কনজাংটিভাইটিছ
— ডাঃ দীপক ভূঞা, জ্যেষ্ঠ চকুৰোগ বিশেষজ্ঞ
গুৱাহাটী আই কেয়াৰ হাস্পতাল
ফোনঃ ৯৯৫৪৭ ৪৭৭৩২
চকুত থকা কনজাংটিভাৰ যেতিয়া প্রদাহ হয় তেতিয়া কোৱা হয় কনজাংটিভাইটিছ। চকুৰ পতাৰ পিছফালে আৰু চকুৰ বগা অংশৰ সন্মুখৰ ফালে দৃশ্যমান অংশত যিখন অর্ধস্বচ্ছ ৰক্ত নলিকাযুক্ত শ্লেষ্মাত্মক লাগি থাকে সেইখনেই হ’ল কনজাংটিভা। ভাইৰাছজনিত কাৰণত অথবা বেক্টেৰিয়া আৰু ভেঁকুৰজনিত কাৰণত যেতিয়া কনজাংটিভাৰ প্রদাহ হয় তেতিয়া কনজাংটিভাইটিছ হোৱা বুলি কোৱা হয়। কনজাংটিভাইছ সংক্রমণজনিত কাৰণত হ’ব পাৰে অথবা আন কাৰণতো হোৱা দেখা যায়। কনজাংটিভাইটিছ কোনো ধৰণৰ নতুন ৰোগ নহয়। সাধাৰণতে এনে ৰোগক ‘জয়বাংলা’ বুলি ক’লেহে প্রায়ভাগ লোকে বুজি পায়। ৭০ৰ দশকৰ পৰাহে এইৰোগবিধৰ বিষয়ে ব্যাপকভাবে চর্চিত হৈছে। কনজাংকটিভাইটিছ বা জয়বাংলা ৰোগ বিধৰ বিষয়ে প্রায়ভাগ লোকেই কম-বেছি পৰিমাণে জ্ঞাত। কনজাংটিভাইটিছ হোৱাৰ ক্ষেত্ৰত ৰাসায়নিক দ্রব্যৰ বিষয়েও উল্লেখ কৰিব লাগিব। কেতিয়াবা কিছুমান বিশেষ ৰাসায়ণিক দ্রব্য চকুত পৰিলে কনজাংটিভাইটিছ প্রদাহ হয়।
ৰোগৰ লক্ষণসমূহ —
কনজাংটিভাইটিছ ৰোগৰ কিছুমান বিশেষ লক্ষণ আছে। এই লক্ষণসমূহৰ ভিতৰত অন্যতম হ’ল-
■ এই ৰোগ হ’লে চকু ৰঙা পৰে। অৱশ্যে চকু ৰঙা পৰিলেই কনজাংটিভাইটিছ হোৱা বুলি ভবাটো সমীচিন নহ’ব। আন কাৰণতো চকুটো ৰঙা পৰিব পাৰে। সেয়েহে চকু বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰিলে নিশ্চিত হ’ব পাৰি, এয়া কনজাংটিভাইটিছ নে আন ৰোগৰ বাবে চকু ৰঙা পৰিছে।
■ এই ৰোগৰ আন এক লক্ষণ হ’ল পানী ওলোৱা। যদিহে চকু ৰঙা পৰাৰ পাছত অনবৰতে চকুৰ পৰা পানী ওলাই থাকে তেতিয়া হ’লে বুজিব লাগিব সেয়া ভাইৰাছজনিত কনজাংটিভাইটিছ। আনহাতে, চকু ৰঙা পৰাৰ পাছত যদি চকুৰ কোণত ফেছকুৰি জমা হৈ থাকে তেতিয়া হ’লে সেয়া বেক্টেৰিয়াজনিত কনজাংটিভাইটিছ বুলি কোৱা হয়।
■ এই ৰোগত চকু খজুৱায়।
■ কনজাংটিভাইটিছ হ’লে কিছুমানৰ চকু বিষায়। অৱশ্যে সকলোৰে চকু বিষাই বুলি ক’ব নোৱাৰি। কিছুমানৰহে কাচিৎ চকু বিষায়।
■ কনজাংটিভাইটিছ হ’লে চকু খচ খচ কৰি থাকে।
কেনেদৰে বিয়পে —
কনজাংটিভাইটিছ বিভিন্ন ধৰণে বিয়পিব পাৰে। ৰোগীয়ে ব্যৱহাৰ কৰা টাৱেল, গাৰু, বেডচিট বা আন কাপোৰ-কানি ব্যৱহাৰ কৰিলে এজনৰ পৰা আন এজনলৈ বিয়পাৰ আশংকা থাকে। আনহাতে, একেবাৰেই ওচৰত থাকিলেও বিয়পাৰ আশংকা নুই কৰিব নোৱাৰি। আনকি পেন, পেঞ্চিল আদিৰ দ্বাৰাও বিয়পাৰ আশংকা থাকে। যদিহে কনজাংটিভাইটিছত আক্রান্ত ৰোগীজনে চকুটো স্পর্শ কৰি আন বস্তু স্পর্শ কৰে তেতিয়া সেই ঠাই আন এগৰাকী সুস্থ ব্যক্তিয়ে স্পর্শ কৰিলে ভাইৰাছে চকুত আক্রমণ কৰিব পাৰে। এই চকুত আক্রান্ত হ’লে আন এটা চকুলৈ সহজে বিয়পে। ৰোগীয়ে ব্যৱহাৰ কৰা চশমা আদি ব্যৱহাৰ কৰিলেও এজনৰ পৰা আন এজনলৈ এই ৰোগ বিয়পাৰ আশংকা থাকে। সাধাৰণতে শিশুৰ ক্ষেত্ৰত এই ৰোগ এজনৰ পৰা আন এজনলৈ সহজে বিয়পা দেখা যায়। যদিহে পিতৃ-মাতৃ অথবা অভিভাৱকে সাবধানতা অবলম্বন নকৰে তেতিয়া হ’লে শিশুটি সহজে আক্রান্ত হ’ব পাৰে।
এই বতৰত কিয় বেছি হয় —
সাধাৰণতে এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত কনজাংটিভাইটিছ ৰোগ বেছিকৈ হোৱা দেখা যায়। কিয়নো এই সময়ত বৰষুণৰ পানীয়ে চাৰিওফালে একাকাৰ কৰে। পানী শুকোৱাৰ পাছত ধূলি- বালি ওপৰলৈ উঠে। বতাহত এই ধূলি-বালিৰ লগতে বিভিন্ন ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছে চকুত আক্রমণ কৰে।
সদ্যজাত শিশুটিও আক্রান্ত হয় —
কনজাংটিভাইছ সকলোৰে হ’ব পাৰে। সদ্যজাত শিশুৰ পৰা আৰম্ভ কৰি বয়স্কলৈকে সকলোৱে আক্রান্ত হোৱাৰ আঁৰত বহুতো কাৰণ আছে। বিশেষকৈ বার্থ কেনেল বা জন্মৰ সময়ত যি পথেদি বহিঃবিশ্বলৈ ওলাই আহে সেই পথত যদি কোনো ধৰণৰ সংক্ৰমণ থাকে তেতিয়া হ’লে কনজাংটিভাইটিছ হোৱাৰ আশংকা থাকে। এনে হ’লে চিকিৎসা বিজ্ঞানৰ পৰিভাষাত কোৱা হয় ‘অপথেলিমিয়া নিউ নাটাল।’ মাতৃদুগ্ধ খোৱাৰ সময়তো সংক্রমিত হ’ব পাৰে। যদিহে মাতৃয়ে চকু স্পর্শ কৰি জুন স্পর্শ কৰে তেতিয়াও কনজাংটিভাইটিছ হোৱাৰ আশংকা থাকে। এনে হ’লে শিশুটিৰ চকু ৰঙা পৰিব। সদ্যজাত শিশুৰ যাতে এনে ধৰণৰ সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবে মাতৃয়ে সতর্কতা অবলম্ব কৰা উচিত। যদিহে মাতৃৰ কনজাংটিভাইটিছ হৈছে তেতিয়া হ’লে চকু স্পৰ্শ কৰাৰ পাছত ভালদৰে হাত খুব লাগে ইয়াৰ উপৰি বিছনা চাদৰ, গাৰু আদি ভালদৰে পৰিষ্কাৰ কৰা উচিত।
ৰেটিনোপেথীৰ স’তে সম্পর্ক নাই —
কনজাংটিভাইটিছ আৰু ৰেটিনোপেথীৰ মাজত কোনো ধৰণৰ প্রত্যক্ষ অথবা পৰোক্ষ সম্পর্ক নাই। কনজাংটিভাইটিছ হ’ল বহিঃচকুৰ স’তে সম্পর্ক থকা বিষয়। আনহাতে, বেটিনোপেথী হ’ল চকুৰ অন্তঃভাগৰ বিষয়। কোনো লোকৰ যদি ৰেটিনোপেথী আছে তেতিয়া কনজাংটিভাইটিছ হ’লেও বিশেষ জটিলতাই সৃষ্টি হোৱাৰ আশংকা নাথাকে।
ভাইৰাছজনিত কনজাংটিভাইটিছ —
ভাইৰাছজনিত কনজাংটিভাইটিছ হ’লে কেতিয়াও অৱহেলাৰ কৰিব নালাগে। কাৰণ অৱহেলাৰ বাবে কেতিয়াবা বিপদ হ’ব পাৰে। যদিহে ভাইৰাছে চকুৰ কর্ণিয়াখনত আঘাত কৰে তেতিয়া হ’লে দৃষ্টিশক্তিৰ সমস্যাই গা কৰি উঠিব পাৰে। ভাইৰাছজনিত কাৰণত ভাইৰেল কেৰাটাইটিছ হ’লে কর্ণিয়াখনত দাগ পৰিব পাৰে। দাগ পৰিলে পৰৱৰ্তী সময়ত দৃষ্টিশক্তিৰ সমস্যাই গা কৰি উঠিব পাৰে।
আক্রান্ত শিশুক স্কুললৈ নপঠিয়াব —
যিহেতু কনজাংটিভাইটিছ ৰোগ এজনৰ পৰা আন এজনলৈ সহজে বিয়পে সেয়েহে এনে ৰোগত আক্রান্ত হ’লে শিশুটিক স্কুলালৈ পঠিয়াব নালাগে। কাৰণ শিশুৱে চকুটো, টিফিন বাকচ আদি স্পর্শ কৰিলে সেইবোৰ আন এজনে সহজে স্পর্শ করে। ফলত এটি শিশুৰ পৰা আন এটি শিশুলৈ সহজে বিয়পিব পাৰে। আনহাতে, শিশুটিয়ে লেতেৰা হাতেৰে চকুটো বাৰে বাৰে স্পৰ্শ কৰাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। সেইবাবে এনে ৰোগত আক্রান্ত শিশুক স্কুললৈ নপঠিওৱাটোরে মংগলজনক।
চকু ৰঙা মানেই কনজাংটিভাইটিছ নহয় —
বিভিন্ন কাৰণত চকু ৰঙা পৰিব পাৰে। ইয়াৰ ভিতৰত অন্যতম হ’ল কনজাংটিভাইটিছ। এই সময়ত সাধাৰণতে কনজাংটিভাইটিছ বেছিকৈ হয় বাবে সকলোৱে চকু ৰঙা পৰিলেই কনজাংটিছ হয় বুলি ভাবে। দৰাচলতে এনে ধাৰণা সম্পূর্ণ শুদ্ধ বুলি ক’ব নোৱাৰি। আন কোনো ৰোগৰ বাবেও চকু ৰঙা পৰিব পাৰে। ৰ’দত বেছি সময় কাম কৰিলে কিছুমানৰ চকু ৰঙা পৰে। আনহাতে, কেতিয়াবা ঘাম দেখা যায়। ঘামৰ স’তে বিভিন্ন ধৰণৰ বীজাণু মিহলি হৈ থাকে বাবে চকুত সহজে আক্রমণ কৰিব পাৰে। ফুলৰ ৰেণু বতাহত ভাঁহি আহিলেও চকু ৰঙা পৰিব পাৰে।
চকু ৰঙা পৰাৰ কাৰণ —
চকু ৰঙা পৰাৰ অন্যতম কাৰণ হ’ল এলার্জি৷ এলাৰ্জিৰ বাবে যেতিয়া চকু ৰঙা পৰে তেতিয়া কোৱা হয় এলার্জিক কনজাংটিভাইটিছ। এলার্জিক কনজাংটিভাইটিছ বিভিন্ন ধৰণৰ হয়। এলার্জিক বাইনো কনজাংটিভাইটিছি, ভার্নেল কনজাংটিভাইটিছ এটোপিক কেৰাটো কনজাংটিভাইটিছ আৰু জায়েন্ট পেপিলাৰী কনজাংটিভাইটিছ। তদুপৰি চকুৰ সংস্পৰ্শ জড়িত এলার্জিও হ’ব পাৰে। বতাহত এনে কিছুমান এলার্জেন থাকে যেনে ফুলৰ পৰা ৰেণু, জন্তুৰ নোম আদি কনজাংটিভাৰ সংস্পৰ্শলৈ আহি এলার্জিজনিত প্রদাহ সৃষ্টি কৰি। এনে হ’লে চকুৰ খজুৱতি আৰম্ভ হয়, চকু জ্বলা-পোৰাৰ দৰে অনুভূত হয় আৰু লাহে লাহে চকুৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে। চকুৰ খজুৱতি আৰু ৰঙা ভাব সকলো সময়তে প্রায় সমভাবেই থাকে। সাধাৰণতে গৰম আৰু শুকান পৰিবেশত এনে ৰোগৰ উপসর্গ বৃদ্ধি পায়। আনহাতে ভার্নেল কনজাংটিভাইটিছ কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত বেছিকৈ হয়। এই ৰোগৰ প্রকোপ বিশেষ ঋতুতহে দেখা যায়। ভার্নেল কনজাংটিভাইটিছ হ’লে চকুৰ খজুৱতি হোৱাৰ উপাৰি বিষো অনুভর হয়। পোহৰৰ ফালে চাবলৈ কষ্ট অনুভৱ কৰে। চকুৰ পতা ফুলিব পাৰে। এটোপিকেৰাটো কনজাংটিভাইটিছ লগতে চালৰো এলার্জিজনিত প্রদাহ হয়। এনে হ’লে বেক্টেৰিয়াৰ সংক্রমণো হ’ব পাৰে। এটোপিক কেৰাটো কনজাংটিভাইটিছ হ’লে চকুৰ খজুৱতিৰ লগতে জ্বলা-পোৰা ভাব অনুভৱ হ’বলৈ ধৰে। চকুৰপৰা পানী ওলায়। ৰোগীয়ে পোহৰৰ ফালে চাব নোৱাৰে। এনে ধৰণৰ অসুখ দীর্ঘদিন ধৰি চলিব পাৰে। যদিহে সঠিক চিকিৎসা নহয় তেতিয়াহ’লে সময়ত বিপদ হোৱাৰ আশংকাও নুই কৰিব নোৱাৰি।
ভার্নেল কনজাংটিভাইটিছ বয়স্ক লোকৰ আৰু সৰু ল’ৰা- ছোৱালী দুয়ো শ্রেণীৰে হয় যদিও তুলনামূলকভাবে বয়স্ক লোকৰ এনে সমস্যাৰ উদ্ভব হয় কম সময়ৰ বাবে। কিন্তু কম বয়সীয়া ল’ৰা-ছোৱালীৰ এই সমস্যা বাৰ বছৰ পর্যন্ত থাকিব পাৰে। অৱশ্যে যেতিয়া শৰীৰত বয়সৰ লগে লগে হৰম’নৰ পৰিবৰ্তন হ’বলৈ ধৰে তেতিয়া আপোনা-আপুনিই নিয়ন্ত্রিত হোৱা দেখা যায়। তিনি- চাৰি বছৰমানত আক্ৰান্ত হৈ বাৰ বছৰমানলৈ হয় বাবে বিশেষ সতর্কতা অবলম্বন কৰা উচিত। সাধাৰণতে ভাইৰেল কনজাংটিভাইটিছ হ’লে চকু ৰঙা হয়। অনবৰতে খচখচ্ কৰিবলৈ ধৰে, বেছিকৈ পানী ওলায়। ফেৰিংছা কনজাংকটিভেল ফিভাৰ হ’লে ফেৰেনজাইটিছৰ লগতে কনজাংটিভাইটিছো হয়। এনে হ’লে ডিঙিব গ্রন্থি ফুলে, জ্ব উঠে, চর্দি হয়। সমান্তৰালভাবে, পানী ওলোৱা আদি সমস্যাই দেখা দিয়ে। বেক্টেৰিয়াজনিত কনজাংটিভাইটিছ হ’লে চকু ৰঙা হোৱাৰ উপৰি পুঁজ ওলায়। বেক্টেৰিয়েল কনজাংটিভাইটিছ হয় অতি কম সময়ৰ বাবে। এন্টিবায় ‘টিভ আদি ব্যৱহাৰ কৰি সোনকালে সুফল লাভ কৰিব পাবি। কনজাংটিভাইটিছ হ’ল সোঁচৰা ৰোগ। সেয়েহে এনে ৰোগাক্রান্ত ব্যক্তিয়ে পৰাপক্ষত ৰাজহুৱা স্থান আদিৰ পৰা আঁতৰি থকা উচিত। স্কুলীয়া ছাত্র-ছাত্রীয়ে অন্ততঃ এইকেইদিন স্কুললৈ যাবলৈ নালাগে। পৰিয়ালৰ কোনো এগৰাকী সদস্যাৰ এনে ৰোগ আৰম্ভ হ’লে আন সদস্যসকল সারধান হোৱা উচিত। এনে ৰোগীয়ে ব্যৱহাৰ কৰা বিছনা, কাপোৰ-কানি আদি ব্যৱহাৰ নকৰাটোৱেই মংগলজনক। কাৰণ যদিহে ৰোগীয়ে চকুটো স্পর্শ কৰি কাপোৰখন চুবে তেতিয়াহ’লে তাৰ ভাইৰাছ বা বেক্টেৰিয়াই সেই স্থানত খোপনি পুতিব পাবে।
এই বতৰত খেতিয়কৰ যিবোৰ চকুৰ ৰোগ হয় —
যদিও এই সময়ত খেতিয়কসকলৰ বা কৃষিকৰ্মৰ স’তে জড়িত লোকসকলৰ কনজাংটিভাইটিছ হ’ব পাৰে তথাপি তেওঁলোকৰ এবিধ বিশেষ ধৰণৰ বেমাৰ হোৱা দেখা যায়। এই সময়ত সাধাৰণতে খেতিয়কসকলৰ ফাংগেল কর্ণিয়েল আলছাৰ বেছিকৈ হয়। কিয়নো এই সময়ছোৱাত খেতিয়কসকলে ধাননি পথাৰত ব্যস্ত হৈ পৰে। কঠীয়া ৰোৱা বা পথাৰখন চাফ কৰি থাকোতে বোকা আদি আহি চকুত পৰে। ফলত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে। কঠীয়াৰ পাতত ভেঁকুৰ বা ফাংগাছ থাকে। ইয়াৰ উপৰি কঠীয়াৰ পাতবোৰৰ দুয়োফালে ধাৰ থাকে। সেয়েহে এইবোৰ যদি কেনেবাকৈ চকুত পৰে তেতিয়া হ’লে চকুৰ কর্ণিয়াখন আঘাত হোৱাৰ আশংকা থাকে। কঠীয়াৰ পাত চকুত পৰাৰ পাছত বা বোকা চকুত পৰিলে চকুটো মোহাৰি দিলে কর্ণিয়াখনত ঘঁহনি খালে ভেঁকুৰে সহজে খোপনি পুতিব পাৰে। এনে হোৱাৰ পাছত যদিহে শীঘ্রে চিকিৎসা কৰা নহয় তেতিয়া হ’লে বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিব পাবে। বিশেষকৈ কর্ণিয়াখনত ঘা হ’লে দাগে স্থায়ীৰূপ ল’ব পাৰে। প্রাথমিক পর্যায়ত ভেঁকুৰৰ সংক্ৰমণৰ পৰা ৰক্ষা পালে পৰৱৰ্তী সময়ত কর্ণিয়াখনত স্বচ্ছতা হ্রাস পাব পাৰে। সেইবাবে চকুত যাতে কঠীয়াৰ পাত বা বোকা আদি পৰিব নোৱাৰে তাৰ বাবে সতর্কতা অৱলম্বন কৰা উচিত। খেতিয়কসকলে পথাৰলৈ যাওঁতে এটা পাত্ৰত পৰিষ্কাৰ কাপোৰ আৰু বিশুদ্ধ পানী নিলে এনে হোৱাৰ লগে লগে চকুটো ভালদৰে ধুই দিলে বহুতো সমস্যাৰ পৰা হাত সৰাতো সম্ভব হয়। বাস্তর ক্ষেত্রত দেখা যায় বহুতে চকুত বোকা আদি পৰিলে বিশেষ গুৰুত্ব দিব নোখোজে। কিন্তু এনে কৰাৰ ফলত বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে। চকুত বিশুদ্ধ পানীৰ বাহিৰে আন একোৰে পৰিষ্কাৰ কৰিব নালাগে।
আক্রান্ত ব্যক্তিৰ চকুলৈ চালে —
চকুৰ ফালে চালে সংক্রমণ হয় বুলি বহুতৰে মনত এটি ভ্রান্ত ধাৰণা আছে। যেতিয়া কনজাংটিভাইটিছ হয় বা আন কোনো কাৰণত চকু ৰঙা পৰে তেতিয়া আক্রান্ত ব্যক্তিৰ চকুলৈ কিছু সময় চাই থাকিলে ৰোগৰ ভাইৰাছ বিয়পে বুলি ভাবে। দৰাচলতে ইয়াৰ কোনো বৈজ্ঞানিক যুক্তি নাই। চকুৰ ফালে চালেই সংক্রমণ নহয়, বৰং আক্রান্ত ব্যক্তিৰ চকুৰ স’তে সংস্পর্শ হ’লেহে এনে সম্য্যাই গা কৰি উঠা দেখা যায়। গতিকে আক্রান্ত ব্যক্তিৰ সংস্পৰ্শৰ পৰাহে আঁতৰি থাকিব লাগে। আক্রান্ত ব্যক্তিৰ সংক্ৰমণ বৃদ্ধি নহ’বলৈ হাত দুখন ভালদৰে ডেটল পানীত ধুই লৈহে পিছত চকু স্পর্শ কৰিব লাগে। ভালদৰে হাত নোধোৱাকৈ চকু স্পর্শ কৰাটো কু-আভ্যাস। ইয়াৰ পৰিণতি কেনেধৰণৰ হ’ব পাৰে সেয়া সকলোৰে জ্ঞাত। আনকি এনে ধৰণৰ ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ বহুতে নকৰিবলগীয়া কামো কৰে। যিহেতু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, সেয়েহে এনে কৰাৰ পৰিৱৰ্তে সাৱধানতা অবলম্বন কৰাৰ ওপৰহে গুৰুত্ব প্রদান কৰা উচিত।
কি কি কৰিব নালাগে —
✔ বহুতে কনজাংটিভাইটিছত আক্রান্ত হ’লে সঘনাই চকু দুটা আঙুলিবে মোহাৰি থাকে। এনে কৰাটো অনুচিত। কৰাণ চকু দুটা বাৰে বাৰে মোহাৰি থাকিলে সংক্রমণ হোৱাৰ আশংকাহে বৃদ্ধি পায়। যদি সঘনাই মোহাৰি থাকে তেতিয়া হ’লে দৃষ্টিশক্তিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰা চকুৰ বগা অংশৰ মাজত ঘা লাগি দ্রুত গতিত দৃষ্টিশক্তি হ্রাস পাব পাৰে।
✔ কনজাংটিভাইটিছত আক্রান্ত হ’লে যিকোনো ঔষধ ব্যৱহাৰ কৰিব নালাগে। প্রায়ভাগ লোকেই চিকিৎসকৰ পৰামর্শ গ্রহণ নকৰাকৈয়ে ফার্মাছীৰ পৰা ড্রপ কিনি আনি চকুত দিয়ে। এনে কৰাটো অনুচিত। কাৰণ কনজাংটিভাইটিছ হ’লেই যে সকলোকে চিকিৎসকে এনে ধৰণৰ ড্রপ দিব সেয়া নহয়। কনজাংটিভাইটিছৰ লগতে আনুসংগিক বিষয় কিছুমানো বিবেচনা কৰিহে চিকিৎসকে ঔষধ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। গতিকে হাতৰ ওচৰতে পোৱা যিকোনো ঔষধ ব্যৱহাৰ কৰিব নালাগে। চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰিয়ে এনে ধৰণৰ ঔষধ ব্যৱহাৰ কৰা উচিত।
✔ কিছুমানে চকুত মাতৃদুগ্ধ, নিয়ৰৰ পানী, তামৰ পাত্ৰত বগা ফুল তিয়াই থৈ পানী দিয়া, প্রস্রাব দিয়া। এনে কৰাৰ ফলত চকুত সংক্রমণ বৃদ্ধি হৈ দৃষ্টিশক্তি হ্রাস পোৱাৰহে আশংকা থাকে। এনে কৰাটো অনুচিত। এইবেৰে চকুত দিয়াৰ আঁৰত কোনো বৈজ্ঞানিক ভিত্তি নাই। যিহেতু চকুটো তেনেই কোমলীয়া অংগ সেয়েহে ইয়াত যিকোনো বস্তু ব্যৱহাৰ কৰিব নালাগে।
কি কি কৰিব লাগে —
✔ কনজাংটিভাইটিছত আক্রান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰা উচিত। বহুতে চিকিৎসা কৰিব নোখোজে। আপোনা আপুনি চকুৰ ৰোগ ভাল হ’ব বুলি ভাবে। তেনে কৰাৰ ফলত চকুৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে। চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰাৰ পূৰ্বে কোনো ধৰণৰ ঔষধপাতি ব্যৱহাৰ কৰিব নালাগে। নিজেই নিজেৰ চিকিৎসক হোৱাৰ মানসিকতা পৰিহাৰ কৰা উচিত।
✔ সদায় পৰিষ্কাৰ কাপোৰ-কানি ব্যৱহাৰ কৰিব লাগে। কাৰণ ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানি আদি আনে ব্যৱহাৰ কৰিলে বোগ বিয়পিব পাবে।
✔ সদায় পৰিষ্কাৰ হাতেৰেহে চকু স্পর্শ কৰিব লাগে। কনজাংটিভাইচিছ হ’লে চকু স্পৰ্শ কৰাৰ আগতে চাবোনেৰে ভালদৰে হাতখন ধুব লাগে আৰু স্পৰ্শ কৰাৰ পাছতো চাবোনেৰে ধোৱা উচিত।
✔ ৰোগীয়ে বন্ধ কোঠাত আন সুস্থ লোকৰ স’তে থাকিব নালাগে।
✔ চকুত সদায় পৰিষ্কাৰ কাপোৰেৰে বিশুদ্ধ পানীহে লগাব৷
চিকিৎসকে যিদৰে ঔষধ ব্যৱহাৰ কৰিব দিয়ে সেয়া আখৰে আখৰে পালন কৰিব লাগে।
চকু দান মহান দান —
চকুদান কৰাটো মহান দান হিচাপে গণ্য কৰা হয়। সকলোৱে চকুদান কৰাৰ বাবে আগবাঢ়ি আহিব লাগে। এজনৰ চকু দানেৰে আন এজনৰ দৃষ্টিশক্তি ঘূৰাই আনিব পাৰি। যদিহে কোনো লোকে চকু দান কৰিব খোজে তেতিয়া হ’লে গুৱাহাটীৰ আঞ্চলিক নেত্র প্রতিষ্ঠানৰ স’তে যোগাযোগ কৰিব পাৰে। চকু দানৰ বাবে কোনো ধৰণৰ অৰ্থৰ বিনিময় কৰা নহয়। আনহাতে, কোনো ধৰণৰ সমস্যাৰো সৃষ্টি নহয়।
যেতিয়া মহামাৰী ৰূপ লয় —
সাধাৰণতে কনজাংটিভাইটিছ হ’লে মহামাৰী ৰূপ ধাৰণ কৰা দেখা যায়। এটা অঞ্চলত কাৰোবাৰ হ’লে সহজে এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। সেই বাবে অঞ্চল বিশেষে এনে ৰোগৰ প্ৰাদূৰ্ভাৱ হ’লে সকলোৱে সতর্কতা অৱলম্বন কৰা উচিত।
চকুত পানী জোৰে নামাৰিব —
বহুতে গৰমত ঘূৰি-পকি আহি হাত-মুখ ধোওতে চকুত জোৰে পানী মাৰে। দৰাচলতে এনে কৰাটো অনুচিত। কাৰণ চকুত পানী মাৰিলে কিছু সময় শীতলতা অনুভৱ হয় যদিও পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ সমস্যাাই গা কৰি উঠিব পাৰে। পানীত মিহলি হৈ থকা ভাইৰাছ বা বেক্টেৰিয়া আদিয়ে চকুত সংক্ৰমণ কৰিব পাৰে।