কামৰূপ জিলাৰ প্ৰান্তশ্ৰী শতদল সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্‌যাপন

কামৰূপ জিলাৰ প্ৰান্তশ্ৰী শতদল সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্‌যাপন

ৰাইজৰ খবৰ ডিজিটেল ডেক্সঃ বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি ৰাজগড়স্থিত প্ৰান্তশ্ৰী শতদল সাহিত্য সভাই শুক্ৰবাৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি বিশেষ অনুষ্ঠান চান্দমাৰী নিৰাময় ভৱনত অনুষ্ঠিত কৰে। “চিৰচেনেহী মোৰ ভাষা জননী” গীতেৰে আৰম্ভণি কৰা সভাত সভাপতিত্ব কৰে প্ৰান্তশ্ৰীৰ সভাপতি মীৰা শৰ্মাই। সভাত বিশেষ ভাৱে নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী, সপ্তৰ্ষি সাহিত্য গোষ্ঠীৰ প্ৰতিষ্ঠাপক হিৰণ্ময়ী বৰুৱা, বিশিষ্ট কবি মদন মেধি। সভাৰ আৰম্ভণিতে বিশিষ্টসকলক মীৰা শৰ্মা, সবিতা দেৱী, হিৰণ্যময়ী বৰুৱা, চান্দমাৰী সাহিত্য সভাৰ সভাপতি কানন বৰদলৈ, মদন মেধি, উপ-সভাপতি ৰঞ্জুশ্ৰী বৰ্মনক মঞ্চলৈ আমন্ত্ৰণ জনোৱা হয়। প্ৰান্তশ্ৰীৰ সম্পাদক দীপিকা দেৱী কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। বন্দনা কলিতাৰ বৰগীতেৰে সভাৰ শুভাৰম্ভ কৰা হয়। সভাত মুখ্য অতিথি সবিতা দেৱীয়ে বিষ্ণু ৰাভাদেৱৰ বিষয়ে বক্তব্য আগবঢ়ায় লগতে হিৰণ্যময়ী বৰুৱাই ৰাভা দেৱৰ জীৱনৰ সন্দৰ্ভত আলোকপাত কৰে। বিশিষ্ট কবি কোষেশ্বৰ বৰাদেৱৰ কবিতা আছিল উদাত্ত আহ্বানৰ। পলি বণিক্যই ৰাভাদেৱৰ বিষয়ে অতি সাৰুৱা কথাৰে সকলোকে আকৰ্ষিত কৰে। মদন মেধি, ৰীতামণি বৰদলৈ, বৰ্ণালী বৰা বৈশ্য, দীপিকা খাউন্দ, দীপিকা দেৱী কলিতা, নিৰ্মিতা বৰগোহাঁই, চন্দ্ৰা দেৱী দত্ত, মিনাক্ষী দেৱী, মীৰা দেৱী, বন্দনা কলিতা আদিয়ে বিষ্ণুৰাভাৰ বিষয়ক স্ব-ৰচিত কবিতা পাঠ কৰে। বিষ্ণুৰাভা গীত পৰিৱেশন কৰে ক্ৰমে মঞ্জু গৌতম, ৰত্না ভট্টাচাৰ্য, পূৰবী তালুকদাৰ, কিৰণ দাসে। মহান শিল্পী গৰাকীক সুঁৱৰি একেলগে বিষ্ণুৰাভা গীত পৰিৱেশন কৰে নিৰ্মিতা বৰগোহাঁই, বন্দনা কলিতা আৰু দীপিকা দেৱী কলিতাই। শাখাৰ কৰ্মকৰ্তা সকলে গণশিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই এটি সমবেত সংগীত পৰিৱেশন কৰে। উক্ত সভাত নিতুমণি গোস্বামী, ৰঞ্জুমণি চাংমাই, জেউতি ব্ৰহ্ম, ডলী পাটোৱাৰী আদি বিশিষ্টসকল উপস্থিত থাকে। সম্পাদক দীপিকা দেৱী কলিতাই শলাগৰ শৰাই আগবঢ়ায়৷ তাৰ পিছতেই জাতীয় সংগীতেৰে সভাখনৰ সামৰণি পৰে।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা