জখলাবন্ধাত বিশাল প্ৰতিবাদী ৰাজহুৱা সভা

জখলাবন্ধাত বিশাল প্ৰতিবাদী ৰাজহুৱা সভা

কৃষিভূমি,জলাশয় ধ্বংশৰে জৈব-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা চৰকাৰী কু-অভিসন্ধিক ধ্বিকাৰ-গৰিহণা

কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ নুমলিগড়লৈ চাৰিশৰনীয়া ঘাইপথ নিৰ্মানৰ দাৱী বিভিন্ন দল-সংগঠনৰ

কিশোৰী কুমাৰ ডেকা, কলিয়াবৰঃ জনস্বাৰ্থৰ পিনে পিঠি দি একাংশ ক্ষমতাশালী ৰাজনৈতিক ব্যক্তিয়ে নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ নুমলিগড়লৈকে নিৰ্মান কৰিবলগীয়া প্ৰস্তাবিত চাৰিশৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথটি দিশ সলনি কৰাৰ কুজকাৱাজ চলোৱাা দুস্কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কলিয়াবৰৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷ স্থিতাৱস্থাৰ পৰিবৰ্তে চাহবাগিছা,কৃষিভূমি,জলাশয়, আৰ্দ্ৰভূমিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই কলিয়াবৰ তিনিআলিৰ পৰা বামুনি ,চিকনি চাহবাগিছা হৈ নুমলিগড়লৈকে একাংশ মন্ত্ৰী-বিধায়কে ক্ৰয় কৰা বিশাল কৃষিভূমিৰ সন্মুখেৰে চাৰিশৰনীয়া ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ কৰি নিয়াৰ কূটিল অভিসন্ধিৰ বিষয়ে সম্প্ৰতি দল-সংগঠন নিৰ্বিশেষে মুকলি বিষেদাগাৰ প্ৰকাশ কৰিছে বিভিন্ন পক্ষই ৷ চৰকাৰৰ এই জনবিৰোধী পদক্ষেপৰ বিৰুদ্ধে আজি মুকলি বিদ্ৰোহৰ প্ৰতিফলন ঘটে ৷ এই উপলক্ষে আজি বিয়লি কলিয়াবৰ মহকুমাৰ জখলাবন্ধা চহৰৰ মাজমজিয়াত অনুষ্ঠিত হয় বিশাল প্ৰতিবাদী সভা ৷সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকাই চৰকাৰী এই নেতিবাচক কাৰ্যকলাপত তীব্ৰ সমালোচনা কৰি কয় — কলিয়াবৰ তিনি আলিৰ পৰা জখলাবন্ধাৰ মাজেৰে চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ’বৈ লাগিব। আগন্তুক পোন্ধৰ আগষ্ট হ’ব সময়সীমা। জখলাবন্ধাৰ মাজেৰে চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ’ব বুলি চৰকাৰে স্বাধীনতা দিৱসৰ দিনাই ঘোষণা কৰক।

লগতে ছাত্ৰ নেতা জনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উপৰি কেন্দ্ৰীয় পথ পৰিবহন বিভাগক তীক্ষ্ণ সমালোচনা কৰি ভাষণ প্ৰসঙ্গত তেওঁ কয় যদি চৰকাৰে কলিয়াবৰ বাসী ৰাইজৰ কথা আওকাণ কৰি কলিয়াবৰ তিনি আলিৰ পৰা বাইপাছ কৰি নিয়াৰ পোষকতা কৰে তেন্তে কলিয়াবৰৰ জাতীয় সংগঠন সমূহে ৰাইজৰ সহযোগত পথ বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিব। তেওঁ আৰু কয় স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ উপস্থিতিত হাটবৰত অনুষ্ঠিত ৰাজহুৱা শুনানিত বিধায়ক কেশৱ মহন্তই ৰাইজৰ পক্ষত চৰকাৰৰ সিদ্ধান্ত অটল থাকিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত কিয় পথ পৰিবহন বিভাগে মুখ্যমন্ত্ৰীৰ মাটিৰ কাষেৰে চোৰৰ দৰে চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে খুটি পুতিলে কিয় বুলি প্ৰশ্ন কৰে। তেওঁ লগতে কয় ৰাঙলু অঞ্চলৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান এনিমেল কৰিডৰৰ দোহাই দি বন্ধ কৰিলে যদিও চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ়লৈ উঠা ডাঙৰ ডাঙৰ হোটেল ৰেষ্টুৰা সমূহ এনিমেল কৰিডৰৰ ভিতৰত নপৰে কিয় বুলি প্ৰশ্ন কৰে। তেওঁ সেই সমূহ অট্টালিকা ভাঙিবলৈ চৰকাৰৰ সাহস হ’ব নে বুলি প্ৰশ্ন উত্থাপন কৰে। হাজৰিকাই লগতে জখলাবন্ধাৰ সমূহ ব্যৱসায়ীক এই আন্দোলনত চামিল হ’বলৈ আহ্বান জনায়।চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ দাবী সমিতিৰ সভানেত্ৰী মিনু শ‌ইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত সভা খনত চাহমজদূৰ সংঘৰ নগাঁৱৰ সভাপতি বিন্দু গঞ্জুয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় চৰকাৰে খাতিখোৱা চাহ শ্ৰমিক ৰাইজৰ ওপৰত মাধমাৰ সোধোৱাৰ চেষ্টা চলাইছে। তেওঁ কয় যে যুগ যুগ ধৰি ইয়াৰ চিকনী চাহ বাগিচাত শ শ শ্ৰমিকে বাগিচাত কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছে যদিও এতিয়া সেই চিকনী চাহ বাগিচাৰ মাজেৰে চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো নিয়াৰ পৰিকল্পনা কৰি যোখমাফ আৰম্ভ কৰিছে। যদি চাহ বাগিচা উচ্ছেদ কৰি পথ নিৰ্মাণ কৰাৰ পোষকতা কৰে তেন্তে নগাঁও জিলাৰ ৪২ খন চাহ বাগিচাৰ শ্ৰমিক ৰাইজে ৰাজ পথলৈ ওলাই আহি জংগী আন্দোলন কৰিব। ২৬ চনৰ নিৰ্বাচনত চাহ শ্ৰমিক ৰাইজে ইয়াৰ সঠিক উত্তৰ দিবলৈ বাধ্য থাকিব বুলিও চৰকাৰক চাহ শ্ৰমিক নেতা গৰাকীয়ে সঁকিয়াই দিয়ে। সভাত লেখনাথ শৰ্মাই কয় যে, চৰকাৰে কলিয়াবৰৰ ৰাইজক সকলো সময়তে ঠগ- প্ৰৱঞ্চনা কৰি আহিছে। ইতিহাস প্ৰসিদ্ধ কলিয়াবৰৰ অস্বিত্ব বিপণ্ন হোৱাৰ সময়তে জন স্বাৰ্থৰ পিনে পিঠি দি বৰ্তমানৰ বিধায়ক তথা মীন মন্ত্ৰী কেশৱ মহন্তই ৰাজইৰ পৰা বহু নিলগত অৱস্থান গ্ৰহন কৰাটো কলিয়াবৰ বাসীৰ বাৱেই উদ্বেগজনক বিষয় বুলি সদৰী কৰি তেঁও কলিয়াবৰ তথা জখলাবন্ধা ৱাসীৰ অস্বিত্ব ৰক্ষাৰ সংগ্ৰামত সকলো পক্ষকে হাত উজান দিৱলৈ আহ্বান জনায়।
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰদীপ লস্কৰৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভা খনিত বিপুল হাজৰিকা, জীতেন গৌড়, নয়ন বৰা, চাৰু গোস্বামী আদিয়ে ভাষণ দি চৰকাৰক ৰাষ্ট্ৰীয় ঘাইপথটো কলিয়াবৰ তিনি আলিৰ পৰা বাইপাচ নকৰি জখলাবন্ধাৰ মাজেৰে নিৰ্মাণ কৰিবলৈ ৰাজহুৱা দাবী উত্থাপন কৰে। কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক ৰাইজ অংশগ্ৰহন কৰা সভাখনত কলিয়াবৰ ফ’ৰলেন দাৱী সমিতিৰ অন্তৰ্গত জখলাবন্ধা এখন ব্যৱসায়ীক উপসমিতিও গঠন কৰা হয়।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস