অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

ৰাইজৰ খবৰ ডিজিটেলৰ পৰিচালন সম্পাদক ধ্ৰুৱজ্যোতি সাহাালৈ যুৱ সাংবাদিকতা বঁটা

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাত, ১৬ জুনঃ ‘শিক্ষাৰ মান কেৱল নম্বৰকেন্দ্ৰিক হ’ব নালাগে৷ সৰহ নম্বৰ পোৱাৰ পাছতো যদি এগৰাকী শিক্ষাৰ্থী পৰৱৰ্তী সময়ত সমাজৰ বাবে কামত নাহে, তেনেকুৱা সৰহ নম্বৰেৰে চাৰ্টিফিকেট শুৱনি হৈ থাকি একো লাভ নাই৷ সৰহ নম্বৰযুক্ত চাৰ্টিফিকেট লাগিবই সমান্তৰালভাৱে নৈতিক শিক্ষাও লাগিব৷ কাৰণ নৈতিক শিক্ষা অবিহনে সমাজৰ উত্তৰণ কেতিয়াও সম্ভৱ নহয়৷’– আজি বোকাখাতত যুৱ সাংবাদিকতা বঁটা গ্ৰহণ কৰি শিক্ষাৰ্থীক উদ্দেশ্য কৰি অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই এইদৰে কয়৷ উল্লেখ্য যে শেহতীয়াকৈ অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা প্ৰতিদিনৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহালৈ যুৱ সাংবাদিকতা বঁটা ঘোষণা কৰিছিল৷ সেই অনুসৰি, আজি বোকাখাত পুৱতি সাহিত্য সভা ভৱনত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বোকাখাতৰ শিক্ষাৰ্থীক অভিনন্দন জনোৱা অনুষ্ঠানত সাংবাদিক সাহাক যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়৷ গামোচা, চেলেং, কাঠৰ গঁড় আৰু প্ৰশস্তি পত্ৰ আগবঢ়োৱা বঁটা গ্ৰহণ কৰি ধ্ৰুৱজ্যোতি সাহাই কয় যে পূৰ্বৰ পৰম্পৰাগত শিক্ষাৰ পৰিৱৰ্তে সম্প্ৰতি স্মাৰ্ট শিক্ষাৰ যুগ চলিছে৷ এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীয়ে বহু বিষয়ৰ শিক্ষা থাউকতে লাভ কৰাৰ বিপৰীতে বহু নিশিকিবলগীয়া কথাও শিকে৷ অলাগতিয়াল বিষয়বোৰক আওকান কৰি শুদ্ধ শিক্ষাৰ জৰিয়তে সমাজলৈ এক সুস্থ বাতাবৰণ অনাটোৱেই শিক্ষাৰ লক্ষ্য হ’ব লাগে৷ তেখেতে ভোজপুৰী ছাত্ৰ সন্থাৰ পদক্ষেপক আদৰণি জনাই সমাজৰ সামগ্ৰিক উত্তৰণৰ বাবে সকলো পক্ষকে হাতে হাত ধৰি আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰবীণ উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্যোক্তাৰ তৰফৰ পৰা ববন হাজামে উদ্দেশ্য ব্যাখ্যা কৰে৷ সন্থাৰ সম্পাদক বিজয় কানুৱে আঁত ধৰা অনুষ্ঠানটোত বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাক সংগঠনটোৱে জ্যেষ্ঠ সাংবাদিকতা বঁটা, ডি ৱাই ৩৬৫ সংবাদ প্ৰতিষ্ঠানৰ বোকাখাতৰ সাংবাদিক ধৰ্মেশ্বৰ হাজৰিকাক যুৱ সাংবাদিকতা বঁটা তথা বোকাখাতৰ সঞ্জীৱ শইকীয়া আৰু প্ৰাঞ্জল গগৈক ক্ৰীড়া সংগঠকৰ বঁটা আগবঢ়ায়৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ, যুৱ নেতা আকাশ ফুকনে উঠি অহা প্ৰজন্মক উদ্দেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে৷ তেখেতে ইহুদী জাতিৰ উদাহৰণ দি প্ৰতিগৰাকী শিক্ষাৰ্থীক মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, গোৰ্খা ছাত্ৰ সন্থাৰ ৰুদ্ৰ ছেত্ৰী, আটছাৰ গোলাঘাট জিলাৰ সম্পাদক কুমুদ কালিন্দী, বোকাখাত মহকুমাৰ সভাপতি সুৰজিত পাইক, সম্পাদক অমৃত সাগৰ, চুতীয়া ছাত্ৰ সন্থাৰ মণ্টু শইকীয়াকে প্ৰমুখ্যে বিভিন্ন বিষয়-ববীয়া, অৱসৰপ্ৰাপ্ত বেংক বিষয়া সিদ্ধেশ্বৰ ডেকা আদিৰ লগতে বিভিন্নজন উপস্থিত থাকে৷ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বোকাখাতৰ শতাধিক শিক্ষাৰ্থীক অভিনন্দন জনোৱাৰ লগতে নেপালত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা কণমানি সাগৰিকা সিং আৰু নীটত স্থান লাভ কৰা দুগৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায়৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা