আৰক্ষী বিষয়াৰ পৰিবর্তিত দায়িত্ব
— ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জে ডি এচ জি মহাবিদ্যালয়
সকলোৰে অৱগত যে চলিত মাহৰ পহিলা দিনটোৰ পৰা দেশৰ অপৰাধ, বিচাৰ আৰু ন্যায় ব্যৱস্থাৰ বাবে প্ৰণয়ন কৰা তিনিখন গুৰুত্বপূর্ণ আইন কার্যকৰী হৈছে৷ ১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধি আইনৰ পৰিবর্তে ভাৰতীয় ন্যায় সংহিতা, ১৯৭৩ চনৰ অপৰাধিক প্ৰক্ৰিয়া সংহিতা (দা ক’ড অৱ ক্ৰিমিনেল প্ৰচিডউৰ)-ৰ পৰিবর্তে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ১৮৭২ চনৰ ইণ্ডিয়ান এভিডেন্স এক্টৰ পৰিবর্তে ভাৰতীয় সাক্ষ্য অধিনিয়ম প্ৰণয়ন ও বলবৎ হৈছে৷
দেশৰ অপৰাধ আৰু ন্যায়-দান সংক্ৰান্তীয় ব্যৱস্থালৈ নতুন আইনকেইখনে অনা বিৰাট পৰিবর্তনৰ প্ৰেক্ষাপটত, আৰক্ষী বিষয়াসকলৰ দায়িত্বলৈও বহু পৰিবর্তন আহিছে৷ অনস্বীকার্য যে অপৰাধ আৰু ন্যায় প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ আৰম্ভণিৰ পর্যায়ত হয়তো সবাতোকৈ মূখ্য ভূমিকা পালন কৰে আৰক্ষী বিষয়াসকলে৷ সেয়ে তেখেসকলৰ দায়িত্ব আৰু কর্তব্য পালনৰ আন্তৰিকতা, ন্যায়ৰ ধাৰণাৰ প্ৰতি সমর্পিত মনোভাৱ আৰু দেশৰ সাধাৰণ নাগৰিক আৰু তেখেতসকলৰ ওপৰত ন্যস্ত দায়িত্বৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত উক্ত তিনিওখন আইনৰ কার্যকৰীকৰণৰ সফলতা বহু পৰিমাণে নির্ভৰ কৰে বা কৰিব৷ আইন প্ৰণয়ন কৰোঁতে এই দিশত যথেষ্ট মন দিয়া হৈছে আৰু সেয়ে আৰক্ষী বিষয়াসকলৰ মূল দায়িত্ব কিছুমানত যথেষ্ট গুৰুত্বপূর্ণ পৰিবর্তন অনা হৈছে৷ ইয়াত তাৰে কিছু আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ৷
উক্ত আইন তিনিখন বলবৎ হোৱাৰ পিছত আৰক্ষী বিষয়াসকলক কার্য সম্পাদন কৰিবৰ বাবে বুৰ’ অৱ পুলিচ ৰিচার্চ এণ্ড ডেভেলপমেণ্ট-য়ে কিছু ষ্টেণ্ডার্ড অপাৰেটিং প্ৰচিডিউৰ ঠিক কৰি দিছে, যাৰ জৰিয়তে অপৰাধ এটা সংঘটিত হোৱাৰ সময়ত কি দৰে সঁহাৰি জনাব, কি আইন বা আইনৰ কি ধাৰা প্ৰযোজ্য হ’ব, সাক্ষ্য-প্ৰমাণ কি দৰে তাৎক্ষণিকভাৱে বা কম সময়ত ৰেকর্ড কৰা হ’ব, ইত্যাদি দৈনন্দিন কার্য সম্পন্ন কৰোঁতে যিবোৰ বুনিয়াদী আৰু গুৰুত্বপূর্ণ কথাত মন দিব লাগে সেইবোৰ যাতে তেখেতসকলে ভালদৰে পুনৰ শিকি লয়৷
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ সংশ্লিষ্ট ধাৰাই আৰক্ষী বিষয়াসকলক এজাহাৰ পঞ্জীয়নৰ বাবে কিছু নতুন ব্যৱস্থা ঠিক কৰি দিছে৷ এতিয়া কর্তৃত্বাধীন এলেকা বা বিবাদিত কর্তৃত্বৰ এলেকা (Jurisdiction or disputed jurisdiction)-ৰ গইনা লৈ এজন আৰক্ষী বিষয়াই এজাহাৰ পঞ্জীয়ন নকৰাকৈ থাকিব নোৱাৰে৷ বিধিগতভাৱেই আৰক্ষী বিষয়াই এনে ‘জিৰ’ এফ আই আৰ’ পঞ্জীয়ন কৰিব লাগিব আৰু তাৰ পিছত তেখেতে সংশ্লিষ্ট আৰক্ষী থানালৈ গোচৰ বা এজাহাৰখন হস্তান্তৰ কৰিব লাগিব৷
এনে কৰোঁতে গোচৰীয়াই মৌখিক বা লিখিতভাৱে দিয়াৰ উপৰিও তথ্যখিনি ইলেক্ট্ৰনিক মাধ্যমেৰেও দিব পাৰিব৷ অৱশ্যে এনে তথ্যসমূহ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই লিপিবদ্ধ কৰিব লাগিব আৰু গোচৰীয়া বা তথ্য দিওঁতাই তিনিদিনৰ ভিতৰত তথ্যখিনি সম্পর্কত স্বাক্ষৰ কৰিব লাগিব৷
ইলেক্ট্ৰনিক মাধ্যমেৰে দিয়া তথ্য সন্দর্ভত ক্ৰাইম এণ্ড ক্ৰিমিনেল ট্ৰেকিং নেটৱর্ক এন্ড চিষ্টেমছ পর্টেল, পুলিচ ৱেবচাইট, ইত্যাদিৰ দৰে এজেন্সীয়ে সিদ্ধান্ত গ্ৰহণ কৰাতো বাধ্যতামূলক৷
সাক্ষ্য-প্ৰমান সংগ্ৰহৰ ক্ষেত্ৰত আৰক্ষী বিষয়াসকলক বিস্তাৰিতভাৱে শিকাই লোৱাৰ ব্যৱস্থাৰ কথা কোৱা হৈছে৷ এই ক্ষেত্ৰত মাষ্টাৰ ট্ৰেইনাৰক প্ৰথমে আৰক্ষী বিষয়াৰ কর্ম সম্পর্কীয় দিশৰ কোনো দিশতে যাতে কোনো সন্দেহ নাথাকে সেই বিষয়ে প্ৰশিক্ষণৰ দিয়াৰ কথাও ভৱা হৈছে৷
আৰক্ষী বিষয়াই কোনো অপৰাধী, অপৰাধৰ স’তে জৰিত বুলি সন্দেহ কৰা ব্যক্তি, অপৰাধৰ স্থান, তথ্য-পাতি ইত্যাদি বিচৰা বা কোনো সম্পত্তি ইত্যাদি কব্জা/দখল/বাজেয়াপ্ত কৰা ক্ষেত্ৰ ইত্যাদিত ভিডিঅ’গ্ৰাফী কৰাটো বাধ্যতামূলক কৰা হৈছে৷ তদন্তকাৰী বিষয়াক এনে কার্য সম্পাদন কৰাৰ বাবে ইলেক্ট্ৰনিক সঁজুলি প্ৰদান আৰু প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাৰ কথাও কোৱা হৈছে৷
এই ক্ষেত্ৰত মন কৰিব লগীয়া কথা হ’ল তদন্তকাৰী বিষয়াজনে এতিয়াৰে পৰা ভুক্তভোগীৰ বক্তব্য কেৱল অ’ডিঅ’ ৰেকর্ডৰ মাধ্যমেৰে কৰিলে নহ’ব; তেখেতে ভিডিঅ’-অ’ডিঅ’ দুয়োটাৰ জৰিয়তে ভুক্তভোগীৰ বক্তব্য ৰেকর্ড কৰিব লাগিব৷ সেই ক্ষেত্ৰত তদন্তকাৰী বিষয়াক যথোপযুক্তভাৱে এনে ভিডিঅ’ ৰেকর্ড কৰাৰ প্ৰশিক্ষণো দিয়া হ’ব৷ তদুপৰি যিবোৰ অপৰাধৰ বাবে শাস্তিৰ বিধান সাত বছৰ বা ততোধিক, তেনে অপৰাধৰ তথ্য-সংগ্ৰহৰ বাবে এজন ফৰেনচিক এক্সপার্ট মাতি আনি তেওঁৰ উপস্থিতি বা নির্দেশনাত তথ্য-সংগ্ৰহৰ কার্য সম্পাদন কৰাতো বাধ্যতামূলক কৰা হৈছে৷
নেশ্যনেল ইনফৰমেটিকছ চেণ্টাৰৰ সহযোগত ই-সাক্ষ্য নামৰ মোবাইল এপৰ ব্যৱস্থা গঢ়ি তোলাৰ কথা কোৱা হৈছে যাৰ জৰিয়তে বহু ফটো আৰু ভিডিঅ’ তোলা বা লোৱাৰ ব্যৱস্থা হ’ব৷ সাক্ষী আৰু তদন্তকাৰী বিষয়াৰ চেল্ফী এই এপ ব্যৱহাৰ কৰি লোৱাৰ কথাও কোৱা হৈছে, যিসমূহ জিঅ’-টেগ্ড আৰু টাইম-ষ্টেম্প থকা হ’ব আৰু যাৰ জৰিয়তে তথ্যৰ সত্যনিষ্ঠতা নিশ্চিত কৰিব পৰা যাব৷
গ্ৰেপ্তাৰৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ নতুন ব্যৱস্থা মতে প্ৰতিখন আৰক্ষী থানাতে আৰক্ষী বিষয়াৰ উপস্থিতি নিশ্চিত কৰিব খোজা হৈছে, যাৰ পদবী সহকাৰী উপ-পৰিদর্শকতকৈ তলৰ নহ’ব৷ এনে এজন আৰক্ষী বিষয়া এজন ব্যক্তিৰ গ্ৰেপ্তাৰৰ স’তে সম্বন্ধীয় তথ্যৰ মজুতকৰণ আৰু স্পষ্টভাৱে সকলোৱে দেখাকৈ প্ৰদর্শন কৰাৰ বাবে দায়বদ্ধ হ’ব৷ আৰক্ষী থানাৰ বাহিৰত আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ বাহিতৰ এনে গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ সবিশেষ, যথা-নাম, ঠিকনা, অপৰাধৰ ধৰণ, ইত্যাদি ব’র্ড, ডিজিটেল ব’র্ড ইত্যাদিত স্পষ্টকৈ প্ৰদর্শন কৰি থ’ব লাগিব আৰু তাৰ বাবেও এনে আৰক্ষী বিষয়া দায়বদ্ধ হ’ব৷
ৰূগীয়া, দূর্বল বা বয়োজ্যেষ্ঠ ব্যক্তিৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আৰক্ষীৰ উর্দ্ধতন বিষয়াৰ অনুমতি বাধ্যতামূলকভাৱে প্ৰয়োজন হ’ব, যাৰ পদবী উপ-অধীক্ষকতকৈ তলৰ হ’ব নোৱাৰিব৷ অৱশ্যে এনে অপৰাধৰ ক্ষেত্ৰতহে যাৰ শাস্তিৰ বাবে তিনি বছৰৰ তলত কাৰাদণ্ডৰ বিধান আছে৷
তদন্তকাৰী বিষয়াই হেণ্ড-কাফৰ ব্যৱহাৰ কৰিব পাৰিব যদিও এই ক্ষেত্ৰত বিষয়াজন অতি সাৱধান হ’ব লাগিব৷ .
সাক্ষ্য-প্ৰমাণ গ্ৰহণ, অধ্যয়ন, তদন্ত, ইত্যাদিৰ ক্ষেত্ৰত আৰক্ষী বিষয়া সকলে নতুন সময়-সীমা অনুযায়ী কাম কৰিব লাগিব৷
বলাৎকাৰৰ ক্ষেত্ৰত পঞ্জীকৃত চিকিৎসকে সাতদিনৰ ভিতৰত তদন্তকাৰী বিষয়ালৈ মেডিকেল ৰিপ’র্ট বাধ্যতামুলকভাৱে পঠাব লাগিব৷ আৰক্ষী বিষয়াজনে সেই ৰি’পর্ট সংশ্লিষ্ট মেজিষ্ট্ৰেট গৰাকীলৈ অনতিপলমে পঠাব লাগিব৷ POCSO-ৰ ক্ষেত্ৰত অপৰাধৰ তথ্য ৰেকর্ড কৰাৰ দুমাহৰ ভিতৰত তদন্ত শেষ হ’ব লাগিব৷ পূর্বতে এই সময়-সীমা ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত কেৱল বলাৎকাৰৰ গোচৰৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল৷
অপৰাধ আৰু ন্যায় প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়াটিৰ স’তে আৰক্ষীৰ ভূমিকা, দায়িত্ব আৰু সমর্পিত মনোভাৱ পূর্বৰে পৰাই অতিকে গুৰুত্বপূর্ণ আৰু অঙ্গাঙ্গীভাৱে জৰিত আছিল৷ নতুন আইনকেইখনৰ প্ৰেক্ষাপটত আৰক্ষী বিষয়াসকলক আৰু অধিক দায়বদ্ধ কৰি তুলিব খোজা হৈছে৷ উল্লেখযোগ্য যে আইন আৰু ন্যায় কেৱল ধনী, পুঁজিপতি, ৰাজনৈতিক শ্ৰেণীৰ একাংশ আৰু তেওঁলোকৰ আশীষধন্য কিছু ব্যক্তি-সংগঠনৰ বাবেহে বুলি গঢ়ি উঠা এক স্থুল, সাধাৰণীকৃত ধাৰণাটোৰ বাবে একাংশ আৰক্ষী বিষয়া মূখ্যত দায়ী৷ গোচৰ পঞ্জীয়ন কৰিবলৈ অনিচ্ছা বা দেৰিকৈ পঞ্জীভূত কৰা, দূর্বল ধাৰা প্ৰয়োগ কৰা, সময়মতে তদন্ত সম্পূর্ণ নকৰা, কাৰণ নোহোৱাকৈ বা কিবা অদৃশ্য কাৰণত তদন্তৰ গতি লেহেমীয়া কৰা এইবোৰ কথা বা অভিযোগৰ বাবে কিছু কিছু আৰক্ষী বিষয়া ক’ৰবাত হয়তো নিশ্চয় দায়ী৷ সাধাৰণ মানুহৰ মনত ধাৰণা এটা হঠাৎ, এনেয়ে গঢ়ি নুঠে৷ দেশৰ কোটি কোটি সাধাৰণ নাগৰিকৰ দৰে আমিও আশা কৰিছোঁ আইন কেইখনৰ লগতে আৰক্ষী বিষয়াসকলৰ সমর্পিত মনোভাৱ আৰু অধিক সবল হওক৷ একাংশ আৰক্ষী বিষয়াৰ বাবে সমগ্ৰ বিভাগটোৱে মাজে মাজে মূৰ পাতি ল’ব লগা হোৱা চেকা নোহোৱা হওক আৰু তেখেতসকলৰ ওপৰত থকা মানুহৰ আস্থা অটুট থাকক৷ তাৰ বাবে আমি সকলো নাগৰিকে আৰক্ষীকো সহায়-সহযোগ আগবঢ়াওঁ আহক৷