহয় সেয়া বুজাইছে। দুয়ো পাৰ এতিয়া দলঙেৰে সংযোগ হৈছে। লগতে কৈছে মানুহ চন্দ্রলৈ গৈছে। অর্থাৎ বিজ্ঞান-প্ৰযুক্তিৰ উন্নতি সাধন ইমানেই হৈছে যে নদী এখনৰ দুয়োেপাৰ এতিয়া লগ হৈছে। আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন হোৱা দলঙেৰে জিলাসমূহ সংযুক্ত হৈছে। অসমক দুভাগ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলঙৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ বাবে অসমৰ বিকাশ সাধন হৈছে।

ভুপেন হাজৰিকাৰ অন্য এটি কালজয়ী গীত অস্ত আকাশৰে ৷

“অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়, বৈয়ে যায়,
বৈয়ে যায়।।“

নৈৰ সৈতে মানৱ প্ৰেমৰ সম্পৰ্ক প্ৰাচীন। লুইত আৰু প্ৰেম অসমীয়া সমাজৰ আন এক অনন্য ৰূপ। বিহু, বনভোজ, বিৰিণা, কঁহুৱা, সকলোতে আছে প্ৰেমৰ মিঠা মিঠা আমেজ। লুইতত সাঁতোৰাৰো আছে প্ৰেমৰ অমল উৎস। ভূপেন হাজৰিকাই প্রেমিকাক মনত পেলাই দিছিল লুইতত সাঁতোৰাৰ কথা। তাকো ভৰা লুইত নহয়। বহাগ মাহৰ লুইতহে। লুইতৰ অনেক সৌন্দৰ্যৰ লগত বহাগৰ লুইতৰ সৌন্দৰ্যও নিশ্চয় অতি আৱেগ সনা।

সেই বাবে তেওঁ গাইছিল —

“বহাগ মাহৰ লুইতখনিত
দুয়ো সাঁতোৰা মনত আছেে ৷“

লুইত অসমীয়াৰ হৃদয়-ৰেখা। লুইতে ভাঙে, গঢ়ে, প্ৰেৰণা দিয়ে। প্ৰকৃতিৰ অনৱদ্য অৱদান অসমৰ লুইত। সৰু মাছমৰীয়াজনৰপৰা আৰম্ভ কৰি জনঅৰণ্যত বাস কৰা বিশাল ব্যক্তিত্বৰ লোকলৈকে সকলোৰে হৃদয় আন্দোলিত কৰে লুইতে। লুইতৰ পাৰত বহি সমুখলৈ চাই পঠিয়ালে জীৱনটো অৰ্থৱহ হৈ পৰে। সেই বাবে লুইত প্ৰেৰণাৰ উৎস। লুইতক ভালপোৱাজনে লুইতৰ পাৰতে ওৰেটো জীৱন কটাবলৈ আশা কৰে। ভূপেন হাজৰিকাৰো ইচ্ছা আছিল —

‘লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰো। জন্ম ল’লো ইয়াতেই, ইয়াতে যেন মৰো।’

সুধাকণ্ঠ ড° ভুপেন হাজৰিকাই কলিকতাৰ পৰা উৰাজাহাজেৰে আহি কাঞ্চনজংঘা পাৰ হৈ হঠাৎ লুইতখন যেতিয়া দেখিলে লুইতখন ওপৰৰ পৰা চাই তেখেতৰ সেইমুহূৰ্তৰ দৃষ্টিৰে এই গীত টো গাইছিল —


“অকোৱা পকোৱা গামোছা এখন যেন
বালিত মেলি থোৱা আছে ,
সেইখন গামোছা ব্ৰহ্মপুত্ৰ
শীতত ৰ’দহে পুৱাইছে ৷“


লুইতক লৈ ইমান সুন্দৰ কল্পনা ড° ভূপেন হাজৰিকাৰ বাবেহে সম্ভৱ ৷

এনেদৰে সুধাকণ্ঠই তেওঁৰ বিখ্যাত গীতসমূহৰ মাজেৰে অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ অস্তিত্ব, অসমীয়াৰ জীৱনৰ ওপৰত পৰা প্ৰভাৱ, সভ্যতা- সংস্কৃতিৰ কথা প্রকট কৰিছে।তেখেতৰ প্ৰায়বোৰ জনপ্ৰিয় গীত, আৰু বিহুগীততো বৰলুইতখনৰ ছবি প্ৰতিজন শ্ৰোতাৰ মনত জিলিকাই তুলিছে।

  • Related Posts

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান