শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীৰ প্ৰিয়ভাজন হওঁ আহক
— কুমাৰ বিভূতি, নগাঁও, ফোনঃ ৯৪০১৭২৩৯৬৬
নতুন শিক্ষানীতি ২০২০ৰ আৰম্ভণিৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষাক্ষেত্ৰখনৰ যেন পৰিৱৰ্তন ঘটিছে। বৈদিক যুগত ঋষিমুণিৰ আশ্ৰমত শিক্ষা গ্ৰহণ কৰা দিনৰে পৰা বৰ্তমান সময়লৈকে শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়া সমূহৰ সময়ে সময়ে বহুত পৰিৱৰ্তন ঘটিছে। ঘটাটো স্বাভাৱিক। কিন্তু যি গুৰুৱে শিক্ষা দান কৰিছিল বা কৰি আছে সেই গুৰুসকলৰ ব্যক্তিত্বই ওৰেটো জীৱন ছাত্ৰ ছাত্ৰীৰ মনত ৰেখাপাত কৰায়, শ্ৰদ্ধা ওপজায়, ভক্তি ওপজায়। কিন্তু সকলো শিক্ষাগুৰুৰ প্ৰতি এনে মনোভাৱ জন্ম হয়নে ছাত্ৰ ছাত্ৰীৰ? শিক্ষক হিচাপে আপুনি কিমান সফল বা কিমান বিফল সেয়া আপুনি নিজেই অনুমান কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীৰ প্ৰিয়ভাজন হ'ব পৰাকৈ আপুনি কিবা কৰিছেনে? আজি যেন তাৰেই কিছু কথা আলচ কৰিবলৈ প্ৰয়াস কৰিছোঁ।
আধুনিক শিক্ষা ব্যৱস্থাত কেৱল পাঠ্যক্ৰমৰ নিৰ্দিষ্ট বিষয়ক লৈ ব্যস্ত থাকিলেই এগৰাকী ভাল শিক্ষক হ'ব নোৱাৰে। ভাল শিক্ষক হ'বলৈ হ'লে অন্ততঃ কেইটামান কথাৰ প্ৰতি গুৰুত্ব দিব লাগিব। তাৰ ভিতৰতঃ
ক) খুব সুক্ষ্মভাৱে এটা কথাত গুৰুত্ব দিয়া উচিত যে শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীক কি শিকাবলৈ গৈছে আৰু কেনেকৈ শিকাবলৈ গৈছে।
খ) বিভিন্ন ধৰণৰ শিক্ষণ সামগ্ৰী, কৌশল আৰু শিক্ষা পদ্ধতি আদিত গুৰুত্ব দিব লাগিব।
গ) প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে চকুৰ সংযোগ (Eye to eye contact) থাকিব লাগিব।
ঘ)শিক্ষণ প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণৰ বাবে গুৰুত্ব দিব লাগিব।
অকল এয়াইনে? শিক্ষক এজন সমাজ এখনৰ ওচৰত অতি দায়বদ্ধ। দায়বদ্ধ ছাত্ৰ-ছাত্ৰীৰ ওচৰত। যিহেতু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকসকলক অনুকৰণ কৰে । গতিকে শিক্ষকজনে প্ৰতিটো কথাত, প্ৰতিটো খোজত অত্যন্ত সাৱধান হ’ব উচিত বুলি ভাবোঁ। যিহেতু সমাজৰ কাৰণে ছাত্ৰ ছাত্ৰী গঢ় দিয়া কাৰিকৰ শিক্ষক। গতিকে এই কাৰিকৰজনে অৰ্থাৎ শিক্ষকজনে বিষয়বস্তুৰ সম্পৰ্কে গভীৰভাৱে জ্ঞান আয়ত্ত কৰিব লাগিব। জ্ঞানৰ গভীৰতাই শিক্ষকৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মনত শিক্ষকগৰাকীৰ প্ৰতি এক শ্ৰদ্ধাৰ ভাৱ জগাই তোলে। ইয়াৰ সমান্তৰালকৈ শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ দক্ষতাৰ লগতে উপস্থাপন দক্ষতাও থাকিব লাগিব। পাঠদান প্ৰক্ৰিয়াত নিজৰ ধৰণেৰে কৌশল প্ৰয়োগ কৰিব পৰাকৈ এটা পৰিবেশ গঢ় দিব লাগিব। তথ্য আৰু কাৰিকৰী যোগাযোগ কৌশল , শিক্ষণ কৌশল, শিক্ষা প্ৰদানৰ দক্ষতা,শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰ আদিৰ লগতে পাঠদান আৰু শিক্ষণত ছাত্ৰ ছাত্ৰী সকলক জড়িত কৰিবলৈ যত্ন কৰা উচিত।
আপোনাক কি গুণে এগৰাকী ভাল শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীৰ ওচৰ চপাব পাৰে ? এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। বহুতে ভাবে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক ভয় ভাবুকিৰে কিবা এটা শিকাই থৈ আহিলেই ছাত্ৰ ছাত্ৰীৰ মনত ৰেখাপাত কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন সুধিবলৈ শিক্ষকক ভয় কৰা পৰিবেশ এটা গঢ় দিব পাৰিলেই ভাল শিক্ষক হ’ব পাৰে নে? আপুনি যদি তেনেকৈ ভাবিছে ,তেন্তে ভুল কৰিছে। কাৰণ ভাল শিক্ষক হ’বলৈ হ’লে প্ৰথমতে আপুনি এগৰাকী উৎসাহী শিকাৰু হোৱাটো জৰুৰী। যিটো পাঠ ছাত্ৰ ছাত্ৰীক শিকাবলৈ যাব তাৰ ওপৰত সম্পূৰ্ণ প্ৰস্তুতি চলায় যাব লাগিব। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ছাত্ৰ ছাত্ৰীৰ ওচৰত নিয়মানুৱৰ্তিতা মানি চলিব লাগিব। সময়ৰ প্ৰতি সচেতন নহ’লে শিক্ষকগৰাকীৰ প্ৰতি ছাত্ৰ ছাত্ৰী বিতুষ্ট হয়। ফলত শিক্ষকগৰাকীৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ অৱহেলা আৰু অৱজ্ঞাৰ বীজ অংকুৰিত হয়।শিক্ষকে কেৱল নিজৰ কথাটোৰ ওপৰত জোৰ নিদি ছাত্ৰ ছাত্ৰীক সমৰ্থন আৰু চিন্তা প্ৰকাশৰ ওপৰত প্ৰাধান্য দিব লাগিব।
ছাত্ৰ-ছাত্ৰীৰ মনত ৰেখাপাত কৰাবলৈ শিক্ষক এজনৰ কৰণীয় বহুত। ছাত্ৰ-ছাত্ৰীৰ মনত শিক্ষা-উত্তৰণত যোগাত্মক প্ৰভাৱ পেলাব পৰাকৈ কিছুমান কাম কৰিব লাগিব। অকল শ্ৰেণীকোঠাতে নহয় ছাত্ৰ ছাত্ৰীসকলৰ সমগ্ৰ জীৱনকালত ফলপ্ৰসূ শিক্ষকসকলে ইতিবাচক প্ৰভাৱ পেলাব পাৰে। শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক বিষয় উপস্থাপন নীতিৰ ওপৰত শিক্ষকে গুৰুত্ব দিব লাগে। বিষয়টোৰ লগত এনেকৈ জড়িত হ’ব লাগে যে শিক্ষক গৰাকীয়ে ছাত্ৰ ছাত্ৰীক আনন্দেৰে বিষয়টোৰ সুন্দৰকৈ পৰ্যালোচনাৰে ধাৰণাবোৰ বুজাই দিয়াৰ প্ৰয়াস কৰিব লাগিব। বিষয়ৰ প্ৰদৰ্শন কৰিব পৰাকৈ শিক্ষকগৰাকী সপ্ৰতিভ হ’ব লাগিব।শৰীৰৰ ভংগিমাও ইয়াৰ এক অংশ বুলি গণ্য কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীৰ লগত পাৰস্পৰিক ক্ৰিয়া কলাপত গুৰুত্ব দিয়া উচিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল শ্ৰেণীকোঠাটো পাঠদানৰ উপযোগী হোৱাৰ ওপৰত শিক্ষকগৰাকীয়ে গুৰুত্ব দিব লাগিব। নতুন নতুন কথাৰ উৎস ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব পাৰিব লাগিব। একঘেয়ামী বিষয়বস্তু উপস্থাপন কৰি থাকিলে ছাত্ৰ ছাত্ৰী বিৰক্ত হোৱা স্বাভাৱিক।
পাঠদান প্ৰক্ৰিয়াত শিক্ষকগৰাকীয়ে যিটো বিষয় পঢ়াব, সেই বিষয়টো ছাত্ৰ ছাত্ৰীৰ মনোগ্ৰাহীকৈ কৰিব লাগিব। যিহেতু একোটা পাঠৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা থাকে , গতিকে এই নিৰ্দিষ্ট সময়খিনিত শিক্ষকগৰাকীয়ে বক্তৃতাটো ফলপ্ৰসূ কৰি তুলিবলৈ কিছু নিজা প্ৰয়াস লাগিব। পাঠদানৰ প্ৰাৰম্ভতে পাঠৰ লগত পৰিচয়, পাঠৰ লগত সংলগ্ন বস্তু,সময়ৰ অন্তৰালত পাঠৰ সাৰাংশ, অনুশীলন পৰীক্ষা, কুইজ, প্ৰশ্ন আদিৰ শেষত উপসংহাৰেৰে পাঠটো ফলপ্ৰসূ কৰি তুলিব পাৰি।গঠনমূলক শিক্ষাদান কৌশল আৰু পদ্ধতি সম্পৰ্কে শিক্ষকগৰাকী অতি সচেতন হোৱাৰ দৰকাৰ। এই কৌশল আৰু পদ্ধতিৰ ভিতৰত অন্যতম 5E পদ্ধতি। এই 5E ত Engage, explore, explain, elaborate আৰু evaluateক গণ্য কৰা হয়। Engageবুলি কোৱাৰ লগে লগে এটা কথা মনলৈ আহে যে প্ৰায় শিক্ষকেই শ্ৰেণীকোঠাত নিজেই ব্যস্ত হয়, কিন্তু ছাত্ৰ ছাত্ৰীৰ প্ৰতি গুৰুত্ব নাথাকে। পাঠটোৰ ওপৰতহে গুৰুত্ব থাকে। সেইটো হ’লে ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বঢ়াব নোৱাৰে। বিপৰীতে পাঠটোৰ লগত ছাত্ৰ ছাত্ৰী সকলক জড়িত কৰি লব লাগিব। দ্বিতীয়তে শিক্ষকগৰাকীয়ে পাঠটোৰ বিষয়বস্তুৰ অন্বেষণ কৰাটো অত্যন্ত জৰুৰী। বিষয়টো অন্বেষণ কৰি ছাত্ৰ ছাত্ৰীক নিজা কৌশলেৰে বৰ্ণনা কৰিব লাগে। ইয়াৰ পাছত বিষয়ৰ পৰা উৰ্দ্ধলৈ গৈ বিষয়টো পুংখানুপুংখভাৱে ভাঙি দেখুওৱা উচিত। এনে কৰিলে ছাত্ৰ ছাত্ৰীৰ মনত বিষয়টোৰ একো খুট নাথাকিব। ছাত্ৰ ছাত্ৰী সকলৰ মনত উদ্ভৱ হোৱা বিভিন্ন প্ৰশ্ন শিক্ষক গৰাকীয়ে পুনৰাই আলোচনা কৰিব পাৰে। আৰু শেষ পৰ্যায়ত একোটা পৰীক্ষা অথবা কাৰ্যাৱলীৰে ছাত্ৰ ছাত্ৰীৰ মূল্যায়নৰ ব্যৱস্থা কৰিব পাৰে। আকৌ ইয়াৰ উপৰিও আৰু অন্যান্য বহুতো কথা আছে।
উপৰোক্ত কথাখিনি অনুধাৱন কৰি শিক্ষক এগৰাকীয়ে শ্ৰেণীকোঠাত পাঠদানত ৰত হ’লে শিক্ষাদান ফলপ্ৰসু হোৱাৰ লগতে শিক্ষক হিচাপে সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰিয়ভাজন হৈ পৰিব। অন্যথা বৰ্তমান তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ সময়ৰ ছাত্ৰ ছাত্ৰীক গতানুগতিক পাঠদান দিবলৈ গৈ শ্ৰেণীকোঠাত হীনমন্যতাত ভোগাৰ বাহিৰে গত্যন্তৰ নাথাকিব।