কি ব্যৱস্থা গ্ৰহণ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ

মুখ্যমন্ত্ৰীৰ বুজাবুজিৰ এদিনৰ পাছতেই সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত

কাজিৰঙাৰ পঞ্চতাৰকা হোটেলৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ ৰাইজৰ প্ৰতিবাদক ভেঙুচালি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে তাজৰ গ্ৰুপৰ স’তে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ এদিনৰ পাছতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণে নিজাববীয়া গোচৰ ৰুজু কৰিছে৷ আনকি, কাজিৰঙাত কোনো কাৰণতে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি আজি লোকসভাত দেশৰ বনবিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে স্পষ্ট কৰে৷ উল্লেখ্য যে কাজিৰঙাত চাহ গছ উভালি আৰু চাহ জনগোষ্ঠীয় লোকক উচ্ছেদ কৰি চৰকাৰে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যো-জা চলোৱাৰ বিৰুদ্ধে ইতিমধ্যেই বহুকেইটা প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠন তথা ৰাইজে৷ শেহতীয়াকৈ বছৰ বছৰ ধৰি চাহ জনগোষ্ঠীৰ বহুকেইটা পৰিয়ালে বসবাস কৰি থকা ভূমিত উচ্ছেদ চলাই অসম চৰকাৰে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ যো-জা চলোৱাৰ বিৰুদ্ধে ৰাইজৰ সহযোগত আটছাই প্ৰতিবাদ কৰোঁতে চৰকাৰী বাহিনী জঁপিয়াই পৰি বহুজনক আহত কৰিছিল৷ তাৰ পাছতেই কাজিৰঙাত চাহ গছ উভালি আৰু বাগিছাৰ লোকক উচ্ছেদ কৰি কোনো কাৰণতেই পঞ্চতাৰকা হোটেল কৰিবলৈ দিয়া নহ’ব বুলি সমগ্ৰ অসমতে আটছাই প্ৰতিবাদ সাব্যস্ত কৰে৷ তদুপৰি, বৃহত্তৰ কাজিৰঙা ভূমি আৰু সুৰক্ষা সমিতিৰ সভাপতি প্ৰণৱ দলেৰ নেতৃত্বত ভুক্তভোগী একাংশ লোকে বহুদিনৰ পৰা পঞ্চতাৰকা হোটেলৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি আহিছে৷ ইয়াৰ সমান্তৰালভাৱে জীপাল কৃষক-শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ, সম্পাদক জহিৰুদ্দিন আহমেদ, মুখপাত্ৰ প্ৰবীণ পেগুৱে কাজিৰঙাৰ পঞ্চতাৰকা হোটেল কৰিবলৈ লোৱা স্থানটি বন্যপ্ৰাণীৰ বিশেষকৈ বনৰীয়া হাতীৰ বিচৰণ ভূমি উল্লেখ কৰিছিল৷ এই পঞ্চতাৰকা হোটেল নিৰ্মাণে কাজিৰঙাৰ বহুকেইটা পৰিয়াললৈ অমানিশা নমাই অনাৰ লগতে জৈৱ-বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি উল্লেখ কৰিছিল৷ ইপিনে, প্ৰকৃতিপ্ৰেমী বুবুল শৰ্মা, অপূৰ্ববল্লৱ গোস্বামী, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, মুবিনা আখতাৰ আদিকে প্ৰমুখ্য কৰি বহুজনে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণত পোনপটীয়া বিৰোধিতা কৰি আহিছিল৷ এই নিৰ্মাণে কেৱল দুখীয়া জনগণৰ প্ৰতি অন্যায় কৰাই নহয়, জৈৱ-বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি স্পষ্ট কৰিছিল৷ ইয়াৰ পাছতেই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থা ICOMOSৰ ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ যোগেদি স্পষ্ট কৰিছিল যে প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ লোৱা স্থানটি বনৰীয়া হাতীৰ বিচৰণভূমি৷ আনকি, ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য অক্ষুন্ন ৰাখি কাজিৰঙাত পৰ্যটকৰ উপস্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱা উচিত বুলিও ICOMOSয়ে ৰাজ্যৰ পৰ্যটন বিভাগক পত্ৰৰ যোগেদি জনায়৷ আনহাতে, জৈৱ বৈচিত্ৰ সংৰক্ষণত ল’বলগীয়া গুৰুত্ব আৰু স্থানীয় বাসিন্দাৰ মতামত লৈহে পৰ্যটনৰ বিকাশৰ সিদ্ধান্ত ল’বলৈ আহ্বান জনাই পঞ্চতাৰকা হোটেল নহয় বৰং কাজিৰঙাত পৰ্যটকৰ বহন