বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জ্ঞানোদয় বঁটা প্ৰদান

বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জ্ঞানোদয় বঁটা প্ৰদান

পৰাগ বৰুৱা, ফৰকাটিং, ১০ জুনঃ গোলাঘাটৰ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকললৈ জ্ঞানোদয় বঁটা প্ৰদান কৰা হয়। বিদ্যালয়ৰ প্ৰয়াত ভূৱন চন্দ্ৰ বৰুৱা সোঁৱৰণী সাংস্কৃতিক মঞ্চত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। বিদ্যালয়ৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে আৰম্ভ হোৱা এই সভাত সভাপত্বিত কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি হীৰা বৰাই।উপাধ্যক্ষ ঘনশ্যাম শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে অনুষ্ঠানটিত আঁত ধৰে। আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ অধ্যক্ষ অঞ্জন কুমাৰ বৰাই। সভাত বিশিষ্ট অতিথি হিচাপে দেৰগাঁও শিক্ষক শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰৱক্তা দিপাংকৰ চক্ৰৱত্তী, খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক বিজিত বৰা, দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ড° দেৱজিৎ বৰুৱা, ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰিচালন সঞ্চালক ড° লাচিত বৰুৱা আৰু গোলাঘাট জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কায্যলয়ৰ বিষয়া ৰুণা শইকীয়াই ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে বক্তব্য প্ৰদান কৰে।
উল্লেখ্য, সভাৰ প্ৰাক্‌ক্ষণত বিদ্যালয়খনৰ সদ্যপ্ৰয়াত শিক্ষক আছান আহমেদৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে সকলোৱে মৌন প্ৰাৰ্থনা কৰে।
উক্ত অনুষ্ঠানত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক স্থানীয় শিক্ষানুৰাগী ব্যক্তিয়ে পিতৃ-মাতৃৰ সোঁৰণত বঁটা, মান পত্ৰ আৰু ধনেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বিদ্যালয়ত ষষ্ঠৰ পৰা অষ্টম মানলৈ, নৱম পৰা দশমলৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু লগতে বিদ্যালয়ৰ শ্ৰেষ্ঠ শিক্ষাৰ্থীলৈও ৩ গৰাকী ব্যক্তিয়ে বঁটা আগবঢ়ায়।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা