অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া লেখা
সুস্থ পৰিয়াল গঠনৰ আঁৰত মাতৃ
— অজন্তা তালুকদাৰ, বোকাখাত৷
“A mother is one to whom you hurry when you are troubled.” (Emily Dickinson)
সুস্থ পৰিয়াল গঠনৰ আঁৰত সদায় এগৰাকী মাতৃৰ সীমাহীন ত্যাগ, কষ্টৰ অৱদানেৰে পৰিপূৰ্ণ ভূমিকা থাকে। এনে পৰিয়ালৰ পৰাই একোখন সুস্থ সমাজৰ ভেঁটি নিৰ্মাণ হয়। অপৰাধ, ভ্ৰষ্টাচাৰ, দুঃচিন্তা-আতংকৰ পৰা মুক্ত একোখন বিকশিত আৰু নিৰ্মল সমাজৰ সৰ্বপ্ৰথম চৰ্ত তেনে পৰম আকাংক্ষিত পৰিয়াল।
বুজ হোৱাৰে পৰা স্বভাৱগতভাৱে কন্যা সন্তানৰ ব্যক্তিত্বত নাৰীত্ব তথা মাতৃত্ববোধৰ প্ৰতিফলন ঘটে। মমতা নাৰীৰ জন্মগত অলংকাৰ। পাছৰ পৰ্যায়ত ক্ৰমে কৈশোৰ, যৌৱন অতিক্ৰম কৰি প্ৰাপ্তবয়স্ক বয়সত নাৰী বৈবাহিক বান্ধোনেৰে একোগৰাকী মাতৃলৈ ৰূপান্তৰ হয়। মাতৃত্ব নাৰীৰ চৰম আকাংক্ষা; জীৱনৰ পূৰ্ণতা বুলি গণ্য কৰে নাৰীয়ে। সন্তান জন্মৰ লগে লগে নাৰীৰ চেতন-অৱচেতন মনৰ হাবিয়াসে পূৰ্ণতা পায়।
যা হওক, হাবিয়াস বা সপোনক পূৰ্ণতা দিয়াৰ পাছতো মানুহৰ বহু কৰণীয় থাকে। সৃষ্টিত শাৰিৰীকভাৱে স্বাভাৱিক স্ত্ৰী-জীৱকুলে সন্তান প্ৰসৱ কৰে আৰু নিজ নিজ বুজ শক্তিৰে সন্তানৰ প্ৰতিপালন কৰে। কিন্তু তাৰ মাজত মানুহ ব্যতিক্ৰম। বিবেক, জ্ঞান, চিন্তা শক্তি, পৰিয়াল আৰু সমাজ ব্যৱস্থা, সংস্কৃতি, ৰীতি-নীতি, পৰিৱেশ-পৰিস্থিতি আৰু যুগ অনুযায়ী সন্তানৰ প্ৰতিপালন, সুস্থ মানসিকতাৰ গঠন, জীৱন-জীৱিকা, ভৱিষ্যত ইত্যাদি বহুত দিশৰ প্ৰতি মানুহ দায়বদ্ধ সন্তান প্ৰতিপালনৰ ক্ষেত্ৰত। সকলোতকৈ ডাঙৰ কথা যে সন্তানক সুস্থ মানসিকতাৰ গৰাকী কৰি ভৱিষ্যতৰ এগৰাকী উপযুক্ত মানৱ সম্পদ হিচাবে গঢ় দিয়াত ৫০ শতাংশ ভূমিকা হ’ল মাতৃৰ; অৰ্থাৎ এক গধূৰ দায়িত্ব।
শৈশৱত পুতলাৰে দৰা-কইনা খেলোঁতেই কন্যা শিশু মনত এখন সংসাৰৰ বীজ ৰোপন হয়। এগৰাকী কন্যাৰ মানসিকতাত শৈশৱতে গঢ় লোৱা নাৰীত্ব তথা মাতৃত্ব এনেদৰে ধৰা দিয়ে। কোলাত আলফুলে পুতলা শুৱাই থকা অকমানীজনীৰ সত্তাত মাতৃৰ মমতাময়ী ৰূপ মায়াময়ভাৱে প্ৰকট হোৱা দেখা যায়। বাস্তৱত জীৱন আৰু শৰীৰৰ কষ্টকো নেওচি চূড়ান্ত প্ৰসৱ বেদনা সহি কোলালৈ অহা শিশুক প্ৰতিপাল কৰোঁতে মাতৃয়ে জীৱনৰ সমস্ত সুখ-সম্ভোগ ত্যাগ কৰে। এয়া স্বতঃস্ফূৰ্ত; স্বাভাৱিকতে এই দায়িত্ব পালনত এগৰাকী নাৰীয়ে নিজক পাহৰি যায়। সন্তানৰ এটি হাঁহিয়ে নাৰীক পাহৰায় প্ৰাক-প্ৰসৱ আৰু প্ৰসৱৰ কষ্ট, বেদনা আৰু যন্ত্ৰণাক। সমস্ত ত্যাগ, দুখ-কষ্ট, মমতা, অনুৰাগ, আবেগ ঢালি লালন-পালন কৰা সন্তানৰ বিবেক আৰু ব্যক্তিত্বই কি ৰূপ লয় সেয়া চূড়ান্ত লক্ষ্যণীয়। কিয়নো সন্তানে মাতৃয়ে প্ৰতি মুহূৰ্ত্তত জ্ঞাতে-অজ্ঞাতে দেখুৱাই যোৱা পথকে বেছিভাগ অনুসৰণ কৰে। সেয়া যোগাত্মক হ’লে সন্তান ভৱিষ্যতে সু-সন্তান হয় আৰু মাতৃয়ে অজানিতে যোৱা ঋণাত্মক পথে সন্তানৰ ওপৰত অহৰহ বিৰূপ প্ৰভাৱ পেলোৱাৰ ফল স্বৰূপে সন্তানৰ ব্যক্তিত্ব গঠনতো গৰিষ্ঠ প্ৰভাৱ পৰে। অনঃস্বীকাৰ্য যে নিজ ইচ্ছাকৃতভাৱে কোনো মাতৃয়ে সন্তানক অনুচিত পথে পৰিচালিত নকৰে।
কোৱা হয় যে শিশুৰ সৰ্বপ্ৰথম শিক্ষক হৈছে মাতৃ গৰাকী। সেয়ে মাতৃৰ মুখৰ ভাষাক মাতৃভাষা হিচাবে লৈ এটি সন্তানে কথা ক’বলৈ শিকে। পৰিয়াল, সমাজৰ ৰীতি-নীতি, সংস্কৃতি মাতৃৰ পৰা সন্তানে প্ৰথম শিকে। মাতৃৰ বুকুৰ অমিয়া পান কৰি শৰীৰ-মনৰ বিকাশ ঘটায়। মাতৃৰ বুকুৰ মাজত জীৱনৰ পৰম আশ্ৰয়স্থল বুলি গণ্য কৰি নিচিন্তমনে টোপনি যায়। সেয়েহে সন্তানৰ অকৃতকাৰ্যতা আৰু বিপথগামীতাৰ বাবে সমাজে পোনতে দায়বদ্ধ কৰে মাতৃ গৰাকীকে।
সন্তানৰ প্ৰতি মাতৃৰ গধূৰ দায়িত্ব। বিশেষকৈ ল’ৰা সন্তানক বিপথে যোৱাৰ পৰা উভতাই আনিব পাৰে মাতৃয়ে। সৰুৰে পৰা ল’ৰা সন্তানৰ সৎ আৰু শক্তিশালী ব্যক্তিত্ব গঢ়ি তুলিলে আমাৰ সমাজত কোনো ধৰ্ষণকাৰী নাথাকিব। ল’ৰা সন্তানৰ মনত শৈশৱত নাৰীৰ প্ৰতি শ্ৰদ্ধা গঢ়ি তুলিবলৈ মাতৃয়ে অহৰহ চেষ্টা কৰিব লাগে। কোনো বিষয়াই দুৰ্নীতি নকৰিব যদিহে মাতৃ গৰাকীয়ে সন্তানক সৰুতে নিকা আৰু সততা দিবলৈ চেষ্টা কৰে। কোনো দুৰ্ধৰ্ষ অপৰাধীৰ সৃষ্টি নহ’ব যদিহে মাতৃয়ে সন্তানক মানৱতাবোধ শিকায়। এইক্ষেত্ৰত অৱশ্যে কেৱল মাতৃ গৰাকীয়েই সম্পূৰ্ণ দায়বদ্ধ নহয়, পৰিৱেশ আৰু সমাজৰ বহু কেইটা দিশ আছে। তথাপি এইক্ষেত্ৰত মাতৃ গৰাকীৰ সৰ্বপ্ৰথম দায়িত্ব। ল’ৰাটো কেনেকুৱা মানসিকতাৰ বন্ধু মহলৰ সৈতে ঘনিষ্ঠ হৈছে, পঢ়া-শুনা কৰা বহুমূলীয়া সময় অবাবত নষ্ট কৰি ল’ৰাই ৰাতি এপৰলৈ ঘৰৰ বাহিৰত কি কৰি আছে, স্কুলত ল’ৰা বা ছোৱালীয়ে কেনে পাৰদৰ্শিতা দেখুৱাইছে, পঢ়া-শুনাৰ সমান্তৰালকৈ বয়স বৃদ্ধিৰ লগে লগে ঘৰুৱা দায়িত্ব কিমান পালন কৰিছে, ডাঙৰৰ প্ৰতি বা সৰুৰ প্ৰতি কেনে ব্যৱহাৰ কৰিছে, কিমান দূৰ শিষ্টাচাৰ পালন কৰিছে, কোনটো বিষয় লৈ সন্তানে কি পঢ়া-শুনা কৰিব, সন্তানৰ ৰুচি অভিৰুচি অনুযায়ী খেল-ধেমালি বা সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰতি উদ্বুদ্ধ কৰি প্ৰতিভাৰ বিকাশ ঘটোৱা, পিতৃ মাতৃ তথা পৰিয়ালৰ প্ৰতি সন্তানক দায়বদ্ধ কৰি তোলা, ৰাজনৈতিক সচেতনতা প্ৰদান কৰা, বিশেষকৈ কন্যা সন্তানক যৌন শিক্ষা দিয়া, শাৰিৰীক আৰু মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় ব্যায়াম ঘৰতে কৰোৱাৰ অভ্যাস কৰাকে আদি কৰি অলেখ শিক্ষা মাতৃ গৰাকীয়ে দিয়াৰ চেষ্টা কৰিলে প্ৰতিটো পৰিয়ালৰ ল’ৰা অথবা কন্যা সন্তান ভৱিষ্যতে একো গৰাকী উৎকৃষ্ট মানৱ সম্পদ হৈ গঢ় লৈ উঠিব।
অৰ্থাৎ মাতৃ গৰাকী সজাগ আৰু সচেতন হ’বই লাগিব। সাম্প্ৰতিক সময়ত পিতৃ মাতৃৰ আটাইতকৈ ডাঙৰ আপত্তিটো হ’ল সন্তানৰ টিভি, মোবাইলৰ প্ৰতি ক্ৰমাৎ বাঢ়ি অহা অতি-আশক্তি। কুমলীয়া বয়সৰ সন্তানক পঢ়িবলৈ দি মাতৃয়ে নিজে টিভি চোৱা অথবা অপ্ৰয়োজনীয়ভাৱে মোবাইল ফোনটো হাতত লৈ ডুব গৈ থাকিলে সন্তানৰ মানসিকতা ধ্বংস হোৱাৰ সম্ভাৱনা অধিক। সন্তান প্ৰতিপালনৰ সময়ছোৱা মাতৃৰ ত্যাগ আৰু তপস্যা সদৃশ। পঢ়া-শুনা কৰাৰ সলনি খেল-ধেমালি, আমোদ-প্ৰমোদৰ প্ৰতি কুমলীয়া বয়সত শিশু সহজেই আকৃষ্ট হয়। সেয়ে মাতৃ গৰাকী এইক্ষেত্ৰত সজাগ হোৱা উচিত। মনোৰঞ্জন শিশুৰ বাবে নিতান্তই প্ৰয়োজন। কিন্তু বেছি সময় এনেবোৰ মনোৰঞ্জনত ডুব যোৱাৰ সলনি গীত, নীতি শিক্ষামূলক সাধুকথাৰ সোৱাদ দিবলৈ চেষ্টা কৰিলে শিশুৱে সংস্কৃতি আৰু নৈতিকতা শিকিব। অধিক সময় ইলেকট্ৰনিক যন্ত্ৰৰ সংস্পৰ্শত থাকিলে শিশুৰ দৃষ্টি শক্তিৰ ক্ষতি হোৱাৰ লগতে আন শাৰিৰীক আৰু মানসিক ক্ষতিও যথেষ্ট হয়। তেনে শিশুৰ ধৈৰ্য শক্তি, সৃষ্টিমূলক চিন্তা শক্তি লোপ পাই খিংখিঙিয়া স্বাভাৱৰ হৈ উঠে। চিন্তাৰ পৰিধি তেনেই সীমিত হয়। পৰ্যায়ক্ৰমে শিশু হতাশাগ্ৰস্ত হৈ উঠে। আৰু পৰিয়ালৰ অজানিতে তেনে শিশু নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিচাসক্ত হোৱাৰ উদাহৰণ অলেখ আছে।
শিশুক পিতৃ মাতৃয়ে, বিশেষকৈ মাতৃ গৰাকীয়ে যথেষ্ট সময় দিয়াটো জৰুৰী। তাৰ দুটা কাৰণ-(১) শিশু মূলতঃ মাতৃৰ প্ৰতি আসক্ত (২) একাংশ পৰিয়ালৰ পিতৃ কৰ্মৰত হোৱা হেতুকে দিনটোৰ অধিক সময় ঘৰৰ বাহিৰতে কটাব লগা হয়। অৱশ্যে কেতিয়াবা মাতৃও কৰ্মৰত হয়। সৰুতে অকলশৰীয়া অনুভৱ কৰা শিশুৱে পিতৃ মাতৃৰ বৃদ্ধ কালত সময় দিবলৈ বা দায়িত্ব পালন কৰিবলৈ নিশিকিব। অকলশৰীয়া শিশুৰ মন মানৱতাবোধ গঢ় লোৱাৰ পৰিপন্থী হয়। যাৰ ফলত বৰ্তমান সমাজখনত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আহি পৰিছে। আমাৰ বাবে এয়া চৰম দুখজনক আৰু লজ্জাজনক কথা। জন্ম দি নিজ হাতে লালন-পালন কৰা সন্তানে বৃদ্ধাৱস্থাত পিতৃ মাতৃক বোজা বুলি গণ্য কৰে। মাতৃ গৰাকীয়ে ক্ষুদ্ৰ স্বাৰ্থ এৰি পৰিয়ালৰ জ্যেষ্ঠ জনৰ প্ৰতি দায়বদ্ধতা পালনত পিতৃক সম্পূৰ্ণ সহযোগিতা আগবঢ়াই পৰিয়ালৰ শিশুৰ বাবে নিজে দৃষ্টান্ত হ’ব লাগিব যাতে সেই শিশু ডাঙৰ হৈ মাতৃৰ আদৰ্শ লৈ পিতৃ মাতৃ তথা আন জ্যেষ্ঠজনৰ প্ৰতি দায়বদ্ধ হ’ব পাৰে (অৱশ্যে মাতৃ গৰাকীৰ পৰিয়ালৰ প্ৰতি পিতৃৰো একে দায়বদ্ধতা থাকে)। আন কথাত মাতৃত্বৰ সম্পূৰ্ণ অৰ্থ হ’ল মহৎ ত্যাগ। সেয়ে মহৎ লোকে কৈছে- “There is eternal influence and power in motherhood.” (Julie B. Beck)
শিশুৰ লালন-পালনত মাতৃ বৈজ্ঞানিক চিন্তা-ধাৰাৰে সমৃদ্ধ হোৱা অতি জৰুৰী। ৰক্ষণশীলতা, অন্ধবিশ্বাস, পুৰণিকলীয়া কু-সংস্কাৰ আদি ধাৰণাৰ বিপৰীতে যুক্তি, নৈতিকতা, দায়বদ্ধতা, প্ৰগতিশীলতা, সততা, সৰল অথচ গভীৰ আৰু দৃঢ় জীৱনবোধ, জ্ঞান, বৈজ্ঞানিক দৃষ্টিভংগী আদিৰে শিশুক সমৃদ্ধ কৰি শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী কৰি গঢ়ি তোলাৰ অহৰহ প্ৰচেষ্টাত থকা উচিত মাতৃ। সেয়েহে মাতৃ গৰাকীয়ে চাকৰি কৰক বা নকৰক, শিক্ষিতা হোৱা বাঞ্ছনীয়। নিজ কন্যা সন্তানক ভৱিষ্যতৰ এখন সুস্থ সমাজৰ হোতা কৰি তুলিবলৈ আজিৰ মাতৃয়ে ল’ৰাৰ লগতে কন্যা সন্তান গৰাকীকো উপযুক্ত শিক্ষা প্ৰদান কৰা অতি প্ৰয়োজনীয়।
বৰ্তমানৰ প্ৰতিযোগিতাৰ ধামখুমিয়াত শিশুৱে যাতে মনোবল হেৰুৱাই হতাশাত নুভুগে, তাৰ প্ৰতি মাতৃ অধিক সচেতন হ’বই লাগিব। আজিৰ সমাজত একাংশ মাতৃয়ে নিজ সন্তানক বাৰে বাৰে আন শিশুৰ লগত তুলনা কৰি জুৰুলা কৰি তোলে নিজৰ সন্তানৰ মানসিকতা। একাংশ মাতৃয়ে শিশুৰ ওপৰত জাপি দিয়ে অতি-আকাংক্ষা (over expectation)ৰ বোজা।তেনে সমস্যাত ভুগা শিশু অনাহকত জেদী আৰু হতাশাত ভুগি নিজক গঢ় দিবলৈ প্ৰয়োজনীয় জীৱনৰ সোণালী সময় হেৰুৱাই পেলায়। ফলত শিশু বিপথগামী হোৱাৰ সম্ভাৱনা থাকে। এই দিশটোৰ প্ৰতি মাতৃ সততে সজাগ হ’ব লাগে। অৰ্থাৎ সদায় সন্তানৰ ক্ষমতা আৰু দক্ষতাক সঠিক ৰূপত জুখি চাইহে সন্তানৰ পাৰদৰ্শিতা নিৰ্ণয় কৰিব লাগে। অন্যথা সন্তান হতাশাগ্ৰস্ত হয়, নহয় মিছা ক’বলৈ বাধ্য হয়। ফলত কপততা গঢ় লৈ উঠে মানসিকতাত।
শিশুৰ মাজত তুলনা কেতিয়াও সমিচীন নহয়। আন শিশুৰ মাজত নিজ সন্তানক শ্ৰেষ্ঠত্ব দিবলৈ সদায় প্ৰেৰণা, মৰম আৰু উৎসাহ যোগাব লাগে শিশুক। শিশুৰ আলফুলীয়া, কোমল মনত কেৱল মৰম, উৎসাহে সাঁচ বহুৱায়, তুলনা আৰু কটুক্তিৰে নহয়।
এনে বহু কথা আছে, কাকত-আলোচনীৰ মাথো এটা স্তম্ভত সকলোখিনি সামৰি আলোচনা কৰা সম্ভৱ নহয়। সেয়া নিশ্চয়কৈ পৰৱৰ্তী সময়লৈ থলোঁ।