অসম আন্দোলনৰ একান্ত সৈনিক কৃষ্ণ শইকীয়াৰ দেহাৱসান

অসম আন্দোলনৰ একান্ত সৈনিক কৃষ্ণ শইকীয়াৰ দেহাৱসা,

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাত, ১৯ জুনঃ ১৯৭৯-‘৮৫ ৰ মাজেদি পাৰহৈ অহা, অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ সৈতে জড়িত বোকাখাতৰ সকলোৰে চাগৈ মনত আছে কৃষ্ণ শইকীয়া নামৰ সেই সাহসী ছাত্ৰ কৰ্মী জনৰ কথা। দুখৰ খবৰ হ’ল অতি সংগোপনে সকলোকে এৰি পৰলোকলৈ গতি কৰিলে কৃষ্ণ শইকীয়াই। যোৱা ১৩ জুনত মৃত্যু হোৱাৰ এই খবৰ পলমকৈহে পোৱা হ’ল। পূৱ কাজিৰঙা শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছিল তেওঁ। বোকাখাতৰ অগৰাতলীৰ কৃষ্ণ পুৱাতেই ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈছিল। তেতিয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আছিল বৰ্তমান বোকাখাতৰ অশোক হোটেল থকা ঘৰটোত। জ্যেষ্ঠ সকলৰ সকলো আহ্বান হেলাৰঙে পালন কৰিছিল তেওঁ। তেওঁৰ অৱদান আছিল অতুলনীয়। “জুইয়ে পোৰা তিৰাশীৰ নিৰ্বাচনী বতৰ”ত আৰক্ষীৰ ৰোষত পৰা আন্দোলনকাৰী সকলক নিৰাপদ আশ্ৰয় নিশ্চিত কৰিছিল কৃষ্ণ শইকীয়াই। অসম চুক্তি স্বাক্ষৰিত হ’ল। গঠন হ’ল অসম গণ পৰিষদ। চৰকাৰ হ’ল। পুনৰ সমাজৰ মাজত হেৰাই গ’ল কৃষ্ণ। ছাত্ৰ সন্থা আৰু গণ পৰিষদ কোনেও খবৰ নল’লে কৃষ্ণৰ। অতুল বৰা বোকাখাতৰ বিধায়ক হ’ল। বিধায়ক হোৱাৰ পাছতে কিছুদিন বোকাখাতৰ অগপ কাৰ্যালয়ত নিয়োজিত আছিল তেওঁ। কি বন্দোবস্তিত আছিল জনা নেযায়। কিছু দিনৰ পাছত পুনৰ চাইকেল লৈ ঘূৰা ফুৰা কৰা দেখা পোৱা গৈছিল। পৰিয়ালো হ’ল। বৰ্তমান ডাঙৰ কন্যা দশম শ্ৰেণীৰ আৰু সৰু কন্যা অষ্টম শ্ৰেণীৰ ছাত্ৰী। উপাৰ্জন হীন, এটা দৃষ্টি হীন চকুৰে সংসাৰ চলাই নিয়া কৃষ্ণ অসুস্থ হ’ল। শেষত ১৩ জুনত সংসাৰৰ মায়া এৰি গ’লগৈ।এই সময় চোৱাত বোকাখাতৰ কেইজনমান ব্যক্তিয়ে কৃষ্ণ শইকীয়াক যিমান পাৰি সহায় কৰিছিল। আজি সেই সময়ৰ ছাত্ৰ সন্থাৰ লগত জড়িত শৰৎ ৰঞ্জন শৰ্মা, জিতু শৰ্মা ৰাজখোৱা, নীলু আচাৰ্য , বুবুল দত্ত মৃতকৰ গৃহত উপস্থিত হৈ পৰিয়ালৰ বুজ লয়। বৰ্তমান প্ৰতিষ্ঠিত হোৱা, ছাত্ৰ আন্দোলনৰ সময়ত কৃষ্ণক লগ পোৱা, অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদৰ বোকাখাতৰ কৰ্মকৰ্তা সকল, বোকাখাতৰ বিধায়ক জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই কৃষ্ণৰ সেই ত্যাগৰ বিনিময়ত পত্নীৰ এক কৰ্ম সংস্থাপন, কন্যা দুটিৰ ভৱিষ্যতৰ হকে কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস