ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

— জিতুল কুমাৰ গগৈ, যোৰহাট।

                          “শৈশৱতে ল’ৰা-ছোৱালীক ক্ৰীড়া-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰিব লাগে” এই কথাষাৰ মোৰ নহয় অসম তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাষাৰে হৃদয় চুই গ’ল, বৰ ভাল লগা এষাৰ কথা ক’লে। এই কথাষাৰে প্ৰত্যেকজন খেলুৱৈ, ক্ৰীড়া প্ৰশিক্ষক, ক্ৰীড়া সংগঠক, ক্ৰীড়া অনুৰাগীক আপ্লুত কৰিছে। সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখেৰে কোৱাৰ দৰে হাতে-কামে কাৰ্যত কৰিলে সঁচাকৈয়ে ৰাইজ উপকৃত হোৱাই নহয় ৰাইজে আপোনাক দক্ষ মুখ্যমন্ত্ৰী বুলি আপোনা-আপুনি প্ৰমান কৰিব, নকৰাৰ তাত কোনো সন্দেহ নাই। এতিয়া কথা হ’ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক’লে যে “শৈশৱতে ল’ৰা-ছোৱালীক ক্ৰীড়া-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰিব লাগে” সঁচা কথা, কিন্তু, মুখত কথাষাৰ ক’লেহে ইফালে কিন্তু কাৰ্যত আপোনাৰ লগতে আপোনাৰ মন্ত্ৰীসকলেই দেখুন অসমৰ বিভিন্ন ঠাইত খেলুৱৈ সকলৰ খেলৰ বাবে থকা একমাত্ৰ ষ্টেডিয়াম তথা খেলপথাৰবোৰকে প্ৰায় ১০-১৫ দিনকৈ বন্ধ কৰি কৰি বিভিন্ন চৰকাৰী আঁচনিৰ অনুদান বিতৰণ সভা, ৰাজনৈতিক সভা পাতি ফুৰিছে। যদি ষ্টেডিয়ামত সভা পাতে তেনে খেলুৱৈসকলে খেল খেলিব ক’ত ? অনুশীলন কৰিব ক’ত ? উল্লেখ্য যে, যোৰহাট ষ্টেডিয়ামত এখন ক্ৰিকেট প্ৰতিযোগিতা (আন্তঃবিদ্যালয় চুপাৰ লীগ ক্ৰিকেট) চলি থকাৰ মাজতে আপোনাৰ সভাৰ বাবে প্ৰতিযোগিতা স্থগিত ৰাখি ষ্টেডিয়ামৰ সোঁমাজতে বৃহৎ আকাৰৰ মণ্ডপ সাজি সভা পাতিলে, এই কাৰ্য কৰাটো যুক্তি সংগত আছিল নে ? এই কাৰ্যই খেলুৱৈ সকলক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰিব নে ? এখন প্ৰতিযোগিতা চলি থাকোতে হঠাৎ বন্ধ কৰি দিলে খেলুৱৈ সকলৰ মনত চাপ নপৰিব নে ? সভা পাতিবলৈ বহু ঠাই আছিল, সভাৰ বাবে যোৰহাটত ঠাই অভাৱ নাছিল। সেই স্থান বোৰৰ পৰিৱৰ্তে কিয় ষ্টেডিয়ামখন নিৰ্বাচিত কৰিব লাগে ? ষ্টেডিয়ামখনৰ উপৰিও কাষতে কাছাৰী মৈদান, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ দৰে এই বৃহৎ আকাৰৰ মুকলি ফিল্ড দুখনকৈ আছিল, উক্ত ফিল্ড দুখন ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ নামত বন্ধ কৰি পেলালে আপোনাৰ আজ্ঞাতেই। আজিও অন্ধাকাৰত যে প্ৰকৃততে সেই স্থানত কি নিৰ্মাণ হ’ব ক্ৰীড়া প্ৰকল্পই হ’ব নে, নে কাৰোবাৰ কিবা কোম্পানীৰ কাৰ্যালয়, উদ্যোগহে হ’ব ভৱিষ্যতে ? এনেকুৱা এক বৃহৎ বৃহৎ আকাৰৰ মুকলি ফিল্ড এখন নগৰৰ মাজমজীয়াত ভৱিষ্যতে উলিয়াবলৈ পাৰিবনে ? আপোনাৰ সাতপ্ৰজন্ম ঘুৰি আহিলেও এনেকৈ এখন নগৰৰ মাজমজীয়াত এনেকুৱা এখন বৃহৎ আকাৰৰ মুকলি ঠাই উলিয়াব নোৱাৰে। গতিকে মানুহে গঢ়িবহে লাগে ধ্বংস কৰিব নালাগে। সঁচাকৈয়ে ক্ৰীড়া প্ৰকল্পই নিৰ্মাণ কৰিবলৈ লৈছে যদি ভাল কথা। কিন্তু সেয়াও নগৰৰ আশে-পাশেও নিৰ্মাণ কৰিব পাৰিলে হয়। আশে-পাশেও বহুত ঠাই আছিল। লগতে নগৰখন আৰু অলপ বহল হোৱাৰ লগতে সেই স্থানৰ ৰাইজসকলো উপকৃত হ’ল হেতেন। যোৰহাটত বৰ্তমান খেল পথাৰ বুলিবলৈ মাত্ৰ ষ্টেড়িয়ামখনৰ বাদে আৰু এখনো খেলপথাৰ নাই। বাকী যি আছিল সকলো শেষ। গতিকে, খেলুৱৈ সকলে খেলিব ক’ত ? নতুন খেলুৱৈ সৃষ্টি হ’ব ক’ত, কেনেকৈ ? ইয়াৰ বাবে জগৰীয়া কোন, এইটো এটা আজি বৃহৎ প্ৰশ্ন ? তাৎপৰ্যপূৰ্ণভাৱে যোৱা ১৩ ডিচেম্বৰত 'বিকাশৰ ১২ দিন' ৰূপৰ কাৰ্যসূচী আয়োজনেৰে স্বয়ং মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত যোৰহাট ষ্টেডিয়ামত বৃহৎ জনসভা অনুষ্ঠিত কৰি অসম মাইক্র' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১, ন' ডিউজ চার্টিফিকেট বিতৰণৰ লগতে পি এম এফ এম ই আঁচনিৰ সাহায্য, দুর্যোগত ক্ষতিগ্রস্তক সাহায্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি গ’ল। ইয়াৰ উপৰিও ১১ ডিচেম্বৰত অসমৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্রী অজন্তা নেওগেও যোৰহাট ষ্টেডিয়ামতে "আনন্দৰাম বৰুৱা বঁটা", "ড° বাণীকান্ত কাকতি মেধা বঁটা" আৰু নৱম শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণৰ বিশাল জনসভা পাতি ষ্টেডিয়ামত সকলো খেল, প্ৰশিক্ষণ বন্ধ কৰি ৰখা চৰকাৰখনে ভৱিষ্যতে দেশৰ ধৰণীস্বৰূপ ল’ৰা-ছোৱালী সকলৰ শৈক্ষিক, শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত উদগনি জনোৱাৰ পৰিৱৰ্তে স্বয়ং চৰকাৰখনেই আজি হেঙাৰ ৰূপেহে থিয় দিয়া নাই নে ? অকল ইমানেই নহয় কিছু দিনৰ পৰা যোৰহাট ষ্টেডিয়ামখনত খেল বন্ধ কৰি ৰহস্যজনক ভাৱে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’বলৈ ধৰিছে। এই অনুষ্ঠান সমূহ পাতিবলৈ কিয় আৰু কেনেকৈ, কোনে অনুমতি প্ৰদান কৰে সেইয়াও এক নুবুজা সাঁথৰ। উল্লেখযোগ্য যে, যোৱা ৬ ডিচেম্বৰৰ পৰা আজি দহ দিনেই হ’ল যোৰহাট ষ্টেডিয়ামত সকলো খেল বন্ধ হৈ থকাই নহয় আৰু বা কিমান দিনলৈ বন্ধ হয় তাৰ কোনো ঠিকনা নাই। কাৰণ, এখন সভা আৰু সভাৰ বাবে নিৰ্মাণ কৰা মণ্ডপ, সভাৰ অন্তত সেই মণ্ডপ ভঙাৰ পাছত খেলৰ উপযোগী হোৱাকৈ খেলপথাৰখন পুনৰ উপযোগী কৰি তুলালৈকে ষ্টেডিয়ামখনত খেল বন্ধ, প্ৰশিক্ষণ বন্ধ হয়। এনেদৰে যদি ১৫ৰ পৰা ৩০ দিনকৈ খেলপথাৰত সকলো খেল বন্ধ হৈ থাকে, প্ৰশিক্ষণ বন্ধ হৈ থাকে তেনেহ’লে খেলুৱৈসকলৰ বিকাশ হ’ব কেনেকৈ ? তাৎপৰ্যপূৰ্ণভাৱে এই দিশ সমূহত অসমৰ ক্ৰীড়া সঞ্চালকালয় কাৰ্যালয়েও যি পদক্ষেপ গ্ৰহণ কৰিব লাগে তাৰ বিপৰীতে সঞ্চালকালয় কাৰ্যালয়ৰ ভূমিকাও আজি এক ৰহস্যজন ৰূপত। যিয়েই যি নহওঁক মূলঃ ষ্টেডিয়াম বুলিলে ষ্টেডিয়ামত মাত্ৰ খেল তাত আকৌ জনসভা, ৰাজনৈতিক সভা, সাংস্কৃতিক অনুষ্ঠান সেইবোৰ কিয় ? গতিকে কথা হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৎ আৰু দক্ষতা প্ৰকাশ কৰি নিৰ্দেশনা দি ঘোষণা কৰক যে, ভৱিষ্যতে অসমৰ পৰা দক্ষ খেলুৱৈ সৃষ্টি কৰাৰ স্বাৰ্থতেই ভৱিষ্যতে যাতে আৰু অসমৰ কোনো এখনো ষ্টেডিয়ামত, খেলপথাৰত খেলৰ বাদে চৰকাৰীয়ে হওঁক বা বে-চৰকাৰীয়ে হওঁক কোনো জনসভা, কোনো ৰাজনৈতিক দলৰ ৰাজনৈতিক সভা, সাংস্কৃতিক অনুষ্ঠান ইত্যাদি কোনো অনুষ্ঠানেই যাতে ষ্টেডিয়ামত, খেলপথাৰত অনুষ্ঠিত কৰিব নোৱাৰিব মাত্ৰ ষ্টেডিয়ামত খেলহে অনুষ্ঠিত হ’ব বুলি। সাহস আছে যদি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰক ৰাইজে ধন্যবাদ জনাব, আদৰি ল’ব আৰু আপোনাৰ সেই “শৈশৱতে ল’ৰা-ছোৱালীক ক্ৰীড়া-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰিব লাগে” বুলি কোৱা কথাষাৰে মান্যতা পাব।

★★★

ঠিকনা-
জিতুল কুমাৰ গগৈ,
যোৰহাট৷
ফোন- ৯৪৩৫৫৭৬৪৭৮

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    গ্ৰন্থমেলাৰ তৃতীয় দিনাৰ ব্যতিক্ৰম কাৰ্যসূচী সম্পন্ন

    গ্ৰন্থমেলাৰ তৃতীয় দিনাৰ ব্যতিক্ৰম কাৰ্যসূচী সম্পন্ন