শিশু দিৱসৰ অন্তৰ্নিহিত কথাৰে
— মৃদুস্মিতা শৰ্মা, বোকাখাত৷
চৈধ্য নৱেম্বৰ ৷ শিশুসকলৰ বাবে এটি আছুতীয়া , গুৰুত্বপূৰ্ণ দিন , শিশু দিৱস ৷ প্ৰতিটো দিৱস পালনৰ একোটা মূল লক্ষ্য হ’ল সেই দিনটোৰ প্ৰতি সকলোকে সজাগ কৰা ৷শিশু দিৱসৰো এটা মহৎ উদ্দেশ্য আছে ৷এই উদ্দেশ্য হৈছে দেশৰ ভৱিষ্যত প্ৰজন্ম দেশৰ ধৰণীস্বৰূপ কনমানিসকলৰ সুপ্ত প্ৰতিভা জগাই তোলা ৷কনমানিসকলৰ সৰ্বাংগীণ মংগলৰ বাবে কৰিবলগীয়া কামৰ প্ৰতি অভিভাৱক আৰু সমাজক সজাগ কৰি তোলা ৷ শিশু কালতেই কনমানিসকলৰ সুস্থ মনোবিকাশৰ প্ৰয়োজন ৷ সেই বিকাশ খেলা ধুলা ,সমনীয়াৰ লগত ফুৰা চকাৰ মাজেদিয়েই হয় ৷ধেমালিৰ মাজেদিয়েই শিশুৱে বহু লাগতিয়াল কথা শিকি ল’ব পাৰে ৷সেয়েহে খেলা ধুলা কৰাত , ৰং ধেমালি কৰাত পিতৃ মাতৃ বা অভিভাৱকসকলে যথাসম্ভৱ প্ৰয়োজনীয় উদগনি যোগাব লাগে ৷তেনে পৰিবেশত ডাঙৰ দীঘল হোৱা ল’ৰা ছোৱালীয়ে সহজে সমাজত প্ৰতিষ্ঠা লাভ কৰে ৷
চৈধ্য নৱেম্বৰ দিনটো শিশু দিৱস হিচাবে পালন কৰাৰ এটি কাহিনী আছে ৷ ১৮৮৯ চনৰ ১৪ নৱেম্বৰত , এলাহাবাদৰ এটি অভিজাত পৰিয়ালত এটি শিশুৰ জন্ম হৈছিল ৷ সেই শিশুৰ পিতৃ আছিল মতিলাল নেহৰু ৷ তেখেতে ওকালতি কৰিছিল ৷ মতিলাল নেহৰুৰ পূৰ্বপুৰুষসকল কাশ্মীৰৰ লোক আছিল ৷তেখেতসকলৰে ’ৰাজ কাউল ’ নামৰ এজন লোকে ভাৰতলৈ উঠি আহি দিল্লীত বসবাস কৰিবলৈ লয় ৷ তেখেতেও ওকালতি কৰিছিল ৷ ১৮৫৮ চনত পৰিয়ালটি আগ্ৰালৈ উঠি যায় ৷১৮৬১ চনত আগ্ৰাতে মতিলালৰ জন্ম হয় ৷ জন্মৰ আগতে পিতাকৰ মৃত্যু হোৱাত তেখেত পৰিয়ালৰ খুড়াকসকলৰ দ্বাৰা লালিত পালিত হয় ৷ খুড়াকসকলৰ মৃত্যুৰ পিছত তেখেতসকলৰ পৰিয়ালৰ ভাৰ মতিলাল নেহৰুৰ ওপৰত পৰে ৷এই সকলো দায়িত্ব পালন কৰিবলৈ মতিলালে এলাহাবাদলৈ গৈ ওকালতি কৰিবলৈ লয় ৷ ভাগ্য সুপ্ৰসন্ন আছিল মতিলাল নেহৰুৰ ৷ সেয়েহে অতি কম দিনতে অগাধ সম্পত্তিৰ মালিক হয় ৷
এলাহাবাদৰ আঢ্যৱন্ত পৰিয়ালৰ সেই নৱজাতক পুত্ৰ সন্তানটিয়েই হ’ল স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ৷জৱাহৰলাল নেহৰুৱে পিতৃৰ অগাধ সম্পত্তিৰ মাজত ডাঙৰ দীঘল হ’লেও ঘৰুৱা পৰিবেশ , পিতৃ – মাতৃৰ সুশাসন আৰু সু আদৰ্শই জৱাহৰলাল নেহৰুক এক আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী কৰি তুলিছিল ৷ জৱাহৰলালৰ শিশুকালটো আছিল বিচিত্ৰ ঘটনাৰে পুষ্ট ৷ সেই বিচিত্ৰ ঘটনাৰ মাজতে এটা উল্লেখনীয় দিন আছিল ৷সেই দিনটো হৈছে চৈধ্য নৱেম্বৰ ৷ যিটো দিন এই মহান ব্যক্তিত্বৰ অধিকাৰীজনৰ জন্মদিন ৷ সেইদিনাৰ জন্মদিনটো অতি ধুমধামেৰে পালন কৰা হৈছিল ৷ বহু মানুহক নিমন্ত্ৰণ কৰি আনি খুৱাইছিল ৷ তাৰ লগতে এটা কাম কৰিছিল এখন ডাঙৰ পাল্লাৰ এফালে শিশু জৱাহৰলালক তুলি দি আনফালে শিশু জৱাহৰলালৰ সমান ওজনৰ বিবিধ খোৱাবস্তু তুলি দিছিল ৷ সেই খোৱা বস্তুখিনি দুখীয়া মানুহৰ মাজত বিলাই দিয়া হৈছিল ৷ দেউতাকৰ এই অসাধাৰণ কাৰ্যই জৱাহৰক আশ্চৰ্যান্বিত কৰিছিল এই কাৰ্যই জৱাহৰক শিশু আৰু সাধাৰণ লোকক ভাল পাবলৈ উদ্গনি যোগাইছিল ৷ সেই ঘটনাৰ ফলশ্ৰুতিতেই জৱাহৰলাল নেহৰুৱে নিজৰ জন্মদিনটো শিশুসকলৰ বাবে উচৰ্গা কৰি থৈ গৈছিল ৷ সেয়েহে চৈধ্য নৱেম্বৰৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত ’শিশু দিৱস ” ৰূপে পালন কৰা হয় ৷ সেই দিনটোত শিশুৰ মংগলৰ নিমিত্তে নানান উন্নয়নমূলক আঁচনি লোৱা হয় ৷ সেই আঁচনিসমূহ কাৰ্যকৰী কৰি শিশুৰ সৰ্বাংগীণ বিকাশৰ কথা চিন্তা কৰা হয় ৷সেয়ে চৈধ্য নৱেম্বৰত দেশৰ বিদ্যালয়সমূহত , ৰাজহুৱাভাৱে বিভিন্ন অনুষ্ঠানে বিভিন্ন স্থানত শিশু দিৱস উদযাপন কৰি শিশুৰ মনোৰঞ্জনৰ বাবে খেলা ধুলা পাতি ,নাচ গান , ছবি অঁকা প্ৰতিযোগিতা পাতি দেশৰ শিশুসকলৰ প্ৰতিভা বিকাশত আৰু সৰ্বাংগীণ উন্নতি সাধনত সহায় কৰি আহিছে ৷ আজিৰ শিশু কাইলৈ দেশৰ এজন সুচিন্তক হ’ব ৷
বিঃ দ্ৰঃ (দেশৰ প্ৰতিজন শিশুলৈ শিশু দিৱসৰ মৰম আৰু আন্তৰিক শুভ কামনা জনালোঁ ৷ তোমালোক আমাৰ দেশৰ অমূল্য সম্পদ ৷তোমালোকৰ সুস্বাস্থ্য আৰু সৰ্বাংগীণ উন্নতি কামনা কৰিলোঁ ৷)