বিশেষ দিনত কি কৰিছিল এঞ্জেলিনাই!

এই কথা শুনিলে আপোনাৰো গাৰ নোম শিঁয়ৰি উঠিব পাৰে! কি কৰিছিল ২০২১ চনত হলিউড ষ্টাৰ, মোহময়ী অভিনেত্ৰী, অতীৱ সুন্দৰী এঞ্জেলিনা জলীয়ে! পঢ়ক সম্পূৰ্ণ বাতৰি।

এঞ্জেলিনা জলী বুলি ক’লেই হলিউড চিনেমা জগতৰ এক ফটাফুটা নাম। কেৱল হলিউডেই নে সমগ্ৰ বিশ্বতে আবেদনময়ী এঞ্জেলিনাৰ আছে লক্ষ-লক্ষ ফেন ফ’ল’ৱাৰ্ছ। কেৱল অভিনেত্ৰীয়েই নহয়, চলচিত্ৰ নিৰ্মাতা হিচাবেও সমাদৃতা এঞ্জেলিনাই পিছে সুকীয়া কিছু কৰ্ম-কাণ্ডৰে তেওঁৰ গুণমুগ্ধক আচম্বিত কৰি ৰাখে।

২০২১ চনতো হ’ল তেনে এক ঘটনাই৷ জানি থওক আপুনিও কি হৈছিল। কি বিশেষ দিনৰ বাবে কি কৰিছিল এঞ্জেলিনাই।

২০ মে’ — এক বিশেষ দিন৷ বিশ্ব মৌ মাখি দিৱস। মৌ পালনৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্য প্ৰতিবছৰে পালন কৰা হয় বিশ্ব মৌ মাখি দিৱস।

মৌ-মাখি পালন হৈছে এটি কৃষি ভিত্তিক উদ্যোগ। মৌ আৰু তাৰ উপজাত দ্রব্যৰ ক্ৰমবৰ্দ্ধিত বজাৰে মৌমাখি পালনক বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে অসমতো এটি কার্যকৰী উদ্যোগলৈ পৰিণত কৰিছে। মৌ আৰু ম’ম হল মৌমাখি পালনৰ পৰা পোৱা দুটা অর্থনৈতিকভাৱে গুৰুত্বপূর্ণ উপজাত পদার্থ ৷ মৌ বা ম’মৰ যথেষ্ট বজাৰ চাহিদা আছে।

১৭৩৪ চনৰ ২০ মে’ তাৰিখে মৌ পালনৰ অগ্ৰগামী এণ্টন জানচাৰ জন্ম হৈছিল আৰু এই দিনটোকে প্ৰতি বছৰে বিশ্ব মৌ দিৱস হিচাপে পালন কৰি অহা হৈছে । ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহে ২০১৭ চনৰ ২০ মে’ তাৰিখটো প্ৰথম বাৰৰ বাবে বিশ্ব মৌ দিৱস হিচাপে পালনৰ অনুমতি প্ৰদান কৰে । এই দিৱসৰ উদ্দেশ্য হ’ল—পৰিস্থিতি তন্ত্ৰৰ সন্তুলনৰ বাবে উদ্ভিদৰ পৰাগযোগৰ ক্ষেত্ৰত মৌ মাখিৰ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টি কৰা।


যাৰবাবেই ২০২১ চনত এই দিৱসৰ তাৎপৰ্য আৰু উদ্দেশ্যৰ ফলপ্ৰসূতাৰ বাবে মার্কিন অভিনেত্রী, চলচ্চিত্র নির্মাতা এঞ্জেলিনা জলিয়ে শৰীৰত কিছুমান মৌ মাখি লৈ ফটোৰ বাবে প’জ দিছিল। যি মৌ-মাখিয়ে বিন্ধিব বুলি সাধাৰণতেই সাৱধান হৈ থকা হয়, তেনেক্ষেত্ৰত একপ্ৰকাৰ দুঃসাহসিকাতৰে এঞ্জেলিনাৰ মৌ-মাখিৰ স’তে উঠা ফ’টো, ভিডিঅ’ই ব্যাপক ৰূপত চৰ্চ্চা লাভ কৰিছে।

 

সংগ্ৰহ আৰু সম্পাদনাঃ গীতিৰেখা দত্ত

বিঃদ্ৰঃ প্ৰকাশিত লেখাটোৰ তথ্য ইন্টাৰনেটকে ধৰি বিভিন্ন উৎসৰ পৰা সংগ্ৰহিত। এয়া কেৱল সাধাৰণ জ্ঞান তথা তথ্যৰ বাবেহে প্ৰকাশিত। ইয়াৰ কোনো সত্যসত্যতা ৰাইজৰ খবৰ ডিজিটেলে দাবী নকৰে।

Related Posts

ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙা

ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙাঃ ড° মনচুন জ্যোতি গগৈৰ গৱেষণা‘এক্স’যোগে মুখ্যমন্ত্ৰীৰ অভিনন্দন ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ “বিগ ফাইভ”ৰ এক অনন্য বাসস্থান হিচাপে খ্যাতি লভা বিশ্ব ঐতিহ্য ক্ষেত্ৰ…

নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা

নীৰৱতাৰ সিপাৰে ১৭ঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা বিশ্বৰ সবাতোকৈ ভয়ংকৰ চৰাইকাছোৱাৰি — মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী। এজনী মাইকী কাছোৱাৰিয়ে তিনিৰ পৰা ন টা কণী…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস