বিপন্ন সময়ঃ পঢ়ক প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া লেখা

বিপন্ন সময়ঃ পঢ়ক প্ৰতি বুধবাৰে পৰিৱেশ কৰ্মী বুবুল শৰ্মাৰ নিয়মীয়া লেখা


কাজিৰঙাৰ আয়ুস কিমান দিনলৈ?

— বুবুল শৰ্মা, পৰিৱেশ কৰ্মী৷

প্ৰশ্নটো অতি বেদনাদায়ক, তথাপিও উত্থাপন কৰিব লগা হ’ল৷ কিয়নো আমি সকলোৱেই বুজিবলৈ প্ৰয়াস কৰা উচিত যে কেৱল কাজিৰঙা নামৰ বিশেষণৰ খোলাটো লৈ কাজিৰঙাৰ জৈৱবৈচিত্ৰ্যতাই সমসংস্হাপন(Equilibrium)ত থাকিব নোৱাৰে৷ খোলাটোত সাৰভাগ কুশলে থকাটো বেছি দৰকাৰী৷ কিন্ত এই সাৰভাগ কি? কাজিৰঙা বিশেষণটোৰ সৈতে জঢ়িত হৈ থকা সাৰভাগ হ’ল – ৰাষ্ট্ৰীয় উদ্যানৰ অন্তঃভাগ আৰু বহিঃভাগৰ জঢ় জগত, কীট-পতংগ,পশু-পক্ষী আদিৰ সংপৃক্ত সমাহাৰত গঢ় লোৱা জৈৱবৈচিত্ৰ্যতা,এই বৈচিত্ৰ্যতাৰ বাবেহে কাজিৰঙাই বিশ্ববাসীৰ মৰম আৰু আদৰ বুটলিবলৈ সক্ষম হৈছে৷
৮০-৯০ দশকত ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰৰ জনাঞ্চলবোৰত বিশেষকৈ গাঁৱৰ বাৰীয়ে, হোলাই — হাগেৰগেন্দা, বনৰীয়া গাহৰি, শিয়াল, জহামাল, পথাৰ বুলিলেই স্থানীয় মাছৰ খলখলনি, দ’-পথাৰত কাছ, কেঁকোৰা, নানা তৰহৰ থলুৱা ফল-মূলৰ গছ,বাঁহ, লতিকাৰে পৰিপূৰ্ণ হৈ আছিল৷ এনে দিনো কাজিৰঙাই পাৰ কৰিব লগা হৈছিল যে সময়ৰ প্ৰত্যাহবানত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা বৃটিছ বিষয়া এজনে উল্লেখ কৰা ‘বাইচন’ তাহানিতেই কাজিৰঙাৰ পৰা বিলুপ্তি হৈ গ’ল৷ কিমান প্ৰজাতিৰ উদ্ভিদ,কিমান প্ৰজাতিৰ পোক-পতংগ,জীৱাণু কাজিৰঙাৰ পৰা ধ্বংস হৈ গ’ল! তাৰ হিচাপ নাই৷ আৰু কিমান এতিয়াও আৱিষ্কাৰ হ’বলৈ বাকী তাৰো কোনো হিচাপ নাই৷অথচ এই জীৱ-জীৱাণু আৰু সিহঁতৰ আবাসসমূহৰ ক্ৰিয়াৰ সৈতে এৰাব নোৱাৰা সম্বন্ধৰ জৰিয়তেহে কাজিৰঙাৰ থলুৱা মানুহৰ কৃষি,কৰ্ম,সংস্কৃতি, জীৱনৰ বিকাশ ঘটিছিল বা ঘটি আহিছে৷ তেনেকৈ ৰাষ্ট্ৰীয় উদ্যানখনত তিষ্টি থকা মাংসভোজী,তৃৰ্ণভোজী পশু-পক্ষী,ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱ,অণুজীৱ আদিৰ এটাৰ সৈতে আনটোৰ আভ্যন্তৰীণ অবিচ্ছেদ্য সংযোজন,বিয়োজন হৈ, আৰু তাৰ ফলস্বৰূপে উদ্ভৱ হোৱা শক্তি সঞ্চালন আৰু ৰূপান্তৰৰ ফলত হে কাজিৰঙাত চহকী জৈৱমণ্ডলৰ সৃষ্টি হৈছে৷ ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰৰ জৈৱ মণ্ডলটোক আজি কিছু বছৰ ধৰি অহৰহ হত্যা কৰি অহা হৈছে যেনে – পাহাৰ-হোলা ধ্বংস কৰি জলাশয়, পথাৰ পুতি কাজিৰঙাক কংক্ৰিটৰ নগৰীকৰণ কৰাৰ চেষ্টাত কাজিৰঙাৰ সন্তুলিত ব্যৱস্থাটো ধ্বংস গৰাহত পৰিছে৷
এইক্ষেত্ৰত চৰকাৰী বিভাগসমূহ,বিষয়া, জন প্ৰতিনিধি তথা কাজিৰঙাৰ প্ৰেমিক সকলৰ মৌনতা আৰু অৱদান গৰিহণাযোগ্য৷ মোৰ শৈশৱ-যৌৱন কাজিৰঙাৰ বায়ু-পানীৰে লালিত পালিত৷ আজিৰ তাৰিখত প্ৰতি পলে পলে দেখিছোঁ – কাজিৰঙাৰ ছন্দোময় অৱস্থাৰ ছন্দপতন ঘটিছে৷ বিশ্ব প্ৰসিদ্ধ ভাৰতীয় এক খড়্গযুক্ত গঁড়ৰ মুখ্য আৱাসস্থলীৰ সন্মান কাজিৰঙাই একেদিনাই লাভ কৰা নাছিল,লাখ লাখ বছৰ ধৰি সহস্ৰ জীৱ আৰু জঢ় জগতৰ সৈতে অবিচ্ছন্ন,অপ্ৰতিৰোধ্য বান্ধোনত বান্ধ খাই বিৱৰ্তিত হৈ কাজিৰঙা গঁড়ৰ উৎকৃষ্টতম আৱাসস্থলী হিচাপে গঠন আৰু বিকাশ লাভ প্ৰকৃতিৰেই দান৷ ১৯১৩ চনত প্ৰায় ১২টা গঁড়ৰ ঠাইত আজি ২৪০০ লৈ গঁড়ৰ সংখ্যা বৃদ্ধি হোৱাটো সংৰক্ষণৰ দিশত কাজিৰঙাই এক বিৰল দৃষ্টান্ত গঢ়িছিল৷ সম্পূৰ্ণ অসমীয়া কায়দা কৌশলেৰে,অসমীয়া লোকৰ দ্বাৰা পৰিচালিত কাজিৰঙাই হয়তো একমাত্ৰ সাফল্যৰ অৱশিষ্ট উদাহৰণ আছিল৷পিছে সাম্প্ৰতিক সময়ত জাতিগত অনীহা আৰু উদাসীনতাই ইতিমধ্যে নিঃশেষ কৰা সম্পদসমূহৰ তালিকাত কাজিৰঙাকো অন্তৰ্ভূক্ত কৰাৰ দিন সমাগত৷
অসমীয়া বিষয়া,বনৰক্ষী,অসমীয়া নেতা,জাতীয় সংগঠন,সাংবাদিক,অসমীয়া পৰিবেশবিদ সকলে এবাৰ নিজকে চিকুটি চাওক৷ চিৰযৌৱনা কাজিৰঙাৰ শৰীৰটোক আমি কিমান ঘূণীয়া কৰি তুলিলোঁ৷ এফালে কাৰ্বিআংলঙৰ বিস্তীৰ্ণ বননিপূৰ্ণ স্পৰ্শকাতৰ পাহাৰীয়া এলেকা উন্মুক্তকৰণ, আনফালে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই মূল ভূখণ্ড অহৰহ ভাৱে সংকীৰ্ণ কৰি অনা,উদ্যানৰ তৃৰ্ণভূমিৰ ওপৰত অহৰহ হেঁচা আৰু উদ্যানৰ চৌপাশে মানৱ সৃষ্ট দেৱাল,জনবিস্ফোৰণৰ মাজত জীয়াই থকা কাজিৰঙা যেন আজি অভিভাৱকহীন, এজনী ঘাত মাউৰা ছোৱালী৷

বিশ্বৰ পৰিবেশবিদ সকলে পৃথিৱীত জীৱকুলৰ বিলুপ্তিৰ কাৰণ হিচাপে দৰ্শোৱা “HIPPO” শব্দটো আজি কাজিৰঙাৰ আয়ুসৰ সৈতে সাঙুৰিব লগীয়া হোৱাটো যথেষ্ট লজ্জাজনক আৰু স্পৰ্শকাতৰ! HIPPO শব্দটোৱে প্ৰতিনিধিত্ব কৰা অৰ্থ কেইটা হৈছে
H= habitat destruction, I = invasive spp. , P= pollution, P= Population, O = over hervesting

Habitat destruction বা আৱাসস্থলীৰ ধ্বংসৰ বিষয়ে ক’বলৈ যাওঁতেন আৰম্ভণিতে উনুকিয়াব লাগিব কাজিৰঙাৰ পৰিস্থিতিতন্ত্ৰ তথা আৱাসস্থলীৰ প্ৰকৃত পটভূমি কি?বহুবাৰ মোৰ লেখাৰ জৰিয়তে মই এই কথাটো সদাই উনুকিয়াবলৈ চেষ্টা কৰি আহিছোঁ যে কাজিৰঙাৰ পৰিস্থিতিতন্ত্ৰ বা সহজ কথাত আৱাসস্থলী নিৰ্ভৰ কৰে ব্ৰহ্মপুত্ৰ নদীৰ সাৰুৱা উপত্যকা আৰু দক্ষিণৰ কাৰ্বিপাহাৰৰ প্ৰাকৃতিক হাইলেণ্ডৰ অবিচ্ছিন্ন আৰু অপ্ৰতিৰোধ্য বান্ধোনৰ ওপৰত৷ সেয়ে কোৱা হয় কাজিৰঙাৰ পৰিস্থিতিতন্ত্ৰ অতিপাত ভংগুৰ,জটিল আৰু পৰিৱৰ্তনশীল৷ এই অতিপাত ভংগুৰ পৰিস্থিতিতন্ত্ৰৰ তথা গঁড়ৰ এই আৱাসস্থলী ধ্বংস মানেই বিশ্ব প্ৰসিদ্ধ ভাৰতীয় এক খড়্গযুক্ত গঁড়ৰ বিদায়কাল সমাগত৷ বাকীবোৰ প্ৰাণীৰ কথা নকলোৱেই বা৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ কাৰ্বি পাহাৰৰ সৈতে থকা ঐতিহাসিক বান্ধোনক আমি ধ্বংস কৰিছোঁ – পাহাৰ খনন,ব্যাপক হাৰত পাহাৰীয়া এলেকাবোৰ লিজত দি,এনিমেল কৰিডৰ ধ্বংস, হোলা-পথাৰ পুতি কংক্ৰিটৰ পৰ্যটনস্হলী নিৰ্মাণ,কাষৰীয়া চাহবাগিছাত কীটনাশক আৰু মাইমোছা জাতীয় আচহুৱা উদ্ভিদৰ ব্যৱহাৰৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ জল-স্হলত এইবোৰ বিয়পি পৰি বন্যপ্ৰাণীৰ আৱাসস্থলীক বেয়া ধৰণেৰে আক্ৰান্ত কৰিছে৷ যাক সহজ ভাষাত habitat destruction বুলি ক’ব পাৰি৷ পাহাৰ ধ্বংসই যোৱা কুৰিবছৰে কাজিৰঙাৰ তৃৰ্ণভূমিৰ ওপৰত সাংঘাটিক নেতিবাচক প্ৰভাৱ পেলাইছে কিয়নো কাজিৰঙা উদ্যান হাতীৰ আদৰ্শ বাসস্থান নাছিল বা নহয়৷ অসমৰ এজন জেষ্ঠ আৰু সচেতন অভিজ্ঞ বন বিষয়া ড° ভূপেন তালুকদাৰৰ মতে – “কাজিৰঙা হাতীৰ আদৰ্শ বাসস্থান নহয়৷ হাতী এবিধ Coarse feeder জন্ত৷ ই যিমান খাদ্য খাই তাৰে ৪৫% অজীৰ্ণ হৈ ওলাই যায়৷ তাৰোপৰি যিমান খাই সমপৰিমাণৰ ঘাঁহনি গছকি নষ্ট কৰে ৷তাতে হাতী জাকৰুৱাকৈ চলা ফূৰা কৰা এবিধ স্হূলকায়ী জন্ত৷ সেয়ে ইহঁতক বিশাল চাৰণ ক্ষেত্ৰৰ প্ৰয়োজন৷ সাধাৰণতে আগতে কাজিৰঙাৰ হাতী বাৰিষা পাহাৰলৈ গতি কৰি খৰালি পুনৰ সমতলৰ উদ্যানলৈ ঘূৰি আহে৷ অৰ্থাৎ কাজিৰঙা হাতীৰ বাবে এক চক্ৰবত চাৰণ ক্ষেত্ৰ হিচাবে আছিল৷ কিন্ত কাৰ্বি আংলঙৰ হোলা পাহাৰৰ বন ধ্বংস,খণ্ডিতকৰণ আদিৰ বাবে হাতীসমূহে ক্ৰমাগত বাৎসৰিক পৰিভ্ৰমণ (Seasonal Migration) পৰিহাৰ কৰি কাজিৰঙাতে থাকিবলৈ লৈছে৷ কাজিৰঙা ঘাঁহনি প্ৰধান এলেকা৷ ইয়াক মূলতঃ গঁড় বা তেনেজাতীয় প্ৰাণী সংৰক্ষণৰ উদেশ্য আগত ৰাখিহে ব্যৱস্থা লোৱা হৈছিল৷” সেয়ে হাতীৰ এনে অস্বাভাৱিক সংখ্যাবৃদ্ধিয়ে বৰ্তমান কাজিৰঙাৰ আৱাসস্থলীৰ ওপৰত তীব্ৰ হেঁচাৰ সৃষ্টি কৰিছে আৰু জনাঞ্চলবোৰলৈ সঘনাই হাতীবোৰ সোমাই অহাৰ ফলত,বনকৰ্মীসকলৰ সৈতে থলুৱা মানুহৰ সংঘাত বাঢ়িছে৷ আৰু এই স্হিতাৱস্হা অব্যাহত থাকিলে বনবিভাগৰ দ্বাৰা সংৰক্ষণ আৰু থলুৱা মানুহৰ সহাৱস্থান দুয়োটাই সংকটৰ সন্মুখীন হ’ব৷ আৱাসস্হলীৰ ক্ষেত্ৰত আমি এইটোও মনত ৰাখিব লাগিব যে হাতীৰ দৰে ম’হো এবিধ Coarse feeder,হাতীৰ দৰে ম’হেও কাজিৰঙাৰ ভিতৰৰ ঘাঁহনি অনিষ্ট কৰৰাৰ লগতে দাঁতিকাষৰীয়া খেতিবাতিও নষ্ট কৰে৷ তৃতীয়তে, ভূতৰ ওপৰত দানহ পৰা দি খহনীয়া সমস্যা আছেই৷ খহনীয়াত ইতিমধ্যে প্ৰায় এশ বৰ্গ কিলোমিটাৰ উদ্যানখনৰ এলেকা জাহ গৈছে৷২০১৪ চনত বৃটিছে নিৰ্মাণ কৰা আৰিমৰা অতিথিশালা ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে৷ ইতিমধ্যে কিলাকিলি,চাৰিঘৰীয়া বনশিবিৰ,নাস্তে ,জানেকী টাপু আদি ব্ৰহ্মপুত্ৰত জাহ গৈছে৷এতিয়াও বহ্মপুত্ৰৰ কাষতে থকা আৰিমৰা অঞ্চলটোত আছে হনুমান,কাৰ্তিকা, গভৰাই, কাঠনিবাৰী,আলুবাৰী আদি বনশিবিৰবোৰ৷ আমি জানো কাজিৰঙাক ব্ৰহ্মপুত্ৰই গঢ়িছে,ব্ৰহ্মপুত্ৰই ভাঙিছে৷ বিদেশত হোৱা হ’লে এই খহনীয়াক কেনেকৈ বাধা দিবলৈ কি কৌশল অৱলম্বন কৰিলেহেতেন নাজানোঁ৷ ব্ৰহ্মপুত্ৰ নদীয়ে দক্ষিণ দিশত খহাই উত্তৰ দিশত চৰচাপৰি সৃষ্টি কৰিছে৷ এই চৰচাপৰিবোৰ সংৰক্ষণ অতি প্ৰয়োজন৷ তেতিয়াহে সেইবোৰ বন্যপ্ৰাণীৰ উপযুক্ত আৱাসস্থলীলৈ ৰূপান্তৰিত হ’ব৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াই কাজিৰঙাৰ বহু এলেকা সামৰি লোৱাত ব্ৰহ্মপুত্ৰৰ এই পানীও কাজিৰঙাৰ সংৰক্ষিত সম্পদ৷ ইয়াৰ মাছ-কাছ কাজিৰঙাৰ সম্পদ৷ এইবোৰৰ সংৰক্ষণত কঠোৰতা প্ৰদৰ্শন নকৰি, যোৱা বছৰ চৰকাৰে মৎস্যজীৱি মানুহক মাছ মাৰিবলৈ অনুমতি দিয়াৰ ফলত যোৱা বছৰ বৃহৎ বৃহৎ নাও লৈ মাছমৰীয়া সকল আৰিমৰা পৰ্যন্ত পাইছিলহি৷ দুই চাৰিজন বনকৰ্মীয়ে চৰকাৰৰ দ্বাৰা অনুমতি লাভ কৰা মাছমৰীয়া সকলৰ এই সংৰক্ষিত এলেকাত কৰা দপদপনিৰ দৃশ্য মৌন হৈ চাই থকাৰ বাহিৰে একো কৰিব পৰা নাছিল৷ এনে কাণ্ডত বহু কৰ্তব্য নিষ্ঠাবান বনৰক্ষী আৰু বনবিষয়াৰ কৰ্ম দক্ষতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়৷ তদুপৰি বানপানীৰ সৈতে অহা পলস,জাৱৰ-জোঁথৰ আহি বিলসমূহ বা জলাহসমূহ পুতি পেলোৱাৰ ফলত গঁড় আৰু দল হৰিণৰ বংশ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পৰিব৷

দ্বিতীয়তে Invasive spp ৰ কথা আলোচনা কৰোতে আমি এই আলোচনাৰ মজিয়াত স্হান দিব লাগিব আন এক ভয়ংকৰ ভাবুকিক,সেই ভয়ংকৰ ভাবুকিটো হ’ল – কাজিৰঙা বিৰল তৃণভূমিৰ ওপৰত আচহুৱা উদ্ভিদ,অপতৃণ,থলুৱা গছ শিমলু আদিৰ ভয়াবহ আগ্ৰাসন৷ আচহুৱা উদ্ভিদ বুলিলে অন্য এক ধৰণৰ জলবায়ু তথা পৰিবেশৰ উদ্ভিদক আমি বুজো, যেতিয়া আহি সেই উদ্ভিদবোৰ আমাৰ পৰিবেশত বিয়পি পৰে,দৈৱাৎ অথবা অন্যবাহকৰ দ্বাৰা যেনে – মানুহৰ দ্বাৰা,পশুৰ দ্বাৰা,বানপানী আদি প্ৰাকৃতিক ঘটনা আদিৰ দ্বাৰা, এই উদ্ভিদবোৰ সিচৰতি হৈ পৰা দেখা যায়৷ নতুন পৰিবেশত এই আচহুৱা উদ্ভিদৰ স্বাভাৱিক শত্ৰুবোৰ নেথাকে অৰ্থাৎ পূৰ্বৰ পৰিবেশত বাস কৰা যিবোৰ প্ৰাণী-পতংগই এই উদ্ভিদৰ বংশবৃদ্ধি নিয়ন্ত্ৰণ কৰিছিল – আমাৰ দেশত সেই আচহুৱা উদ্ভিদৰ প্ৰাকৃতিক নিয়ন্ত্ৰণকাৰীবোৰৰ অনুপস্থিতত, অনিয়ন্ত্ৰিতভাবে সিহঁতৰ বংশবৃদ্ধি ঘটে৷ ফলত থলুৱা উদ্ভিদ,ঘাঁহ-বনক সিহঁতে আগ্ৰাসী ৰূপত ধ্বংস কৰে৷ আচহুৱা উদ্ভিদৰ কথা নকলোৱেই যেনিবা, তীব্ৰ ভাবুকি সৃষ্টি কৰিছে খুদ কেতবোৰ থলুৱা গছেও৷ এই গছবোৰৰ দ্বাৰা কাঠনি বৃদ্ধিৰ বিপৰীতে সংকুচিত হৈছে ৰাষ্ট্ৰীয় উদ্যানৰ বিৰল তৃণভূমি৷

ভাবুকি সৃষ্টিকাৰী গছবোৰৰ ভিতৰতে প্ৰথম শাৰীতে আছে – শিমলু( Bombax ceiba) গছ৷ ২য় বিশ্বযুদ্ধৰ পিছৰ মন্দা অৱস্থা মোকাবিলা কৰিবলৈ অসমৰ বহু সংৰক্ষিত বনাঞ্চলত সেই সময়ত শিমলু গছ ৰোপেনেৰে ৰাজহ সংগ্ৰহ কৰা হৈছিল৷ কাজিৰঙাৰ সংৰক্ষিত এলেকাটো এই কৰ্ম কৰা হৈছিল৷ ফলত চৌদিশে শিমলুৰ তুলা আৰু বীজ ৰাষ্ট্ৰীয় উদ্যানখনৰ চৌদিশে বিয়পি পৰিল৷ সেই ফিৰিঙতিয়ে আজি খাণ্ডব দাহ হ’বলৈ ওলাইছে৷ উদ্যানত কৰ্মৰত বনৰক্ষী সকলৰ সৈতে পতা কথাবোৰে মোক ভাৰাক্ৰান্ত কৰি তোলে৷ উদাহৰণস্বৰূপে বাগৰি ৰেঞ্জত ৪১ টা বনশিবিৰ আছে৷ সৰ্বাধিক গঁড় দেখা পোৱা বাগৰি বনাঞ্চলৰ হাতী,গঁড় আদিৰ খাদ্য ঘাঁহ-বনৰ লগতে বিশেষকৈ হেক্টৰকে হেক্টৰ ইকৰাণি আৰু অনান্য তৃৰ্ণভূমি ধ্বংস হৈ গৈছে ৷মাত্ৰ ৪/৫ টা বন শিবিৰৰ কাষতহে দুই এক ইকৰাণি বৰ্তি ৰৈছে৷ তৃৰ্ণভূমিক আগ্ৰাসী ৰূপত ক্ষতি কৰিছে শিমলু,ভেলকৰ আদি গছে৷ বিশেষকৈ শিমলু গছে৷ বনবিভাগে যিমানেই শিমলু গছ কাটিছে আৰু উঘালিছে ,সিমানেই শিমলু গছৰ সংখ্যা বৃদ্ধি পাইছে৷ শিমলুৱে ৰক্তবীজ ৰাক্ষসৰ দৰে সংখ্যা বৃদ্ধি কৰিছে৷ শিমলুৱে কাজিৰঙাৰ ভূমি ভাগক নিজৰ যেন নিয়ন্ত্ৰণৰ ভিতৰলৈ লৈ গৈছে৷ ইকৰা তৃৰ্ণভোজী বৃহৎ প্ৰাণীবোৰৰ বাবে আহাৰ আৰু ঔষধ দুয়োটাই৷ কৃত্ৰিম বনজুইয়ে জ্বলাই দিয়া ইকৰাণিৰ ছাঁইবোৰ গঁড়ৰ লগতে বিভিন্ন জন্তৱে পেটৰ পেলু বা অনান্য কিছুমান ৰোগৰ পৰা মুক্তি পাবলৈ ভক্ষণ কৰে৷ কিন্ত চৌদিশে শিমলুৰ গুটি আৰু গছৰ বৃদ্ধি আৰু তৃৰ্ণভূমিৰ সংকোচনে কাজিৰঙাৰ আয়ুস কাঢ়িলৈ গৈ আছে৷ এসময়ত কাজিৰঙাত ৪০/৫০ দশকত চৰকাৰে বনবিভাগৰ দ্বাৰা শিমলু ৰোপণ কৰোৱাইছিল৷ আজি সিয়েই হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে অভিশাপ৷ যদিহে ৰাষ্ট্ৰীয় উদ্যানৰ বৃহৎ শিমলু গছবোৰ কাটি পেলোৱা নহয় তেন্তে কেৱল সৰু সৰু শিমলু গছবোৰ কাটি কাজিৰঙাক শিমলুৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিব নোৱাৰিব৷

কথা হ’ল এই বিষয়ত চৰকাৰ কিমান দায়বদ্ধ বা আমি গঁড়ক লৈ গৌৰৱ কৰা অসমৰ অসমীয়া মানুহবোৰ কিমান দায়বদ্ধ, থলুৱা মানুহবোৰ কিমান দায়বদ্ধ বাৰু? অসমৰ মানুহৰ দায়বদ্ধতা কাজিৰঙাৰ ক্ষেত্ৰত বিশেষ চকুত পৰা নাই৷ তাতকৈ বিদেশীসকলে কাজিৰঙা তথা গঁড়,বাঘক বেছি ভাল পায় ৷ তেওঁলোকৰ বহুতে কাজিৰঙা ৰক্ষাৰ বাবে আৰ্থিক বৰঙনি আগবঢ়াই৷ আমি বাৰু কেতিয়াবা টকা এশ আগবঢ়াই পাইছোনে? এই ইকৰাৰ দৰে তৃৰ্ণৰ প্ৰতি অহা প্ৰত্যাহবান আজিৰ নহয়৷ বিগত কেইবা বছৰ বিষয়টোক লৈ চৰকাৰ আৰু বনবিভাগে কিয় মৌনতা অৱলম্বন কৰিছে? তেওঁলোকে সমস্যাটোক আওকাণ কৰি চলিছে নে সমস্যাটোৰ সন্মুখত আত্মসমৰ্পণ কৰিছে?

শিমলুৰ ওপৰিও গুটেল/ভেলকৰ ( Trewia nudiflora), বৰুণ(Cralaeva nurvala), এজাৰ(Lagerstroemia speciose),
সীধী ( Lagerstroemia paraviflora) এইবিলাকৰ গুটি পানীত পৰি ৰাষ্ট্ৰীয় উদ্যানৰ চৌদিশে বিয়পি পৰে৷ এই গছবোৰে তৃৰ্ণভূমি(Grassland)ক ধ্বংস কৰি ডাঠ আৰু ডাঙৰ ডাঙৰ কাঠনি(Woodland)ৰ সৃষ্টি কৰিছে৷

তদুপৰি উদ্যানখনৰ অন্তভাগত ভাবুকি সৃষ্টিকাৰী জোপোহা জাতীয় উদ্ভিদবোৰ আছেই৷
সেইবোৰৰ ভিতৰত – দীঘলতি (Litsea salicifolia), পানীচিকটি (Securineys virosa), কুকুৰাঠেঙীয়া ( Leea marcophylla), বনৰীয়া গোলাপ (Rose involeucrat),বনতুলসী/কুহুম কটা বন (Lippia albe),দিন কা ৰাজা(Cestrum diurnum)৷

বগাই যোৱা অপতৃণ কিছুমানো আছে৷
উদ্যানৰ ভিতৰত পোৱা এবিধ লতাজাতীয় উদ্ভিদ- কাৰ্বিভাষাত যাক Rumet বুলি কোৱা হয়, ইংৰাজীত (Derris cuneifloia), বেঁত (Calamustenuis),মাইমোছা, মাইকেনীয়া ( Mikenia micrantha) আৰু জাৰ্মানী বন(Eupatorium odoratum) আদি৷
উল্লেখযোগ্য যে মাইমোছাৰ দৰে কাঁইটীয়া লতাবোৰ কাটি শিপাৰ সৈতে উঠাই দিয়া হয় যদিও বানপানীৰ সময়ত পুনৰ ব্ৰহ্মপুত্ৰৰ পানীৰ জৰিয়তে পুনৰ উদ্যানখনত সিঁচৰতি হৈ পৰে৷ অৱশ্যে মাইমোছাক আজি দীৰ্ঘদান ধৰি বনবিভাগে ধ্বংস কৰাৰ চেষ্টা ব্যাহত ৰাখিছে৷ এই ক্ষেত্ৰত দুই এক এনজিঅই সহায়ৰ হাত বনবিভাগলৈ আগবঢ়াইছে৷ কৃত্ৰিম জুইয়ে অৰণ্যৰ অনু-জীৱাণু আদি ধ্বংস কৰিলেও কাঠনি অঞ্চল(woodland)ক নিয়ন্ত্ৰণ কৰি তৃৰ্ণভূমিৰ বাবে এটা উৎকৃষ্টতম পৰিবেশৰ সৃষ্টি কৰে৷ একেদৰে বানপানীয়েও কাজিৰঙাৰ পৰিস্থিতিতন্ত্ৰক গতিশীলতা প্ৰদান কৰি আহিছে,কিন্ত কাজিৰঙাৰ বাবে বহু ক্ষেত্ৰত আশীৰ্বাদস্বৰূপ এই বানপানী যোৱা কেইবা বছৰো হোৱা নাই৷ ই জলবায়ু পৰিবৰ্তনৰ ভয়াবহ ইংগিত৷

ইয়াৰ সমাধান বিচাৰি মই কেইবাজনো বন বিষয়া আৰু বনৰক্ষীসকলৰ সৈতে কথা পাতিছিলোঁ৷এই ভাবুকি সৃষ্টিকাৰী উদ্ভিদবোৰৰ কিছুমানৰ অৰ্থনৈতিক মূল্য বেছি, যদি এইবোৰেদি থলুৱা মানুহৰ জীৱিকাক প্ৰভাৱিত কৰিব পাৰিনেকি,চালি জাৰি চোৱাৰ প্ৰয়োজন আহি পৰিছে৷এই ভাবুকি সৃষ্টিকাৰী(Invasive) উদ্ভিদবোৰে বন্যপ্ৰাণীৰ বাবে নন্দনকানন সদৃশ উদ্যানখনত তৃণভোজী প্ৰাণীবোৰৰ আৱাসস্থলীৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ আনকি পানীৰ তলতো এনে উদ্ভিদে জলজ ঘাঁহ-বন, পৰিস্থিতিতন্ত্ৰত কু প্ৰভাৱ পেলাইছে৷ উদ্যানখনত সৰু সৰু থলুৱা গছ গজাত প্ৰতিবন্ধক হৈ দেখা দিছে৷

কিছুমান অপকাৰী লতা Ipomea carnea, মাইমছা, বনতুলসী, বনৰীয়া গোলাপ আদি কাঁইটীয়া লতাবোৰ এসময়ত নিয়ন্ত্ৰণহীন হৈ পৰিছিল৷ মাইমচা নামৰ কাইঁটীয়া লতাবিধ, সমগ্ৰ গা-গছত বাঘৰ নখৰ দৰে আঁকোৰা কাঁইটেৰে আৱৰা৷ এজোপা মাইমোচাই বিশ বৰ্গ মিটাৰ মাটি দখল কৰিব পাৰে৷ ই আন ঘাঁহ-বন, গছ- লতিকাক আৱৰি ধৰি ধ্বংস কৰি পেলায়৷ আজি দীৰ্ঘদিন ধৰি মাইমোচাৰ বিৰুদ্ধে বনবিভাগে দীঘলীয়া যুঁজ কৰিব লগা হৈছে৷
উদ্যানৰ বাহিৰে-ভিতৰে থকা শিমলু,ভেলকৰ, বৰুণ এই ফুল -ফল দিয়া গছবোৰে উদ্যানখনৰ তৃণভূমিক যথেষ্ট পৰিমাণে ক্ষতি কৰিছে৷ ভেলকৰ, বৰুণ আদি গছৰ ফল চৰাই- প্ৰাণী আদিয়ে ভক্ষণ নকৰে৷ ই সহজে পানী আৰু মাটিত বিয়পি পৰে৷ বুঢ়াপাহাৰৰ পৰা ১/২ কিলোমিটাৰ নামি আহিলে (কাজিৰঙা অভিমুখে বাটত) বাটৰ কাষতে এই সেউজীয়া গছবোৰ পোৱা যায়, পানীৰ মাজতো এইবোৰ গছ জীয়াই থাকে৷ সেয়ে জলাশয়ৰ দাঁতিত বা পানীৰ মাজত এইবোৰ গছ, দেখা যায়৷ নাচপতিত কৈ সৰু আকৃতিৰ ফল দিয়া ভেলকৰ গছে উদ্যানখনৰ বহু ঠাইত বিস্তাৰ লাভ কৰিছে৷ প্ৰতি বছৰে উদ্যানখনত বনজুই লগোৱা হয়, এইবোৰ উদ্ভিদ তথা কাঠনি সৃষ্টিক নিয়ন্ত্ৰণ কৰি, তৃণভূমিক সংৰক্ষণ কৰাৰ স্বাৰ্থত৷ উল্লেখযোগ্য যে যি তৃৰ্ণভূমিৰ ওপৰত কাজিৰঙাৰ বন্যপ্ৰাণী বৰ্তি আছে,সেই তৃৰ্ণভূমিৰ পৰিমাণ কিন্ত ১৯৯৫-৯৬ চনত ৭% হে আছিল৷ আজিৰ তাৰিখত কিমান টুটিল ভাৱিবলৈয়ো ভয় লাগে ৷
তেনেকৈ উদ্যানৰ বাহিৰ চোৱাত বিশেষকৈ দক্ষিণ দিশৰ পাহাৰ,হোলাবোৰ,পথাৰবোৰ অনিয়ন্ত্ৰিতভাবে কংক্ৰিটৰ হোটেল,ল’জ নিৰ্মাণে বন্যহস্তীৰ দৰে জীৱক গঞাৰ শইচ খাবলৈ বাধ্য কৰোৱা হৈছে৷ বনকৰ্মীসকল সঘনাই ৰাইজৰ ককৰ্থনাৰ সন্মুখীন হৈছে৷ উপযুক্ত ক্ষতিপূৰণৰ বাবে চৰকাৰৰ শক্তিশালী কোনো আঁচনি নাই৷ নীতি নাই৷ এজনী গাই গৰু বা বলধ গৰু এটা মাৰিলে ক্ষতিপূৰণ তিনিহাজাৰ বা চাৰিহাজাৰ হ’ব পাৰেজানোঁ? এবিঘা ধান নষ্ট কৰিলে তাৰ ক্ষতিপূৰণ দুহেজাৰ টকা হ’ব পাৰেজানোঁ৷ এনে অনুকম্পামূলক ক্ষতিপূৰণৰ পৰিৱৰ্তে বজাৰ দৰত ক্ষতিপূৰণ দিয়াৰ কথা চৰকাৰবোৰে কিয় নাভাৱে৷ এই থলুৱা মানুহবোৰৰ কাজিৰঙাৰ নিৰাপত্তাৰ এক গুৰুত্বপূৰ্ণ অংগ৷ সেই কথা চৰকাৰে পাহৰি যোৱা উচিত নহয়৷

এনে পৰিস্থিতিত চৰকাৰে কাজিৰঙাৰ তৃৰ্ণভূমিক বচোৱাৰ ক্ষেত্ৰত আৰু ক্ষতিপূৰণ দিশটোৰ ক্ষেত্ৰত ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰা উচিত৷ আচৰিত হওঁ পালিয়ামেণ্টত ইমানবোৰ জনপ্ৰতিনিধি থাকোতে কাজিৰঙাখনা বাবে এষাৰী বাক্য নোলাইনে? অথচ যি কাজিৰঙাই অসমখনক গৌৰাম্বিত কৰাৰ লগতে বছৰি শকত ৰাজহ সংগ্ৰহত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷

মাজে মাজে মনত আশংকা জাগে যে ভৱিষ্যত দিনত নিৰ্দ্ধাৰিত সীমা এটাৰ ভিতৰত কটকটীয়া নিয়ম নীতিৰে বন্যজন্ত সংৰক্ষণ কৰি তাৰ বাহিৰৰ চাৰিওফালে সমগ্ৰ বিশাল এলেকাৰ প্ৰতি অসমীয়া মানুহে বা চৰকাৰে উদাসীনতা প্ৰকাশ কৰিলে সংৰক্ষণ বাৰু ফলুপ্ৰসু হৈ ৰ’বনে? অথবা কাজিৰঙাৰ ক্ৰমবৰ্দ্ধমান বন্যপ্ৰাণীৰ সংখ্যাই কাজিৰঙাৰ ধাৰণ ক্ষমতাৰ সীমা স্পৰ্শ কৰিলেই নেকি? এই বিষয়বোৰ কিয় আলোচনালৈ অনা হোৱা নাই? এইবোৰো কাজিৰঙাৰ প্ৰতি অসমীয়া জাতিটোৰে অনীহা আৰু উদাসীনতাৰ প্ৰকাশ৷

এনেবোৰ ধূঁৱলি কুঁৱলিৰ মাজেৰেই সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই এই যুঁজখন চলাই গৈছে৷ গঁড় চিকাৰীৰ বিৰুদ্ধে, অপকাৰী উদ্ভিদ,লতাৰ বিৰুদ্ধে কৰা যুঁজখনত কাজিৰঙা বনবিভাগ যাতে বিজয়ী হয় আৰু উদ্যানৰ বাহিৰখনৰ সমস্যাবোৰ আৰু প্ৰত্যাহবানবোৰ ৰোধ কৰিবলৈ চৰকাৰ আৰু ৰাইজৰ স্পৃহা যাতে হয়,এইয়াই আজিৰ সময়ত প্ৰতিজন অসমীয়াৰ আশা হওক৷অন্যথা বিশ্বৰ গৌৰৱ তথা অসমৰ অভিমান এক খড়্গযুক্ত গঁড়ৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব৷ মাজভাগতে চৰকাৰে উদ্যানখনৰ ভিতৰত যিবোৰ কৃত্ৰিম হাইলেণ্ড বনালে সেইবোৰে কিমান সুফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জানিব পৰা নাই৷ সেইবোৰৰ নিৰপেক্ষ গবেষণাৰ বাবে চৰকাৰেই উৎসাহ প্ৰদান কৰিব লাগে৷ যদি উদ্যানৰ ভিতৰত হাইলেণ্ড বনাব লগাই হয়,তেন্তে পৰ্যটক অহাযোৱা কৰা বাটবোৰ ওখ কৰিলেও বাৰিষাত নিশ্চয় বন্যজন্তৱে সকাহ পাব পাৰে কিজানি৷ যদিও ব্যক্তিগতভাৱে মই উদ্যানৰ ভিতৰত সকলোধৰণৰ নিৰ্মাণৰ পক্ষপাতী নহওঁ,তৎস্বত্বেও এইক্ষেত্ৰত বিশেষজ্ঞসকলৰ পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ হ’ব৷

কাজিৰঙাৰ আয়ুস দীঘলীয়া হওঁক আৰু এই দিশটোৰ সৈতে জি-২০ ,বিদেশী প্ৰতিনিধি অথবা দেশৰ ৰাষ্ট্ৰপতিক অৱগত কৰাওক৷ তেওঁলোকে কাজিৰঙাৰ হকে সক্ৰিয়তা প্ৰদৰ্শন কৰক৷ তেতিয়াহে ৰাষ্ট্ৰপতি আদিৰ দ্বাৰা কাজিৰঙা ভ্ৰমণৰ তাৎপৰ্য বৃদ্ধি পাব৷ উৰণীয়া সেঁতু আদিতকৈ কৰিডৰ মুকলি, প্ৰাকৃতিক হাইলেণ্ড, পাহাৰ-হোলা বিক্ৰী এইবোৰ ধ্বংস ৰোধ কৰাটো কোনোপধ্যেই গুৰুত্বহীন কাম নহয়৷ কেৱল মানুহক উচ্ছেদ কৰিলেই সমস্যা সমাধান নহয়৷ কিমধিকমতি৷

  • Related Posts

    ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙা

    ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙাঃ ড° মনচুন জ্যোতি গগৈৰ গৱেষণা‘এক্স’যোগে মুখ্যমন্ত্ৰীৰ অভিনন্দন ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ “বিগ ফাইভ”ৰ এক অনন্য বাসস্থান হিচাপে খ্যাতি লভা বিশ্ব ঐতিহ্য ক্ষেত্ৰ…

    নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা

    নীৰৱতাৰ সিপাৰে ১৭ঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা বিশ্বৰ সবাতোকৈ ভয়ংকৰ চৰাইকাছোৱাৰি — মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী। এজনী মাইকী কাছোৱাৰিয়ে তিনিৰ পৰা ন টা কণী…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস