স্বাস্থ্য বিশেষঃ প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শমূলক লেখা
সু -স্বাস্থ্যৰ বাবে সুষম আহাৰৰ লগতে এখন কিতাপৰ সমানেই প্ৰয়োজন
— ডা° হিতেশ বৰুৱা
৮৬৩৮০৫৮৯৬৫
সুস্বাস্থ্যৰ বাবে সুষম খাদ্যৰ প্ৰয়োজন। এনে খাদ্যই স্বাস্থ্য ৰক্ষাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সুস্বাস্থ্যৰ বাবে বিভিন্ন ধৰণৰ শাক- পাচলিৰ লগতে ফল-মূল আদিৰ প্ৰয়োজন। কিন্তু এইবোৰৰ সমান্তৰালভাৱে মানসিক খাদ্যৰো প্ৰয়োজন। আমি কেৱল দামী খাদ্য খালেই নহয়, এনে ধৰণৰ খাদ্য খোৱাৰ ফলত শৰীৰে কিমান উপকাৰ পাইছে সেই বিষয়েও জানি থোৱা ভাল। এতিয়া কথা হ’ল আমি সকলোৱে খোৱা খাদ্যই সমানে উপকাৰ সাধন কৰে নে? ইয়াৰ উত্তৰৰ বাবে আমি আৰু এটা উপাদান সংযোগ কৰিব লাগিব। সেয়া হৈছে খাদ্যৰ সমান্তৰাল ভাৱে এখন ভাল কিতাপৰ প্ৰায়োজন। আমি সদায় বজাৰৰ পৰা শাক -পাচলিৰ লগতে মাহেকত এখন ভাল কিতাপ কিনাৰ অভ্যাস গঢ়ি তুলিব লাগে। কাৰণ ভাল কিতাপ পঢ়ি মনত যি আনন্দ লাভ কৰে সেয়া পৰোক্ষভাৱে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হয়। বহুতে ভাল খাদ্য খোৱাৰ পিচটো মানসিকভাৱে ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম নহয়। অৰ্থাৎ সুষম খাদ্য খোৱাৰ পাছটো যেতিয়া শাৰীৰিক আৰু মানসিকভাবে ভাৰসাম্য হেৰুৱাই পেলায় তেনে অৱস্থাত মনটো সুস্থ কৰিবলৈ প্ৰায়োজন এখন ভাললগা গ্ৰন্থৰ। এই গ্ৰন্থখন সাধুকথা, গল্পপুথি, প্ৰৱন্ধ,উপন্যাস,নাটক, ব্যংগ ৰচনা, ইতিহাস, ভ্ৰমণ কাহিনী আদি যিকোনো হ’ব পাৰে। ভাললগা কিতাপ পঢ়াৰ পিচত বহুতো মানসিক চাপৰ পৰা মুক্তি লাভ কৰিব পাৰো।কাৰণ গ্ৰন্থত থকা প্ৰতিটো শব্দৰ আঁৰত থাকে এনে এক শক্তি যি পৃথিৱীৰ সবাতোকৈ ভাল ঔষধতকৈ বেছি শক্তিশালী- A word after a word after a word is Power. এটা শব্দই সলনি কৰিব পাৰে গৰাকী মানুহৰ মনত সৃষ্টি হোৱা ভাৰসাম্য হীন অৱস্থাৰ। পৃথিৱীত শব্দতকৈ আন কোনো শক্তিশালী অস্ত্ৰ নাই যিয়ে সলনি কৰিব পাৰে মানসিক অৱস্থাৰ। সেইবাবেই দৈনন্দিন খাদ্য সম্ভাৰৰ লগতে এখন গ্ৰন্থ পঢ়াৰ প্ৰয়োজন। সাধাৰণ দৃষ্টিত এনে বিষয়বোৰ গুৰুত্বহীন বুলি ভাবিলেও আজিকালি খুবেই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
আমি সকলোৱে যদি নিয়ামীয়াকৈ অলপ সময় এখন ভাল পোৱা কিতাপ পঢ়ো তেতিয়াহ’লে ভালেখিনি মানসিক চাপ হ্ৰাস পায়। বহুতৰ মনত অমূলক চিন্তা আছে যে আজিকালি কিতাপ পঢ়ি মানসিক চাপ হ্ৰাস কৰিব পাৰি জানো? কিন্তু কথাটো হৈছে মনে ভালপোৱা বিষয়ৰ ওপৰত ৰচিত এখন গ্ৰন্থ পঢ়িলে কিতাপখনৰ মাজত গভীৰ ভাবে সোমাই পৰিলে মনটো ভাল লাগে। অলপ সময়ৰ বাবে হ’লেও মনটো পাতল পাতল লাগে। যেতিয়া মনত আনন্দ লাগে তেতিয়া শৰীৰত এনে কিছুমান হৰ’মন নিঃসৰণ হয় যাৰ দ্বাৰা মনটো সতেজ হ’বলৈ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰে। যিদৰে ভাল কিতাপ এখনে সমাজ জীৱনত প্ৰভাব পেলায় তেনেদৰে গধূৰ হৈ থকা মনটো সতেজ কৰিবলৈ সক্ষম হয়। আমি মাহটোৰ ভিতৰত কিমান অপ্ৰজনীয় বস্তু কিনো সেয়া কোনোবাই হিচাপ কৰে জানো? নিশ্চয় নকৰে। কিন্তু মাহেকত বাতৰি কাকত,আলোচনীৰ পাইচাখিনি দিবৰ সময়ত হেহোনেহো কৰা লোকৰ সংখ্যা অধিক বুলি ক’ব পাৰি। কিন্তু তেওঁলোকে এবাৰো ভাবি নাচায় যে এইবোৰ খাদ্যৰ সমানেই প্ৰয়োজনীয়। আমি সকলোৱে যেতিয়া সুস্বাস্থ্যৰ কথা কওঁ তেতিয়া এই সকলোবোৰ বিষয় সুকীয়াকৈ বিশ্লেষণ কৰাৰ পিছত ইয়াৰ বাবে কি কি উপাদানৰ প্ৰয়োজন সেইবোৰৰ বিষয়ে নিশ্চিত হব পাৰি।
সুস্বাস্থ্যৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই।নাই কোনো পৰিসৰ। একেদৰে আমি সাধাৰনতে যিবোৰ ভাল খাদ্য বুলি কওঁ সেইবোৰকো সকলোৰে বাবে সমান উপকাৰী বুলি গণ্য কৰিব নোৱাৰি। কাৰণ একেখিনি খাদ্য গ্ৰহণ কৰাৰ পাছত এজনৰ উপকাৰ হয় আৰু আনজনৰ অপকাৰ। তদূপৰি আমি কিছুমান খাদ্য প্ৰযোজনত কৈ বেছি খাও। কিছুমান খাদ্য কম পৰিমানে গ্ৰহণ কৰো। ইচ্ছকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক আমি যিধৰণে খাদ্য গ্ৰহণ কৰিছো সেয়া কিন্তু শৰীৰে উপযুক্ত ভাৱে নল’বও পাৰে। শৰীৰক প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰাৰ বাবে আমি সকলোৱে খাদ্য গ্ৰহণ কাৰো। সেইবাবে সকলোৱে সতৰ্ক হৈ থাকিব লাগিব।
বিশ্ব স্বাস্থ্য সংস্থাই সুস্বাস্থ্য সম্পৰ্কে এটা আভাস দিছে এনেদৰে-Health is a state of complete physical, mental and social well -being and not merely the absence of disease or infirmity.
কিতাপ এখনেও পৰোক্ষভাৱে মানসিক পুষ্টি যোগায়। সেইবাবে কিতাপখনৰ প্ৰয়োজন। কিতাপক বিশ্বাসী বন্ধু বুলি কোৱা হয়। কাৰণ কিতাপখন পঢ়াৰ পাছত মনত সাঁচ বহুৱাই। ফলত বহুতো মানসিক ৰোগৰ লগতে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। যেতিয়া মানুহে দুশ্চিন্তাত ভোগে তেতিয়া এখন গ্ৰন্থ পঢ়াৰ প্ৰয়োজন। নহ’লে এনে চিন্তাই চৰম সিদ্ধান্ত লোৱা ৰ দিশে অগ্ৰসৰ কৰাত সহায় কৰে । এখন গ্ৰন্থই মানুহৰ একাকিত্বৰ পৰা ৰক্ষা কৰিব পাৰে।আজিকালি বহুতো মানুহ একাকিত্বৰ চিকাৰ হৈছে। মানুহৰ মাজত থাকিও বহুতে অকলশৰীয়া অনুভৱ কৰে। বহুতে কেৰিয়াৰ আগবঢ়াই নিবৰ বাবে সামাজিক ক্ষেত্ৰৰ পৰা আঁতৰি থাকিবলৈ লৈছে। মনত অলপো চাপ সহিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। সেইবাবে আত্মহত্যাৰ দৰে ঘটনা সঘনাই সংঘটিত হ’বলৈ ধৰিছে। সেইবাবে এনে সমস্যাৰ পৰা হাত সাৰিবলৈ এখন গ্ৰন্থ বন্ধু হিচাপে গ্ৰহণ কৰিব লাগে। এই গ্ৰন্থখনে সময়ত ঔষধৰ দৰে কাম কৰে।
খাদ্যৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। মানুহে যিটো অঞ্চলত বসবাস কৰে সেই ঠাইত উৎপাদিত শাক- পাচলিৰ লগতে ফল – মূল খালেই শৰীৰটোৱে প্ৰয়োজনীয় পুষ্টি লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিবিধ খাদ্যৰ গুণাগুণ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে আমি সদায় স্থানীয়ভাৱে উৎপাদিত খাদ্য সম্ভাৰ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত । বহুতে নিজৰ ঘৰখনৰ বাৰী খনত উৎপাদিত শাক – পাচলি খালে বেছি উপকাৰ নাপাই বুলি ভাৱে। বহিঃ ৰাজ্য বা দেশৰ পৰা আমদানি কৰা খাদ্যবোৰৰ পৰা অধিক পুষ্টি আহৰণ কৰে বুলি ভাবে। এয়া এক ভ্ৰান্ত ধাৰণা বুলি ক’ব পাৰি। সু – স্বাস্থ্যৰ বাবে সকলোৱে সজাগ আৰু সতৰ্ক হৈ থাকিব লাগে।কাৰণ এবাৰ স্বাস্থ্য ভাগি পৰিলেপূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ বহুত কষ্ট কৰিবলগীয়া হয়। সেইবাবে আমি ভাৰ্জিলৰ ভাষাত ক’ব পাৰো – The greatest wealth is health.