ক্ষমতা, বন্যপ্ৰাণীৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ, স্থানীয় লোকৰ অংশগ্ৰহণ আৰু কাজিৰঙা সাপেক্ষে বহনক্ষম নিৰ্মাণৰ পোষকতা কৰে ICOMOSয়ে৷ কিন্তু, লক্ষণীয়ভাৱে সেই সমগ্ৰ প্ৰতিবাদ, ইউনেস্ক’ৰ পৰামৰ্শদাতা সংস্থাৰ পত্ৰলৈ বুঢ়া আঙুলি দেখুৱাই যোৱা ৩ আগষ্টত তাজ গ্ৰুপৰ স’তে ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ কিন্তু, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জনগণ তথা বিভিন্ন দল-সংগঠনৰ দাবীক গুৰুত্ব নিদিলেও আজি ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণে সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি ১০৪৯/২০২৪ নম্বৰৰ এক নিজাববীয়া গোচৰ ৰুজু কৰিছে৷ ইয়াৰ পাছতেই কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ সুৰক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো এটা ঐতিহাসিক দিন হৈ ৰ’ব বুলি মত প্ৰকাশ কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণৰ নিজাববীয়া গোচৰ তৰাৰ সিদ্ধান্তক আদৰণি জনায় জীপাল কৃষক-শ্ৰমিক সংঘই৷ সংগঠনটোৰ উপদেষ্টা সোণেশ্বৰ নৰহে এক বিবৃতিযোগে কয় যে জৈৱ-বৈচিত্ৰ ধ্বংস কৰি কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কু-অভিসন্ধিক নিঃশেষ কৰাৰ বাবে আজি আদালতে এক নতুন মাত্ৰা প্ৰদান কৰে৷ বিভিন্ন প্ৰকৃতিপ্ৰেমীৰ সহযোগত জীপালে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যোগেদি কাজিৰঙাৰ জৈৱতন্ত্ৰৰ সুৰক্ষাৰ বিষয়টো তুলি ধৰাৰ পাছত আজি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো সমগ্ৰ জাতিটোৰ বাবেই মংগলজনক বুলি উল্লেখ কৰে৷ সোণেশ্বৰ নৰহে কয় যে আমাৰ পূৰ্বপুৰুষৰ ত্যাগৰ বিনিময়ত কাজিৰঙাই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে, কিন্তু, সেই মৰ্যাদা নাইকিয়া কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আৰু তেওঁৰ কোম্পানীয়ে উঠিপৰি লাগিছিল৷ ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থতেই হিমন্ত বিশ্বশৰ্মাই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যে উঠিপৰি লাগিছিল সেয়া সৰ্বজনবিদিত বুলিও জীপালে বিবৃতিত উল্লেখ কৰে৷ ‘হাতী থাকিলেহে মাটি থাকিব, মাটি থাকিলেহে জাতি থাকিব’ বুলি উল্লেখ কৰি জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে স্পষ্টকৈ কয় যে নিজৰ মুনাফাৰ বাবে জাতিক বিপদত পেলাই বণিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পৰা বিৰত থাকক মুখ্যমন্ত্ৰীয়ে৷ ইপিনে, আজি লোকসভাত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী (ৰাজ্যিক)গৰাকীয়ে কাজিৰঙাৰ সুৰক্ষাৰ বাবে লোৱা সবল ভূমিকাক আদৰণি জনায় জীপালে৷ আনহাতে, কাজিৰঙাৰ ইংলে পথাৰৰ থলুৱা জনসাধাৰণৰ ভূমি অধিকাৰ বিষয়টোত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণক কৃতজ্ঞতা জনায় বৃহত্তৰ কাজিৰঙা ভূমি আৰু সুৰক্ষা সমিতিৰ সভাপতি প্ৰণৱ দলেই৷ প্ৰণৱ দলেই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ যোগেদি কয় যে পাথাৰ এলেকাত নিৰ্মাণ কাৰ্য অনতিপলমে বন্ধ কৰি তাৰ পৰা আৰক্ষী বাহিনী আঁতৰাই পেলাওক চৰকাৰে৷ তেওঁ লগতে কয় যে স্থানীয় বিধায়কৰ দ্বাৰা কৃষিভূমি ৰূপান্তৰিত কৰাৰ কাৰ্যৰ বাবে দোষাৰোপ কৰাৰ লগতে চৰকাৰে জোৰ জৱৰদস্তি দখল কৰা ৰাইজৰ ভূমি অনতিপলমে ৰাইজক উভতাই দিব লাগে৷ আনহাতে, স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে এই গোচৰৰ অধীনত ততাতৈয়াকৈ গোচৰ ৰুজু কৰিব লাগে৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস