স্বাস্থ্য বিশেষঃ প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ দিহা-পৰামৰ্শ কেৱল ৰাইজৰ খবৰ ডিজিটেলত
নীৰৱ ঘাতক ফেটী লিভাৰ
— ডা: ছবুৰ উদ্দিন আহমেদ, গেষ্ট্ৰ’এন্টেৰ’ল’জিষ্ট
গেষ্ট্ৰোচিটী গুৱাহাটী, হাতীগাওঁ।
আজিকালি প্ৰায়ভাগ লোকেই ফেটী লিভাৰৰ সমস্যাত আক্ৰান্ত। খদ্যাভাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীলৈ সকলোবোৰ কাৰকৰ বাবে এই ৰোগে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰিছে। মানুহে যদিও ভাবে যে দামী দামী খাদ্য খালেই সুস্বাস্থৰ গৰাকী হ’ব পাৰি তথাপি তেওঁলোকে দিনটোৰ ভিতৰত কি খাইছে সেয়া এবাৰ ভাবি চাইছে নে? এতিয়া মানুহৰ মাজত আধুনিক জীৱন শৈলীজনিত যিবোৰ সমস্যাই গা কৰি উঠিবলৈ ধৰিছে সেইবোৰৰ ভিতৰত অন্যতম হৈছে ফেটী লিভাৰ। কিছুবছৰ পূৰ্বে এই ৰোগ সম্পৰ্কে মানুহৰ মাজত বিশেষ ধাৰণাই নাছিল। এতিয়া কিন্তু বয়স্ক লোকৰ কথাটো বাদেই কম বয়সৰ ল’ৰা – ছোৱালীৰ মাজতো ভয়াৱহ ছবি এখন প্ৰতিফলিত হৈছে। যদিহে উপযুক্ত সময়ত চিকিৎসা নকৰে তেতিয়া হ’লে ইয়াৰ পৰিণতি বিষম হোৱাৰ আশংকা থাকে।
শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ সমূহৰ ভিতৰত অন্যতম হৈছে যকৃত বা লিভাৰ। সাধাৰণতে সুস্থ লিভাৰত কম অথবা কেতিয়াবা চৰ্বি নাথাকেই। যেতিয়া প্ৰচুৰ পৰিমাণে চৰ্বি বা ফেট লিভাৰত জমা হয় তেতিয়া ইয়াক ফেটী লিভাৰ বুলি কয়।
কেনে লক্ষ্মণ ফুটি উঠে
— প্ৰথম অৱস্থাত এই ৰোগৰ কোনো ধৰণৰ বিশেষ লক্ষণ ফুটি নুঠে। সেইবাবে বেছিভাগেই প্ৰথমে ফেটী লিভাৰ হোৱা বুলি গমেই নাপায়।
— কেতিয়াবা কেতিয়াবা এনে ৰোগীয়ে পেটৰ সোঁফালে ওপৰ অংশত সামান্য বিষ অনুভৱ কৰিব পাৰে।
— কেতিয়াবা কেতিয়াবা এনে ৰোগীৰ বমি অথবা ওকালি ভাৱ হয়।
— আনহাতে, যেতিয়া এই সমস্যাই জটিল ৰূপ ধাৰণ কৰে অৰ্থাৎ লিভাৰ চিৰোছিছ হয় তেতিয়া বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে।
— আক্ৰান্তৰ ছালৰ খজুৱতি হয় ।
— ৰোগীৰ পেট ফুলি উঠিব পাৰে। পেটত পানী জমা হ”ব পাৰে।
— কেতিয়াবা শ্বাস প্ৰস্বাসৰ সমস্যাই দেখা দিয়ে।
— ছালখন আৰু চকুৰ ৰং হালধীয়া হয় যাক জণ্ডিছ বুলি কয়।
কাৰণ সমূহ কি কি
ফেটী লিভাৰৰ মূল কাৰণ হৈছে মানুহৰ পৰিবৰ্তিত খাদ্যভাস। আজি কালি প্ৰায়ভাগ লোকে নিজৰ পৰম্পৰাগত খাদ্য খাবলৈ বাদ দি তাৰ পৰিবৰ্তে ফাষ্টফুড, জাঙ্কফুড আদি খায়। এনে ধৰণৰ খাদ্য খোৱাৰ ফলত শৰীৰত অতিৰিক্ত চৰ্বি জমা হয়। তদুপৰি ডায়েবেটিছ, উচ্চ ৰক্তচাপ মেদবহুলতা আদি ৰোগ হোৱা ৰোগীৰ ফেটি লিভাৰ থকা দেখা যায়। এইবোৰৰ উপৰি মদ্যপান , এলেহুৱা জীৱন যাপন আদিও ফেটী লিভাৰৰ অন্যতম কাৰণ।
নীৰৱ ঘাটক ফেটী লিভাৰ
কিছু কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিলে এনে সমস্যাই সহজে গা কৰি উঠিব নোৱাৰে। দৈনন্দিন জীৱনত অমি কিছুমান বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগিব। সাধাৰণতে কোন কোন বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগিব সেয়া উল্লেখ কৰা হ’ল —
— মদ্যপানৰ অভ্যাস ত্যাগ কৰিব লাগিব। বহুতো লোকে নিৰ্দিষ্ট জোখতকৈ বেছি পৰিমাণে সুৰা সেৱন কৰে। যিকোনো উপায়েৰে সেয়া ত্যাগ কৰিব লাগিব।
— দৈনন্দিন খাদ্য তালিকাত অত্যাধিক চৰ্বিযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব নালাগিব। কাৰণ যিমানে বেছি পৰিমাণে এই খাদ্য খাব সিমানে লিভাৰত চৰ্বি জমা হোৱাৰ শংকা থাকে।
— ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰিব লাগিব। এই ৰোগৰ বাবেও এনে সমস্যাই গা কৰি উঠিব পাৰে।
— শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰখিলেও এনে ধৰণৰ সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা নাথাকে।
— শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰাখিব লাগে। কাৰণ ওজন বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে শৰীৰত অতিৰিক্ত চৰ্বি জমা হৈ নাথাকিব।
— নিয়মীয়াকৈ কায়িক শ্ৰম কৰিব লাগিব। পৰিশ্ৰম কৰিলে শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাৰ আশংকা নাথাকে। যেতিয়া নিতৌ গ্ৰহণ কৰা কেলৰি আমাৰ শাৰীৰিক কাৰ্য সম্পাদন কৰি ভাৰসাম্য কৰো তেতিয়া বিশেষ সমস্যাৰ সৃষ্টি নহয়।