অৰ্ধ আকাশঃ প্ৰতি মংগলবাৰে অজন্তা তালুকদাৰৰ নিয়মীয়া শিতান
বিবাহঃ অৰ্ধ আকাশৰ পূৰ্ণতাৰ সোপান
— অজন্তা তালুকদাৰ, বোকাখাত।
নাৰীৰ পূৰ্ণতাৰ সপোনে বাস্তৱ ৰূপ পায় বিবাহৰ জৰিয়তে। বিবাহ হ’ল শিপা, য’ৰ পৰা শাখা প্ৰশাখাৰে প্ৰস্ফুটিত হয় সুন্দৰ সুন্দৰ পৰিয়াল। অৰ্ধ আকাশৰ পূৰ্ণতাৰ অন্য সোপান হ’ল বিবাহ।
একান্ত প্ৰিয় পুৰুষৰ প্ৰেমময় সংসাৰৰ একছত্ৰী সম্ৰাজ্ঞী হৈ প্ৰেমেৰে সংসাৰখন বান্ধি ৰখাৰ সপোন, সন্তান লাভেৰে নাৰীত্বৰ পূৰ্ণতা প্ৰাপ্তিৰ সপোন, মাতৃত্বৰ চপচপীয়া মমতাৰে সন্তানক প্ৰকৃত মানুহ কৰি গঢ়ি তোলাৰ সপোন, বাৰ্ধক্যত সেই সন্তানৰ দ্বাৰা লালিতা পালিতা হোৱাৰ সপোন.. সপোনৰ ৰামধেনু! কিন্তু কিমান নাৰীৰ এই সপোনবোৰে পূৰ্ণতা পায়? সপোনৰ মোহজাল বাস্তৱত থানবান হোৱাৰ আঘাতে টচনচ কৰি পেলায় বহু নাৰীক। একাংশ নাৰীয়ে আকৌ নিজেই জীৱনৰ সুন্দৰ পথ এৰি পথভ্ৰষ্ট হৈ পিছলি বোকাৰ চাকনৈয়াত সোমায়; সপোন তাতেই থানবান। কিন্তু নাৰীৰ সাতোৰঙী সপোন একাংশ পুৰুষে আলফুলে সযতনে সজাই লোৱাৰ পৰিৱৰ্তে কাৰোবাৰ হাতত একেবাৰে বেৰং হৈ পৰে। ” A husband should secure the agreement, loyalty, and devotion of his wife” (এৰিষ্ট’টল)। পুৰুষৰ বাবে এই কথা আজীৱন স্মৰণীয় হোৱা উচিত। দাম্পত্য জীৱনৰ সংসাৰখনৰ এই দুই প্ৰধান মেৰুৰ এটাক বাদ দি আনটোৰ কোনো অস্তিত্ব নাই। সেয়েহে নাৰী অৰ্ধ আকাশ।
এখন সংসাৰৰ দুই মেৰু হ’ল পুৰুষ আৰু প্ৰকৃতি। প্ৰবচন অনুসৰি মানৱ জাতিৰ আদি পিতৃ-মাতৃ আডাম আৰু ইভ। এই মিলনে সৃষ্টিৰ ভাৰসাম্যতা ৰক্ষা কৰি আহিছে। সংসাৰৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ, সমাজৰ পৰা জাতি আৰু পৰ্যায়ক্ৰমে ৰাষ্ট্ৰৰ দৰে বহল ক্ষেত্ৰৰ সৃষ্টি হ’ল।
পুৰুষ প্ৰকৃতিৰ মিলন হৈছে সৃষ্টিৰ মূল। আদিম অৱস্থাত, কেৱল পেটৰ ভোক নিৰাময়ৰ বাবে খাদ্যৰ সন্ধানেই জীৱনৰ মূল কাৰ্য (The hunter-gatherer era) হৈ থকাৰ কালতো পুৰুষ প্ৰকৃতিৰ মাজত প্ৰেম, অনুভূতি, আকৰ্ষণ বিহীন যৌন মিলন হৈছিল। তাত সংস্কৃতি নাছিল। ইতৰ জীৱৰ দৰে কেৱল শৰীৰৰ প্ৰাকৃতিক ক্ষুধা নিবাৰণৰ স্বাৰ্থত লক্ষ্যবিহীন জীৱন ধাৰণেৰে যৌন মিলন হৈছিল। সম্পৰ্ক বা সম্বন্ধৰ বিষয়ে মানুহ অজ্ঞ আছিল। মানুহৰ কেৱল দুটা জাতিয়েই আছিল- পুৰুষ আৰু নাৰী। নিৰাপত্তাৰ স্বাৰ্থত গোট পাতি থকা মাতৃ-পুত্ৰ, পিতা-পুত্ৰী বা আন সম্পৰ্ক/সম্বন্ধ ৰহিত আদিম মানুহ এখিনিৰ মাজত যৌন মিলন হৈছিল। প্ৰজননৰ ধাৰা গতিশীল হৈছিল।
জ্ঞানৰ অন্বেষণ মানৱ জাতিৰ প্ৰতি নিয়তিৰ বহুমূলীয়া আশীৰ্বাদ। অভাৱেই আৱিষ্কাৰৰ মূল মন্ত্ৰ হৈ মানৱ জাতিক জীৱনৰ সকলো দিশে জ্ঞানৰ অন্বেষণত ব্ৰতী কৰিলে। ইতৰ জীৱ-জগতৰ পৰা বৌদ্ধিক পৰ্যায়ত মানৱ জাতি পৃথক হ’ল। সভ্যতাৰ বিকাশ হ’ল। সৃষ্টি হ’ল ৰীতি-পন্থা, শৃংখলা, নিয়ম-সংস্কৃতি আদিৰ। প্ৰতিনিয়ত মানৱ সমাজত সংস্কাৰৰ প্ৰক্ৰিয়া অব্যাহত থাকিল। সভ্যতাই শিকোৱা অজস্ৰ ৰীতিৰ ভিতৰত সুস্থ আৰু শক্তিশালী সমাজ গঠনৰ অন্যতম গুৰুত্বপূৰ্ণ, সু-সমন্বিত এক প্ৰণালী হ’ল বিবাহ। বিবাহৰ জৰিয়তে পুৰুষ প্ৰকৃতিৰ মিলনক সংস্কৃতিৰে বান্ধি পেলোৱা হ’ল। অ-সম্পাদিত ৰূপত ক’বলৈ গ’লে বিবাহ হ’ল প্ৰাপ্তবয়স্ক পুৰুষ-নাৰীৰ শৃংখলিত ৰূপত শাৰীৰিক সংগমৰ পূৰ্ণতা প্ৰাপ্তিৰ আনুষ্ঠানিক বৈধ অনুমোদন। কিন্তু প্ৰেম, পৰস্পৰৰ প্ৰতি সন্মান, কৰ্তব্য আৰু দায়বদ্ধতা, সমৰ্পণ, ভৱিষ্যত প্ৰজন্মৰ উত্তৰণকে ধৰি সভ্য সমাজৰ অলেখ অৰ্থ সামৰি ৰাখিছে বিবাহ নামৰ সুন্দৰ সামাজিক ব্যৱস্থাই।
দাৰ্শনিক খলিল জিব্ৰানে কৈছে “You were born together, and together you shall be forevermore. You shall be together when the white wings of death scatter your days. Ay, you shall be together even in the silent memory of God”। হয়, এয়াই বিবাহ। ভাৰতীয় পৰম্পৰা আৰু বিশ্বাস অনুসৰি বিবাহ এহাল পুৰুষ নাৰীৰ জন্ম-জন্মান্তৰৰ বান্ধোন।
বিবাহৰ দৰে সুন্দৰ সামাজিক ব্যৱস্থাটোত কালিমাও লাগিছে। এই কালিমাই বহু নাৰীৰ জীৱন ধূলিস্যাৎ কৰিছে। ভাৰতৰ বহু সমাজত থকা যৌতুকৰ কু-প্ৰভাৱে নৱবধুৰ সকলো সপোন কাঢ়ি লোৱাৰ লগতে জীৱনো কাঢ়ি লৈছে। জীৱন্তে জ্বলাই দিয়া হৈছে বহু নাৰীক। ভিন ভিন কাৰণত পুৰুষে এগৰাকী পত্নীৰ সপোন উপেক্ষা কৰি পুনৰ্বিবাহ কৰে; দম্পতী সন্তানহীন হ’লেতো কথাই নাই। সন্তানহীনতাৰ বাবে নাৰীকে দায়বদ্ধ কৰোৱা হয়। নিজ গৃহতে বিবাহৰ পাছত পৰিয়ালৰ আন পুৰুষ সদস্যৰ যৌন উৎপীড়নৰ বলি হয় নাৰী। উত্তৰ ভাৰতৰ কোনো কোনো সমাজ ব্যৱস্থাত একে পৰিয়ালৰ কেইবাজনো ভাতৃৰ সৈতে এক পত্নী গ্ৰহণ কৰাৰ বৈধ সামাজিক ব্যৱস্থাত নিপীড়িত হয় নাৰী। ইয়াত পিতৃ পৰিয়াল আৰু স্বামী পৰিয়ালৰ সন্মিলিত সিদ্ধান্ত চলে, কন্যা গৰাকীৰ মতামত অৰ্থহীন। আন এক কালিমা হ’ল বাল্য বিবাহ; বৰ্তমান সেয়া আইনমতে অবৈধ আৰু দণ্ডণীয় যদিও চেগাচোৰোকাকৈ অ-প্ৰাপ্তবয়স্ক কিশোৰীৰ ক্ষেত্ৰত নোহোৱাকৈ থকা নাই। ৰক্ষণশীল পৰিয়ালৰ গ্ৰাসত পৰি শিক্ষিতা বোৱাৰীৰ শিক্ষাৰ মূল্য নস্যাৎ হৈ যায়; পিতৃ মাতৃয়ে মানৱ সম্পদ হিচাবে গঢ় দি উপযুক্ত কৰা ছোৱালীয়ে বিবাহিত জীৱনত নিৰুপায় হৈ নিজে প্ৰতিষ্ঠিত হোৱাৰ বাসনা ত্যাগ কৰিব লগীয়া হয়। ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ নাৰীৰ মূৰ তুলি আকাশ চোৱাৰ সুযোগ হেৰাই যায়। অথচ পুৰুষ প্ৰধান সমাজখনত পিতৃৰ উপাধি পৰ্যন্ত ত্যাগ কৰি আহি স্বামীৰ পৰিয়ালকে জীৱনৰ একান্ত ব্ৰত হিচাবে লয় নাৰীয়ে। স্বামীৰ পৰিয়ালক আঁকোৱালি লৈ জীৱনৰ প্ৰতি মোহ ত্যাগেৰে সন্তান জন্ম দি, পৰিচৰ্যা কৰি ত্যাগেৰে জীৱনৰ সৰ্বস্ব স্বামীৰ পৰিয়ালক দি দিয়াৰ পাছত পত্নীৰ প্ৰতি স্বামীৰ কৰ্তব্য সোঁৱৰাই দিব লগীয়া স্বামীসকল দৰাচলতে ধিক্কাৰৰ পাত্ৰ। একাংশ পিতৃ মাতৃৰ অসফল বৈবাহিক জীৱনৰ অভিজ্ঞতাই সন্তানৰ মনত সংসাৰৰ প্ৰতি বিৰাগ জন্মায়। তেওঁলোক broken children হিচাবে গঢ় লয়। এনে কন্যা সন্তানে নিজৰ ক্ষেত্ৰত যুগ্ম জীৱনৰ সপোন দেখিবলৈ অপাৰগ হয়। একাকিত্যক জীৱনৰ সংগী কৰি লয়।
অথচ একেখন সমাজতে এনে স্বামীও আছে যাৰ প্ৰেম, প্ৰেৰণা, সহায়-সহযোগিতাত পত্নীয়ে উচ্চাকাংক্ষা পূৰণেৰে জীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ সুখ পাইছে। পাৰস্পৰিক দায়বদ্ধতাৰে পতি-পত্নীয়ে সংসাৰখন আগবঢ়াই লৈ গৈছে। সন্তানক উপযুক্ত মানৱ সম্পদ হিচাবে গঢ় দিছে। সমাজৰ বাবেও যোগাত্মক অৰিহণা যোগাই নিদৰ্শন হৈছে। পত্নীয়ে যিদৰে স্বামীক বুজি পাবলৈ চেষ্টা কৰে, স্বামীয়েও পত্নীক বুজিবলৈ চেষ্টা কৰিলে যুগ্ম জীৱনৰ বান্ধোন শক্তিশালী হয়। সেই প্ৰভাৱ সন্তানৰ ওপৰতো পৰে। পিতৃয়ে মাতৃক সন্মান দিয়া শৈশৱৰ পৰা দেখি আহিলে পুত্ৰ সন্তানে পৰৱৰ্তী জীৱনত যিকোনো নাৰীকে সন্মানৰ দৃষ্টিৰে চাব। এই আদৰ্শই সমাজত ধৰ্ষণ, ইভ টিজিঙৰ দৰে অপৰাধ নিৰ্মূল কৰিব। গতিকে এই আদৰ্শৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী।
বিবাহকেই জীৱনৰ সৰ্বোচ্চ লক্ষ্য বুলি নিশ্চয় সকলোৱে গণ্য নকৰে, কিন্তু ই সৰ্বসাধাৰণৰ জীৱনৰ এৰাব নোৱাৰা অধ্যায়। দুগৰাকী ব্যক্তিৰ যুগ্ম জীৱনৰ বান্ধোনত দুয়োগৰাকীৰে সকলোখিনি যে একেই হ’ব লাগিব তেনে নহয়। দুই ব্যক্তি প্ৰায়ে বৈপৰীত্যৰ সমাহাৰ হোৱা দেখা যায়। বিষ্ময়কৰ কথা যে ৯৯% অমিল অগ্ৰাহ্য কৰি মাথো ১% মিলকে সানন্দে সামৰি লৈ দুয়ো প্ৰেমময়, সুখকৰ জীৱন অতিবাহিত কৰে। সাধাৰণতে পতিৰ তুলনাত পত্নী গৰাকী আপোচকামী হয়। কিন্তু পতিও কিছু এৰা-ধৰা, বুজাপৰা মনোভাৱৰ হ’লেই সকলো সুখকৰ হয়। মনত ৰখা উচিত যে মাথো ১ কমিলেও ৯৯ ৰ ঘৰতে থাকে; ১০০ হ’বগৈ নোৱাৰে। সৰু সৰু প্ৰাপ্তিতো পত্নীয়ে অসাধাৰণ সুখ অনুভৱ কৰে।
“A great marriage is not when the ‘perfect couple’ comes together. It is when an imperfect couple learns to enjoy their differences.” (Dave Meurer)
বিবাহৰ এই গুপুত মন্ত্ৰ হৃদয়ংগম কৰিব পৰা স্বামীয়েই পত্নীক দিব পাৰে পূৰ্ণতাৰ সোপান!