কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
কক্ষপথ
— মনালিছা শইকীয়া, বোকাখাত।
কাহিলি-পুৱাতে বিছনাৰপৰা নামি নম্ৰতাই কোঠাটোৰ খিৰিকীবোৰ খুলি দিলেগৈ। পূৱৰ আকাশৰ শেষ দিগন্ত ক্ৰমাৎ ৰঙচুৱাহৈ উঠিছে। উদ্ভাষিত সুৰুযৰ পোহৰত খন্তেক পাছতেই প্ৰাণ পাই উঠিব ধুনীয়া পৃথিৱীখন। এছাটি কোমল চেঁচা বতাহে তাইক থাউকতে কঁপাই তুলিলে। এই সময়খিনি নম্ৰতাৰ বৰ প্ৰিয়। বতাহছাটিৰ স্পৰ্শত কলিজাৰ অটল গৰ্ভত ফুলি উঠে এপাহ স্নিগ্ধ ফুল। সুব্ৰত আৰু কণমানিজনী বৰ ধুনীয়াকৈ শুই আছে। শুই থাকক কিমান সময় শুৱে। খিৰিকীমুখত ওলমি থকা এই সময়খিনিযে কেৱল তাইৰ সময়। তাই নিজক বিচাৰি চোৱাৰ সময়। অনিচ্ছাস্বত্বেও নম্ৰতা বাহিৰলৈ ওলাই গ'ল। দৈনন্দিন কামবোৰ কৰিবলৈ তাইৰ আজি অলপো মন যোৱা নাই। উভতি আহি তাই সুব্ৰতৰ পঢ়া কোঠাৰ টেবুলখনত বহিলহি। কিমান দিন হ'ল বজাৰৰ হিচাপ লিখাৰবাদে তাই একো লিখি পোৱা নাই। তাইৰ কিবা এটা লিখিবলৈ মন গ'ল। কিন্তু তাই লিখিব কি! কথাটো ভাবি ভাবি মূৰটো টেবুলখনতে পেলাই তাই চকু দুটা মুদি দিলে। বহু কথাই মনৰ দাপোনত জিলিকি উঠিল। তাইচোন বহুত কথাই পাহৰি যোৱা নাই! কিতাপৰ কথাবোৰ, সাহিত্য প্ৰতিযোগিতাৰ চিন্তাবোৰচোন তাইৰ মনৰ অটল গহ্বৰত অকণমান আদৰৰ অভাৱত অৱহেলিত হৈ পৰি আছে! এৰা সেইবোৰক বুটলি আনিব লাগিব। কথাবোৰ নতুনকৈ আৰম্ভ কৰিব লাগিব। আৰম্ভ কৰিবলৈতো সময় বা বয়স নালাগে! সকলো সময়েইচোন আৰম্ভণিৰ দিক্ নিৰ্ণয় কৰিব পাৰে।
কথাবোৰ ভাবি থাকোতে থাকোতে নম্ৰতা বৰুৱা নামৰ মহিলা গৰাকীৰ ভিতৰত সোমাই থকা নম্ৰতা ফুকন নামৰ ছোৱালীজনী হঠাত্ সাৰ পাই উঠিল। চঞ্চলা চপলা সেই নম্ৰতাই সততে ভয় ভীত বৰ কম কৰিছিল আৰু অন্যায় যেন লগা কথাবোৰৰ বাবে স্থান কাল নাচাই প্ৰতিবাদ কৰিছিল। এবাৰ তাই বান্ধৱী অনামিকাৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ফুৰিবলৈ বুলি গৈছিল। সেই সময়ত অনামিকা বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰী আছিল। পুৱাতে মাৰ্ঘেৰিটালৈ যোৱা পৰিবহন নিগমৰ ৰঙা ৰঙৰ বাছখনত তাই অনামিকাৰ সৈতে উঠিলগৈ। বাছৰ বহা আসনবোৰ এফালে দুজনীয়া আৰু আনফালে তিনিজনীয়া। তাহাঁত দুজনীৰ বিপৰীতে থকা তিনিজনীয়া আসনত এগৰাকী ভদ্ৰ মহিলাৰ সৈতে দেখাত তেনেই সৰু যেন লগা আৰু অনাহাৰ , অপুষ্টিত ভোগা কম বয়সীয়া ছোৱালী এজনী বহিলহি। দেখিলেই ধৰিব পাৰি ছোৱালীজনী যে মহিলা গৰাকীয়ে বনকৰা হিচাপে আনিছে। জুটুলি পুতুলি চুলি, মলিয়ন ফ্ৰক এটা পিন্ধি কুঁচি-মুচি বহি থকা জনজাতীয় ছোৱালীজনীলৈ নম্ৰতাৰ অহেতুক মৰম জাগিল। কতেবা ঘৰ তাইৰ! কিয়বা মাক বাপেকে এনেদৰে লোকৰ হাতত গটাই দিলে! ছোৱালীজনীৰ চকুত অযুত সপোনে তিৰবিৰাই আছিল। নম্ৰতাৰ চকুৱে চকুৱে পৰাত মিচিককৈ হাঁহি দিছিল। খেলখন নম্ৰতাৰ ভাল লাগিছিল। সৰু ছোৱালী জনীক কাষত বহুৱাই কথা পাতিবলৈ মন গৈছিল। অনামিকাই সকলো লক্ষ্য কৰি গৈছিল। তাই নম্ৰতাৰ শিশুসুলভ স্বভাৱটোৰ কথা জানে। খেল বুলিলে ঘৰ পাহৰা স্বভাৱটোও চিনে। হঠাত্ ছোৱালীজনীৰ অকণমানি হাতখন মানুহগৰাকীৰ পিঠিখনত লাগি গ'ল। লগে লগে মহিলা গৰাকীয়ে ঠাঁচ ঠাঁচকৈ দুটা চৰ ছোৱালীজনীৰ গালত বহুৱাই দিলে। নম্ৰতাই প্ৰথমতে কি হৈছে তলকিবই পৰা নাছিল। দুটা চৰ খাই হতভম্ব হোৱা ছোৱালীজনীৰ দুগালেদি দুসোঁতা চকুপানী বৈ আহিল। নম্ৰতা আৰু থিৰেৰে থাকিব নোৱাৰিলে। কামৰ সুখ ল'বলৈ বুলি ভাৰ বান্ধি অনা অকণমানি ছোৱালীজনীৰ সামান্য অনাহুত স্পৰ্শই শৰীৰটোক লেতেৰা কৰিলে বুলি ভবা ভদ্ৰ মহিলাক নম্ৰতাই এটা কাণতলীয়া চৰ লগে লগে সোধাই দিলে। গাড়ীৰ ভিতৰৰ মানুহবোৰ হতভম্ব হ'ল। কিছুমানে কাৰণটো গম পালে আৰু কিছুমানে আনক সুধাসুধি কৰিলে। অনামিকাই হাতত ধৰি টানি আনি তাইক বাঁওহাতে বহুৱাই ল'লে। চৰ খাই মানুহগৰাকী লাজত মূৰ তুলিব নোৱাৰা হ'ল। নম্ৰতাই বকি বকি চকু দুটা মুদি বহুত সময় পৰি থকাৰ পাছত যেতিয়া চকু মেলিছিল তেতিয়া তাই মানুহগৰাকীয়ে ছোৱালীজনীক হাতত ধৰি বাছৰপৰা নামি যোৱা দেখিছিল।
