অৰ্ধ আকাশঃ প্ৰতি মংগলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া লেখা
নাটকৰ বুকুত বাস্তৱৰ নাৰীঃ এটি সংক্ষিপ্ত অনুভৱ
— অজন্তা তালুকদাৰ, বোকাখাত।
চৌষষ্ঠি কলাৰো শ্ৰেষ্ঠ বুলি নাটকক সভ্যতাৰ আৰম্ভণিৰে পৰা গণ্য কৰি অহা হৈছে। পুৰণি কালৰ পৰা আজি পৰ্যন্ত নাটকৰ উদ্দ্যেশ্য হ’ল জনসাধাৰণৰ মাজত মনোৰঞ্জনৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰা।
পুৰণি দিনত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত নাটক সমূহ ধৰ্ম শাস্ত্ৰৰ কাহিনী কেন্দ্ৰিক আছিল। পাছলৈ ক্ৰমে ৰজা-মহাৰজা, ৰাজবংশৰ কাহিনীয়ে নাটকত স্থান পাবলৈ ল’লে আৰু পৰ্যায়ক্ৰমে আধুনিক যুগৰ সূচনাৰ লগে লগে সৰ্বসাধাৰণৰ জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ কাহিনী নাটকৰ বিষয়বস্তু হৈ পৰিল।
সাহিত্যৰ সৰ্ব অংগৰ দৰে নাটকতো প্ৰতিটো যুগৰ সমাজ আৰু সময়ৰ প্ৰতিফলন ঘটে। পুৰুষ আৰু প্ৰকৃতি মিলি এখন সমাজ হয়। সেয়ে সমাজ বুলিলে প্ৰকৃতি অৰ্থাৎ নাৰী এক এৰাব নোৱাৰা বিষয়। বিশ্বৰ বিভিন্ন প্ৰান্তত যুগে যুগে কালজয়ী নাটকৰ ৰচনা হৈছে আৰু এই নাট সমূহৰ জৰিয়তে সেই সমাজ ব্যৱস্থাত নাৰীৰ স্থানৰ বিষয়ে জনা যায়। এই লেখাত অতি চমুকৈ তেনে কিছু কথাই আলোচনা কৰাৰ প্ৰয়াস কৰিলোঁ।
পৌৰাণিক যুগত মঞ্চত পুৰুষৰ সৈতে মহিলাৰ প্ৰৱেশৰ প্ৰথা নাছিল। নাৰী চৰিত্ৰ সমূহ পুৰুষ অভিনেতাৰ দ্বাৰাই ৰূপায়ন কৰা হৈছিল। নাটক প্ৰস্ফূটিত হৈছিল গ্ৰীচত খ্ৰীষ্টপূৰ্ব ৫৫০ আৰু ২২০ চনৰ ভিতৰত; পৌৰাণিক গ্ৰীক নাট সমূহতো একেই ব্যৱস্থা দেখা যায়। বৈষ্ণৱ যুগৰ পৰা কুৰি শতিকাৰ এটা পৰ্যায়লৈ অসমতো একেই প্ৰথা প্ৰযোজ্য আছিল, অৰ্থাৎ নাৰী চৰিত্ৰৰ ৰূপায়ন পুৰুষ অভিনেতাই কৰিছিল। অথবা শ্যেক্সপীয়েৰৰ যুগৰ নাটকতো একেই ব্যৱস্থা দেখা গৈছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মঞ্চত পুৰুষৰ সহ-অভিনয়ত নাৰীৰ প্ৰৱেশ ঘটিল। নাৰীৰ সংবেদনশীলতা, সমস্যা, আবেগ, অনুভৱ সকলো এগৰাকী অভিনেত্ৰীয়ে সমগ্ৰ নাৰী সমাজক প্ৰতিনিধিত্ব কৰি মঞ্চত স্বাভাৱিক ৰূপত উপস্থাপন কৰাৰ সুযোগ পালে। এটি নাৰী চৰিত্ৰ পুৰুষ অভিনেতাই যিমানেই স্বাভাৱিক ৰূপত ৰূপায়ন নকৰক কিয়, এগৰাকী মহিলাৰ অভিনয়ত নাৰী সত্তাৰ সকলো বৈশিষ্ট্যৰে সেই চৰিত্ৰই যথাৰ্থতে প্ৰাণ পাই উঠে। মঞ্চত চৰিত্ৰটি বাস্তৱ জীৱনৰ প্ৰতিমূৰ্ত্তি হৈ ধৰা দিয়ে। ফলত পুৰুষ প্ৰধান সমাজখনত নাৰী মনোজগতৰ সকলো দ্বন্দ, আবেগ, সংঘাত, সমস্যাৰ বাৰ্তা পোনচাটেই দৰ্শকৰ মনোজগতত প্ৰৱেশ কৰে। চৰিত্ৰটিৰ জৰিয়তে নাট্যকাৰৰ দৰ্শন আৰু বাৰ্তা দৰ্শকৰ বোধগম্য হোৱাত সফল হয় নাট্যকাৰ।
যা হওক, এতিয়া আহোঁ এটি সংবেদনশীল বিষয়বস্তুলৈ- প্ৰসংগঃ নাটকত নাৰীৰ সংবেদনশীলতা আৰু অনুভূতিৰ স্বকীয়তা। কুৰি শতিকাৰ মাজভাগলৈ সমগ্ৰ বিশ্বতে লিংগ বৈষম্য আছিল; পুৰুষক মুখ্য আৰু নাৰীক সমাজৰ গৌণ অংশ হিচাবে গণ্য কৰা হৈছিল। নাৰীৰ সংবেদনশীলতা, ব্যক্তি স্বতন্ত্ৰতা, অধিকাৰ, সমতা, শিক্ষাকে আদি কৰি বহু গুৰুত্বপূৰ্ণ দিশ পুৰুষতান্ত্ৰিক সমাজখনে দমন কৰি ৰাখিছিল। গতিকে বিভিন্ন যুগৰ নাট্যকাৰ সকলে নাৰীৰ ন্যায্য আৰু বিচাৰ্য বিষয় সমূহ কেনে দৃষ্টিভংগীৰে চাইছে বা এই সন্দৰ্ভত কি বাৰ্তা সমাজলৈ দিছে সেয়া স্বাভাৱিকতে জনাৰ হাবিয়াস থাকে।
অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ বাবে নাটক লিখিছিল, প্ৰদৰ্শন কৰিছিল। ‘চিহ্নযাত্ৰা’ নাটখনি প্ৰদৰ্শন কৰি গুৰুজনাই দৰ্শকলৈ নিজৰ আদৰ্শ, দৰ্শনৰ বাৰ্তা প্ৰেৰণৰ বাট মুকলি কৰিছিল। সেই যুগতেই মহাপুৰুষজনাৰ নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সহনশীলতা আছিল আৰু নাটক সমূহত সেয়া স্পষ্ট হৈছিল। গুৰুজনাৰ ভক্তিমূলক নাট সমূহত নাৰীক মহিয়সী ৰূপে অংকন কৰিছে। গুৰুত্বপূৰ্ণ কথা যে তেওঁ ৰচনা কৰা অংকীয়া নাট- ক্ৰমে পত্নী প্ৰসাদ, কেলি গোপাল, কালীয় দমন, ৰূক্মিনী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয় আটাইকেইখনতে নাৰী চৰিত্ৰ সমূহৰ প্ৰাধান্য আছে। নাটকৰ গতি আৰু ক্লাইমেক্সত নাৰী চৰিত্ৰ সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা দেখা যায়।
