বিবিধাঃ প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা

বিবিধাঃ প্ৰতি শুকুৰবাৰে কুমাৰ বিভূতিৰ নিয়মীয়া লেখা


মানুহ হোৱাৰ গৌৰৱ

— কুমাৰ বিভূতি, নগাঁও৷

শৈশৱত আমি এখন কিতাপ পঢ়ি অতিকৈ আনন্দ পাইছিলোঁ। কিতাপখন প্ৰকাশ কৰিছিল ষ্টুডেণ্টছ ষ্টৰ্ছে আৰু কিতাপখনৰ নাম আছিল মানুহ হোৱাৰ গৌৰৱ। কিতাপখনত ১১ টা প্ৰবন্ধ আছিল । প্ৰবন্ধকেইটা হ’ল, ‘অভিযান’,’দক্ষিণ মেৰু মহাদেশ’,’অকলশৰীয়া এণ্টাৰ্কটিকা’, ‘বাটকটীয়াসকল’, ‘ৰবাৰ্ট ফেলকন স্কট’, ‘দক্ষিণ মেৰু অভিযানৰ পৰিকল্পনা’,’স্কটৰ প্ৰথম এণ্টাৰ্কটিকা অভিযান’,’দক্ষিণ মেৰু অভিযান’, ‘প্ৰতিযোগিতা আৰম্ভ হ’ল’, ‘বগা বৰফৰ মাজত ক’লা পতাকাখন’ আৰু ‘ব্যৰ্থ হৈয়ো বিজয়ী’। মানুহ হিচাপে এই পৃথিৱীলৈ অহাৰ পাছত আমি গৌৰৱ কৰিব পৰাকৈ এনে কি কাম কৰিছোঁ বা কৰিম সেইটো হ’ব মূল কথা। কিন্তু আজি আমি অলপ বেলেগ কথাৰহে অৱতাৰণা কৰিম। অৱশ্যে কাহিনীলৈ যোৱাৰ আগেয়ে এটা কথা মনলৈ আহিছে।

অজামিল নৈষ্ঠিক বৈদিক নীতি-নিয়মৰ মাজেৰে ডাঙৰ-দীঘল হৈছিল। তেওঁ এগৰাকী সু-প্ৰশিক্ষিত ব্ৰাহ্মণ আছিল আৰু তেওঁৰ এগৰাকী সুন্দৰী ভাৰ্যা আছিল। কিন্তু এদিনাখন অজামিল ভগৱানক উপাসনা কৰিবৰ বাবে পথাৰৰ পৰা ফুল সংগ্ৰহ কৰিবলৈ যাওঁতে এজন মদমত্ত ব্যক্তি আৰু এগৰাকী বেশ্যা যৌন আৱেশনত লিপ্ত অৱস্থাত দেখা পালে। অজামিল বিস্মিত আৰু আকৰ্ষিত হৈ পৰিল, তেওঁৰ মন আৰু বেছিকৈ বেশ্যাগৰাকীৰ ফালে নিৱদ্ধ হ’বলৈ ধৰিলে। অজামিল এগৰাকী নৈষ্ঠিক ব্ৰাহ্মণ আছিল, আৰু এইদৰে পাকচক্ৰত তেওঁ এগৰাকী অচিন পুৰুষ আৰু অচিনাকি মহিলাৰ যৌনক্ৰিয়াৰ দৃশ্য দেখা পাই নিঃসহায়ভাৱে তাৰ সৈতে সাঙোৰ খাই পৰিল। ইয়াৰ ফলক্ৰমেই তেওঁ সেই বেশ্যাগৰাকীক নিজৰ গৃহলৈ লিগিৰী হিচাপে লৈ গ’ল। ইয়াৰ অৱশ্যম্ভাৱী ফল হিচাপে তেওঁ ইমানেই আৱদ্ধ হৈ পৰিল যে নিজৰ পৰিয়াল-পৰিজন, পত্নী আৰু সন্তানৰ সংগ ত্যাগ কৰি বেশ্যাগৰাকীৰ সৈতে আতঁৰি গুছি গ’ল। বেশ্যাৰ সৈতে তেওঁৰ এই নিয়ম বহিৰ্ভূত সম্পৰ্কৰ ফলশ্ৰুতিত অজামিলে সকলো সু-গুণ হেৰুৱাই পেলালে। তেওঁ সম্পূৰ্ণভাৱে নিজৰ মূল্যবোধ পাহৰি পাপৰ জীৱনত আৱদ্ধ হৈ পৰিল। অৱলীলাক্ৰমেই, অজামিলৰ সেই পূৰ্ব-বেশ্যাগৰাকীৰ সৈতে সন্তান জন্ম হ’ল, আৰু সন্তান আৰু মাতৃৰ প্ৰতি দায়-দায়িত্ব পালন কৰোঁতে কৰোঁতে ভগৱন্তৰ সেৱাৰ প্ৰতি পিঠি পৰিল। কিন্তু নিজৰ অতীতত নৈতিক মূল্যবোধ আৰু ভগৱন্তৰ প্ৰতি থকা ভক্তিভাৱৰ বাবে অজামিলে তেওঁৰ আত্মাক লৈ যাবৰ বাবে যমদূতৰ আগমন দেখা পাইছিল। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি যমদূতসকল হৈছে মৃত্যুৰ দেৱতা যমৰ ভৃত্য। অজামিল সাংসাৰিক কৰ্মকাণ্ডত ইমান নিমজ্জিত হৈ পৰিছিল যে, নিজৰ মৰণ শয্যাতো তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ পৰিৱৰ্তে নিজৰ পুত্ৰ নাৰায়ণকহে মাতিছিল। হিন্দুধৰ্মত ভগৱান কৃষ্ণৰ আন এক নাম হৈছে নাৰায়ণ। অজামিলে নাৰায়ণক মতা শুনি ভগৱানে ততালিকে দেখা দি অজামিলৰ জীৱনৰ পাপসমূহ পখালি তেওঁক তেওঁৰ সৈতে লৈ গ’ল। অজামিলে যদিও তেওঁৰ জীৱন ভগৱন্তৰ উপাসনাত সমৰ্পণ কৰা নাছিল, তথাপিও শেষ মুহূৰ্তত শ্ৰীকৃষ্ণৰ পৱিত্ৰ নাম নাৰায়ণ স্মৰণ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সমস্ত পাপ ধুই বিশুদ্ধ হৈ পৰিল।


কাহিনীটোৰ অৱতাৰণা এইকাৰণেই কৰা হ’ল যে বৰ্তমান সময়ত পিতৃ-মাতৃসকলে নিজৰ সন্তানৰ ওপৰত একেবাৰে বিশ্বাস ৰাখিব নোৱাৰা হৈছে। নিজৰ সন্তানৰ নাম জপ কৰি মুক্তি পোৱা অজামিল দৰে আজিৰ পিতৃ-মাতৃয়েও নিজৰ সন্তানৰ ওপৰত ৰাখে অগাধ বিশ্বাস। কিন্তু বিশ্বাসক ধুলিস্যাৎ কৰি কেতবোৰ সন্তানে গঢ়ি তোলে এখন অবিশ্বাস্য পৃথিৱী। অৱলীলাক্ৰমে আমি এখন চহৰত লগ পাইছিলোঁ এটা শিক্ষিত পৰিয়াল। পিতৃ-মাতৃৰ লগতে চাৰি উচ্চ শিক্ষিত সন্তান। পিতৃয়ে এজন উচ্চ পদস্থ ৰাজপত্ৰিত বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছে আৰু মাতৃ এগৰাকী সমাজসেৱিকা। তেওঁলোকৰ চাৰি সন্তানৰ সৰুৰেপৰাই লক্ষ্য আছিল ঘৰজোঁৱাই হোৱাৰ। সেইমতে তেওঁলোকে সঠিক সময়ত শিক্ষা-দীক্ষা সমাপন কৰি যথা সময়ত বিয়া-বাৰু কৰাই একো একোজন পূৰ্ণাংগ ঘৰজোঁৱাই হৈছিলগৈ। পিতৃ-মাতৃ বৃদ্ধ বয়সত অকলশৰে পৰি ৰ’ল পুৰণি গৃহত। নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত ঘৰজোঁৱাই পুত্ৰহঁতৰ দেউতাক-মাকৰ খবৰ লবলৈ আহৰি নাই। এনেকৈয়ে চলি থাকিল এক আশ্চৰ্যকৰ জীৱন। এদিনাখনৰ কথা। দেউতাক ঘৰৰ ভিতৰতে পৰি ককাল ভাঙিল। উঠিব নোৱাৰি ঘৰৰ ভিতৰতে কেঁকাই থাকিল। বৃদ্ধা পত্নীয়েও একো সহায় কৰিব নোৱাৰি কেৱল দুয়ো কান্দি কান্দি দুদিন দুৰাতি তেনেকৈয়ে পাৰ কৰিলে। তেতিয়ালৈ দেউতাকৰ শৰীৰ ফুলি গৈছিল। ওচৰৰ মানুহ এজন কিবা কামত তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু বৃদ্ধ পিতৃ-মাতৃহালৰ অৱস্থা দেখি হৈ-চৈ লগালে। লগে লগে ঘৰৰ ওচৰতে থকা তেওঁলোকৰ সৰু পুত্ৰ ঘৰজোঁৱাইজনক চুবুৰীয়াই খবৰ দিলে। সকলোৱেই ভাবিছিল দেউতাকৰ এই খবৰ পাই পুত্ৰজন দৌৰি ঢাপৰি আহিব আৰু ক’ব ” দেউতা ক’ত কেনেকৈ পৰিলা কোৱাচোন।” “একো চিন্তা নকৰিবা, তোমাৰ একো হোৱা নাই, সোনকালেই ডাক্তৰৰ ওচৰলৈ ওলোৱা” ইত্যাদি। পাছে সকলোকে আশ্চৰ্যকৰ কৰি পুত্ৰজনে উত্তৰ দিলে যে ঘৰৰ সম্পত্তি যিদৰে চাৰি ককাই-ভায়েকৰ নামত চাৰিভাগ হৈছে ঠিক তেনেকৈ মাক-দেউতাককো সমানে চাৰিভাগ কৰা হৈছে”। বৰ্তমান দেউতাকৰ যিটো অংশ নষ্ট হৈছে সেইটো ভাগৰ দায়িত্ব তেওঁৰ নাই।” গতিকে চিকিৎসাৰ নামত অৰ্থ অপব্যয় কৰাৰ প্ৰশ্ন‌ই নুঠে। এনেকৈ তিনিদিন থকাৰ পাছত দেউতাক ঢুকাই থাকিল। খবৰ লবলৈ অহা মানুহে যেতিয়া ঘৰখনৰ কথা সুধে তেতিয়া অতি নিঃসংকোচে কবলৈ লাজ নকৰে যে সেয়া তেওঁলোকৰ ঘৰ নহয়। সেয়া দেউতাকৰ ঘৰহে। তেওঁলোক একো একোটা ঘৰজোঁৱাই। ঘৰজোঁৱাই হিচাপে আনন্দ পোৱা আৰু নিজৰ দেউতাককো চাৰিভাগ কৰা এনে সন্তানেৰে ভৰি পৰা আমাৰ বৰ্তমানৰ সমাজ ব্যৱস্থাই আমাক মানুহ হোৱাৰ গৌৰৱ কঢ়িয়াই নে হেৰুৱাই সেই কথাই খেলিমেলি লগায়।

  • Related Posts

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    “অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস