কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
ভোক
নঙলাডাল মেৰেককৈ উঠাৰ শব্দত বাপধনে চকামকাকৈ সাৰপাই বিছনাতে বহি উমান ল’লে। কিহৰ বা শব্দ হ’ল। চোতালখনত এচোতালহৈ ধানৰ ডাঙৰিবোৰ পৰি আছে। পথাৰৰপৰা চপাই-কোঁচাই অনা হ’ল যদিও এতিয়াও মৰণা মাৰি শেষ কৰিবগৈ পৰা নাই। পুহৰ জাগলটোলৈহে ভয়! কেনেবাকৈ ধৰিব লাগিলে ধানৰ মুঠিবোৰ তিতি আইধা পৰিব। বাপধন বিছনাৰপৰা নামি লাহেকৈ দুৱাৰৰ কাষ পালেগৈ। দুৱাৰ খুলি ওলাই যাবলৈও শংকা। কিজানিবা সেইজনাই আহিছে! মানুহজনীও তাৰ পাছে পাছে আহি দুৱাৰৰ কাষত থিত্ দি কিনো বুলি গম ল’লে। মচক মচককৈ ধানৰ মুঠি খোৱাৰ শব্দত দুয়োৰে আৰু বুজিবলৈ বাকী নাথাকিল যে সেইজনাই আহি তাহাঁতৰ চোতালত ভৰি থৈছেহি। আজি কেইবছৰমান ধৰি বাবা সকলে পথাৰত বৰ অনিষ্ট কৰিবলৈ লৈছে। সেয়ে কোনো কোনোৱে আধা পকা ধানকে কাটি আনি চোতাল পোৱাইছেহি। বাপধনে লাহেকৈ টৰ্চটো জ্বলাই মাকক মাতিলেগৈ। মাক দেউতাকৰ লগতে ল’ৰা ছোৱালী দুটাও আহি দুৱাৰৰ কাষত থুপ খালেহি। মাকে চাকিটো জ্বলাই ডলা এখনত ধূপ, চাকি, কল দুআষিমান, চাউল এদোনমানেৰে সজাই দুৱাৰখন খুলি ওলাই আহিল। গোটেইখন ঘোপমৰা আন্ধাৰ। গাৰ ছাঁটোকো দেখা পোৱা নাই। চাকিগছৰ খীণ পোহৰত বৃহদাকায় অবয়বটো জিলিকি উঠিল। ভোকতে চাগৈ মকৰামকৰে ধানৰ মুঠিবোৰ চোবাই আছে। সন্মুখত ইমান ডাঙৰ বাবাজনাক দেখি তাহাঁতৰ বুকু কঁপি উঠিল যদিও পুহমহীয়া জাৰত থকথককৈ কঁপি কঁপি আটাইকেইটাই চোতালত আঁঠু ল’লে। ধানৰ মুঠিবোৰ একান্তমনে খাই থকা বাবাজনলৈ মাকে কৰযোৰে সেৱা কৰি ডলাখন আগবঢ়াই দি বিৰবিৰাই প্ৰাৰ্থনা এটি গালে। দেউতাকৰ লগতে বাপধনহঁতেও মাকৰ সৈতে সেৱা ল’লে। তাহাঁতৰ চকু মেল নাখাওঁতেই বাবাজনাই ডলাখনত থকা চাউল আৰু কল দুআষি খাই লাহে লাহে ধীৰ গতিৰে অহা বাটে আঁতৰি গ’ল।