বোকাখাতত পাঞ্জাৱ নেচনেল বেংকৰ গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ সম্পন্ন
কুকুৰা পালন, মৌ পালনৰ প্ৰমাণ পত্র প্ৰদান
ভবানন্দ কলিতা, বোকাখাত, ১৩ জুনঃ পাঞ্জাৱ নেচনেল বেংকৰ গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ কেন্দ্র বোকাখাতত বৃহস্পতিবাৰে মৌ পালন আৰু কুকুৰা পালনৰ দহদিনীয়া প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। মৌ পালনৰ প্ৰশিক্ষণ মৰঙি উন্নয়ন খণ্ডত অনুষ্ঠিত হৈছিল। ইপিনে, গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বোকাখাতৰ চৌহদত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰতিটো শাখাৰে ৩০ গৰাকীকৈ প্ৰশিক্ষাৰ্থী আছিল।
কেন্দ্র সঞ্চালক চিন্ময়জোতি গোহাঁইয়ে কয় যে, এই পৰ্যন্ত বিভিন্ন বিষয়ক ১২১টা বেটছৰ প্ৰশিক্ষণ হৈছে। অহা দুমাহত বিশেষকৈ মহিলাৰ বাবে বিউটি পার্লাৰ আৰু মহিলাৰ দৰ্জীৰ প্ৰশিক্ষণ দিয়া হ’ব। বৃহস্পতিবাৰে সামৰণি পৰা অনুষ্ঠানত আৰছেটিৰ ৰাজ্যিক সঞ্চালক পংকজ কুমাৰ বৰুৱা, পঞ্জাৱ নেচনেল বেংকৰ অৱসৰপ্ৰাপ্ত চীফ মেনেজাৰ বীৰেন্দ্ৰ নাথ কলিতা, জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতা অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
ৰাজ্যিক সঞ্চালক পংকজ কুমাৰ বৰুৱাই প্ৰশিক্ষাৰ্থী সকলক ভালদৰে কাম কৰিবলৈ উৎসাহ জনোৱাৰ লগতে বেংকৰ ঋণ নিয়মিত পৰিশোধ কৰিবলৈ আহ্বান জনায়।
তেখেতে লগতে কয় যে মৌ পালন কৰিবলৈ অসমলৈ উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা লোক আহিছে। এই লাভজনক ব্যৱসায়টো যাতে আনৰ হাতলৈ যাব নোৱাৰে তাৰ বাবেই সকলোৱে গুৰুত্ব সহকাৰে কামত আত্মনিয়োগ কৰা উচিত।