২ নং কহঁৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীক সম্বৰ্দ্ধনা

২ নং কহঁৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীক সম্বৰ্দ্ধনা

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ২ নং কহঁৰা প্ৰাথমিক বিদ্যালয়ৰ একাংশ প্ৰাক্তন কৃতী ছাত্ৰ- ছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷ আজি বিদ্যালয়খনত আয়োজিত গ্ৰীষ্ম বন্ধ ঘোষণা অনুষ্ঠানৰ লগত সংগতি ৰাখি  বিদ্যালয়খনৰ ৮ গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ চিন হিচাপে জ্ঞাপন কৰা হয় এই সম্বৰ্দ্ধনা৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক অমৃত দত্তই আঁত ধৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষক যোগেশ কোঁচে৷

অঞ্চলটিৰ জ্যেষ্ঠ ব্যক্তি দান চাওঁৰাই সভাপতিত্ব কৰা অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়-ববীয়া, অভিভাৱকসকলৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোক উপস্থিত থাকে৷ অনুষ্ঠানত সদ্য ঘোষিত স্নাতক ডিগ্ৰীৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ নিৰ্জলা গণক, বন্দিতা বৰা আৰু ৰুমীতা চাওঁৰাক সম্বৰ্দ্ধনা জনোৱা হয়৷ তিনিও গৰাকী প্ৰাক্তন ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

উল্লেখ্য, নিৰ্জলা গণকে ৮২ শতাংশ নম্বৰসহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে ১৭ সংখ্যক স্থান পাবলৈ সক্ষম হৈছে৷

ইফালে, অনুষ্ঠানতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নীতা ছেত্ৰী, জুলী গণক, বিকাশ চাওঁৰা, জুতিকা গণক আৰু ববিতা কুৰ্মীক সম্বৰ্দ্ধনা জনোৱা হয়৷ সভাত পৰিচালনা সমিতিৰ হৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত মন্তব্যৰে চুকুৰমণি কুৰ্মী আৰু স্বপ্না শইকীয়া চাওঁৰাই বক্তব্য ৰাখে৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা