অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান

অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান


এআকাশ হাতীপটি নাৰীৰ হাততে থাকে চৌপাশে সৃষ্টিৰ বীজ সিঁচি, নাৰীক মাথো চিনি লোৱাৰ প্ৰয়োজন


— অজন্তা তালুকদাৰ, বোকাখাত৷

শাস্ত্ৰই কৈছে-
‘নাৰীঃ মনঃ কথা দেৱা ন জানন্তি কুটু মনুষ্যাঃ..’
অৰ্থাৎ নাৰীৰ মনৰ কথা মানুহ বাদেই, দেৱতাইও নাজানে। ইমানেই বিচিত্ৰ হেনো নাৰীৰ মন।

সাধাৰণতে নাৰীৰ মানসিকতা অতি জটিল বুলি ভবা হয়। সৰ্বসাধাৰণৰ ধাৰণাত অতি সৰু সৰু কথাক লৈ নাৰী সমাজ ব্যস্ত হৈ থাকে। এৰা-ধৰাৰ মানসিকতা নাৰীৰ কম। উদাৰতা কম। নাৰী অসন্তুষ্ট। নাৰী সমাজৰ ধ্যান ধাৰণাৰ পৰিসৰ ঠেক। বহল চিন্তা চৰ্চালৈ নাৰীয়ে মন প্ৰসাৰিত কৰিব নোৱাৰে। স্বাৰ্থপৰতা, পৰচৰ্চা, কুৎসা ৰটনাৰ দৰে নিকৃষ্ট কাৰ্যকলাপত নাৰী সমাজ সীমাবদ্ধ। বহুতৰ মতে নাৰীয়ে কি ভাবে অতি ঘনিষ্ঠ জনেও তাৰ আভাস নাপায়। এচৰু ভাতৰ এটা ভাত টিপি ভাত সিজিলনে বুলি পৰীক্ষা কৰাৰ মানসিকতা সকলো ক্ষেত্ৰতে বৰ্তাই ৰাখিছে মানুহে। সৰল অৰ্থত একাংশ নাৰীৰ কাৰ্যকলাপৰ পৰা সমগ্ৰ নাৰী সমাজক অনুধাৱন কৰে আমাৰ সমাজে।

তাৰ বিপৰীতে নাৰীৰ উদাৰতা, মহত্বৰ কথাও ইতিহাসৰ প্ৰতিটো পৃষ্ঠাই ক’ব। যিদৰে একাংশ পুৰুষৰ নিষ্ঠুৰতা, স্বাৰ্থপৰতা, নিকৃষ্টতাৰে সমগ্ৰ পুৰুষ সমাজৰ বৈশিষ্ট্যৰ সৰলীকৰণ কৰিব নোৱাৰি, নাৰীৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য।

জয়মতী, ধাত্ৰী পান্না, মূলা গাভৰু, ৰমণী গাভৰু, কনকলতাকে আদি কৰি ভাৰতৰ ইতিহাসত অলেখ মহৎ নাৰী চৰিত্ৰৰ উদাহৰণ আছে। শাস্ত্ৰীয় আখ্যান সমূহতো এনে চৰিত্ৰৰ অভাৱ নাই। ৰামায়ণত লক্ষ্মনৰ পত্নী উৰ্মিলাৰ ত্যাগ মহানতাৰ অন্য উদাহৰণ। ইতিহাসৰ জীৱন্ত চৰিত্ৰ সমূহৰ কথা নক’লোৱেইবা! আখ্যানৰ চৰিত্ৰ সমূহ কাল্পনিক বুলি ভাবি ল’লেও চৰিত্ৰৰ ভেঁটি বাস্তৱ সমাজখনেই। তেওঁলোক প্ৰতিনিধি মাত্ৰ। একেখন দেশতে দেশৰ বৃহৎ স্বাৰ্থত নিজ সন্তানৰ বলি দিয়া ধাত্ৰী পান্নাৰ দৰে চৰিত্ৰৰ উদাহৰণ আছে, আছে ৰূপকথাত তেজীমলাৰ মাহী আইৰ দৰে চৰিত্ৰও।

গাৰ্হস্থ্য জীৱনত এগৰাকী মাতৃৰ পৰিয়ালৰ প্ৰতি থকা অৰিহণা ত্যাগৰে আন এক নাম। আন নালাগে, আজিৰ পৰা দুটা প্ৰজন্মৰ আগৰ মাতৃ সকলৰ ভূমিকাৰ কথা মন কৰকচোন! ধোঁৱাৰে মলীন চৌকা, ঘৰ-চোতাল, ভঁৰালৰ পৰা ধৰি কি কি কৰা নাছিল সেই সকল মাতৃয়ে! একোটি যৌথ পৰিয়ালৰ বয়োজ্যেষ্ঠজনৰ পৰা শিশু পালনৰ লৈকে ঘৰখনৰ সকলো কাম নিয়াৰিকে কৰাৰ লগতে তাঁতশাল, পশুধন, পথাৰলৈ এই সকল মাতৃৰ বিস্তৃত কাৰ্যক্ৰমণিকা। বৰ্তমানো এনে নাৰী গ্ৰাম্য সমাজত আছে। এই সকলোখিনিৰ মাজত মনোৰঞ্জনৰ বাবে নাৰী সমাজত নিজৰ ভিতৰত পাতলীয়া বিষয়ক চুপতি, কথাৰ মালিহা তেনেই স্বাভাৱিক। গ্ৰাম্যাঞ্চল বা চহৰাঞ্চলত অৰ্ধশিক্ষিতা, অশিক্ষিতা নাৰী সমাজ এতিয়াও আছে। এই অৰ্ধশিক্ষিতা, অশিক্ষিতা নাৰীৰ পৰিয়াল, ঘৰখনৰ প্ৰতি ত্যাগ আৰু আত্মনিয়োগ উল্লেখযোগ্য।

এই সকলোখিনিত সোমাই জীৱনৰ সোণোৱালী দিন হেৰুৱাই পেলোৱা নাৰীৰ কথা ভাবিবলৈ সমাজত কাৰ সময় আছে? তাৰ বিপৰীতে পুৰুষৰ এখন বহল সমাজ আছে। সাধাৰণতে পুৰুষ সকল ৰাজনীতি, দেশ, সমাজৰ দায়িত্বত থাকে। পুৰণি কালত বেহা-বেপাৰকে ধৰি বিভিন্ন কাৰণত পুৰুষ সকল দেশে বিদেশে ভ্ৰমন কৰিছিল। এই সকল পুৰুষক আগবঢ়াই দি ঘৰখন, পৰিয়ালৰ সমস্ত দায়িত্ব নাৰী সকলেই মূৰ পাতি লৈছিল। স্বামীৰ পৰা দূৰৈত থাকি ঘৰখন নিয়াৰিকৈ চলোৱা নাৰীৰ কথা সেই সময়ত কোনোবাই ভাবিছিল নে? একান্ত নিজা প্ৰয়োজন পূৰণ কৰিবলৈ, একাকিত্ব দূৰ কৰিবলৈ পুৰুষৰ বাবে বহু বিবাহৰ প্ৰথা বৈধ আছিল, বহু নাৰী গমন কৰিছিল পুৰুষে। কিন্তু গাৰ্হস্থ্য জীৱনত বিবাহিতা নাৰীয়ে এক পুৰুষকে পৰমেশ্বৰ গণ্য কৰি একাকিত্বক সাৱটি লৈ জীৱন অতিবাহিত কৰিছিল। সন্তান, পৰিয়ালেই নাৰীৰ সৰ্বস্ব আছিল। কত নাৰীয়ে একাকিত্বকে লৈ জীৱনৰ যৱনিকা পেলাইছিল।

যুগে যুগে ৰাজনৈতিক ঘটনাচক্ৰৰ বলি হৈ আহিছে নাৰী। ৰাজতন্ত্ৰত যুদ্ধ-বিগ্ৰহ হ’লে আক্ৰমনকাৰী সেনাৰ প্ৰধান লক্ষ্য আছিল নাৰী। সতীত্ব লুণ্ঠন কৰি হত্যা কৰাৰ লগতে ইতৰ জীৱ-জন্তুৰ দৰে নাৰীক হৰণ কৰি সেনাই লৈ গৈছিল নিজৰ লগত। ৰজা মহাৰজাই ৰাজনৈতিক সন্ধিত ৰাজ-পৰিয়ালৰ জীয়ৰীক বিবাহৰ নামত উপঢৌকনৰ দৰে যাচিছিল। সেই সকল নাৰীৰ মনৰ কথা কোনোবাই বুজিবলৈ চেষ্টা কৰিছিল নে? ৰামায়ণত ৰাৱনে যি উদ্দ্যেশ্যই সীতাক হৰণ নকৰিছিল, পৰৱৰ্তী সময়ত সমগ্ৰ অপযশ, অশান্তি আৰু শাস্তি ভোগ কৰিছিল সীতাইহে। মহাভাৰতৰ কুন্তী, মাদ্ৰী, দ্ৰৌপদী, উত্তৰা, গান্ধাৰীকে ধৰি বহুকেইগৰাকী নাৰী চৰিত্ৰ ঘটনা-পৰিঘটনাৰ পাকচক্ৰত ভুক্তভোগী।

আন নালাগে এইখন ভাৰততে সতী প্ৰথাৰ দৰে সামাজিক প্ৰথাৰ নামত নাৰীক হত্যা কৰা হৈছে। ৰাজনৈতিক আক্ৰমণৰ ফলত শত্ৰুৰ হাতৰ পৰা সতীত্ব ৰক্ষা বা শত্ৰুৰ পৰা ৰক্ষা পাবৰ বাবে ৰাজস্থানত নাৰীয়ে শিশু আৰু আন দুৰ্বল সকলৰ সমন্বিতে ‘জৌহৰ’ অৰ্থাৎ সমূহীয়া সতী গৈছিল। তেৰ-চৌধ্য শতিকাৰ মেৱাৰৰ ৰাণী পদ্মিনীয়ে দিল্লীৰ চুলতান আলাউদ্দিন খালিজীৰ হাতত নপৰিবলৈ ৰাজদূৰ্গৰ সংগী সকলক লৈ জৌহৰ প্ৰথাৰে সমূহীয়া সতী গৈছিল। বাল্যকালতে নিজৰ বয়সতকৈ বয়স্ক স্বামীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ অকালতে বিধৱা হোৱা নাৰীৰ জীৱন অতি দুৰ্দশাগ্ৰস্ত হৈ পৰে। ভাৰতবৰ্ষৰ বহু ঠাইত বিধৱা নাৰীৰ চুলি ক্ষুৰাই দিয়াৰ প্ৰথা আছিল, আজীৱন খাদ্যৰ নামত দুবেলা দুসাজ অতি নিম্নমানৰ আহাৰ খাই একবস্ত্ৰে জীৱন ধাৰণ কৰিছিল বিধৱা নাৰীয়ে। পৰিয়াল, সমাজৰ সন্মুখত ওলোৱা নিষেধ আছিল। কিয়নো বিধৱা সকলক কুলক্ষণী বুলি গণ্য কৰা হৈছিল। বৈধৱ্য কি বস্তু বুজিকে নোপোৱা বহু শিশু, কিশোৰীয়ে মনৰ হেঁপাহৰ এসাজ পেট ভৰাই খোৱাৰ পৰা, পৰিয়াল, সমাজৰ সান্নিধ্য আৰু সহানুভূতিৰ পৰা বঞ্চিত হৈ সমাজৰ নিৰ্ধাৰিত বাধ্যতামূলক নীতি নিয়ম পালন কৰি কঠোৰ আৰু নিৰ্মম জীৱন অতিবাহিত কৰিব লগীয়া হৈছিল। ভাৰতীয় সমাজত এসময়ত বিধৱা সকল বিধৱা আশ্ৰমত থকাৰো ব্যৱস্থা আছিল। অ-প্ৰাপ্তবয়স্ক বয়সতে অধিক সন্তান জন্ম দিয়া নাৰীয়ে ভগ্ন স্বাস্থ্য লৈয়ে পৰিয়ালৰ সকলো দায়িত্ব পালন কৰিবলৈ বাধ্য আছিল। সেয়েহে নাৰীৰ প্ৰসূতিজনিত মৃত্যুৰ হাৰ যথেষ্ট দেখা গৈছিল। সন্তানহীনতাৰ বাবে নাৰীকে দায়বদ্ধ কৰা হৈছিল আৰু পুৰুষ গৰাকীৰ পুনৰবিবাহৰ প্ৰথা আছিল। সন্তান জন্ম নহ’লে পুৰুষজন বাৰম্বাৰ আন নাৰীৰে সৈতে বিবাহত বহিছিল। এলাগী পত্নীৰ মন আৰু জীৱনৰ কি শাস্তি হৈছিল কোনোবাই খবৰ ৰাখিছিল নে? ভাৰতৰ বহু ঠাইত গৰ্ভাৱস্থাত গৰ্ভস্থ সন্তান কন্যা হ’লে অবৈধভাৱে ভ্ৰুণ হত্যা কৰা হয়। আনকি কন্যা সন্তান ভূমিষ্ঠ হোৱাৰ পাছতো হত্যা কৰা হয় বিভিন্ন সামাজিক সমস্যাৰ অজুহাতত। তেনে স্থলত মাতৃ গৰাকীয়ে কিমান পৰ্যায়ত মানসিক হতাশা আৰু শোকত ভুগে সমাজে তাৰ উমান লয় নে?

মধ্যযুগত ভাৰতত মুছলমানৰ শাসন আৰম্ভ হোৱাৰে পৰা ভাৰতীয় নাৰীৰ ওৰণী প্ৰথা আৰম্ভ হৈছিল বুলি চৰ্চা হয়। তাৰ পূৰ্বে ভাৰতীয় নাৰীয়ে ওৰণী লোৱাৰ প্ৰথা থকাৰ ওমান পোৱা নাযায়। ভাৰতীয় নাৰীক সামাজিকভাৱে দমন কৰি ৰখা ওৰণী বা পৰ্দা প্ৰথাইও নাৰী মনস্তত্ত্বত প্ৰভাৱ বিস্তাৰ কৰাৰ বিষয়টো নুই কৰিব নোৱাৰি। পুৰুষৰ শৰীৰৰ ক্ষুধা নিবাৰণৰ বাবে নাৰীক বাৰবনিতাৰ ৰূপত সামগ্ৰীৰ দৰে বেচা-কিনাও কৰা হৈছিল অতীজতেই। যুগে যুগে কিমান যে দুৰ্দশাৰে নাৰী পিষ্ট হৈ আহিছে! কোনে ৰাখিছিল এনে নাৰীৰ মনৰ খবৰ?

বৰ্তমান নাৰীৰ নিজস্ব জীৱন আছে। পুৰুষৰ সমানে শিক্ষা, কৰ্মজীৱন আছে নাৰীৰ। উচ্চপদস্থ চাকৰিয়াল, ৰাজনীতিক, ব্যৱসায়ী, বিজ্ঞানীৰ পৰা ধৰি চেলিব্ৰিটীৰ ৰূপতো দেখা যায় নাৰীক। তথাপিও একাকিত্বত ভুগে আধুনিক নাৰীয়ে। নিজৰ কেৰিয়াৰক গুৰুত্ব দিয়াৰ বাবে বহু নাৰীৰ বিবাহ বিচ্ছেদ পৰ্যন্ত ঘটিছে। বহুতে পৰিস্থিতিৰ সৈতে আপোচ কৰি নিজৰ অস্তিত্ব হেৰুৱাই মানসিক দ্বন্দত ভুগি হাবুডুবু খাইছে। সন্তান, পৰিয়াল নিজ হাতে গঢ় দিয়া নাৰীৰ আকাংক্ষাক গুৰুত্ব দিব নজনা একাংশ পুৰুষে অৱহেলাৰে বহু নাৰীৰ মনাকাশ হতাশা, একাকিত্বৰে ভৰাই তুলিছে। আজিৰ দৰে যুগতো এই সকল নাৰীৰ মনৰ খবৰ কোনে লয়?

চাকৰিয়াল বহু মহিলাই কৰ্মক্ষেত্ৰৰ পৰা ঘৰখনলৈ উভতি আহিও জিৰণি নাপায়। স্ত্ৰী-পুৰুষ দুয়ো উপাৰ্জন কৰিলেও ঘৰুৱা কাম-কাজ পুৰুষৰ নহয়, অলিখিত বিধান অনুসৰি সেয়া কেৱল মহিলাৰ। অৱশ্যে একাংশ পুৰুষে আজিকালি মহিলাক ঘৰুৱা কামত সহায় কৰে। কিন্তু অধিকাংশ মহিলাৰ ক্ষেত্ৰত ব্যৱস্থাৰ একো সলনি হোৱা নাই। বহু ব্যস্ততাৰ মাজতো এই সকল মহিলাই সন্তানক পঢ়ুওৱা, সময় দিয়াৰ লগতে ঘৰখনৰ প্ৰতিটো দায়িত্ব মূৰ পাতি ল’ব লাগে। যৌথ পৰিয়ালততো আৰু যে কত কাম! নিজৰ বাবে সেই সকল মহিলাৰ সময় ক’ত?

সমিধানহীন আৰু সহানুভূতিহীন জীৱনৰ অতি জটিলতাত ভাৰতত মহিলাৰ মানসিক হতাশা বা depression এতিয়া গতানুগতিক কথা। বিশেষকৈ ভাৰতত নাৰীৰ মানসিক হতাশা গৰ্ভধাৰণ, সন্তান প্ৰসৱৰ পৰা আৰম্ভ হয় বুলি এক তথ্যত প্ৰকাশ। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে মহিলাৰ ওপৰত হতাশাৰ হেঁচা পুৰুষতকৈ ৫০ শতাংশ বেছি। (উৎসঃ কৌন্তেয়া সিনহাৰ নিবন্ধ, Times of India ৰ ১০ অক্টোবৰ, ২০১২ত প্ৰকাশিত/digital issue) ।

অত এব, নাৰীৰ মনৰ কথাও বুজিব লগীয়া। প্ৰতি গৰাকী নাৰীৰ একান্ত ঘনিষ্ঠ পুৰুষজনে (পিতৃ, স্বামী, প্ৰেমিক, ভাতৃ, বন্ধু আদি যিয়েই নহওক) বুজিবলৈ চেষ্টা কৰাটো বাঞ্ছনীয়। ইয়াৰ অন্যথাই নাৰীৰ মন দেৱতাৰো বোধগম্যৰ অগোচৰ বুলি প্ৰবাদৰ সৃষ্টি হৈছে। নাৰী দৰাচলতে উত্তৰ বিহীন সাঁথৰ নহয়। নাৰী এই সৃষ্টিৰে অৰ্ধাকাশ। নাৰীয়ে বাস্তৱত কোনো ফেণ্টাচী নিবিচাৰে ।ৰূপকথাৰ নায়ক অথবা মহাকাব্যৰ অতি-মানৱ নিবিচাৰে। নাৰীক আলাউদ্দিনৰ চাকিৰ যাদু, ঐশ্বৰ্য বিভূতিৰ প্ৰয়োজন নাই। মাথো লাগে এষাৰ স্নেহশীল মাত, নাৰীৰ জীৱন-পৰিস্থিতিক বুজি পাবলৈ চেষ্টা কৰা এটি মন। এআকাশ হাতীপটি নাৰীৰ হাততে থাকে চৌপাশে সৃষ্টিৰ বীজ সিঁচি। মাথো চিনি লোৱাৰ প্ৰয়োজন।

  • Related Posts

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান

    অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান শ্ৰেষ্ঠা অভিনেত্ৰী —অজন্তা তালুকদাৰ। (অৰ্পণঃ পৰম্পৰা, ৰীতি, বান্ধোন, দায়বদ্ধতাৰ কটকটীয়া অন্তৰকৰ মাজত জীৱন পাৰ কৰি নিজৰ সপোন জলাঞ্জলি দিয়া এখিনি নিষ্পেষিতা, অসহায়…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    গ্ৰন্থমেলাৰ তৃতীয় দিনাৰ ব্যতিক্ৰম কাৰ্যসূচী সম্পন্ন

    গ্ৰন্থমেলাৰ তৃতীয় দিনাৰ ব্যতিক্ৰম কাৰ্যসূচী সম্পন্ন