সঁচাই অন্যায় দেখিলে নম্ৰতা উদভ্ৰান্ত হৈ পৰে। মুখা পিন্ধা মানুহবোৰ দেখিলে প্ৰতিবাদ কৰাৰপৰা নিজকে বাৰণ কৰিব নোৱাৰে। হিংসাৰ প্ৰত্যুত্তৰ প্ৰতিহিংসাৰে দিবলৈ অকণো কুণ্ঠাবোধ নকৰে। তাই ভালদৰেই জানে সেয়াযে ভুল। তথাপি তাই ভুলক ভুল বুলি ভাৱি সদুত্তৰ দিবলৈহে যায়। শিশু আৰু বৃদ্ধ সকলক কোনোবাই অপদস্থ কৰিলে, অৱহেলা কৰিলে তাই সাপৰদৰে ফণা তুলি ধৰিছিল। সমাজৰ যিকোনো স্তৰৰ মানুহৰ ভুল তাই নিসংকোচে আঙুলিয়াই দিছিল। আচলতে গাড়ীত ঘটা অবাঞ্ছিত ঘটনাটো আছিল তাইৰ স্পষ্টবাদিতা আৰু সততাৰ পৰিচয়। মনৰ ভিতৰত তাই অনবৰতে দুৰ্নীতি, দুষ্কাৰ্যবোৰৰ বিৰুদ্ধে যুঁজি আছিল। সজাগতা আৰু জনজাগৰণৰ সৃষ্টি কৰিবলৈ বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছিল। চকুৰ সন্মুখত দেখা পোৱা সকলবোৰ অমানৱীয় কামৰ বিৰুদ্ধাচৰণ কৰিছিল। তাই নিজকে সচেতন কৰাৰ লগতে কাষে পাজৰে থকা সকলকো সজাগ আৰু সচেতন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। তাই যেন আজীৱন অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ সংকল্পবদ্ধ হৈছিল।
বাছৰ ঘটনাটোৰ পাছৰ বছৰটোত নম্ৰতা বিশ্ববিদ্যালয়ৰ ছাত্ৰী হৈছিলগৈ। অতি কম সময়তে তাই সকলোৰে প্ৰিয়ভাজন হৈ পৰিল। তাইৰ স্পষ্টবাদিতাৰ ওচৰত সকলো সংকুচিত হৈছিল। কুৎসা ৰটনা কৰিবলৈ সুযোগ বিচাৰি ফুৰা স্তাৱকৰ দলটো ফৰিং ছিটিকা দিছিল। কতো কাকো কেতিয়াও তাই বিনা কাৰণত অপমানো কৰা নাছিল আৰু দেখা পোৱা অন্যায়বোৰ চকু মুদি পাৰ হোৱাও নাছিল। বহুতে তাইক নাৰীবাদী বুলিও জোকাইছিল। তাই শুনিছিল কেৱল বিবেকৰ কথা। বিচাৰ বিবেচনা কৰিবপৰা চিন্তাচৰ্চাই তাইক আনতকৈ পৃথক কৰিছিল যদিও সকলোৰে লগত তাই বৰ আত্মীয়তাৰে বান্ধ খাই আছিল। সময়ৰ লগে লগে তাইৰ চিন্তাৰ কৰ্ষণ সলনি হৈছিল। হিংসাৰ সলনি প্ৰতিহিংসাৰ সেই পুৰণিকলীয়া নীতি পৰিহাৰ কৰি তাই কথাবোৰ যুক্তিৰে ফঁহিয়াই চাবলৈ আৰম্ভ কৰিলে। সংস্থাপন এটাৰ ব্যৱস্থা নোহোৱালৈকে বহু দিন বহু ৰাতি উজাগৰেও কটালে। অৱশেষত স্থানীয় বিদ্যালয়খনত তাই যোগদান কৰাৰ পাছত সেই বিদ্যালয়ৰে এজন সহকৰ্মীৰ সৈতে বিয়াত বহিল। তাহাঁতৰ জীৱনলৈ এচাকি পোহৰ হৈ কণমানিজনী আহিল। পুৱাৰপৰা ৰাতিলৈকে কৰিব লগা কামৰ তাগিদাত তাই ভালপোৱা কামবোৰ মনৰ এচুকত পৰি থাকিল।