কাজিৰঙাত পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা
জুন মাহৰ পৰা আৰম্ভ হ’ব তিনিখন পঞ্চ তাৰকাযুক্ত হোটেল কাম
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ
“কাজিৰঙাত নিৰ্মাণ হ’ব তিনিখন পঞ্চ তাৰকাযুক্ত হোটেল৷ ইয়াৰে দুখন হোটেল তাজ গ্ৰুপে নিৰ্মাণ কৰাৰ বিপৰীতে এখন হোটেল নিৰ্মাণ কৰিব হায়াত গ্ৰুপে৷” — কাজিৰঙাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এইদৰে কয় ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷
ক্ষেত্ৰ অধ্যয়নৰ উদ্দেশ্যে আজি কাজিৰঙাত উপস্থিত হোৱা বুলি জানিব দি মন্ত্ৰীগৰাকীয়ে কয় যে কাজিৰঙাত যথেষ্ট হাৰত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷ এনে সময়ত কাজিৰঙালৈ আগমন ঘটা উচ্চ বৰ্গীয় পৰ্যটকসকল যাতে থাকিব পাৰে তাৰ বাবেই কাজিৰঙাত নিৰ্মাণ কৰা হ’ব এই তিনিখন পঞ্চতাৰকাযুক্ত হোটেল৷ ইতিমধ্যে এম অ’ ইউৰ কাম প্ৰায় সমাপ্ত হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰী বৰুৱাই কয়, আগন্তুক জুন-জুলাই মাহৰ ভিতৰত হোটেলৰ কাম আৰম্ভ কৰা হ’ব বুলিও ইতিমধ্যে আলোচনা কৰা হৈছে৷
উল্লেখ্য, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান হিচাপে বিবেচিত কাজিৰঙা পৰ্যটনে চাৰিকুৰি বছৰ অতিক্ৰম কৰিলেও বৰ্তমানেও পৰ্যটন উদ্যোগটোৰ আন্তঃগাঁথনি যেন চালুকীয়া অৱস্থাতে আছে৷ চৰকাৰী উদাসীনতা তথা বৰমূৰীয়া বিষয়াসকলৰ সুস্থ পৰিকল্পনাৰ অভাৱতে যেন কাজিৰঙা পৰ্যটনৰ উত্তৰণৰ বিশেষ পৰিৱৰ্তন পৰিলক্ষিত হোৱা নাই৷ কাজিৰঙাৰ পৰ্যটন কেৱল ৰাষ্ট্ৰীয় উদ্যান দৰ্শনতে সীমাবদ্ধ নাৰাখি ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেকাৰ উত্তৰণ, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি পৰ্যটনকেন্দ্ৰিক বিভিন্ন নতুন সংযোজন তথা খেতি-পথাৰ, পৰম্পৰা-সংস্কৃতি আদিকে ধৰি সামগ্ৰিকভাৱে গ্ৰাম্য পৰ্যটনক গুৰুত্ব প্ৰদান কৰি বছৰজোৰাকৈ পৰ্যটনৰ জৰিয়তে স্থানীয় লোক অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাৰ থল আছে৷ পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ সমান্তৰালকৈ কাজিৰঙাত বিকল্প পৰ্যটন সময় থাকোতেই গঢ়ি তুলিব নোৱাৰিলে অদূৰ ভৱিষ্যতে বছৰজোৰা পৰ্যটনৰ কথা কাজিৰঙাত কেৱল কল্পনা হৈয়ে থাকিব বুলিও মতপোষণ কৰিছে বিভিন্নজনে৷