কিন্তু তাৰ বিপৰীতে গুৰুজনাৰ প্ৰায় সমসাময়িক কিংবদন্তি নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰৰ নাটক ধৰ্ম শাস্ত্ৰৰ বিষয়বস্তুৰ পৰা মুক্ত আছিল। শ্যেক্সপীয়েৰে পৌৰাণিক কাহিনী, সমসাময়িক ঘটনা আদিৰ পটভূমিত নাটক লিখিছিল যদিও শংকৰদেৱৰ তুলনাত শ্যেক্সপীয়েৰৰ নাৰী চৰিত্ৰ সমূহ মহিয়সী নাছিল। শ্যেক্সপীয়েৰৰ নাটকত নাৰী চৰিত্ৰৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছিল, কেতিয়াবা মুখ্য ভূমিকাতো নাৰীক দেখা গৈছে। কিন্তু সাধাৰণতে নাৰী চৰিত্ৰ পুৰুষ চৰিত্ৰৰ তুলনাত গৌণ, নিম্ন মান বিশিষ্ট, স্বাৰ্থপৰ, সবল অথচ নৈতিকতাহীন। ‘মেকবেথ’ত লেডী মেকবেথৰ চৰিত্ৰ হত্যাকাৰীক উচটাই ৰাজপাট খাব খোজা স্বাৰ্থপৰ খলনায়িকাৰ ৰূপত প্ৰকট হৈছে। আকৌ, বিশ্বাসঘাটকতাৰ প্ৰতীক হিচাবেও অংকন কৰিছে নাৰীক। ‘হেমলেট’ নাটকৰ সেই বহুল চৰ্চিত সংলাপে শ্যেক্সপীয়েৰৰ দৃষ্টিত নাৰীৰ ভাৱমূৰ্তি অধিক ৰহস্যঘন কৰি তোলে- Frailty thy name is woman! দৰাচলতে নাৰীৰ ভাৱমূৰ্তি কেনে আছিল শ্যেক্সপীয়েৰৰ সমসাময়িক সমাজৰ?
কুৰি শতিকাৰ আৰম্ভণিত আইৰিছ মূলৰ নাট্যকাৰ জৰ্জ বাৰ্ণাৰ্ড শ্ব-ই নাটকত নাৰী চৰিত্ৰৰ অংকন কৰিছে চমকপ্ৰদভাৱে। তেওঁৰ নাৰী চৰিত্ৰ সমূহ ৰূপহী আৰু বুদ্ধিমতী, সৰব, স্বয়ং সম্পূৰ্ণা। আনহাতে ইয়াৰ বিপৰীতে তেওঁৰ নাটকৰ নায়ক সকল দুৰ্বল, নাৰী চৰিত্ৰৰ ওপৰত নিৰ্ভৰশীল, নিষ্প্ৰাণ অথচ অমায়িক, কাণ্ডজ্ঞানহীন। উল্লেখ্য যে নাৰীবাদ বিষয়টো বহুলভাৱে চৰ্চিত হোৱাৰ বহু আগতেই শ্ব-ই নাৰী বিষয়ক বাৰ্তা নিজৰ নাট সমূহত অংকিত নাৰী চৰিত্ৰৰ জড়িয়তে প্ৰেৰণ কৰিছিল সমাজলৈ। বৃটিচ মঞ্চত নাৰীক নতুনত্ব প্ৰদান কৰি নাটকত নাৰী চৰিত্ৰ অংকন কৰা শ্ব হৈছে প্ৰথম গৰাকী নাট্যকাৰ। শ্ব-ই Cleopatra, Joan of Arc আৰু Catherine II এই তিনি মহৎ ঐতিহাসিক নাৰী চৰিত্ৰৰ সৃষ্টিৰ জৰিয়তে নাৰীৰ স্বকীয়তাক নাটকত অনন্য ধৰণে প্ৰতিষ্ঠা কৰি গৈছে। বাৰ্ণাৰ্ড শ্ব সেয়েহে বিৰল; তেওঁক এগৰাকী ‘পুৰুষ নাৰীবাদী’ ৰূপে গণ্য কৰা হয়।
