‘কাজিৰঙা’ নামৰ তাৎপৰ্য
বুবুল শৰ্মা, পৰিৱেশ কৰ্মী
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ প্ৰকৃতিৰ ৰম্যভূমি কাজিৰঙা ৷ পিচে ‘কাজিৰঙা’ নামটো কেনেকৈ হ’ল? জানিবলৈ নিশ্চয় সকলোৰে মন যায় ৷ কাজিৰঙাৰ বুনিয়াদ নামৰ গ্ৰন্থৰ ৩নং পৃষ্ঠাত দেৱেশ্বৰ শইকীয়াই কৈছিল –
“কাজিৰঙাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে এখনি বিল আছে৷ এই বিলখনৰ নাম কাজিৰঙা বিল৷বৰ্তমান কহঁৰাৰ পৰা চেপেনাকোবোৱা গাঁৱৰ মূৰলে উত্তৰে পিতনি হাবিৰে ভৰা খণ্ডই কাজিৰঙা বিল৷ এই বিলখন ধনশ্ৰীৰ এৰাসূঁতি৷ বৰ্তমান বিলৰ দক্ষিণে থকা ওখ পাহাৰটোক ৰামটি পাহাৰ বা কাৰ্জ পাহাৰ(কাৰ্বি ভাষাত কাৰ্জ মানে ৰামছাগলি আছিল) বোলা হৈছিল৷ ইয়াতে হেনো অগণন ৰামছাগলী আছিল৷ এই বনৰীয়া ছাগলীবোৰে নিতৌ পাহাৰৰ পৰা নামি আহি এই বিলতে পানী খায়হি৷ কাৰ্বি ভাষাত কাৰ্জ মানে ৰামছাগলি আৰু লাং মানে পানী৷ কাৰ্জলাংচ অৰ্থাৎ ৰামছাগলীয়ে পানী খোৱা ঘাট৷ কাৰ্জলাংচ কালক্ৰমত অপভ্ৰংশ হৈ কাজিৰঙা হয় আৰু বিলখনৰ নামাকৰণ হয়৷ এই কাজিৰঙা বিলখনৰ নামেৰে গোটেই অঞ্চলটো কাজিৰঙা বুলি জনা যায়৷”
অৱশ্যে কাজিৰঙা নামটোক লৈ কেইবাটাও লোককাহিনী প্ৰচলিত হৈ অহা দেখা যায়৷ সেয়া হ’ল —
কাজি আৰু ৰঙাই নামৰ এহাল সন্তানহীন দম্পতিৰ ৮০ পুৰা মাটিৰ পুখুৰীৰ মাছ খাই স্বৰ্গদেউ প্ৰতাপ সিংহই তৃপ্তি পোৱাত এই দম্পতীহালৰ নামানুসাৰেই অঞ্চলটোৰ নাম কাজিৰঙা হ’ল৷
আন এটা কাহিনীমতে মোৱামৰীয়া বিদ্ৰোহীয়ে ফেচেং হাজৰিকা নামৰ আহোম বিষয়াজনক হত্যা কৰোতে বিষয়াজনৰ দেহৰ পৰা কজলা বৰণৰ তেজৰ ধাৰা বৈ যোৱাৰ বাবে কাজিৰঙা হ’ল৷
সংস্কৃত শব্দ কুঞ্জৰ ৰংগৰ পৰা কাজিৰঙা নামটো হ’ল বুলিও এক কিংবদন্তি প্ৰচলিত৷
এনে আৰু দুটামান মতবাদ বা কাহিনী আছে৷ যেনে — বৃটিছে মাটিৰ জৰীপ কালত কাৰ্বি মানুহ এজনক গাঁওখনৰ নাম সোধাত কাৰ্বি মানুহজনে অৰ্থাৎ গাঁওবুঢ়াজনে কাৰ্জি ৰংহাংপি বুলি ক’লে৷ বৃটিছ বিষয়াজনে কাজিৰঙা বুলি লিখিলে বুলিও দুই এক লেখাত পোৱা যায়৷