অৰ্ধ আকাশঃ প্ৰতি মঙলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান
তোলনি বিয়া নে বিগ বাজেটৰ প্ৰকল্প?
— অজন্তা তালুকদাৰ, বোকাখাত।
এগৰাকী পাট গাভৰুৰ শৰীৰত নাৰীত্ব প্ৰাপ্তি হয় পুষ্পিতাৰ দ্বাৰা। সৃষ্টিৰ ধাৰাবাহিকতা ৰক্ষাত এয়া প্ৰকৃতিৰ অনন্য ৰীতি।
শাৰীৰিক পৰিৱৰ্তনে এগৰাকী কিশোৰীৰ মন প্ৰভাৱিত কৰে। চাল-চলন, কথা-বতৰা, ৰুচি-অভিৰুচিত স্বাভাৱিকতে পৰিৱৰ্তন আহে। কিশোৰী গৰাকীৰ প্ৰতি পৰিয়ালৰ নাৰী সদস্যৰ যথেষ্ট দায়বদ্ধতা আহি পৰে। বিশেষকৈ মাতৃৰ। হঠাতে হোৱা শাৰীৰিক পৰিৱৰ্তনে বহু সময়ত কিশোৰী গৰাকীক আচম্বিত কৰি তোলে। এই অৱস্থাত কিশোৰী গৰাকী মানসিকভাৱে সংকুচিত হৈ পৰে। এক স্পৰ্শকাতৰ সময়। মাতৃয়ে এই পৰিৱৰ্তনৰ কাৰণৰ সৰল ব্যাখ্যা ডাঙি ধৰি কন্যা সন্তানক নিৰ্ভয় প্ৰদান কৰা জৰুৰী। লগতে স্বাস্থ্যসন্মত বিধি সমূহ পালন কৰাৰ বাবে কন্যা সন্তানক পৰামৰ্শ দিয়া বাঞ্ছনীয়। অৱশ্যে পৰম্পৰাগতভাৱে প্ৰতিখন সমাজৰ মাতৃয়ে এই ক্ষেত্ৰত মমতা আৰু দায়বদ্ধতাৰে কন্যা সন্তানক জীৱনৰ নতুন পথেৰে আগবঢ়াই লৈ যায়। আমাৰ সমাজত মাহ-হালধিৰে নোৱাই-ধুৱাই, নতুন সাজ-অলংকাৰেৰে ন কইনাৰ দৰে সজাই-পৰাই নীতি-নিয়মেৰে আয়তী সকলে মংগল-উৰুলিৰে আশীৰ্বাদ দি নতুন জীৱনলৈ আগবঢ়াই দিয়ে পাট গাভৰুক। বহু পুৰণি কালৰ পৰা এই প্ৰথা চলি আহিছে। এয়াই তোলনি বিয়া। অৱশ্যে এই প্ৰসংগত আন এক বিষয় লৈ আজিৰ আলোচনা। কিয়নো বৰ্তমান সময়ত তোলনি বিয়াই অন্য ৰূপ লোৱা দেখা গৈছে।
পূৰ্বৰ তুলনাত কিন্তু তোলনি বিয়াখন আয়তী সকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। এই প্ৰথাত দৰাচলতে পুৰুষৰ ভূমিকা নাই। আগৰ দিনত তোলনি বিয়াত পুৰুষ অতিথি যোৱাৰ প্ৰথা নাছিল। কিন্তু এতিয়া মহিলাৰ সৈতে পুৰুষ সকলেও সমানে তোলনি বিয়াৰ নিমন্ত্ৰণ পায় আৰু ৰক্ষা কৰিবলৈ যায়। প্ৰাপ্তবয়স্ক যুৱতীৰ বিয়া আৰু কিশোৰীৰ তোলনি বিয়া এতিয়া সমপৰ্যায়ৰ হৈ উঠা দেখা গৈছে। অৰ্থাৎ বৰ্তমান পৰ্বতসম মূল্য বৃদ্ধিৰ দিনত আমাৰ আৰ্থ-সামাজিক ব্যৱস্থাত একোটা মধ্যবিত্ত, নিম্ন মধ্যবিত্ত পৰিয়ালত তোলনি বিয়া মানে এক ‘চুপাৰ বিগ বাজেট’ৰ প্ৰকল্প। উচ্চ মধ্যবিত্ত পৰিয়ালত যিদৰে জাকজমকেৰে একোখন তোলনি বিয়া পতাৰ প্ৰথাৰ সৃষ্টি হৈছে, সমাজৰ আন শ্ৰেণীৰ ওপৰতো তাৰ প্ৰভাৱ পৰিছে।
পৰিয়াল, চুবুৰীয়া, সহকৰ্মী, বন্ধু মহলৰ লগতে যথাসম্ভৱ পৰিচিত মহলৰ এক বৃহৎ সংখ্যক অতিথি নিমন্ত্ৰণ কৰি প্ৰাপ্তবয়স্কৰ বিয়াৰ দৰে ৰভা অথবা বিবাহ বাহৰৰ ব্যৱস্থা, বিলাসী খাদ্য সম্ভাৰ, পুষ্পিতা হোৱা কিশোৰীক দামী অলংকাৰ-সাজপাৰ আৰু নামী-দামী সৌন্দৰ্য বিশেষজ্ঞ/বিশেষজ্ঞাৰ দ্বাৰা খৰচী মে’ক আপ, পেছাদাৰী ফটোগ্ৰাফাৰৰ ব্যৱস্থাকে আদি কৰি মুঠতে তোলনি বিয়া মানেই এক বিলাস বহুল কাৰবাৰ। কোনোবা সমাজত ৰাতিলৈ ডি জে পাৰ্টি আদি কৰাও দেখা যায়। তোলনি বিয়াৰ পাৰম্পৰিক ৰীতি প্ৰথাৰ সৈতে এনেবোৰ কথাৰ একো সম্পৰ্ক নাই। উচ্চ মধ্যবিত্তৰ বাবে এয়া সাধ্যৰ ভিতৰতে বুলি বাৰু বুজা যায়। কিন্তু মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ বাবে? এই বৃহৎ খৰচৰ ওপৰিও কিন্তু কন্যা সন্তানৰ পঢ়া-শুনা, প্ৰতিপালন আৰু প্ৰাপ্তবয়স্ক বয়সত বিয়া-বাৰুৰ এক নিশ্চিত খৰচ থাকে। একাংশ পৰিয়ালত আকৌ কন্যাৰ লগতে ল’ৰা সন্তানও থাকে। প্ৰতিটো সন্তানৰ ক্ষেত্ৰত খৰচৰ অংকটো কিন্তু একেই।
সমাজত উচ্চ মধ্যবিত্তৰ সৈতে প্ৰতিযোগিতাত নামি মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তইও এনেদৰে তোলনি বিয়া পাতিবলৈ লোৱা দেখা গৈছে। বহু দৰিদ্ৰ পৰিয়ালে পশুধন বিক্ৰী কৰি, মাটি বন্ধকত দিও জীয়ৰীৰ বাবে পাট-মুগাৰ সাজ এযোৰ, অলংকাৰ এপদ কিনা দেখা যায়। মধ্যবিত্তই তাৰ বাবে প্ৰয়োজন হ’লে আত্মসহায়ক গোটৰ ঋণ ল’বলৈকো সাজু।
অপ্ৰিয় সত্য যে এগৰাকী কিশোৰীক জীৱনৰ এনে এটি সন্ধিক্ষণত নাৰীত্ব, জীৱন, দায়বদ্ধতা সম্পৰ্কে মধুময় ধাৰণা দি অনাগত জীৱনত পোহৰ পথেৰে আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়াৰ বিপৰীতে এই সমাজখনে কিন্তু প্ৰদৰ্শনমূলক নীতিৰে সন্তানক বস্তুবাদী হ’বলৈহে একপ্ৰকাৰ উচতাই দিয়াৰ সদৃশ কথা হৈছে। এই বৃহৎ জকমকীয়া তোলনি বিয়াখনত এগৰাকী প্ৰাপ্তবয়স্ক কইনাৰ দৰে অতি বিলাসী সাজ-সজ্জা কৰি, প্ৰাপ্তবয়স্ক মডেলৰ দৰে কেমেৰাৰ সন্মুখত ৰৈ, দামী উপহাৰৰ টোপোলাৰ হেঁচাত সোমাই জীৱনৰ এই সন্ধিক্ষণত এগৰাকী কিশোৰীয়ে কেনে ধৰণৰ নৈতিক, মানসিক, বিজ্ঞান সন্মত শিক্ষা ল’লে সেই কথাৰ গূঢ়াৰ্থ কিমান অভিভাৱকে উপলব্ধি কৰিছোঁ বাৰু? অথবা এনে ধৰণৰ একোখন তোলনি বিয়া সমাজত কিশোৰী গৰাকীৰ গাভৰু জীৱনৰ এক বিজ্ঞাপনৰ লেখিয়া হোৱা নাইনে! এই সময়তে পোৱা চিকমিকনিয়ে কিশোৰীৰ মনক সততা, দৃঢ়তাৰে জীৱনৰ লক্ষ্যৰ প্ৰতি ধাৱমান কৰাৰ পৰিৱৰ্তে এখন ভোগবাদী, বস্তুবাদী, বিলাসবহুল, সহজলভ্য ৰঙীন পৃথিৱীৰ প্ৰতি প্ৰলোভিত কৰি তোলাৰো সম্ভাৱনা অধিক।
হয়, অনঃস্বীকাৰ্য যে সন্তানৰ প্ৰতি থকা মমতা, মোহ, স্নেহ আৰু সপোনে পিতৃ মাতৃক অসাধ্য সাধনৰ দিশে আগবঢ়াই দিয়ে। বহু পিতৃ মাতৃৰ জীৱনৰ অপ্ৰাপ্তি সন্তানৰ জৰিয়তে পূৰণ কৰা হেঁপাহ থাকে। এই সকলোবোৰ কথা নিশ্চয় সন্মানীয়। কিন্তু বৰ্তমানৰ এনে মূল্য বৃদ্ধিৰ সময়ত সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বহু কথাই পিতৃ মাতৃয়ে ভবা জৰুৰী। এখন অতি বিলাসী তোলনি বিয়াৰ সলনি নিতান্ত প্ৰয়োজনীয় সাধাৰণ পাৰম্পৰিক প্ৰথাৰে গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰি পিতৃ মাতৃয়ে সেই ধনৰাশিৰে সন্তানক সুন্দৰভাৱে উচ্চ শিক্ষা দিয়াব পাৰে, স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত কামত আহিব পাৰে, বা বিভিন্ন বিনিয়োগ আঁচনিৰে ভৱিষ্যতৰ বাবে এক পুঁজি সাঁচি ৰাখিব পাৰে। চাকৰি নহ’লেও সন্তানৰ বাবে ব্যৱসায়ৰ এক মূলধন হ’ব। বৰ্তমান সময়ত পুৰুষৰ সমানে মহিলাও বিভিন্ন ব্যৱসায়ত আগবাঢ়ি গৈছে। মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালত পিতৃ মাতৃয়ে অতিৰিক্ত আৰু অপ্ৰয়োজনীয় খৰচৰ তালিকা স্পষ্ট কৰি লোৱা অতি দৰকাৰী কথা। নহ’লে বিত্তীয় ভাৰসাম্যতা হেৰাই যাব। অৰ্থই হৈছে পৰিয়ালৰ সকলো সপোনৰ মূল। অনৰ্থক খৰচ ক্ৰমাগতভাৱে বাঢ়ি যোৱাৰ ফলত ঋণগ্ৰস্ত হয় বহু পৰিয়াল। আনকি ঋণৰ বোজা খহাব নোৱাৰি মানসিক ভাৰসাম্যতা হেৰুৱাই কোনো কোনোৱে আত্মহননৰ পথ বাচি লোৱাও দেখা যায়।
সেয়েহে সু-পৰিকল্পনাৰ খুবেই আৱশ্যক। এনে নহয় যে তোলনি বিয়াখনেই সকলো অনৰ্থক পৰিকল্পনাৰ মূল। কিন্তু বহু সময়ত একোটা পৰিয়ালৰ আৰ্থিক ভাৰসাম্যহীনতাত এনে খৰচে ইন্ধন যোগায়। সেয়ে প্ৰতিযোগিতামূলক মনোভাৱ এৰি পৰিয়াল, সন্তানৰ সৈতে সৰল আৰু সুৰক্ষিত জীৱন যাপনৰ স্বাৰ্থত এনে বহু কথা এতিয়া প্ৰাসংগিক বুলি ধাৰণা হয়। এই লেখা অৱশ্যেই কাৰো মানসিকতাত আঘাত কৰাৰ উদ্দেশ্য নহয়। মাথো এক প্ৰাসংগিক ধাৰণা।