১৯ শতিকাৰ শেষৰফালৰ নাট্যকাৰ হেনৰিক ইবচেন এনে এগৰাকী নাৰীবাদী নাট্যকাৰ । ইবচেনৰ এখন বিশ্ব সমাদৃত নাট A Doll’s House ত সমাজত নাৰীৰ স্থান সন্দৰ্ভত ইবচেনক সজাগ হোৱা দেখা যায়। এইখন নাটকৰ বিষয়বস্তুত নাৰীৰ নিজৰ প্ৰতি কৰ্তব্য, স্বকীয়তা আহৰণ আৰু অধিকাৰে প্ৰাধান্য পাইছে। ইবচেনে নাৰী চৰিত্ৰক সবল, শক্তিশালী কণ্ঠ প্ৰদান কৰিছে। নোৰা হেলমাৰ, মিছেছ এলভিং, হেড্ডা গেব্লাৰ, হিল্ডা ৱাংগেল আদি ইবচেনৰ ভিন ভিন নাটকৰ ভিন্ন তেজস্বী নাৰী চৰিত্ৰ।
প্ৰসংগক্ৰমে কুৰি শতিকাৰ ভাৰতীয় নাটকৰ অন্যতম গুৰি ধৰোঁতা দুই প্ৰসিদ্ধ নাট্যকাৰ বিজয় টেণ্ডুলকাৰ আৰু গিৰিশ কাৰ্ণাডৰ নাটকৰ উল্লেখ কৰিব পৰা যায়। দুয়ো নাট্যকাৰৰ নাটকত নাৰী চৰিত্ৰৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখনীয়। প্ৰথম, দুয়োৰে নাটকত পুৰুষ প্ৰধান সমাজৰ দমন, শোষণ, নিষ্ঠুৰতাত নিপীড়িত ভুক্তভোগী এখিনি নাৰীৰ মৌন পীড়া। দ্বিতীয়তে এই সকলোবোৰৰ বিৰুদ্ধে প্ৰতিবাদত মুখৰ এখিনি বিদ্ৰোহী আৰু সাহসী নাৰী চৰিত্ৰ। এই দুই নাট্যকাৰে সমাজৰ লিংগ বৈষম্য আৰু পুৰুষতন্ত্ৰত পীড়িত নাৰীৰ পীড়া তেওঁলোকৰ নাট সমূহত অংকন কৰিছে। নাৰীৰ অধিকাৰ, সন্মান, স্বাধীনতা, আত্ম পৰিচয়, পূৰ্ণতাৰ হাবিয়াস, আজীৱন সঁহি অহা নিৰ্যাতনৰ বিৰুদ্ধে ক্ষোভ আদি এনেবোৰ চৰিত্ৰৰ মূল বৈশিষ্ট্য। বিজয় টেণ্ডুলকাৰৰ Silence! The Court Is in Session, Sakharam Binder, Kamala, Kanyadan, গিৰিশ কাৰ্ণাডৰ Yayati, Bali : The Sacrifice, Hayavadana and Naga-Mandala আদি নাটক ইয়াৰ উদাহৰণ।
মহিলা নাট্যকাৰ সকলৰ এই ক্ষেত্ৰত উল্লেখনীয় অৱদান আছে। কুৰি শতিকাৰ মহিলা নাট্যকাৰ কেৰিল চাৰ্চিলৰ Top Girls নাটকৰ কথা উল্লেখনীয়। প্ৰখ্যাত নাৰীবাদী নাটকৰ অন্যতম কেৰিলৰ এইখন নাট। ৭০ আৰু ৮০ ৰ দশকত বৃটিছ মহিলাৰ ব্যক্তিগত আৰু পেচাগত জীৱনৰ এক সম্পৰীক্ষা ডাঙি ধৰিছে নাট্যকাৰে Top Girls নাটকৰ জড়িয়তে। ৮০ ৰ দশকৰ আগভাগৰ ব্ৰিটেইনৰ পটভূমিৰ এইখন নাটকৰ জড়িয়তে সফল নাৰীৰ অৰ্থ আৰু সংজ্ঞাৰ অন্বেষণ কৰিছে নাট্যকাৰে।
সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰতিষ্ঠিত আমেৰিকান মহিলা নাট্যকাৰ চাৰাহ ৰাল (Sarah Ruhl)ৰ In the Next Room নাটকত ভিক্ট’ৰিয়ান যুগৰ নাৰীৰ যৌনতা, আকাংক্ষা আৰু বদ্ধমূল ধাৰণাক বিষয়বস্তু হিচাবে লোৱা হৈছে।
সাম্প্ৰতিক ভাৰতীয় নাটকত নাৰীবাদী ধ্যান ধাৰণাৰ এনে কেইগৰাকীমান প্ৰখ্যাত মহিলা নাট্যকাৰৰ নাম উল্লেখযোগ্য – পলি সেনগুপ্তা (ইংৰাজী), বৰ্ষা আদালজা (গুজৰাটী), মঞ্জুলা পদ্মনাভন (ইংৰাজী), ত্ৰিপুৰাৰী শৰ্মা (ইংৰাজী আৰু হিন্দী), ড° কুসুম কুমাৰ (হিন্দী), ইৰপিন্দাৰ ভাটিয়া (হিন্দী), নীলম মানসিং চৌধুৰী (পাঞ্জাৱী) আদি।
অসমীয়া নাট্য সাহিত্য ইয়াৰ ব্যতিক্ৰম নহয়। তাৰে ভিতৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক বিশেষভাৱে উল্লেখনীয়। ৰূপকোঁৱৰৰ ‘ৰূপালীম’ নাটকত দুই প্ৰধান নাৰী চৰিত্ৰ ৰূপালীম আৰু ইতিভেনক সমাজৰ দুই ভিন্ন মেৰুত অৱস্থান কৰা দুটি শক্তিশালী চৰিত্ৰৰ ৰূপত দেখা যায়। তেনেদৰে ৪২ৰ গণবিপ্লৱ আৰু দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচিত ‘লভিতা’, অসমৰ লোক-কথাৰ ভিত্তিত ৰচিত ‘নিমাতী কইনা’, মধ্যযুগৰ সামন্তবাদী সমাজৰ পটভূমিত এক কল্পিত কাহিনীৰ আধাৰত ৰচিত ‘কাৰেঙৰ লিগিৰী’ আদি তেনে উদাহৰণ। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘হষবৰল’ নাটকত আধুনিক শিক্ষিতা নাৰীৰ এটা চাৰিত্ৰিক দিশ ফুটাই তুলিবলৈ যত্ন কৰা হৈছিল। সত্যপ্ৰসাদ বৰুৱাৰ ব্যতিক্ৰমী নাটক ‘নায়িকা নাট্যকাৰ’ত পৰম্পৰাগত বিবাহ আৰু বৈবাহিক জীৱনৰ ধাৰণাক প্ৰত্যাহ্বান জনোৱা শক্তিশালী নাৰী চৰিত্ৰ দেখা যায়।
দৰাচলতে এই বিষয়টো অতি গভীৰ আৰু বিস্তৃত। কি বিশ্ব সাহিত্য, কি অসমীয়া সাহিত্য, এটা স্তম্ভ লেখাত সকলোবোৰ কথা সামৰা অসম্ভৱ। সেয়েহে এই লেখা মাথো অনুভৱৰ এটি সংক্ষিপ্ত প্ৰকাশ। সীমিত উদাহৰণহে ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে; কিছু পৰৱৰ্তী সময়লৈ থলোঁ। উল্লেখ কৰিবলৈ অপাৰগ হোৱা বহু উল্লেখনীয় প্ৰসংগ আৰু অনিচ্ছাকৃত ত্ৰুটিৰ বাবে পঢ়ুৱৈৰ ওচৰত মাৰ্জনা বিচাৰিলোঁ।