চাহ জনগোষ্ঠীৰ সাহিত্যৰ পূজাৰী
দেউৰাম তাছা
— বোকাখাতৰ পৰা ৰঞ্জন কালিন্দীৰ সহযোগত বুবুল দত্ত
যোৰহাটৰ হাতীগড় চাহ বাগিছাত ১ ফেব্ৰুৱাৰী ১৯৪২ চনত জন্মগ্ৰহণ কৰি হাতীগড় চাহ বাগিছা LP স্কুলৰ পৰা শিক্ষাৰ পাতনি মেলি চিনামৰা হাই স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ J.B কলেজৰ পৰা B.A. পাছ কৰে। চাহ জনগোষ্ঠীৰ সাহিত্যৰ পূজাৰী মহান গৰাকীৰ নামেই হৈছে দেউৰাম তাছা।তেখেতৰ পিতৃৰ নাম প্ৰয়াত নৰসিংহ তাছা আৰু মাতৃৰ নাম প্ৰয়াত লীলাৱতী তাছা। কোনো পুত্ৰ সন্তানৰ মুখ নেদেখা হেতুকে বহুতো দেৱ দেৱীৰ পূজা অৰ্চনা কৰা অন্তত পুত্ৰ সন্তান প্ৰাপ্তি হোৱা হেতুকে দেউতাকে নাম ৰাখিলে দেউৰাম তাছা।
দেউৰাম তাছা দেৱে B.A. পাছ কৰাৰ পিছত হাতীগড় বাগিছা LP স্কুলতে শিক্ষকতাৰ কৰ্মজীৱনৰ পাতনি মেলে ।তাৰ পিছত গড়মূৰ এম ই স্কুলত শিক্ষকতা কৰে । গড়কাপ্তানী বিভাগতো কেৰানী হিচাপে কিছু দিন কৰ্ম কৰা অন্তত শিক্ষা বিভাগত সংগঠক হিছাপে যোগদান কৰে।তেখেতে প্ৰমোচন পাই স্কুল, এছ আই, তাৰ পিছত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হিচাপে মৃত্যুৰ আগলৈকে এই পদতে কাৰ্যনিৰ্বাহ কৰিছিল।
তাছা দেৱে পঢ়াৰ প্ৰতি থকা ধাউতি আছিল প্ৰৱল।তেখেতে বিভিন্ন প্ৰান্তত বদলীকৰণ হোৱাত উচ্চ শিক্ষা লবলৈ অসুবিধা হৈছিল হলেও মন এৰি দিয়া নাছিল বাবেই মনত দৃঢ়তা থকা বাবে সুদীৰ্ঘ ২২ বছৰৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত MA পাছ কৰে।ইয়াৰ পিছতো ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ হেঁপাহ আছিল। স্বাস্থ্য জনিত কাৰণত পঢ়িব নোৱাৰিলে।
দেউৰাম তাছা দেৱে জীৱনত লিখা মেলা কৰা ক্ষেত্ৰত স্কুলত যি তিতা কেহা পাইছিল তাৰ বাবে বহু দিনলৈ লিখা মেলা কৰিব এৰি দিছিল। ক্ৰমাৎ লিখিবলৈ আৰম্ভ কৰিলে যদিও সেইখিনি লুকুৱাই ৰাখিছিল। সেই সময়ত মৰিয়নি কলেজৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক প্ৰয়াত হৰিপ্ৰসাদ নেওগৰ সানিধ্যৰ ফলতেই তেওঁৰ জমা কৰি থোৱা লেখা সমূহ থকাৰ উপৰিও পুনৰ লেখা মেলা কাম আৰম্ভ কৰিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত যোৰহাট সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত “সাহিত্য দূত”ৰ নিয়মীয়া লেখা প্ৰকাশ পাইছিল।ইয়াৰোপৰি ব জনমভূমিকে মুখ্য কৰি ধাৰাবাহিকভাৱে লিখি গৈছিল।
দেউৰাম তাছা দেৱৰ সিঁচৰিত হৈ থকা লেখা সমূহ এক গোট কৰি অসম সাহিত্য সভাই “চাহ বাগিছাৰ পূজা- পৰৱ” নামেৰে প্ৰথম গ্ৰন্থ প্ৰকাশ কৰিছিল। তাৰ পিছত থমকি ৰোৱা নাই ক্ৰমাৎ লেখি গৈছে। তেখেতৰ লিখনী সমূহ চাহ বাগিছাৰ সাহিত্য আৰু সংস্কৃতিৰ সন্দৰ্ভত গৱেষণা মূলক প্ৰবন্ধ সমূহ এখন গ্ৰন্থ সংকলন আকাৰে প্ৰকাশ পায়।
দেউৰাম তাছা দেৱৰ ৮ খন গ্ৰন্থৰ , ৪ খন সাহিত্য সভাই প্ৰকাশ কৰে আৰু তিনিখন গ্ৰন্থ এখন গ্ৰন্থ তাছা দেৱৰ মৃত্যুৰ পাছত ভাতৃ ডিম্বেশ্বৰ তাছাই প্ৰকাশ কৰে। তাছা দেৱৰ অমূল্য গ্ৰন্থ সমূহ হৈছে “চাহ বনুৱাৰ মাজত প্ৰচলিত সাধু”, চাহ বাগিছাৰ পূজা -পৰৱ “,” চাহ মজদুৰ অসমীয়া শব্দ আৰু খণ্ড বাক্য সম্ভাৰ”, “চাহ বাগিছাৰ ভাঙনি কাহিনী”, “চাহ বাগিছাৰ পুৰাণ কাব্য”,” চাহ জনগোষ্ঠীৰ লোক খাদ্য সম্ভাৰ”,”চাহ বাগিছাৰ কুইজ”। তাছা দেৱৰ সিচঁৰিত হৈ থকা লিখনী সমূহ একত্ৰিত কৰা অন্তত গণেশ চন্দ্ৰ কুৰ্মীৰ সম্পাদনাত দেউৰাম তাছা ৰচনাৱলী নামেৰে ২০০১ চনত প্ৰকাশ কৰে অসম সাহিত্য সভাই। এইখনেই তেখেতৰ প্ৰথম ৰচনাৱলী।
এইগৰাকী মনীষী অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ। তাছা দেৱ নিজৰ জন্ম ঠাইৰ উপৰিও বৃহৎ চাহ জনগোষ্ঠীৰ এক কাণ্ডাৰি স্বৰূপ। তেখেতে ৬২ তম্ বোকাখাত সাহিত্য সভাৰ ভাষণ দি সাহিত্য প্ৰেমী ৰাইজক মন্ত্ৰ মুগ্ধ কৰিবলৈ সক্ষম হৈছিল। তেখেত অকল সাহিত্যৰ ক্ষেত্ৰতে সীমিত নাছিল ।এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ, অভিনেতা, সু -বক্তা সমাজ হিতৈষী। চাহ জনগোষ্ঠীৰ শৈক্ষিক, আৰ্থ সামাজিক ক্ষেত্ৰ খনতো অৱদান মানিবলগীয়া। আমাৰ মৰমৰ লেখক গৰাকী অসম সাহিত্য সভাৰ বিষয়ববীয়া আছিল। তেখেতে অসমীয়া সাহিত্য ভঁৰালো শুৱনি কৰিছিল। তেখেত অসমৰ সুযোগ্য সন্তান। এক ভোটা তৰাৰ দৰেই জিলিকি থাকক। তেখেতৰ পুত্ৰ কামাখ্যা প্ৰসাদ তাছা কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ ।ৰাইজৰ কাম কৰি যাওক ৰাইজৰ হৈ তেওঁক মৰম আৰু আশীৰ্বাদ জনালোঁ।
এইজনা মহান সাহিত্য – সমাজ সেৱীৰ ইংৰাজী ১৮জুলাই ১৯৯৬ চনত কালৰ সোঁতত হেৰাই গল। ৰৈ গল তেখেতৰ কৰ্ম জীৱন, সাহিত্য আৰু উদত্ত্ব ভাষণ আজি ১৮ জুলাই মৃত্যু দিৱসত তাৰিখে তেখেতৰ মৃত্যু তিথিত জনাইছোঁ তেখেতলৈ শ্ৰদ্ধাঞ্জলি। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰণিপাত জনালোঁ।