ভোগালী
— দীপিকা ফুকন
চুঙাজান, গোলাঘাট
মুকুতাৰ দলিছাত দুভৰিৰ দেও দি
পদূলিত ভোগালীৰ উছাহৰ সুহুৰি
আদৰিবলৈ
নৰীয়া পাটিতো আইৰ উচপিচনি
নৰীয়া গাৰেই যতনালে আইয়ে
মাটিমাহ মিঠা আলু
কড়াই পিঠা লাড়ু
সুগন্ধি জহা আৰু এঠুৱা বৰা
সোণগুটি চপাই লখিমী আদৰি
ৰঙিলী ৰংমনহতো হ’ল আজৰি
তোলৈ বাট চাওঁতে এবেলাই এযুগ হ’ল
ভেলাঘৰ মেজিও সামৰিলে সাজি
হেঁপাহেৰে এসাজ খাই জেওৰা-জপনা ভেটি
হৃদয়ৰ ৰংবোৰ আশাত থাপি
বঙহৰ খবৰ বাতৰি লম
ফাগুনী পলাশৰ আবিৰ সানি
আইৰ আদৰৰ হেঁপাহৰ ভোগালী
অসমীয়াৰ তেজৰ ভোগালী
যদিওবা আইৰ নৰীয়া, বাট চাই আছে তোলৈ
আহ অ’ ভোগালী।।