কথা-গল্পঃ পঢ়ক প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা www.raijorkhabordigital.comৰ সাহিত্য পৃষ্ঠাত
চক্ৰৱৎ
— মনালিছা শইকীয়া, বোকাখাত৷
কথাবোৰ ক্ৰমশঃ ধূসৰহৈ আহিছে। ঠিক হাত ভৰিৰ চিৰলাচিৰলী হোৱা আঁকবোৰ দৰে। পিঠিখনৰ ক’লা পৰা দাগবোৰৰ দৰে। চৌফলীয়া ৰ’দটো মূৰত লৈ ধনদা ধান খুন্দা মিলটোৰ পৰা ঘৰ পালেহি। কিমান দিন হ’ল কথাবোৰ ধুসৰ হোৱা। ঘৰলৈ আহি থকা বাটছোৱাত তাই পুনৰ এবাৰ মনত পেলাবলৈ যত্ন কৰিলে। ধনমইনাৰ জন্মৰো ঠিক সাত আঠ বছৰৰ আগৰ ধূলি ধূসৰিত পৃষ্ঠাবোৰ তাই বৰ সযতনে সামৰি থয় যদিও নিজানৰ বাটবোৰে কথাবোৰ সোঁৱৰাই দিয়ে। সোঁৱৰণিৰ পৃষ্ঠাবোৰে তাইক সবল কৰে। বসন্ত আৰু ধনমইনাৰ বাবেই তাই হেঁপাহেৰে আজিও ঘৰখন উজ্জ্বল কৰি ৰাখিবলৈ যত্ন কৰে।
চন তাৰিখ মনত নাই। সৰুতে আইতাকে কোৱা মতে কোনোবা ইংৰাজী চন এটাৰ ঠেটুঁৱৈ ধৰা পুহ মাহৰ ঠাণ্ডাত পুহৰি পুহৰি পুৱাতে তাই পৃথিৱীৰ পোহৰ দেখিছিল। কুঁৱলীৰে ভৰা সেমেকা পুৱাটোত কোঠাৰ কেঁচা মজিয়াখনত হয়তো তাইৰ আইতাকে একুঁৰা ডগমগীয়া জুই জ্বলাই দিছিল পোৱাতী মাকৰ গাৰ কঁপনি আঁতৰাবলৈ। একোলা দুকোলাকৈ তাই ডাঙৰ হ’ল লাহে লাহে। ঘটি লোটা ডাঙি মাকক সহায় কৰিব পৰা হ’ল। আইতাকৰ আলাসৰ লাড়ু যেন ধনদাক স্কুল এখনত নাম লগাই দিওঁতেই মাক বিছনাত পৰিল। লাহী-পাহি মাকৰ পেটটো ফুলি ফুলি ক্ৰমাৎ ঢোল যেন হ’ল। কি বেমাৰ আছিল বাৰু সেইটো? ধনদাই একোৱেই বুজিব পৰা নাছিল। আনকি বাপেক আইতাকহঁতে পাতি থকা কথাবোৰো তাইৰ বোধগম্য হোৱা নাছিল। মাকৰ ঢোল যেন পেটটো দেখিলে তাই ভয়তে পেঁপুৱা লাগিছিল। বাপেকে কাৰোবাক কাৰোবাক মাতি আনি দেখুৱাইছিল যদিও কামত নাহিল। হস্পিটেলৰ ডাক্তৰজনে বুজাই দিয়া কথাবোৰ তাইৰ দৰেই বাপেক আইতাকেও বুজা নাছিল। গাওঁখনত পঢ়াশুনা কৰা মানুহ প্ৰায় নাছিলেই। যি দুই এজনে পঢ়িছিল তেওঁলোক বাহিৰতে থাকে। সেয়ে কিজানি নিৰক্ষৰ মানুহবোৰে ডাক্তৰজনৰ কথাতকৈ বেজালি কৰা মানুহবোৰ বেছিকৈ চিনি পাইছিল। টেকেলি বান্ধ মৰা বুলি বেজ লগাইছিল। ধনদাৰ মাজে মাজে এতিয়াও মনত পৰে বাপেক আৰু আইতাকক বেজ এজনে কোৱা কথা এষাৰলৈ। কিবা বোলে টেকেলিটো হেনো বান্ধ মৰাজনে নদীত উটুৱাই দিলে। সেয়ে মাক আৰু ভাল নহ’ব। সচাঁকৈ মাক ভাল হোৱা নাছিল। বয়সনো কি হৈছিল মাকৰ! খুব বেছি বিশ বা একৈশ বছৰ বয়সীয়া ৰঙীয়াল আৰু কৰ্মঠ মাকজনী তাইৰ চকুৰ আগতে জেওৰা খৰিৰদৰে শুকাই আহিছিল কিন্তু পেটটোযে কি ভয়ানকভাৱে ডাঙৰ হৈ গৈছিল! তেনেতে ধনদাৰ চকুত পৰিছিল সেই ভ্ৰম যেন লগা কথাটো। সেইদিনা ভয়তে তাইৰ চকু দুটা ওলাই অহাৰ উপক্ৰম হৈছিল। বুকুখন কঁপিছিল। উস কি ভয়ানক! কি বিভৎস এখন ছবি! মাকৰ মুখলৈ চাবলৈ, মাকৰ ওচৰলৈ যাবলৈ তাইৰ ভয় লাগিছিল।
কেই মাহ মানৰ ভিতৰতে আইতাকজনী লাহে লাহে তেনেই কুঁজাহৈ গৈছিল। হয়তো একমাত্ৰ বোৱাৰীজনীৰ চৰম দুৰৱস্থা আৰু ঘৰুৱা কামবোৰে মানুহজনীক হাউলাই পেলাইছিল। তথাপি বাৰীতে শাক পাত দুডালমান বিচাৰি দূপৰীয়া সাঁজটো আইতাকে সদায় ৰান্ধে। বাপেকে বিছনাৰপৰা উঠিব নোৱাৰা মানুহজনীক হগুৱাই মুতুৱাই, কেতিয়াবা গাটোও ধুৱাই এখন দুখন কাম বিচাৰি ওলাই যায়। নিমখ তেল কণৰে যোগাৰ কৰোঁগৈ বুলি। সেইদিনা ঘৰত ঢেলাচাবোন নথকাত কুঁৱাটোৰ পাৰত পৰি থকা মাকৰ কাপোৰবোৰ তাই শুদা পানীতে তিয়াই কাপোৰ ধোৱা পাত চটাতে আচাৰি দি ধুই পখালি জেওৰাখনত মেলি দিলে। আইতাকৰ তিয়নিখনো মেলি দি গাটো ধুই ঠিক কোঠাটোলৈ সোমাই আহোতেই ধনদাই দেখিছিলহি সেই চৰম সত্যটো। লিপি থোৱা বেৰখনৰ মাটিবোৰ এচপৰা এচৰপাকৈ এৰুৱাই মাকে ভাত গিলাদি গিলিছে। ভয়তে তাই শিল হোৱাদি হ’ল। কি দেখিলে তাই! কি দেখিলে! কাক ক’ব কথাবোৰ! কাষৰ ঘৰলৈ দৌৰি গৈ তাই চুচুক চামাককৈ ঠিয় দি ৰ’লগৈ। বৰবৌ বুলি সম্বোধন কৰা মানুহগৰাকীয়ে মাত দিয়াতহে তাই সাহ পালে আৰু তাই মাকে মাটি চপৰাবোৰ খোৱাৰ কথা বৰবৌ জনীকে ক’লে। বৰবৌজনীয়ে একেথিৰে তাইৰ মুখলৈ চাই ৰ’ল। এটা হুমুনিয়াহ কাঢ়ি তাহাঁতৰ ঘৰ পালেহি। আইতাকক শাক বোটলাৰ পৰা মাতি আনি কথাবোৰ কোৱাত দুয়ো জনীয়ে গৈ আন্ধাৰ বেৰখন চোৱাত দেখা পালে যে সচাঁকৈয়ে লিপি থোৱা বেৰখনৰ এচোৱা নাই। সকলো মাটি মাকৰ পেটত সোমাল তাৰমানে! কি বেমাৰ এইটো! কি বেমাৰ? ভাৱি ভাৱি দিন বোৰ ৰাতি হ’ল আৰু ৰাতি বোৰ দিন। দেহটোৰ ক’ৰবাত পিষ্ট হৈ সোমাই থকা মাকৰ জীৱটো ওলাই নোযোৱালৈকে বেৰখনৰ হাতেৰে ঢুকি পোৱালৈকে থকা মাটিবোৰ নোহোৱা হ’ল। মানুহজনীৰ ফুলা পেটটো ফুটো ফুটো হ’ল। মূৰৰ ছাল বোৰ চুলিৰ সৈতে বখলাবখলে এৰাবলৈ ধৰিলে। মাকৰ বুকুত সোমাই কান্দিবলৈও ধনদাৰ সাহ আৰু শক্তি নোহোৱা হ’ল। অকটা অকট গোন্ধ এটাই ঘৰখনৰ মানুহকিটাক অনবৰতে খেদি ফুৰা হ’ল। আৰু খহি পৰা বেৰখনৰ মাটিবোৰৰ দৰেই মাকৰো জীৱটো এদিন খহি পৰিল। আইতাক আৰু বাপেকে অত দিনৰ দুখৰ ভৰত চকুপানী টুকিবলৈও পাহৰিলে। তাইটো গমেই নাপালে মাকৰ মৃত্যু কিমান যন্ত্ৰণাদায়ক। মাত্ৰ এটা কথাই তাই বুজি পাইছিল মাকে অসহ্য যন্ত্ৰণা বোৰৰপৰা মুক্তি পালে।
দিনচেৰেক পাৰ হৈছিলহে। সামান্য জ্বৰতে আইতাকো সিপুৰী পালেগৈ। হয়তো মাকৰ মৃত্যু যন্ত্ৰণাই আইতাকৰ জীৱনকাল তেনেই চমু চপাই আনিছিল। বাপেকৰ অমনোযোগিতাত ধনদাৰ জীৱনটো কেও কিছু নোহোৱা ছোৱালী এজনীৰ দৰে হৈ পৰিল। কোনোবাটো ৰাতি বাপেক ঘৰলৈ ঘুৰি নাহিলে তাই অকলেই থাকিব লগাত পৰে। নহ’লেবা বৰবৌয়েকে কেতিয়াবা লৈ যায়হি। এনেদৰে ডলাৰ বগৰী হৈ থাকোতেই বাপেকে তাইক নি দূৰ সম্পৰ্কীয় মানুহ এঘৰত থৈ আহিলগৈ। ঘৰত এখন দুখন কাম বন কৰিব পৰা ধনদাই সেইখন ঘৰত কেচুঁৱাৰ জঞ্জাল মৰাৰে পৰা ঘৰুৱা কাম কাজলৈকে সকলো কৰিব লগা হ’ল। সেই সময়ত তাইৰ বয়স প্ৰায় আঠ ন বছৰ মানহে হৈছিল। ঘৰখনৰ মানুহহাল বৰ আচৰিত আছিল। তাইৰ আচহুৱা লাগিছিল সকলো। চকুপানী ওলাইছিল। ঘৰখনলৈ আৰু চুবুৰীটোৰ লগ বোৰলৈ মনত পৰিছিল। অৱশ্যে মাকৰ অনামী বেমাৰটোৱে তাইক আৰু স্কুললৈ যাবলৈ সুবিধা দিয়া নাছিল কোনোদিন। এই আচহুৱা যেন লগা ঘৰখনত কোনেও নিজৰ প্ৰয়োজনীয় কাম কেইটাৰ বাদে কুটা এগচো ইফাল সিফাল নকৰিছিল। তাইৰ কামত হেৰফেৰ হ’লেই স্কেল পাতেৰে, ঝাড়ু ডালেৰে সাৰৌপ সাৰৌপ কৈ কোবাই দিবলৈ কোনোটো মানুহেই কেৰেপ কৰা নাছিল। তাইৰ ভৰি হাতবোৰ ক্ৰমাৎ চিৰলা চিৰলী হৈছিল। বাঘ ঢকা খাই খাইয়ে তাই সৱ কাম মনোযোগেৰে পৰিপাটিকৈ কৰিব জনা হৈছিল। মাজে মাজে তাইক আইতাক আৰু মাকৰ মুখ দুখনে বৰ আমনি কৰিছিল। শুই থাকোতে অজানিতে গাৰুটো তিতি গৈছিল। বাপেকটোৰ একো খবৰ খাতি নোহোৱা হৈছিল। পাছলৈ তাই গম পাইছিল যে চহৰত থকা মালিকৰ দোকানৰ পৰাই বাপেকে তাইৰ মাহেকীয়া চুক্তিৰ টকা কেইটা নিয়মিত নি থাকে। মাত্ৰ তাইৰহে খবৰ ল’বলৈ নাহে। বাপেকে চাগৈ ভাবিছিল তাই যদি আকৌ বাপেকৰ লগতে ঘৰলৈ বুলি গুছি যাবলৈ বিচাৰে তেনে কমখন পয়মাল হ’বনে! ঘৰ নামৰ সেই ঠাইকণত এৰি অহা আবেগখিনি তাইৰ মনত এসময়ত তেনেই ধূসৰহৈ পৰিল। জিলিকি উঠিল চমকা চমক ক’লা দাগ কিছুমান ভৰিয়ে হাতে। হাজাৰ দুখতো, অসংখ্য কামৰ বোজাতো বুকুৰ মাজত তপতহৈ থাকিল কেৱল মাক , আইতাকৰ চেনেহকণহে।
তাই সেই সৰুতেই আহি আপডাল কৰিবলৈ লোৱা বসন্ত নামৰ কেঁচুৱাটো লাহে লাহে ডাঙৰ হৈ আহিল। তাৰ ঠিক সাত বছৰমানৰ পাছতে ধনমইনাৰ জন্ম হ’ল। ঘৰখনৰ পৰা দিনটোলৈ বুলি ওলাই যোৱা মানুহ হালৰ অনুপস্থিতিত ধনদাই বসন্ত আৰু ধনমইনাক নিজৰ ভায়েক ভনীয়েকৰ দৰেই আতোলতোলকৈ ডাঙৰ দীঘল কৰিলে। মাক বাপেক ঘৰত থাকিলেও খাবলৈ, শুবলৈ বা নিচুকাবলৈ তাহাঁত দুয়োটাই কেৱল তাইকহে বিচাৰে। লিখিব পঢ়িব নজনা ধনদাই বসন্তৰ বাবেই আখৰ বোৰ চিনি পোৱা হ’ল। ক ফলাখনৰ পৰা এ বি চি ডি লৈকে বসন্তই তাইক শিকিবলৈ বাধ্য কৰিলে কাৰণ সি পঢ়া সময়খিনিত ধনদাও কাষতে বহি বহি কিবা নহয় কিবা এটা লিখি থাকিবই লাগিব। জীৱনত স্কুল নামৰ ঠাই কণত ভৰি থোৱাৰ পৰা বঞ্চিত হোৱা ধনদা ক্ৰমাৎ বসন্তৰ তৎপৰতাৰ বাবে এগৰাকী ন শিকাৰুলৈ ৰূপান্তৰ হ’ল। ধনমইনাক এক দুই বা ওৱান টু থ্ৰি পঢ়াব পৰা হ’ল। মানুহ হালৰ চৰিত্ৰৰো পৰিবৰ্তন হ’ল ক্ৰমান্বয়ে। বসন্ত আৰু ধনমইনাই বেয়া পায় বাবেই মানুহ হালৰ চৰ কিলবোৰ লাহে লাহে কমি আহিল। ধনদা এজনী পাকৈত ঘৰ ধৰা ছোৱালীৰূপে সমাজত জিলিকি উঠিল। বসন্ত আৰু ধনমইনাৰ হেঁপাহে তাইক সৰুতেই এৰি অহা ঘৰ নামৰ সেই আবেগটো মনৰ পৰা মোহাৰি পেলাবলৈ বাধ্য কৰিলে। তাইৰ বাবে এতিয়া ঘৰ মানে কেৱল দাদা, বাইদেউ, বসন্ত আৰু ধনমইনাৰ সৈতে তাই আটোমটোকাৰি কৰি ৰখা ঘৰটো।