বিপন্ন সময়ঃ পঢ়ক প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া শিতান
অসমৰ চাহবাগিছাবোৰত থকা সাপবোৰ
— বুবুল শৰ্মা, পৰিৱেশকৰ্মী
আমাৰ দেশৰ জনজাতীয় সমাজৰ বহুতো লোকবিশ্বাসত সাপৰ উপস্থিতি মন কৰিবলগীয়া৷ মনসা দেৱী বা মাৰ’ই দেৱীৰ পূজা,বিষহৰিৰ পূজা,ঘট বা সিজুক গছক কেন্দ্ৰ কৰি কৰা পূজা আদি উল্লেখযোগ্য৷ কোনো কোনো উপজাতিৰ মাজত পূৰ্বপুৰুষেই পৰিয়ালৰ মংগলৰ অৰ্থে সাপৰূপে জন্ম লৈ ঘূৰি আহে বুলি বিশ্বাস আছে; বিশেষকৈ মণিপুৰীসকলৰ মাজত তেওঁলোকৰ এজন পূৰ্বপুৰুষ এই পাংখাবাই সাপৰ ৰূপত জীয়াই আছে বুলি বিশ্বাস প্ৰচলিত৷খাছীয়াসকলৰ মাজতো সাপ-পূজাৰ প্ৰচলন আছে। ই হ’ল ইউথ্ৰেন্ পূজা;বিশাল সাপ ‘থ্ৰেন’ শ্ৰী বা ঐশ্বৰ্যৰ অধিষ্ঠাতা; থ্ৰেনৰ সম্বন্ধ সম্পত্তিৰ লগত, মানুহৰ তেজ খাবলৈ দিলে সি ঘৰলৈ ধন-সম্পত্তি আনে।
হিন্দুৰ বিশ্বাসমতে পৃথিৱী ধাৰণ কৰি থকা সাপটোৱে গা লৰালেই ভূঁইকঁপ হয়। এই বিশ্বাসটো ভালেমান পৰ্বতীয়া জাতিৰ পৌৰাণিক কাহিনীতো আছে। লোঠা নগাসকলৰ বিশ্বাস মতে পছিম দিশৰ আকাশ আৰু পৃথিৱী লগ লগা ঠাইতে এটা ডাঙৰ সাপ আছে; এই সাপে শৰীৰ লৰাই ভূমিকম্পৰ সৃষ্টি কৰে। পৃথিৱীখন এটা ডাঙৰ সাপে মেৰিয়াই ধৰি আছে বুলি থাডউ কুকীসকলৰ বিশ্বাস কৰে৷ইয়াৰোপৰি আমাৰ সমাজবোৰত আৰু কিছুমান বিশ্বাস আছে যে, সাপ বিশেষকৈ যোৰ-ফেঁটীসাপ ধানৰ ভঁৰালৰ ৰখীয়া হৈ থাকে । এই ফেঁটী সাপযোৰক মানুহে পবিত্ৰ জ্ঞান কৰে, সিঁহতক মাৰিবলৈ বা সিঁহতৰ কোনো প্ৰকাৰ অনিষ্ট সাধিবলৈ ইচ্ছা নকৰে। বিশ্বাস যে এই ফেঁটী সাপযোৰ থাকিলে ভঁৰালৰ উন্নতি হয়। নামঘৰত বাস কৰা সাপকো মানুহে পবিত্ৰ জ্ঞান কৰে। চৰিত-পুথিৰ মতে মহাপুৰুষ শ্ৰীশংকৰদেৱক ফেঁটীসাপে ফেঁট তুলি ছাঁ দি আছিল; সেই কাৰণে বৈষ্ণৱসকলৰ মতে ফেঁটীসাপ মৰাটো নিষিদ্ধ। সেয়ে আমাৰ সমাজত গৰ্ভৱতী অৱস্থাত তিৰোতাই নাইবা তেওঁৰ স্বামীয়ে সাপ মাৰিব নাপায় বোলা কথাটো বিশেষ অৰ্থপূৰ্ণ। আমাৰ দেশৰ চাহ জনজাতিসকলৰ মাজত সাপক লৈ ওপৰত উল্লেখ কৰা কিছুমান বিশ্বাস আছে৷ ঝাৰখণ্ডৰ কিছুমান জনজাতিৰ মাজত বিবাহ উৎসৱত দৰা ঘৰৰ মানুহে বহুতো অবিষাক্ত সাপ
ধৰি আনি কন্যাৰ ঘৰলৈ আনিব লাগে৷ তেওঁলোকৰ মাজতে সাপৰ খেলা দেখুওৱা বৃত্তিটো দেখা যায়৷
অসমৰ চাহবাগিছাৰ আশে পাশে কেইবাটাও প্ৰজাতিৰ সাপ দেখা যায়৷ সজাগতা নথকাৰ বাবে চাহবাগিছাত সাপ আৰু মানুহৰ তিক্ত সম্পৰ্ক দেখা যায়৷ যদিও বেছিভাগ সাপেই অবিষধৰ,তথাপিও সাপ দেখিলেই মাৰি পেলোৱাটো এক অভ্যাস হৈ পৰাটো অতি পৰিতাপৰ কথা৷ সজাগতা আৰু বৈজ্ঞানিক বিশ্লেষণৰ বিপৰীতে অন্ধবিশ্বাসবোৰে গা কৰি উঠাৰ বাবেই সাপক নিষ্ঠুৰভাৱে হত্যা কৰা ঘটনাবোৰ হ্ৰাস হোৱা নাই বা বিষধৰ সৰ্প দংশনৰ বেলিকা যাদু-মন্ত্ৰৰ ওপৰত থকা বিশ্বাসে বহুলোকৰ প্ৰাণহানি ঘটাই আহিছে৷ এটা কথাই সত্য যে সৰ্প দংশনৰ বেলিকা anti-venom বেজীৰ ব্যৱহাৰ একমাত্ৰ শুদ্ধ পথ৷ এই চাহ জনজাতিসকলৰ মাজত সাপৰ অলৌকিকতা আৰু অন্ধবিশ্বাস সৃষ্টি আৰু প্ৰচাৰ ক্ষেত্ৰত কিছুমান চিনেমাই বিশেষভাৱে জগৰীয়া৷ চিনেমাবোৰৰ মতে সাপ প্ৰতিশোধ পৰায়ণ,সাপে মানুহক মন্ত্ৰমুগ্ধ কৰে, সাপৰ মূৰত নাগমণি থাকে ইত্যাদি ইত্যাদি৷ এনে চিনেমাবোৰে অশিক্ষিত মানুহৰ মন-মগজুত সাপৰ প্ৰতি অবিশ্বাস আৰু ভয়-ভীত আৰু ঘৃণাৰ ভাৱ সৃষ্টি কৰে৷ মন কৰিবলগীয়া কথা সাপৰ মূৰত নাগমণি থকা হ’লে সাপৰ খেলা দেখুৱা মানুহবোৰ পৃথিৱীৰ ধনী মানুহ হ’লহেতেন৷
চাহবাগিছাত দেখা বিভিন্ন সাপৰ ভিতৰত কেইটামান উল্লেখযোগ্য সাপ হ’ল:
ৰাজফেঁটী(King Cobra): ইহঁতৰ বৈজ্ঞানিক নামNaja hannah৷ অসমীয়া লোক কথাত এই সাপক কেতিয়াবা তৰা ডাঁহী,কাল ডাঁহী আদি নামেৰে নামাকৰণ কৰা দেখা যায়৷ হিন্দীত ইহঁতক ৰাজনাগ বা নাগৰাজ বুলি কোৱা হয়৷পোৱালি অৱস্থাত ইহঁতৰ গাৰ ৰং জলফাই ৰঙী বা পাতল ক’লা বৰণৰ হয়,তাৰ ওপৰত হালধীয়া পটি থকা৷ ইহঁতৰ ফেট(hood)ৰ বাহিৰৰ ৰং ক’লা,জলফাইৰঙী,পাতল হালধীয়া আৰু ইহঁতৰ ফেটৰ আকৃতি সাধাৰণ ফেঁটীতকৈ ঠেক হয়৷ ইহঁতে সাধাৰণ ফেঁটীৰ দৰে গাতত কণী নাপাৰে৷ পাত আদিৰে বাহ সাজি কণী পাৰে৷
ৰাজফেঁটী সাপ বিশেষভাৱে উল্লেখযোগ্য৷ ১৮ ফুটলৈকে চাহবাগিছাসমূহত থকা ৰাজফেঁটী বহু ব্যক্তিয়ে কৰায়ত্ত কৰা ফটোত দেখা পাওঁ৷২০১০ চনৰ IUCN ৰ তালিকাত এই সাপ বিপদগ্ৰস্ত তালিকাত অন্তৰ্ভুক্ত৷ বিশেষকৈ ইহঁতৰ আৱাসস্থলী ধ্বংসৰ ফলত পৃথিৱীৰ আটাইতকৈ দীঘল এই বিষধৰ সাপৰ সংখ্যা হ্ৰাস হৈ আহিছে৷ ৰাজফেঁটীয়ে চৌদিশে থকা অন্য সাপক আহাৰ হিচাপে গ্ৰহণ কৰি অহাৰ ফলত প্ৰাকৃতিকভাৱে সাপৰ সংখ্যা ৰাজফেঁটীয়ে নিয়ন্ত্ৰণ কৰি অহা দেখা যায়৷ Agumba Rainforest Resources Station ৰ সঞ্চালক অজয় গিৰীৰ মতে – “King cobras are shy, they don’t attack human unless provoked.”
হালধীয়া সাপ (Red tailed bamboo pit viper): ইহঁতৰ দৈঘ্য ৭৫০ মি:মি,সেউজীয়া বৰণৰ,মূৰটো ত্ৰিভুজাকৃতিৰ৷ শৰীৰটোত তিনিডাল হালধীয়া চানেকিযুক্ত বগা আঁচ থাকে৷ নেজডাল হালধীয়া বা ৰঙা চানেকিযুক্ত৷সোণোৱালী বৰণৰ অক্ষি আৰু চকুৰ মণিতো ক’লা আৰু উলম্ব আকৃতিৰ৷ইহঁত দিবাচৰ৷ ভয় খালে হিচ হিচ শব্দ কৰে৷
চাহ বাগিছাৰ জোপোহাসমূহত বাস কৰা আন এবিধ সাপ হৈছে ৰঙা নেজৰ সেউজীয়া পিট ভাইপাৰ৷ যাক স্হানীয়ভাৱে কোৱা হয় হালধীয়া সাপ( red-tailed bamboo pit viper) ইহঁত নিশাচৰ আৰু খাদ্যৰ সন্ধানত এটা জোপোহাৰ পৰা আনটো জোপোহালৈ বগাই যোৱা দেখা যায়৷ কেতিয়াবা ভূমি ভাগতো আহাৰৰ সন্ধানত বগোৱা বাই যোৱা দেখা যায়৷ এই সাপ খঙাল জোকাই লোৱা উচিত নহয়৷ ইয়াক বহুতে মধ্যমীয়া বিষধৰ সাপ বুলি ক’ব বিচাৰে৷
কাৰ্শলা সাপ (Bronzeback Tree Snake): চাহবাগিছাত দিনে-ৰাতিয়ে বিচৰণ কৰা আন এবিধ সাপ হ’ল – Painted bronzeback tree snake – এইবিধ সাপ বিষধৰ নহয়৷ ইয়াক গছৰ জোপোহা,পাহাৰীয়া. সাু-ডাঙৰ গছত উলমি থকা দেখা যায়৷ ইহঁতৰ মাইকী সাপডাল মতা সাপটোতকৈ আকাৰত কিছু ডাঙৰ৷ আকৃতিত ১২৮০ মি:মি মান দীঘল হয়৷ সেউজীয়া-তামৰঙী, ক’লা ফুটফুটীয়া৷নেগুৰত তিনিডাল ক’লা আঁচ থকা৷ চকুৰ চাৰিওকাষে বগা গোলাকাৰ চিন এটা থাকে৷ তলপেটৰ ছালৰ আকৃতি অলপ ডাঙৰ হয়৷
পটিযুক্ত ক্ৰেইট/ শংখচূড় /শকঁচুৰ /বাকৰাজ/ শঁকা সাপ / গোৱালা সাপ (Banded Krait):
অঞ্চলভেদে ভিন ভিন নামেৰে জনাজাত৷
এই সাপৰ বৈজ্ঞানিক নাম Bungarus Fasciatus৷ ই বিষাক্ত Elapid প্ৰজাতিৰ দীঘল শংখচূড় সাপক ইংৰাজীত Banded Krailt বুলি কোৱা হয় আৰু সাধাৰণতে ইহঁতক নিশাচৰ বুলিয়েই ধৰা হয়৷নিশা দলং,এন্ধাৰ ঠাই আদিত দেখা যায়৷ ইহঁতেও অনান্য সাপক আহাৰ হিচাপে গ্ৰহণ কৰা দেখা যায়৷ ইহঁতক কেতিয়াও ধৰিবলৈ চেষ্টা নকৰাই উত্তম৷এইবিধ সাপক চাহবাগিছাৰ মৰা গছবোৰৰ খোৰোং বা চাহবাগিছাৰ কাষৰ জলাশয় আদিৰ কাষত দেখা যায়৷ দেখাত বৰ ধুনীয়া কিন্ত আক্ৰমণাত্মক৷ অথচ বিষহীন বুলি ক’ব পাৰি৷চাহবাগিছাসমূহত সাধাৰণতে এই বিধ সাপ প্ৰায়েই দেখা যায়৷ইয়াক আমাৰ অসমত প্ৰচুৰ পৰিমানে পোৱা যায়।ডিঙিৰ পৰা নেজলৈ এডাল সীৰ আছে,গাটো ক’লা-হালধীয়া পটিৰে ভৰা।
ইহঁতে কাচিৎ হে দংশন কৰে। নিশাচৰ এই সাপবিদ যেতিয়া কাৰোবাৰ দ্বাৰা আক্ৰান্ত হয়, কুণ্ডলি পকাই মূৰটো লুকুৱাই থয়।প্ৰিয় খাদ্য সাপ।অৱশ্যে ইহঁতবোৰে ৰজাফেটি সাপৰ দৰেই অকল সাপ খাই জীয়াই নাথাকে।অন্য সৰু জীৱও ইহঁতে খাদ্য হিচাপে গ্ৰহণ কৰে।এপ্ৰিল মাহত ইহঁতে কণী পাৰে। বহুতে ক’ব খোজে ইয়াৰ গাৰ ওপৰেদি মানুহ পাৰ হৈ গ’লেহে ইয়াৰ বংশ বৃদ্ধি হয়। আচলতে কথাটো তেনে নহয়। ইহঁত ৰাতিহে বাহিৰলৈ ওলায়। তাৎক্ষণিকভাবে গতিবেগ নবঢ়াই বাবেই ইয়াৰ ওপৰেদি মানুহ-চাইকেল-গাড়ী পাৰ হৈ যায়,গতিকে সি তাৰ ওপৰেদি কোনোবা পাৰ হৈ যাবলৈ ৰৈ থকা কথাটো শুদ্ধ নহয়। ইয়াৰ গতিবেগ কম বুলি ভবা ধাৰণাটোও শুদ্ধ নহয়,ইহঁতে প্ৰয়োজনত দ্ৰুতবেগী মোচোৱাগোম-সৌকাগোম সাপক ধৰি ভক্ষণ কৰে৷এই সাপৰ পৰা সদায়ে দূৰৈত থাকক। কিবা কাৰণত দংশন কৰিলেও তৎক্ষণাত চিকিৎসকৰ সহায় লওক। এই সাপ যিকোনো জীৱিত প্ৰাণীৰ বাবেই বিষাক্ত।
মচোৱা গোম সাপ(Oriental rat snake): আকৃতিত ৯/১০ ফুট পৰ্যন্ত দীঘল হয়৷ চাহবাগিছাৰ আশেপাশে দেখা আন এবিধ আক্ৰমণাত্মক চৰিত্ৰৰ সাপ হ’ল – নিগনি খোৱা মচুৱাগোম (Indian Rat Snake) এবিধ বিষহীন সাপ৷ দেখাত ভয়ংকৰ অথচ বিষহীন সাপ এবিধ মচোৱাগোম।মচোৱাগোম এবিধ ভয়াতুৰ সাপ৷
ইহঁতে মানুহ দেখিলেই তীব্ৰ বেগেৰে পলায়৷ ইহঁতে ভেকুলী পালেই গিলি থয়৷ বয়োজ্যেষ্ঠ দুই এজন ব্যক্তিৰ মতে – ইহঁতৰ পেটৰ ভিতৰতো ভেকুলীয়ে মাতে৷ পিছে মানুহে ইয়াৰ ভয়ংকৰ চেহেৰাটো দেখিয়েই ইয়াক বিষাক্ত বুলি ধৰি লয়। কিছুমানে ক’ব খোজে মচোৱাগোম সাপৰ নেজত বিষ থাকে। ই সম্পূৰ্ণ মিছা। কেতিয়াবা ই আতুৰত পৰি নেজ ডাল মাৰি আপোনাৰ কলাফুলত দাগ লগাই গ’লেও ভয় নাখাব। চেকনিৰ কোব আৰু মচোৱাৰ কোবৰ মাজত কোনো পাৰ্থক্য নাই! কেতিয়াবা দংশন কৰিলেও ভয় নাখাব। কিয়নো মানুহক অপকাৰ কৰিব পৰা ক্ষমতা ইহঁতৰ তিলমাণো নাথাকে। মচোৱাগোম সাপৰ মূৰটো দেহৰ অংশতকৈ সৰু,চকুদুটা ডাঙৰ। ফেঁটী সাপৰ সৈতে মচোৱাগোম সাপৰ এইটো এটা ডাঙৰ পাৰ্থক্য। বহুতে মচোৱাগোম সাপক ‘মটাফেঁটী’ বুলি কৈ বিভ্ৰান্ত কৰে আৰু মাৰি পেলায়। দেহৰ বৰণ ক’লা,পেটৰ ৰং বগা আৰু বাকলিবোৰত ক’লা পটি থাকে।পানী-মাটি সকলোতে ক্ষীপ্ৰ গতিৰে যাব পাৰে, গছ বগোৱাটো ইহঁতবোৰ পাকৈত। যেতিয়া কাৰোবাৰ দ্বাৰা আক্ৰান্ত হয় ডিঙিটো চেপেটা কৰি ফুলাই দিয়ে আৰু নেজেৰে কোবায়। প্ৰিয় খাদ্য এন্দুৰ, নিগনি, ডালশলীয়া, ভেকুলী, চৰাই আদি।
এই সাপক কৃষকৰ বন্ধু বুলি কোৱা হয়।
অজগৰ(Rock python): পূৰ্বতে এই অজগৰ অসমৰ চাহবাগিছা সমূহৰ আশেপাশে যথেষ্ট আছিল৷ বিশাল আকৃতিৰ এই অজগৰ পানীৰ আশেপাশে, ঘন বন জংঘল, নলা, গছৰ খোৰোং আদিত দেখা যায়৷ সাধাৰণতে অসমত চাহবাগিছাৰ পৰা বহুত সাপ ধৰি সংৰক্ষিত অৰণ্য আদিত এৰি দিয়া হয়, সি কিমান যুগুত কাম বিশেষজ্ঞ সকলে জানিব৷ ইহঁত প্ৰচণ্ড দৈহিক শক্তিৰ গৰাকে যদিও অলস আৰু বিষহীন৷ এই অলস সাপডালক লৈ কিমানযে মুখৰোচক কাহিনী মানুহৰ মুখে মুখে থাকে৷
বাটৰাজ সাপ বা ৰঙামূৰীয়া সাপ বা বাটচুপা সাপ (Red-necked Keelback): ইহঁতে সাধাৰণতে ভেকুলী আৰু মাছ খায়৷ ই বিষধৰ সাপ৷
সুন্দৰী সাপ (Ornate Flying Snake ): চাহবাগিছা সমূহত দেখা আটাইবোৰ সাপতকৈ দেখাত সুন্দৰ সাপ৷ ইহঁতে চৰাইৰ কণী, নাইপিয়া আদি ভক্ষণ কৰে৷ উৰন্ত সাপ বুলি কোৱা হয় । উৰিব নোৱাৰিলেও জোপোহা বা গছত বৰ সক্ৰিয়ভাৱে আৰু তীব্ৰ গতিত অহা যোৱা কৰিব পাৰে৷
কাজি বিড়লী সাপ (Cat eyed Snake): হেমকোষত এবিধ সৰু বিষহীন সাপ বুলি উল্লেখ আছে৷ ইয়াক চাহবাগিছা সমূহত দেখা যায়৷
কুৰকী সাপ(Common kukri snake):
Common Kukri Snake ইহঁতক কণী ভক্ষণকাৰী সাপ বুলি কোৱা হয়৷ আকৃতিত নব্বৈ ছেঃমি দীঘল৷ ইহঁতে মানুহক হানি কৰিব নোৱাৰে৷
ঢোঁৰা সাপ (Checkered keelback):
ইহঁতৰ বৈজ্ঞানিক নামঃ Xenochrophis piscator ।আমাৰ দেশৰ সকলোতে পোৱা সাপ৷ ফোঁচফোচনিয়েই ইয়াৰ সাৰ৷মতাবোৰৰ দৈঘ্য প্ৰায় ৯৯০ মি:মি আৰু মাইকী সাপৰ দৈঘ্য প্ৰায় ১২০০ মি:মি হয়৷চকুৰ আকৃতি গোলাকাৰ আৰু গোল চকুৰ চৌদিশে ঘূৰণীয়া বগা দাগ থকা৷
গ্ৰাম্য জীৱনৰ একেবাৰে চিনাকি সাপ৷ ধোঁৱা বৰণীয়া দেহটোত চকৰিসদৃশ ক’লা দাগ,পেটৰ বৰণ বগা-হালধীয়া সংমিশ্ৰিত। ইহঁতবোৰ অতি সক্ৰিয়,এনে সক্ৰিয়তা যদি বিষাক্ত সাপৰ গাত থাকিলহেঁতেন তেন্তে পৰিণতি বিষম হ’লহেঁতেন। ফেঁটী সাপক ভুলক্ৰমে গচকি থৈ গ’লেও সাৰি যোৱাৰ সম্ভাৱনা থাকে কিন্তু ঢোৰা সাপৰ ক্ষেত্ৰত এনে সম্ভাৱনা আংশিকহে থাকে। ঢোঁৰা সাপৰ দংশনত মানুহৰ কোনো ধৰণৰ ক্ষতি সাধন নহয়। দিন অথবা ৰাতি বুলি কোনো কথা নাই,সকলো সময়তে এই অবিষাক্ত সাপবিধ সক্ৰিয়। সাধাৰণতে ঠাণ্ডা দিনত অসমৰ হাবিৰ সাপবোৰক সততে দেখা পোৱা নাযায়। ঢোঁৰা সাপ কিন্তু ইয়াৰ ব্যতিক্ৰম।পুখুৰী-নলা-খেতিপথাৰ সকলোতে ইহঁতবোৰক পোৱা যায়। বহুতে পুখুৰীলৈ মাছ সোমোৱা বাটত ইহঁতবোৰক চোপ লৈ থকা অৱস্থাত পায় মাৰি পেলায়। বহুতে ভাবে ঢোঁৰাসাপে পুখুৰীৰ মাছবোৰ খাই শেষ কৰিলে বুলি। মাছ ঢোঁৰাসাপৰ প্ৰিয় খাদ্য যদিও নিগনি-ভেকুলীও ইহঁতবোৰে ভক্ষণ কৰে। ইহঁতবোৰক ব্যাপক মাত্ৰাত পোৱাৰ প্ৰধান কাৰণ হ’ল ১০০ৰ ওচৰা-ওচৰি ইহঁতে কণী পাৰে। কণী মাৰ্চ-এপ্ৰিল মাহত পাৰে আৰু দুমাহ মানৰ পিছত যেনে – মে-জুন মাহত কণী ফুটি পোৱালি ওলায়৷
মালীবৰ সাপ (Common Wolf Snake): ইহঁতৰ বৈজ্ঞানিক নাম Lycodon aulicus
ইয়াক Indian wolf snake বুলিও কোৱা হয়৷ ই এবিধ বিষহীন সাপ৷ হিন্দীত Kawadiwala আৰু বাংলাত Chitti বুলি কোৱা হয়৷ মতাবোৰ আকৃতিত ৭৬০ আৰু মাইকী সাপডাল ৭০০ মি:মি মান দীঘল হয়৷ ওপৰ পিঠিৰ বৰণ তামৰঙী বা গোলপীয়া তলপেটৰ বৰণ হালধীয়া বৰণৰ৷ পিঠিটোত বগা-ছাঁইবৰণীয়া পটি কিছুমান থাকে৷ইহঁতবোৰ বাগিছাত থকা সাপ৷ কিছু পৰিমানে নিশাচৰ বুলি ক’ব পাৰি৷ মাটিত খৰতকীয়াকৈ যাব পাৰে৷ ইহঁত বিষহীন যদিও আক্ৰণাত্মক চৰিত্ৰৰ৷ পিঠিত থকা পটিবোৰৰ বাবেই বিষাক্ত শংখচূড় বুলি ভাৱি মানুহে হত্যা কৰে৷
ধুন্দুলীগোম বা ধুন্দুলী ফেঁটী (Copper headed trinket snake): ইহঁতৰ বৈজ্ঞানিক নাম Elaphe radiata ৷ চাহবাগিছাৰ নলাত বা ভঁৰালৰ পৰা বা ডুলিৰ পৰা ধান উলিয়াওঁতে ডিঙিটো ফুলাই ৰূদ্ৰ মূৰ্তি ধাৰণ কৰা ধুন্দুলীগোম বা ধুন্দুলী ফেঁটী সাপটো দেখিলে আপুনি কোন সতেৰে ভাবিব- সি বিষহীন বুলি? বহুতে তাৰ নামৰ লগত ‘ফেঁটী’ শব্দটো সংযুক্ত হৈ থাকে বাবেই তাক বিষাক্ত বুলি ধৰি লয়। প্ৰকৃতাৰ্থত সি এবিধ বিষহীন সাপ। অসমৰ কোনো ঠাইত ইহঁতবোৰক নিলাজীগোম/নিলেজীগোম-বাঁকৰাজ বুলিও কয়। কেইবাটাও ভাঁজ দি সি ডিঙিৰ অংশটো ফুলাই শত্ৰুৰ ফালে খেদা মাৰি আহে। কৃষকৰ বন্ধু সদৃশ এই সাপ সমগ্ৰ মানৱজাতিৰ বাবে উপকাৰী। কিয়নো ইহঁতবোৰে খেতিপথাৰত এন্দুৰ-নিগনীৰ সংখ্যা নিয়ন্ত্ৰণ কৰে।সাধাৰণতে ঘৰৰ ওচৰে-পাঁজৰে ইহঁতবোৰে বাস কৰে।
দিবাচৰ এই সাপবিধ স্থল আৰু গছ বগোৱাত পাকৈত। আক্ৰান্ত নহ’লে পানীত সাধাৰণতে নানামে। অৱশ্যে ইহঁতবোৰ সন্ধিয়া সময়তো সক্ৰিয় হৈ থাকে। দেহটো বাদামী ৰঙৰ, দেহৰ আগ অংশত ক’লা ৰঙৰ কেইবাডালো আঁচ থাকে। মূৰটো পাতল বাদামী ৰঙৰ, তাত ক’লা বৰণৰ পটি এডাল থাকে। পেটৰ বৰণ ধোঁৱা বৰণৰ।প্ৰিয় খাদ্য এন্দুৰ,নিগনী,ডালশলীয়া, বাদুলি,সৰু চৰাই আদি। এই সাপে আপোনাক যদি কেতিয়াবা ভুলক্ৰমে দংশন কৰে তেন্তে ভয় নাখাব। মানুহক তিলমাণো অপকাৰ কৰিব ক্ষমতা ইহঁতবোৰৰ নাথাকে।
এটা চকৰি থকা ফেঁটী বা চকৰী ফেঁটী (Monocled Cobra): ইহঁতৰ বৈজ্ঞানিক নাম Naja Naja Kaouthia ৷
অসমৰ চাহ বাগিছা বা হাবিত পোৱা এবিধ বিষাক্ত সাপ হ’ল – এটা চকৰি থকা ফেঁটী। দেহৰ বৰণ বাদামী অথবা ক’লা। পেটৰ অংশ ধোঁৱা বৰণীয়া। মূৰটো ডাঙৰ বাবে দেহৰ পৰা স্পষ্ট হৈ থাকে। ইহঁতৰ যেতিয়া খং উঠে ই ডিঙিটো চেপেটা কৰি এখন ফণাৰ সৃষ্টি কৰে। চেপেটা মূৰটোত জিলিকি থাকে এখন বগা/মাখনৰঙী দৃষ্টিনন্দন চকৰি। বহুতে মচোৱাগোম সাপকে ফেঁটী সাপ বুলি মাৰি পেলায়। আঁতৰৰ পৰা ইহঁতক দেখিবলৈ সাধাৰনতে বিষহীন ঢোৰা সাপ আৰু মচোৱাগোম সাপৰ দৰে লাগে,ছালৰ বাকলি ডাঠ। যদিওবা চকৰি ফেটী এবিধ নিশাচৰ সাপ, দিনৰ ভাগতো ইয়াৰ সক্ৰিয়তা ক্ষীপ্ৰ। চকৰি ফেঁটী সাপে আমাৰ ঘৰৰ পিছফালে সৰু সাপ ধৰি গিলা দেখিছিলো। এন্দুৰ-ভেকুলী-ডালশলীয়া ইহঁতবোৰৰ প্ৰিয় খাদ্য। ডাঠ হাবি অথবা পাতল হাবি বুলি কোনো কথা নাই,আনকি ঘৰৰ ওচৰে-পাঁজৰেও ইহঁতৰ উপস্থিতি দেখা যায়।
ফেঁটী সাপৰ মগজুত চেৰিবেলাম নামৰ অংশটো অন্য সাপৰ তুলনাত উন্নত বাবে ইহঁতবোৰ আত্মৰক্ষাৰ তাড়নাত অস্থিৰ হৈ উঠে।সেয়ে যদি তাক কেতিয়াবা আধামৰা কৰি এৰি থৈ অহা হয় ই খঙৰ ভমকত যিকোনো প্ৰাণীকেই দংশন কৰিব পাৰে। আধামৰা ফেঁটী সাপক লৈ বহু মুখৰোচক কাহিনী শুনিবলৈ পোৱা যায়।যিবোৰৰ কোনো সত্যতা নাই,সেয়া একপ্ৰকাৰৰ সংযোগ। ফেঁটী সাপৰ পৰা দূৰৈত থাকক।ক’ৰবাত দেখা পালেও ফালৰি কাটি আঁতৰি আহক।বিপদজনক অৱস্থাত থাকিলে বিশেষজ্ঞ ব্যক্তিৰ সহায় ল’ব।তাক ভুলটো ব্যতিব্যস্ত কৰি নুতুলিব,তাক জোকালে সি আপোনাক খেদি আহিও দংশন কৰিব পাৰে!কেতিয়াবা দংশন কৰিলেও তৎক্ষণাৎ চিকিৎসকৰ সহায় লওক।
হালধীয়া ভাইপাৰ (White-lipped pit Viper): বৈজ্ঞানিক নাম Trimeresurus albolabris. অসমৰ হাবিত পোৱা প্ৰধান বিষাক্ত সাপৰ ই অন্যতম।গছত বাস কৰি ভালপোৱা নিশাচৰ এই সাপবিধক চাহ বাগান, পাহাৰীয়া অঞ্চলত বেছিকৈ পোৱা যায় যদিও,খাদ্যৰ সন্ধানত ঘৰৰ আশে-পাশেও ইয়াৰ উপস্থিতি দেখা যায়। ইয়াৰ প্ৰধান খাদ্য ভেকুলী, জেঠি, সৰু চৰাই আৰু চৰাইৰ পোৱালি। পিঠিৰ ফালটো পাতল হালধীয়া, নেজডালত ৰঙচুৱা বুলনি থাকে। মতাবোৰৰ দেহৰ দুয়োকাষে বগা ৰেখা এডাল থাকে, যিডাল মাইকী হালধীয়া ভাইপাৰৰ নাথাকে। ত্ৰিভূজাকৃতিৰ মূৰটো দেহৰ পৰা স্পষ্ট হৈ থাকে। ইহঁত যেতিয়া কাৰোবাৰ দ্বাৰা আক্ৰান্ত হয়, অবিষাক্ত ধুন্দুলিগোম সাপৰ দৰে ডিঙিটো ‘S’ আকৃতি কৰি দংশন কৰাৰ চেষ্টা কৰে। পেটৰ বৰণ মাখনৰঙী। জুন-জুলাই মাহত ইহঁতে কণী পাৰে। এই সাপে দংশন কৰাৰ বাতৰি সততে পোৱা নাযায়। এই সাপ যদি ক’ৰবাত দেখে তেন্তে তাৎক্ষণিকভাবে পিছুৱাই আহক, বিপদজনক অৱস্থাত দেখা পালে বিশেষজ্ঞ ব্যক্তিৰ সহায় লওক। কিবা কাৰণত দংশন কৰিলেও অলপো পলম নকৰাকৈ চিকিৎসালয় যাওক।
মানুহ জাতিটো সাপ বুলিলেই মাত্ৰাধিক ভয়াতুৰ হোৱা দেখা যায়৷ ৰাতি বহুতে ভয়তে নামেই নলয়৷ মানুহে সাপক অতিপাত ক্ৰুৰ প্ৰাণী বুলি ভাৱে৷ কিন্ত সকলো সাপেই জানোঁ আক্ৰণাত্মক চৰিত্ৰৰ হয়? মুঠেই নহয়৷ মানুহৰ জিভাতো কম বিহ লুকাই থাকেনে? সেই বুলি কি মানুহক আমি ঘৃণা কৰা উচিত? প্ৰকৃতিয়ে মানুহক সৃষ্টি কৰাৰ দৰে সাপকো সৃষ্টি কৰিছে৷ আনকি মানুহতকৈ সাপ পৃথিৱীৰ প্ৰাচীন প্ৰাণী৷ মানুহক অনিষ্ট কৰিবলৈ প্ৰকৃতিয়ে সাপ সৃষ্টি কৰিছে বুলি আপুনি ভাৱেনেকি? সাহসী মানুহৰ এবাৰ মৃত্যু হয়৷ কিন্ত ভয়াতুৰ মানুহৰ বাৰাম্বাৰ মৃত্যু ঘটে৷ এক কথাত ভিতৰত ভয় কঢ়িয়াই ফুৰা মানুহেহে সাপক কোবাই বা খূচি মৰাটো সমৰ্থন কৰে৷
সৰীসৃপবোৰ শীতলৰক্তী প্ৰাণী। চৌপাশৰ পৰিৱেশৰ পৰাই সাপে তাৰ প্ৰয়োজনীয় তাপ সংগ্ৰহ কৰে, যিয়ে ইহঁতবোৰৰ পাচনতন্ত্ৰ-গতিবিধি-সক্ৰিয়তা নিয়ন্ত্ৰণ কৰে। আপুনিও লক্ষ্য কৰিছে প্ৰখৰ ৰ’দতো বা চাহবাগিছাৰ লুঙলুঙীয়া বাটত সাপে ৰাস্তাৰ মাজত ৰ’দপুৱাই পৰি থাকে সাপ দেখিলে আঁতৰি আহক। সাপ মানৱ জাতিৰ শত্ৰু নহয়, বৰঞ্চ ইহঁতবোৰ আমাৰ পৰম বন্ধু।সাপৰ খাদ্য নিগনি, এন্দুৰ, ডালশলীয়া আদি।যিবোৰৰ বৃদ্ধি মানেই মানৱ জাতিৰ ভয়াৱহ বিপদ। আশা কৰিম- আপুনি নিশ্চয় এনে মাৰাত্মক ভুল নকৰিব।
(কৃতজ্ঞতা: লেখাটো প্ৰস্তুত কৰোতে প্ৰশান্ত বৰদলৈ আৰু নিশান্ত বৰদলৈৰ কিছু তথ্য ব্যৱহাৰ কৰা হৈছে৷ কেইবাখনো কিতাপ আৰু চাহবাগিছাত কাম কৰা দুই এক লোকৰ সহায় লোৱা হৈছে৷)